Our mind controls our
thoughts, emotions and actions. An uncontrolled mind becomes the source of
fear, stress, anger etc and creates havoc in our life . So, to learn how
to control mind is considered as the most essential part of all types of spiritual
education and practice. We know that it is very difficult to control anything
without having knowledge about the things. For driving a vehicle the driver
should first acquire the knowledge about the working and control systems of the vehicle. Then he should
make practice for driving it. Otherwise the driver can not drive the vehicle .
Similar is the case with the control of our mind also. Keeping this in mind the Vedic sages thoroughly studied the nature of mind from different angles and explained their
findings in Bhagavadgita, Bhagavata and other Vedic scriptures in various ways.
Through his Satra Institutions Guru Harideva intended to bring these teachings
to the reach of common people of Assam. In the Vedic scriptures it is told that
the creation of God is very simple. God creates us and everything that we see
in this world outside us is also part of the creation of God. These things created
by God can not create any problem in
human life. To understand the point we can take the example of a piece of Gold.
If we notice the things from the angle of the creation of God, then we can feel
that
there is no difference between a piece of gold and a piece of stone .
But if we notice from the angle of our
practical life we can feel that there is vast difference between a piece
of Gold and a piece of stone. This is because the mind of a Human being puts
more value on a piece of Gold than a piece of stone. So they do not pay any
attention to a piece of stone and it remains unattended on the road side. But the
piece of gold is preserved by people very carefully inside a box. In the preceding post we discussed the nature
of relationships of one human being with another human being. In this case
connection of mutual love, affection etc is there. But the attachment of human mind with a piece of
gold is one sided. A piece of gold is not at all aware of any value imposed
upon it by human beings. But the imagined value imposed by human mind upon a
piece of Gold makes it valuable. In this way the things created by God are made sources of happiness and sorrow of
our lives by our mind. Scriptures tell that for the purpose of control of mind
this type of analysis about the nature of mind is essential . (to be continued)
