Sunday, 30 May 2021

The “Satra” Institution of Guru Harideva-107 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-১০৭)

 

Bhagavata tells that God is omnipresent. He is present inside and outside of all entities of the creation. He is present everywhere in the creation and is also present beyond the limit of the creation. It is also told that through scriptural knowledge we can see God in everything and outside everything of the creation. But in both the cases things of the creation are connected with God or knowledge pertaining to God. To make the point clear we can take example of a water pot. When the pot is kept immersed in a water tank then we see the presence of water in both inside and outside of the pot. In both the cases presence of water is noticed with reference to the pot. In a similar way the omnipresent God remains present in both inside and outside of everything of the creation and make everything active. Due to that, actions are generated inside everything. These actions generate reactions in the things outside. Thus interactions are generated among the things of the creation both from inside and outside. When we know God through those actions, reactions and interactions of the things of the creation, then it is called indirect knowledge . On the other hand, direct knowledge pertaining to God is known as Vijnana or self  realization or Atmajnana in scriptural language. Guru Harideva tells that without coming to this stage of knowledge nobody can know  the Ultimate Truth or Lord Krishna. Bhagavata tells that direct knowledge means knowing God without any connection  with anything of the creation. It is like knowing of fire not connected to fuel or feeling of electricity not connected with any electrical appliances. We know that it is not possible to know or feel fire and electricity with our mind, intelligence and senses when these are not involved with their actions. In a similar way we can not know God not connected to anything of the world in any way through our mind intelligence and senses. So direct knowledge of God or Vijnana or self realization can not be a  subject of our knowledge like other things of the world. In Bhagavata this subject is elaborately explained in various ways to make the things clear to common people like us.The philosophy of the Satra Institution of Guru Harideva is also based on these teachings of the Bhagavata. (to be continued)

ভাগৱতত কোৱা হৈছে যে ঈশ্বৰ সৰ্বব্যাপ্ত ঈশ্বৰ জগতৰ  সকলো বস্তুৰ ভিতৰতো আছে আৰু বাহিৰতো আছেঈশ্বৰ সৃষ্টিৰ সৰ্বত্ৰতে ব্যাপ্ত হৈ আছে আৰু সৃষ্টিৰ পৰিসীমাৰ বাহিৰতো আছে লগতে ইয়াকো কোৱা হৈছে   যে ঈশ্বৰ সৃষ্টিৰ সমস্ত বস্তুৰ ভিতৰতো আছে আৰু বাহিৰতো আছে বুলি শাস্ত্ৰজ্ঞানৰ সহায়ত জানিব পাৰি যদিও এনে জ্ঞানৰ দ্বাৰা সৃষ্টিত থকা বস্তুৰ আলম লৈহে ঈশ্বৰ সম্পৰ্কে জ্ঞান লাভ কৰা হয় কথাখিনি বুজাৰ বাবে আমি এটা কলহৰ উদাহৰণ ল্ পাৰো এটা কলহ  পুখুৰীৰ পানীত ডুবাই ৰাখিলে কলহৰ ভিতৰতো পানী থাকে আৰু বাহিৰতো পানী থাকে কলহটোৰ লগত সম্বন্ধ ৰাখিহে কলহৰ ভিতৰ-বাহিৰ উভয়তে পানী আছে বুলি অনুভৱ কৰিব পাৰি।একেদৰে সৰ্বব্যাপ্ত ঈশ্বৰ জগতৰ সকলো বস্তুৰ ভিতৰ আৰু বাহিৰ উভয়তে থাকে আৰু সকলোকে কাৰ্যশীল কৰেইয়াৰ ফলত সকলো বস্তুৰ ভিতৰত নিজস্ব কাৰ্য বা ক্ৰিয়া উৎপন্ন হয় আৰু তাৰ লগতে বাহিৰত থকা বস্তু সমুহত ইয়াৰ প্ৰতিক্ৰিয়া উৎপন্ন হয় ঈশ্বৰৰ স্থিতিৰ ফলত জগতৰ বস্তুসমুহৰ মাজত চলি থকা এই ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাধ্যমত ঈশ্বৰক যিদৰে জনা হয় সেই জ্ঞান ঈশ্বৰ সম্পৰ্কীয় পৰোক্ষ জ্ঞানআনহাতে  ঈশ্বৰ সম্পৰ্কে যি প্ৰত্যক্ষ জ্ঞান তাক শাস্ত্ৰৰ ভাষাত বিজ্ঞান বা আত্মজ্ঞান বুলি কোৱা হয় হৰিদেৱ গুৰুজনাই কৈছে যে যেতিয়ালৈকে  প্ৰত্যক্ষজ্ঞান বা আত্মজ্ঞান লাভ কৰা নহয়  তেতিয়ালৈকে কাৰো পক্ষে পৰম সত্যৰ জ্ঞান লাভ বা কৃষ্ণলাভ সম্ভৱ নহয় ভাগৱতে কৈছে যে প্ৰত্যক্ষ জ্ঞান হৈছে জগতৰ একো বস্তুৰ সৈতে কোনো প্ৰকাৰে সংযুক্ত হৈ নথকা ঈশ্বৰ সম্পৰ্কীয় জ্ঞান জ্ঞানৰ অনুভৱ ইন্ধনৰ সৈতে সম্পৰ্ক নথকা জুই বা যন্ত্ৰৰ সৈতে সংযোগ নথকা বিদ্যুত শক্তিক অনুভৱ কৰাৰ দৰে আমি জানো যে দহন কাৰ্য অবিহনে জুই বা কোনো যন্ত্ৰৰ সৈতে সংযোগ নথকা বিদ্যুত আমাৰ মন বুদ্ধি আৰু ইন্দ্ৰিয়ৰ দ্বাৰা অনুভৱ কৰা সম্ভৱ নহয় একেদৰে জগতৰ একো বস্তুৰ সৈতে কোনো ধৰণৰ সম্বন্ধ নথকা ঈশ্বৰক আমাৰ মন বুদ্ধি আৰু ইন্দ্ৰিয়ৰ দ্বাৰা অনুভৱ কৰা সম্ভৱ নহয়্। সেয়েহে ঈশ্বৰ সম্পৰ্কীয় প্ৰত্যক্ষ জ্ঞান অৰ্থাৎ বিজ্ঞান বা আত্মজ্ঞান জগতৰ অন্য বস্তুৰ দৰে আমাৰ জ্ঞান চৰ্চাৰ বিষয়বস্তু নোৱাৰে ভাগৱতত এই কথা বহু প্ৰকাৰে আৰু অতি বিস্তাৰিত ৰূপত ব্যাখ্যা কৰি আমাৰ দৰে সধাৰণ লোকক বুজাবলৈ চেষ্টা কৰা হৈছে হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ দাৰ্শনিক ভাৱ ভাগৱতৰ এই জ্ঞান আৰু শিক্ষাৰ ওপৰতে প্ৰতিস্থিত (আগলৈ)  

