Guru Hardeva consider
each and every point discussed in my earlier posts and finally decided to leave
Bahari in 1456 CE , that is after three years of establishment of his Satra
there . But instead of shifting the original Satra and the Satra related
activities from Bahari, he decided to establish one hermitage at a distance of
6-7 kms away from Bahari for his stay. He decided to keep the Satra at Bahari
under care of the twelve disciples, the past history of whom we mentioned in
our earlier posts.This decision was unique in consideration of the prevailing
practice of that time.We mentioned in the earlier
posts that after establishment of Satra at Bahari, Guru Harideva brought some
people with educational and cultural
background from neighboring areas to help in the activities of the Satra.
Amongst them , some people from Brahmin community were also there. Those
Brahmins were engaged in duties of conducting traditional vedic worship at the temple connected with the Satra.
They were also involved with the duties as priest to help people in performance
of the rituals to be performed by house holders as per vedic injunctions.Guru
Harideva did not select any people from Brahmin
community for management of the Satra , though they were considered to be
superior in the social system at that time .He handed over the management of
the Satra to the above mentioned group of twelve past anti-socials converted to responsible
citizens of higher human values .But , here the important point to be noticed
was that , though the people from Brahmin community were placed under the control of management of those
people from non Brahmin community , they were advised by Guru Harideva not to supersede the Bahmins so far as vedic injunctions are
concerned.This was an the unique system of management introduced by Guru
Hardeva unknown to the history of management of religious institutions till that
time. But interestingly this system of management introduced by Guru Harideva is
still being followed in the Satra and the society at
Bahari.(to be continued )
অৱশেষত
আমি ইয়াৰ আগৰ লিখনিসমুহত উল্লেখ কৰা ধৰণৰ সমস্যাসমুহৰ সমাধানৰ অৰ্থে হৰিদেৱ
গুৰুজনাই ১৪৫৬ খৃঃত , অৰ্থাৎ বহৰিত সত্ৰ স্থাপন
কৰাৰ তিনি বছৰৰ পিছত, সেই ঠাই এৰি যোৱাৰ সিদ্ধান্ত লৈছিল । কিন্তু গুৰুজনাই সত্ৰখন বা সত্ৰৰ কাৰ্যকলাপ তাৰ পৰা উঠাই নিয়াৰ চিন্তা নকৰি বহৰিৰ জনসমাগমৰ পৰা ৬-৭ কিঃ
মিঃ দূৰৰ এখন নিৰ্জন স্থানত আশ্ৰম প্ৰতিষ্ঠা কৰি নিজে তাত থকাৰ পৰিকল্পনা কৰিছিল । বহৰিত প্ৰতিষ্ঠা কৰা সত্ৰ আৰু তাৰ সমস্ত কাৰ্যকলাপ
পৰিচালনাৰ দায়িত্ব আমি আগত উল্লেখ কৰি অহা
সেই বাৰজন লোকৰ হাতত দিয়াৰ সিদ্ধান্ত লৈছিল । গুৰুজনাৰ এই সাহসী সিদ্ধান্ত সেই সময়ৰ প্ৰচলিত ব্যৱস্থাতকৈ সম্পূৰ্ণ
পৃথক আছিল । আমাৰ আগৰ লিখনিত উল্লেখ কৰা
হৈছে যে বহৰিত সত্ৰ স্থাপন কৰাৰ পিছতে গুৰুজনাই সত্ৰৰ কাম কাজত সহায় হোৱাকৈ কেইঘৰমান
শিক্ষা সংস্কৃতিসম্পন্ন লোকক কাষৰ পাজৰৰ জনবসতিৰ পৰা আনি বহৰিত স্থাপন কৰিছিল । তাৰ ভিতৰত কিছুসংখ্যক ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকো আছিল । সত্ৰৰ মণিকূটত প্ৰতিষ্ঠিত
বিগ্ৰহৰ পূজা পাতল বৈদিক প্ৰথা অনুসৰি কৰা
কামত তেওঁলোকক নিযুক্ত কৰা হৈছিল ।
তাত বসতি কৰা অন্যান্য লোকসকলে গৃহস্থ ধৰ্ম অনুসৰি পালন কৰিব লগীয়া বৈদিক কৰ্মসমুহত
পৌৰোহিত্য কৰাৰ দায়িত্বও ব্ৰাহ্মণসকলৰ ওপৰতে ন্যস্ত কৰা হৈছিল্।কিন্তু হৰিদেৱ
গুৰুজনাই সমাজৰ উচ্চ স্তৰৰ লোক হিচাপে বিবেচিত এই ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকক সত্ৰ
পৰিচালনা কাৰ্যৰ দায়িত্বত নিযুক্ত কৰা নাছিল । গুৰুজনাই দস্যুৰ পৰা সাধু ব্যক্তিলৈ ৰূপান্তৰিত কৰা বুলি আমি
আগতে উল্লেখ কৰি অহা সেই বাৰজন লোকক সমুহীয়াভাৱে সত্ৰ পৰিচালনা কৰাৰ দায়িত্ব দিছিল
।এইখিনিতে
আমি উল্লেখ কৰা উচিত যে ব্ৰাহ্মণসকলক সত্ৰ
পৰিচালনা আৰু সমাজৰ অন্যান্য অনুশাসনৰ বেলিকা ওপৰোক্ত বাৰজন অব্ৰাহ্মণ লোকৰ
নিয়ন্ত্ৰণাধীন কৰা হৈছিল যদিও বৈদিক কৰ্মকাণ্ডৰ বেলিকা ব্ৰাহ্মণসকল স্বাধীন আছিল । গুৰুজনাই বৈদিক কৰ্মকাণ্ডৰ
ক্ষেত্ৰত ব্ৰাহ্মণসকলৰ মতামতৰ ওপৰত হস্তক্ষেপ কৰাৰ অধিকাৰ সত্ৰৰ পৰিচালক সকলক দিয়া নাছিল । সত্ৰ পৰিচালনাৰ ক্ষেত্ৰত গুৰুজনাই প্ৰবৰ্ত্তন কৰা এই
ব্যৱস্থা সেই সময়ৰ ধৰ্মানুষ্ঠান সমুহ পৰিচালনাৰ পৰিপ্ৰেক্ষিতত নতুন আৰু অগতানুগতিক
আছিল । কিন্তু হৰিদেৱ
গুৰুজনাই তাহানিতে প্ৰবৰ্ত্তন কৰা এই নিৰ্দেশনা অনুসৰিয়ে বহৰি সত্ৰ তথা তাৰ সমাজ ব্যৱস্থা আজিলৈকে চলি আছে । (আগলৈ)
No comments:
Post a Comment