আমাৰ সমস্ত চিন্তা-ভাৱনা , আবেগ-অনুভূতি আৰু কাজ-কৰ্ম মনে নিয়ন্ত্ৰণ কৰে । নিয়ন্ত্ৰণহীন মন ভয় ,উদ্বেগ , কাম-ক্ৰোধ ইত্যাদিৰ কাৰণত পৰিণত হয় আৰু ইয়ে আমাৰ জীৱনলৈ দুৰ্যোগ নমাই আনে । সেই কাৰণে সকলো প্ৰকাৰৰ পাৰমাৰ্থিক চিন্তা-চৰ্চা আৰু, অভ্যাসৰ ক্ষেত্ৰত মন নিয়ন্ত্ৰণ কৰাৰ কৌশল আয়ত্ব কৰাৰ প্ৰচেষ্টা এক অবিচ্ছেদ্য অঙ্গ হিচাপে বিবেচিত হয়।আমি জানো যে যি বস্তুক নিয়ন্ত্ৰণ কৰিব খোজা হয় সেই বস্তু সম্পৰ্কে একো জ্ঞান নাথাকিলে তাক নিয়ন্ত্ৰণ কৰিব নোৱাৰি । বাহন এখন চলাবৰ বাবে চালকজনে প্ৰথমে বাহনখনৰ কাৰ্যব্যৱস্থা আৰু নিয়ন্ত্ৰণ ব্যৱস্থা সম্পৰ্কে জানিব লাগে । তাৰ পিছৰ পৰ্যায়ত তেওঁ বাহনখন চলোৱাৰ অভ্যাস কৰিব লাগে ।ইয়াকে নকৰিলে চালকজনে বাহনখন সুকলমে চলাই নিব নোৱাৰে ।মন নিয়ন্ত্ৰণৰ বেলিকাও কথাবিলাক একে ।কথাবিলাক এনে ধৰণে চিন্তা কৰি প্ৰাচীন কালৰ ঋষিমুনি সকলে মানুহৰ মনৰ স্বভাৱ সম্পৰ্কে অতিশয় গভীৰভাৱে অধ্যয়ন কৰিছিল। এনে অধ্যয়নৰ দ্বাৰা লাভ কৰা জ্ঞান তেওঁলোকে মানৱ সমাজৰ উপকাৰৰ অৰ্থে ভগৱদ্গীতা , ভাগৱত আদিকে ধৰি অন্যান্য বৈদিক শাস্ত্ৰৰ মাধ্যমত বিস্তাৰিত ভাৱে ব্যাখ্যা কৰি গৈছে । এই জ্ঞানভাণ্ডাৰ আমাৰ দৰে সাধৰণ মানুহৰ মাজলৈ লৈ অহাৰ উদ্দেশ্যে হৰিদেৱ গুৰুজনাই অসমত সত্ৰ স্থাপন কৰিছিল । বৈদিক শাস্ত্ৰসমুহত কোৱা হৈছে যে ঈশ্বৰৰ সৃষ্টি অতি সৰল ।ঈশ্বৰে আমাক সৃষ্টি কৰিছে আৰু চকু মেলি চালেই আমি আমাৰ চাৰিওফালে যিবিলাক বস্তু দেখা পাওঁ সেই সমস্তই ঈশ্বৰৰ সৃষ্টিৰ অংশ ।ঈশ্বৰে সৃষ্টি কৰা এই বস্তুসমুহে মানুহৰ বাবে কোনো সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে ।কথাখিনি বুজাৰ বাবে আমি এটুকুৰা সোণৰ উদাহৰণ ল’ব পাৰো । ঈশ্বৰৰ সৃষ্টিৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে আমি অনুভৱ কৰিব পাৰো যে এই সোণ টুকুৰাৰ সৈতে এটুকুৰা শিলৰ কোনো পাৰ্থক্য নাই ।কিন্তু আমাৰ ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে আমি বুজিব পাৰো যে সোণৰ টুকুৰা আৰু শিলৰ টুকুৰাৰ মাজত বিশাল পাৰ্থক্য আছে। ইয়াৰ কাৰণ হৈছে মানুহৰ মনে শিলতকৈ সোণত অধিক মূল্য আৰোপ কৰে অৰ্থাৎ সোণৰ মূল্য শিলতকৈ অনেক বেছি বুলি ভাৱে । সেই কাৰণে মানুহে শিলৰ টুকুৰাটোৰ ওপৰত একো গুৰুত্ব নিদিয়ে আৰু ই পথৰ দাতিত য’তে ত’তে পৰি থাকে ।আনহাতে সোণৰ টুকুৰাটো বুটলি নি সযতনে বাকচত সাঁচি ৰাখে ।ইয়াৰ আগৰ লিখনিটো এজন মানুহৰ সৈতে অন্য এজন মানুহৰ সম্বন্ধৰ চৰিত্ৰ সম্পৰ্কে কোৱা হৈছে । এই ক্ষেত্ৰত পৰস্পৰৰ মাজত স্নেহ ,প্ৰীতি ইত্যাদিৰ কথাও সংযুক্ত হৈ থাকে । কিন্তু সোণৰ প্ৰতি মানুহৰ আসক্তি একপক্ষীয় । মানুহে সোণত কি মূল্য আৰোপ কৰে তাক সোণটুকুৰাই নিজে নাজানে । মানুহে সোণৰ ওপৰত কাল্পনিক মূল্য আৰোপ কৰাৰ বাবেহে সোণটুকুৰা মূল্যবান হৈ উঠে । এনেদৰে ঈশ্বৰে সৃষ্টি কৰা সকলো বস্তুকে মনে মানুহৰ বাবে সমস্যাৰ কাৰণত পৰিণত কৰে । মনক নিয়ন্ত্ৰণ কৰাৰ বাবে মনৰ চৰিত্ৰসমুহ এনেদৰে বিশ্লেষণ কৰা প্ৰয়োজন বুলি শাস্ত্ৰত কোৱা হৈছে।(আগলৈ)