Friday, 28 May 2021

The “Satra” Institution of Guru Harideva-106 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-১০৬)

 

Bhagavata tells that the bodies of all living entities  in the creation starting from mighty lord Brahma down to a small plant of grass are composed of twenty eight elements. God enters into each of the elements and makes each element of each body active. In that way God controls the life and activities of each and everything of the creation. To make the things clear we can take example of electric current. We know that fan, bulb, heater, cooler, locomotives engines etc are run by electric current and we cannot feel electricity in pure form. When electric current flows through a machine it makes the machine active. By seeing the machine in action we assume that there is flow of electric current in the machine. Again the current is made to flow through different machines in different ways. This is done by arrangement of the constituent parts of different machines in different ways. Because of such arrangements the activities and output of different machines become different in spite of supplying the same current to all of the machines. The bulb emits light, fan rotates, the heater emits heat, cooler makes water cool and so on. Again, heat ,light ,motion etc are the resultant outputs of all the components inside a  particular machine. In a similar way God enters into each of the twenty eight elements of the bodies of each living entity, makes each of the twenty eight elements active and the resultant output comes out as the activity of the body as a whole . With our mind, intelligence and senses we gain knowledge pertaining to God by witnessing the various activities of God expressed through the activities of those bodies. Bhagavata tells that whatever is possible to know about God in this manner is called knowledge or indirect knowledge. With this knowledge we feel that God is separate from us, God is separate from the creation, we are separate from all other entities of the creation and each entity of the creation is separate from every other entity. But the truth is that God is one and this oneness is inclusive of everything. Nothing of the creation is separate from or remains outside God. So the knowledge or indirect knowledge mentioned as above is not perfect or pure knowledge pertaining to God. Through his Satra Institution Guru Harideva tried to bring  this type of philosophical teachings contained in Bhagavata to the reach of common people. (to be continued )

