Tuesday 31 December 2019

Understanding Guru Harideva’s Approach Towards Unity-15 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৫)


Finally, those people, who created resistance in the beginning, as mentioned in my post of 29.12.19, came forward to start the mission of Guru Harideva. Within a short time, those people constructed the required infrastructure of the Satra as per direction of Guru Harideva. They learnt the process of day to day maintenance of the Satra as per rule framed by Guru Harideva. They learnt the prayers and other essential religious performances. They learnt to entertain the guests and other people visiting the Satra. Thus they extended all help and the first Satra of Guru Harideva was established at Bahari .We will discuss the details of this Satra Institution established by Guru Harideva in the coming posts . When Guru Harideva came to that place, the river Brahmaputra was flowing far away from there because of change of its course. So, a huge area of vacant land suitable for establishment of a large habitation was available there. After establishment of the Satra, Guru Haideva wanted to bring some learned people of his choice to reside there to create a good social atmosphere around the Satra . By that time, due to constant association with Guru Harideva and engagement in the works related to the Satra , the minds of those antisocial elements were totally purified. Guru Harideva was confident enough to send those people to invite some learned persons of his choice from nearby habitations to come and reside there. Those learned people , who were once afraid of that place, because of the cruelty of those antisocial elements ,noticed the remarkable change that occurred in them . By observing their changed behavior itself, all of the learned people , were able to assess the degree of spiritual attainment of Guru Harideva. So , they merrily accepted the invitation as a mark of respect for Guru Harideva . Thereafter, those people purified by Guru Harideva helped some learned people in all respect to settle there permanently . Thus the foundation of an ideal society was established at Bahari within a short time after establishment of the Satra in 1453 CE.(to be continued )

অৱশেষত  আমি ২৯.১২.১৯ তাৰিখৰ লিখনিত উল্লেখ কৰা সেই দুষ্ট প্ৰকৃতিৰ লোক সকলেই বহৰিত হৰিদেৱ গুৰুজনাৰ প্ৰথমখন সত্ৰ স্থাপন কৰি তেওঁৰ ধৰ্মাদৰ্শ প্ৰচাৰৰ কাম আৰম্ভ কৰিছিল অলপ দিনৰ ভিতৰতে তেওঁলোকে গুৰুজনাৰ আঁচনিমতে সত্ৰৰ বাবে প্ৰয়োজনীয় ঘৰ দুৱাৰ সাজি উলিয়াইছিল গুৰুজনাই নিৰ্দিষ্ট কৰি দিয়া নিয়ম মতে সত্ৰৰ দৈনন্দিন পৰিচৰ্যা কৰিবলৈ শিকিছিল নাম প্ৰ্সঙ্গকে ধৰি অন্যান্য ধৰ্মীয় আচাৰ-আচৰণ পালন কৰিবলৈ শিকিছিল সত্ৰলৈ অহা আলহী আৰু অন্যান্য লোকৰ সেৱা শুশ্ৰুষা কৰিবলৈ শিকিছিল হৰিদেৱ গুৰুজনাই স্থাপন কৰা এই সত্ৰ কি  সেই সম্পৰ্কে আমি উপযুক্ত স্থানত আলোচনা কৰিম হৰিদেৱ গুৰুজনা সেই স্থানলৈ অহাৰ সময়ত ব্ৰহ্মপুত্ৰ নদীয়ে গতি পৰিবৰ্ত্তন কৰি তাৰ পৰা বহু দূৰলৈ গৈছিল গতিকে সেই অঞ্চলত ডাঙৰ জনবসতি স্থাপন কৰাৰ বাবে উপযোগী ব্যাপক পৰিমাণৰ মাটি আছিল গুৰুজনাই সত্ৰখন স্থাপন কৰাৰ পিছত সত্ৰৰ আশে পাশে এটা সুস্থ সামাজিক পৰিবেশ সৃষ্টি কৰাৰো প্ৰয়োজন বোধ কৰিছিল সেয়েহে তেওঁ প্ৰথম পৰ্যায়ত  নিজৰ পছন্দমতে নিৰ্বাচিত কিছুমান শিক্ষা সংস্কৃতি সম্পন্ন লোকক সত্ৰৰ আশে পাশে সংস্থাপিত কৰাৰ চেষ্টা কৰিছিল ইতিমধ্যে গুৰুজনাৰ লগত সদায় থাকি সত্ৰৰ কামত ব্ৰতী হৈ থকাৰ কাৰণে সেই দুষ্ট প্ৰকৃতিৰ লোকসকলৰ মন অতি পবিত্ৰ হৈ পৰিছিল সেই কাৰণে গুৰুজনাই ওচৰ পাজৰৰ বিভিন্ন স্থানত থকা কিছুমান বিশেষ গুণী জ্ঞানী লোকক সেই ঠাইত বসতি স্থাপনৰ বাবে নিমন্ত্ৰণ কৰিবলৈ তেওঁলোককে পঠিয়াই দিছিল যিসকল দস্যু দানৱৰ ভয়ত ওচৰ পাজৰৰ লোক কম্পমান আছিল, তেওঁলোকৰ বৰ্ত্তমানৰ অৱস্থা দেখি সেই বিশিষ্ট পণ্ডিত ব্যক্তিসকল আচৰিত হৈছিল তেওঁলোকৰ আচাৰ আচৰণ দেখিয়ে পণ্ডিত সকলে হৰিদেৱ গুৰুজনাৰ উচ্চতৰ আধ্যাত্মিক শক্তিৰ উমান পাইছিল সেয়েহে গুৰুজনাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তেওঁলোকে সত্ৰৰ আশে পাশে বসতি স্থাপন কৰিবলৈ আগ্ৰহী হৈছিল তাৰ পিচত গুৰুজনাৰ সান্নিধ্য আৰু শিক্ষাৰ প্ৰভাৱত শুদ্ধ হোৱা দুষ্ট প্ৰকৃতিৰ লোক সকলে ঘৰ দুৱাৰ সাজি দি কিছুমান শিক্ষা সংস্কৃতিসম্পন্ন বিশিষ্ট পৰিয়ালক তাত সংস্থাপন কৰিছিল এনেদৰে সত্ৰ স্থাপন কৰাৰ অলপ দিনৰ ভিতৰতে বহৰিত এখন আদৰ্শ সমাজ ব্যৱস্থাৰ ভেঁটিও হৰিদেৱ গুৰুজনাই আজিৰ পৰা চাৰে পাঁচশ বছৰৰো অধিক কাল আগতে  স্থাপন কৰিছিল (আগলৈ )

No comments:

Post a Comment