Sunday 12 January 2020

Understanding Guru Harideva’s Approach Towards Unity-21 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-২১)


In our post of 4.1.20 , it was mentioned that after establishment of Satra at Bahari by Guru Harideva, a large number of people came there for permanent settlement . Thus the place became over populated with people from different places and with different cultures and religious practices. The  situation prevailed in Assam at that time in the field of religion was also described in my post dated 10.1.20. So it can be easily understood that, the cause behind coming of large number of people there for permanent settlement was the availability of abundant natural resource for easy living. The Satra established by Guru Harideva was important for them from the point of view  of maintenance of peace only. That situation was not at all suitable for spiritual development of people as aimed by Guru Harideva. In order to avoid such adversity, the great teachers of vedic time used to establish hermitage away from human habitation. In the scriptures there are large number of description of such hermitages. That type of arrangement was suitable for proper spiritual growth of the students in the spiritual field of education. In a place surrounded by people fully occupied with thoughts of materialistic gains, possibilities of disturbances for both the teachers and students were always there in spiritual field. Guru Harideva was to take care of such situation that aroused after establishment of his Satra at Bahari . (to be continued )  

আমাৰ ৪.১.২০ তাৰিখৰ লিখনিত উল্লেখ কৰা হৈছে যে গুৰুজনাই বহৰিত সত্ৰ স্থাপন কৰাৰ পিছতে তাত বহু লোকে বসতি স্থাপন কৰাৰ বাবে আহিছিল |অলপ দিনৰ ভিতৰতে ঠাইখন বিভিন্ন স্থানৰ পৰা অহা বিভিন্ন সংস্কৃতি আৰু ধৰ্মবিশ্বাস সম্পন্ন লোকৰ দ্বাৰা  জনাকীৰ্ণ হৈ পৰিছিল ধৰ্মীয় পৰম্পৰা আৰু বিশ্বাসৰ বেলিকা এই লোকসকলে আমি ১০.১.২০ তাৰিখৰ লিখনিত উল্লেখ কৰাৰ দৰে পৰিবেশ পৰিস্থিতিৰ মাজত আছিল এই লোকসকলৰ অধিক সংখ্যকে বহৰিত থকা প্ৰাকৃতিক সম্পদ সমুহ ব্যৱহাৰ কৰি জীৱন যাত্ৰা সুচল কৰাৰ বাবেহে আহিছিল সত্ৰখন স্থাপন হোৱাৰ বাবে তাত যি শান্তি প্ৰতিস্থা হৈছিল তাৰ সুবিধা লৈ সহজ জীৱন যাত্ৰাৰ উপকৰণসমুহ ভোগ কৰা তেওঁলোকৰ মুখ্য উদ্দেশ্য আছিল এনে পৰিবেশ আধ্যাত্মিক জ্ঞানৰ সাধনাৰ বাবে উপযুক্ত নহয় সেই কাৰণে বৈদিক কালৰ গুৰুসকলৰ কিছুমানে জনবসতিৰ পৰা নিলগত আশ্ৰম পাতি বাস কৰিছিল । শাস্ত্ৰত ইয়াৰ বহু উদাহৰণ আছে ।শিষ্যক পাৰমাৰ্থিক উন্নতিৰ দিশত আগ বঢ়াই নিয়াৰ কাৰণে এনে ব্যৱস্থা অতি প্ৰয়োজনীয় ।পাৰমাৰ্থিক বিষয়ৰ প্ৰতি কোনো আগ্ৰহ নথকা ব্যক্তিৰে ভৰপুৰ জনবসতিৰ মাজত বসবাস কৰিলে নিজৰ লগতে শিষ্যসকলৰো সাধনাত নানা প্ৰকাৰৰ ব্যাঘাত জন্মাৰ সম্ভাৱনা থাকে প্ৰতিকুল পৰিস্থিতিৰ সন্মুখীন হব লগীয়া হয় । হৰিদেৱ গুৰুজনাই বহৰিত সত্ৰ স্থাপন কৰাৰ পৰবৰ্ত্তী পৰ্যায়ত উদ্ভৱ হোৱা এনে পৰিস্থিতিৰ সমাধান বিচাৰিব লগীয়া হৈছিল (আগলৈ )

No comments:

Post a Comment