ভাগৱতত কোৱা হৈছে যে  সৃষ্টিৰ অন্তৰ্গত উচ্চতম স্তৰৰ দেৱতা ব্ৰহ্মাৰ পৰা আমাৰ চকুৰ সন্মুখতে দেখি থকা এজোপা ক্ষুদ্ৰ তৃণলৈকে  সকলোৰে শৰীৰ আঠাইশটা তত্বৰ দ্বাৰা নিৰ্মিত প্ৰত্যেক শৰীৰৰ আঠাইশটা তত্বৰ প্ৰত্যেকতে ঈশ্বৰে প্ৰৱেশ কৰি সকলোকে কাৰ্যশীল কৰি ৰাখে এনেদৰে ঈশ্বৰে জগতৰ প্ৰত্যেক জীৱৰে জীৱন আৰু কাৰ্যাৱলী নিয়ন্ত্ৰণ কৰে কথাখিনি বুজাৰ বাবে আমি বিদ্যুতৰ উদাহৰণ পাৰো বিজুলী চাকি, পাংখা , গৰম কৰা যন্ত্ৰ ,শীতল কৰা যন্ত্ৰ , চলনক্ষম যন্ত্ৰ আদিকে ধৰি বিভিন্ন প্ৰকাৰৰ বৈদ্যুতিক যন্ত্ৰ-পাতিৰ কথা আমি জানো সকলো যন্ত্ৰ বিদ্যুৎ প্ৰবাহৰ দ্বাৰা চলে কিন্তু বিদ্যুৎ আমি শুদ্ধ ৰূপত অনুভৱ কৰিব নোৱাৰো কোনো যন্ত্ৰৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে যন্ত্ৰ চলে তেতিয়া চলি থকা যন্ত্ৰৰ কাৰ্য আমি অনুভৱ কৰিব পাৰো আৰু তাৰ পৰাই যন্ত্ৰৰ মাজেদি বিদ্যুৎ প্ৰবাহিত হৈ আছে বুলি আমি ধৰি লওঁ আকৌ বিভিন্ন যন্ত্ৰৰ ভিতৰৰ যন্ত্ৰাংশসমুহ বিভিন্ন প্ৰকাৰে সজাই বেলেগ বেলেগ যন্ত্ৰৰ মাজেদি বেলেগ বেলেগ ধৰণে বিদ্যুৎ প্ৰবাহ চলাৰ ব্যৱস্থা কৰা হয়  ইয়াৰ ফলত একে বিদ্যুৎ প্ৰবাহিত হোৱাৰ পিছতো বেলেগ বেলেগ যন্ত্ৰই বেলেগ বেলেগ কাম কৰে বিজুলী চাকিৰ পৰা পোহৰ বিকিৰণ হয় , পাংখা ঘুৰে , গৰম কৰা যন্ত্ৰই পানী গৰম কৰে , ঠাণ্ডা কৰা যন্ত্ৰই পানী ঠাণ্ডা কৰে ইত্যাদি তাপ ,পোহৰ, গতি আদি একো একোটা যন্ত্ৰৰ ভিতৰত থকা যন্ত্ৰাংশ সমুহৰ প্ৰত্যেকে কৰা  ভিন ভিন কাৰ্যৰ পৰা উৎপাদিত ফলৰ সমষ্টি কিন্তু ইয়াক আমি সমুহীয়াভাৱে সমগ্ৰ যন্ত্ৰটোৰ পৰা উৎপাদন হোৱা ফল বা কাৰ্য  বুলি অনুভৱ কৰোএকেদৰে ঈশ্বৰে প্ৰত্যেক শৰীৰৰ ভিতৰত থকা আঠাইশ তত্বৰ প্ৰত্যেকতে প্ৰৱেশ কৰে , প্ৰত্যেক তত্বকে কাৰ্যশীল কৰে আৰু সকলো তত্বই কৰা কাৰ্যৰ সমষ্টি সমগ্ৰ শৰীৰৰ কাৰ্য হিচাপে প্ৰকাশিত হয় আমাৰ মন ,বুদ্ধি আৰু ইন্দ্ৰিয়ৰ দ্বাৰা আমি বিভিন্ন শৰীৰৰ মাধ্যমত এনেদৰে প্ৰকাশিত হোৱা ঈশ্বৰৰ বিভিন্ন কাৰ্যাৱলী প্ৰত্যক্ষ কৰি ঈশ্বৰ সম্পৰ্কে জ্ঞান লাভ কৰো ভাগৱতে কৈছে যে এনে প্ৰক্ৰিয়াৰ দ্বাৰা ঈশ্বৰ সম্পৰ্কে যিমানখিনি জনা যায় তাক জ্ঞান বা পৰোক্ষ জ্ঞান বুলি কোৱা হয়এই জ্ঞানৰ দ্বাৰা এনে অনুভৱ হয় যেন ঈশ্বৰ আমাৰ পৰা পৃথক  , ঈশ্বৰ সমগ্ৰ সৃষ্টিৰ পৰা পৃথক, আমি নিজে সৃষ্টিৰ অন্য জীৱৰ পৰা পৃথক আৰু সৃষ্টিৰ প্ৰত্যেক জীৱ অন্য সকলো জীৱৰ পৰা পৃথক কিন্তু প্ৰকৃত সত্য হৈছে ঈশ্বৰ এক আৰু এই একত্বৰ অৰ্থ সমগ্ৰ সৃষ্টিক সামৰি লৈ ঈশ্বৰ এক অৰ্থাৎ সৃষ্টিৰ একো বস্তু ঈশ্বৰৰ পৰা পৃথক নহয় বা ঈশ্বৰৰ বাহিৰত নাই সেয়েহে  ওপৰত যি জ্ঞানৰ কথা কোৱা হৈছে সি ঈশ্বৰ সম্পৰ্কীয় শুদ্ধজ্ঞান বা পূৰ্ণজ্ঞান নহয় সত্ৰানুষ্ঠানৰ মাধ্যমত হৰিদেৱ গুৰুজনাই ভাগৱতত সন্নিবিষ্ট এনে ধৰণৰ শুদ্ধ দাৰ্শনিক ভাৱধাৰা জনসাধাৰণৰ চিন্তা-চৰ্চাৰ মাজলৈ লৈ অহাৰ প্ৰয়াস কৰিছিল (আগলৈ)