Out
of the nine ways of spiritual practices suggested in the Bhagavata for
purification of “antahkarana” or mind, “Shravana” or listening and “Kirtana” or
recitation and discussion etc are said to be the most
important ways by Guru Harideva. Since ancient times till today “Shravana” and “Kirtana”
are being considered as the most effective ways of teaching and learning. The ancient Vedic
sages possessed exceptional memory power.
They were able to retain the Vedas and the Vedic scriptures in their
memory in the the pure and original form. They used to impart education of the
Vedas and the Vedic scriptures orally, that is, by “Kirtana” from their memory.Their
disciples used retain the those teachings in their memory by listening, that is, by “shravana”. In this
way the Vedas and the Vedic scriptures were used to be transferred from one
generation to the next by the process of utterance or “Kirtana” and hearing or “Sravana”.
This method of transference and
acceptance of knowledge is followed nowadays also. But, nowadays both the
teachers and the students can keep books in front of them during teaching and
learning. After hearing the explanation made by the teacher the student can study the subjects from his personal
copy of book for clear understanding of the subjects. But here we are
discussing the situation pertaining to a period in the middle of the above two.
At the time of establishment of Satra Institution by Guru Harideva, that is, in
the middle of the fifteenth century CE, the situations were not like those mentioned
above. At that time the ancient Vedic Sages with exceptional memory power were not
there. Sufficient books in the printed
form were not available. Very limited copies of the Vedas and the Vedic
scriptures were available in the manuscript form. So collection of personal
copies of books by the teachers and the students was not possible. Moreover
Guru Harideva established Satra institution for educating common ignorant
people. Almost all of them were illiterate people and so physical books carried
no meaning for them. Under such situation imparting education to common people through
“Shravana” and Kirtana” was not an easy job. But Guru Harideva was determined to do that and
so he collected only one authentic copy of the original Bhagavata from the
