Guru Harideva
stayed at Bahari for three years only. It was mentioned in
my earlier posts that the Satra established by Guru Harideva at Bahari was away
from river Brahmaputra. We know that in the field of knowledge new thing are
added day by day. Even people with highest University degree in a subject also
required to make further study regularly to keep his knowledge up to date. Moreover
they need to know what other people think on the subject of his interest. In
the spiritual field also the matter is the same. Now a days, there are so many ways
to fulfill these requirements. We can get easy access of book, news paper,
magazine, telephone , television , internet and so many other facilities for
this purpose . If necessary ,we can move to any place and meet any person
anywhere with the help of modern transport system. But we are discussing here the situations of more
than five-six hundred years prior to this time. At that time, nothing like this
could even be imagined. In those days there was a class of people called ascetics, who dedicated their life for the purpose of spreading knowledge.
Those people were not having a home or family of their own at any place. They
were people of higher knowledge. After completion of their studies under
competent teachers, they used to wander everywhere. While wandering, they used
to stay at some suitable place for some days and share their knowledge with the
people there. They also gained knowledge of different places they visited and different
people they met and carried those information from one place to other. Scriptures like Bhagavata mentioned about those people in many
places. Narada was the most famous of all such ascetics mentioned in the
scriptures. In the history of Assam also we get the name of famous ascetic like
Hu-en-Tsung from China .Guru Harideva wanted to make his Satra a suitable place
of visit by those ascetics for getting up to date knowledge of the outside world through
them. Bahari was not suitable for this purpose and the reason we are going to
discuss in the next post.(to be continued )
সত্ৰ স্থাপন কৰাৰ
পিছত হৰিদেৱ গুৰুজনা বহৰিত মাত্ৰ তিনিবছৰ কালহে আছিল ।
আমাৰ আগৰ লিখনিত
কোৱা হৈছে যে বহৰি সত্ৰৰ অৱস্থান ব্ৰহ্মপুত্ৰৰ পৰা দূৰত আছিল।
আমি জানো যে জ্ঞান বিজ্ঞানৰ জগতত প্ৰতিদিনে
নতুন নতুন কথাৰ সংযোগ হয় । বিশ্ববিদ্যালয়ৰ
উচ্চতম ডিগ্ৰীধাৰী লোকেও নতুন নতুন কথাসমুহ জানিবৰ বাবে সদায় পঢ়াশুনা কৰাৰ প্ৰয়োজন
হয় । তদুপৰি অন্য মানুহে তেওঁ অধ্যয়ন কৰা বিষয় সম্পৰ্কত কি নতুন কথা ভাৱে
তাকো জনাৰ প্ৰয়োজন থাকে । আধ্যাত্মিক জ্ঞানৰ ক্ষেত্ৰতো এই কথা খাটে ।
আজিকালিৰ দিনত এই প্ৰয়োজনসমুহ পূৰাবৰ কাৰণে অনেক ব্যৱস্থা আছে ।
আমি ছপা কিতাপ সহজতে পাব পাৰো ।
বাতৰিকাকত , আলোচনী , ফোন , দূৰদৰ্শন , ইণ্টাৰনেট আদিৰ জৰিয়তে এইবোৰ তথ্য সহজে সংগ্ৰহ কৰিব পাৰো ।
প্ৰয়োজন হলে আধুনিক পৰিবহন ব্যৱস্থাৰ সহায়্ত যি কোনো ঠাইলৈ গৈ যিকোনো মানুহক লগ
ধৰি তথ্য সংগ্ৰহ কৰিব পাৰো । কিন্তু আমি ইয়াত
এতিয়াৰ পৰা পাঁচ-ছশ বছৰৰ আগৰ কথা আলোচনা কৰি আছো ।
তেতিয়াৰ দিনত এইবিলাক সুবিধাৰ কথা কল্পনাৰো অতীত আছিল ।কিন্তু সেই কালতো জ্ঞান
বিজ্ঞানৰ বিস্তাৰৰ বাবে এক শ্ৰেণীৰ লোকে নিজৰ জীৱন উছৰ্গা কৰিছিল । সেইসকল লোক অতিশয়
জ্ঞানী গুণী আৰু উচ্চ শিক্ষিত ব্যক্তি আছিল । নিজৰ বুলিবলৈ
তেওঁলোকৰ ঘৰ দুৱাৰ বা পৰিয়াল পৰিজন একো নাছিল ।
উপযুক্ত আচাৰ্যৰ অধীনত শিক্ষাগ্ৰহণ সমাপ্ত কৰাৰ পিছত তেওঁলোকে পৰিব্ৰাজক হিচাপে পৃথিৱীৰ
য’তে ত’তে ঘুৰি লোকশিক্ষা প্ৰদান কৰাৰ ব্ৰত গ্ৰহণ কৰিছিল ।য’তে ত’তে ঘুৰি ফুৰাৰ সময়ত তেওঁলোকে যিকোনো উপযুক্ত স্থানত কিছুদিন থাকি তাৰ জনসাধাৰণক
শিক্ষা দান কৰিছিল ।নতুন নতুন স্থান আৰু
লোকৰ সংস্পৰ্শলৈ অহাৰ বাবে এইসকল লোক বহু ঠাই আৰু বহু বিষয়ৰ নিত্য নতুন জ্ঞানেৰে
পৰিপুষ্ট হৈছিল । এনে লোকক কিছুদিনৰ বাবে ৰখাৰ সুযোগ পালে বহুত
নজনা কথা জানিব পৰা গৈছিল । ভাগৱতৰ দৰে
শাস্ত্ৰসমুহত এনে বহু লোকৰ কথা উল্লেখ কৰা হৈছে ।
নাৰদ হৈছে তেনে ব্যক্তিসকলৰ ভিতৰত অন্যতম বিখ্যাত ব্যক্তি ।
অসম বুৰঞ্জীতো হিউৱেনচাঙৰ
দৰে বিখ্যাত পৰিব্ৰাজকৰ কথা উল্লেখ আছে। হৰিদেৱ গুৰুজনাই নিজৰ
লগতে অনুগামী সকলৰ জ্ঞান বৃদ্ধিৰ উদ্দেশ্যে তেওঁৰ সত্ৰত এনে ব্যক্তিৰ পদাৰ্পন
হোৱাটো বিচাৰিছিল । কিন্তু বহৰিত থাকি তেনে সুবিধাৰ ব্যৱস্থা কৰা সম্ভৱ
নাছিল। ইয়াৰ
কাৰণ পিছৰ লিখনিত
উল্লেখ কৰাৰ ইচ্ছা থাকিল।(আগলৈ)
No comments:
Post a Comment