Jagannatha Temple of puri and with that the process of educating common people through “Shravana” and “Kirtana” of Bhagavata was started in his Satra Institution .
(to be continued)
চিত্তশুদ্ধিৰ
বাবে ভাগৱতে নিৰ্দেশ কৰা নটা উপায়ৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্ত্তন সবাতোকৈ গুৰুত্বপূৰ্ণ
বুলি হৰিদেৱ গুৰুজনাই কৈছে ।প্ৰাচীন বৈদিক কালৰে পৰা আজিৰ
দিনলৈকে শ্ৰৱণ-কীৰ্ত্তন জ্ঞান বিস্তাৰৰ
প্ৰধান মাধ্যম হিচাপে চলি আহিছে । বৈদিক
ঋষিমুনি সকল অসাধাৰণ স্মৃতিশক্তিৰ অধিকাৰী পুৰুষ আছিল ।
তেওঁলোকে বেদ আৰু বৈদিক শাস্ত্ৰসমুহ সম্পুৰ্ণ শুদ্ধ বা মূল ৰূপত নিজৰ স্মৃতিত ধৰি
ৰাখিব পাৰিছিল । গুৰুসকলে নিজৰ নিজৰ স্মৃতিত সাঁচি ৰখা
শাস্ত্ৰৰ কীৰ্ত্তন অৰ্থাৎ পাঠ আৰু ব্যাখ্যা কৰিছিল আৰু শিষ্যসকলে গুৰুৰ পৰা শ্ৰৱণ
কৰি তাক নিজৰ স্মৃতিত হুবহু ৰূপত ধৰি ৰাখিছিল ।
এনেদৰে অতি প্ৰাচীন কালৰে পৰা গুৰু-শিষ্য পৰম্পৰা অনুসৰি শ্ৰৱণ-কীৰ্ত্তনৰ জৰিয়তে
বেদ আৰু বৈদিক শাস্ত্ৰ সমুহ শুদ্ধ ৰূপত এটা প্ৰজন্মৰ পৰা পৰবৰ্ত্তী প্ৰজন্মলৈ
হস্তান্তৰ হৈছিল। বৰ্ত্তমান কালতো এই একে পদ্ধতি ব্যৱহাৰ
কৰিয়ে সৰ্বপ্ৰকাৰ জ্ঞানৰ পাঠদান আৰু পাঠগ্ৰহণ কাৰ্য চলে ।
পাৰ্থক্য এয়ে যে বৰ্ত্তমান কালত শিক্ষকে পাঠ্যপুথি আগত লৈ পাঠদান কৰে আৰু ছাত্ৰইও
একে পাঠ্যপুথি আগত ৰাখি পাঠ গ্ৰহণ কৰিব পাৰে।
অথবা শিক্ষকে বুজাই দিয়ামতে নিজে পাঠ্যপুথি পঢ়ি ছাত্ৰই সহজে জ্ঞান আহৰণ কৰিব পাৰে।
কিন্তু ইয়াত যি সময়ৰ কথা আলোচনা কৰা হৈছে সেই সময়ত প্ৰাচীন বৈদিক
ঋষিমুনি সকলৰ দৰে সম্পূৰ্ণ শাস্ত্ৰ শুদ্ধভাৱে মনত ৰাখিব পৰা অসামান্য শ্ৰুতিধৰ
পুৰুষো নাছিল আৰু আজিকালিৰ দৰে ছাত্ৰ শিক্ষক সকলোৱে হাতে হাতে লব পৰাকৈ পাঠ্যপুথিও
নাছিল । খৃষ্টীয় পঞ্চদশ শতিকাত অৰ্থাৎ হৰিদেৱ
গুৰুজনাই অসমত সত্ৰানুষ্ঠান স্থাপন কৰাৰ সময়ত ছপা কিতাপ নাছিল ।
সমগ্ৰ ভাৰতবৰ্ষত বেদ আৰু বৈদিক শাস্ত্ৰমুহৰ অতি অলপ সংখ্যক হাতেলিখা পুথিহে উপলব্ধ
আছিল । তদুপৰি হৰিদেৱ গুৰুজনাই
সমাজৰ অতি সাধাৰণ শ্ৰেণীৰ লোকক শিক্ষাদান কৰাৰ উদ্দেশ্যে সত্ৰানুষ্ঠান স্থাপন কৰিছিল
। এইসকল লোকৰ প্ৰায় সকলোৱে নিৰক্ষৰ আছিল বাবে লিখিত ৰূপৰ শাস্ত্ৰৰ পৰা নিজ
প্ৰচেষ্টাৰে জ্ঞান আহৰণ কৰাৰ ক্ষমতাও তেওঁলোকৰ নাছিল । কথাবিলাক এনেদৰে বিচাৰ
কৰিলে দেখা যায় যে হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠান স্থাপন কৰাৰ সময়ত শ্ৰৱণ-কীৰ্ত্তনৰ
জৰিয়তে সাধাৰণ লোকক জ্ঞান প্ৰদান কৰাটো সহজসাধ্য কাম নাছিল ।কিন্তু
হৰিদেৱ গুৰুজনা এই বিষয়ত দৃঢ়সংকল্প আছিল কাৰণে এনে অসুবিধাৰ মাজতো পুৰীৰ জগন্নাথ মন্দিৰৰ পৰা মূল ভাগৱতৰ এটা শুদ্ধ-প্ৰামাণ্য
পাণ্ডুলিপি সংগ্ৰহ কৰিছিল আৰু এইখন ভাগৱত নিজৰ সত্ৰানুষ্ঠানত প্ৰতিষ্ঠা কৰি এই
শাস্ত্ৰৰ শ্ৰৱণ-কীৰ্ত্তনৰ জৰিয়তে জনসাধাৰণক জ্ঞানদান কৰাৰ ব্যৱস্থা কৰিছিল। (আগলৈ)