The presence of
a Jivanmukta Purusha in the human society makes common people think about a superior life beyond normal day to day material life. In
Bhagavadgita it is told that without doing works nobody can pass a single
moment. Seeing, hearing, touching,
smelling, eating, moving, breathing,sleeping, speaking , excreting , grasping
and even opening and closing of our eyes are also works and we are performing
those works in every moment . All these works are parts of our day to day life
and we are living means we are doing these works. The self realized personalities or Jivanmukta Purushas also can not remain alive without doing these works. Now,
when we think something, we do works with our mind. Here the difference arises
between a common man and a Jivanmukta Purusha. Common people think about their
own material happiness and perform activities for the purpose of achievement of
their material goals. We can notice their busy movements when they go on
performing those selfish activities of them. But Jivanmukta Purushas knows that
everything in this world, including those common people involved in selfish
activities mentioned above, are the expressions of one God in different names
and forms. So, nobody can make himself fully satisfied with their selfish
activities in the long run. The only way to work for full satisfaction of
oneself, is to work for the welfare of everybody and everything in the creation,
that is, to satisfy the all inclusive God Almighty. If we satisfy the hunger of
our stomach with supply of food and water then all other organs of the body are
satisfied. In a similar way if we can satisfy God with our thoughts and activities
then only everything in the creation can be satisfied. So Jivanmukta Purushas
keep themselves engaged in deep thought of this type and always try to educate
common people to think and act in this way. The scriptures tell that Jivanmukta
Purushas are connecting link between God and common ignorant people. The
teachings imparted by Jivanmukta Purushas can only make common people know the
presence of one God and the way to reach
him for their complete satisfaction or
liberation. To understand the practical life of Guru Harideva and teachings
imparted by him through his Satra Institutions this type of analysis of the scriptural knowledge is necessary. (to be continued)
সমাজত জীৱন্মুক্ত পুৰুষৰ উপস্থিতিৰ ফলতহে সাধাৰণ মানুহে দৈনন্দিন গতানুগতিক জীৱনতকৈ উচ্চতৰ অন্য এটা জীৱন আছে বুলি ধাৰণা কৰিব পাৰে ।
ভগৱদ্গীতাত কোৱা হৈছে যে মানুহে একো কাম নকৰাকৈ এক মুহুৰ্ত্ত সময়ো থাকিব নোৱাৰে ।
দেখা,শুনা,স্পৰ্শ কৰা , গোন্ধ লোৱা ,খোৱা , ভ্ৰমণ কৰা ,উশাহ লোৱ,টোপনি মৰা, কথা কোৱা, মল-মূত্ৰ ত্যাগ কৰা , কিবা বস্তু গ্ৰহণ কৰা আৰু আনকি চকুৰ পতা মেলা-মুজা কৰি থকাও কাম আৰু এইবিলাক কাম আমি প্ৰতি মুহুৰ্ত্ততে কৰি থাকো ।
এই বিলাক কাম আমাৰ দৈনন্দিন জীৱনৰ অংশ আৰু আমি জীয়াই থকা মানে এইবিলাক কৰি থকাকে বুজায় ।আত্মজ্ঞানী জীৱন্মুক্ত পুৰুষেও এইবিলাক কাম নকৰাকৈ জীয়াই থাকিব নোৱাৰে ।
এতিয়া, চিন্তা-ভাৱনাও
এক প্ৰকাৰৰ কাম আৰু আমি যেতিয়া কিবা চিন্তা কৰো তেতিয়া আমি মনৰ দ্বাৰা কাম কৰো ।
এইখিনিতে জীৱনমুক্ত পুৰুষৰ সৈতে সাধাৰণ মানুহৰ পাৰ্থক্য পৰিলক্ষিত হয়।সাধাৰণ মানুহে নিজৰ বৈষয়িক সুখ সুবিধাৰ কথা চিন্তা কৰে আৰু সেই লক্ষ্য পুৰণৰ অৰ্থে কাম কৰে।
তেওঁলোকে নিজৰ স্বাৰ্থ সাধনৰ উদ্দেশ্যে কৰা কৰ্মসমুহ আমাৰ চকুত পৰে ।কিন্তু জীৱন্মুক্ত পুৰুষে জানে যে ওপৰত উল্লেখ কৰা স্বাৰ্থপৰ ব্যক্তি সকলকে ধৰি জগতৰ সমস্ত বস্তু এক ভগৱানৰ বিভিন্ন নাম আৰু ৰূপ ।সেই কাৰণে নিজৰ স্বাৰ্থ পূৰণৰ বাবে কৰা কোনো কৰ্মৰ দ্বাৰা কোনো ব্যক্তিয়ে নিজকে সম্পূৰ্ণ ৰূপে সন্তুষ্ট কৰা সম্ভৱ নহয় । কৰ্মৰ দ্বাৰা নিজকে সম্পূৰ্ণৰূপে সন্তুষ্ট কৰাৰ একমাত্ৰ উপায় হৈছে সৃষ্টিৰ সকলো প্ৰাণী তথা বস্তুৰ সন্তুষ্টিৰ অৰ্থে কাম কৰা অৰ্থাত জগতৰ সমস্ত জীৱ
আৰু বস্তু যত এক হৈ আছে সেই একমাত্ৰ পৰমেশ্বৰৰ সন্তুষ্টিৰ অৰ্থে কাম কৰা ।
পেটত খাদ্য পানীয় যোগান ধৰিলে ভোকৰ যন্ত্ৰণা নিবাৰণ হয় আৰু সকলো অঙ্গ-প্ৰত্যঙ্গৰ
পুষ্টি সাধন হয়।
অৰ্থাত
পেটক সন্তুষ্ট কৰিলে শৰীৰৰ সমস্ত অঙ্গ-প্ৰত্যঙ্গৰ সন্তোষ বিধান হয় ।
একেদৰে আমাৰ চিন্তা আৰু কৰ্মৰ দ্বাৰা পৰমেশ্বৰক সন্তুষ্ট কৰিলে জগতৰ সকলোৰে সন্তোষ বিধান কৰিব পাৰি ।
জীনন্মুক্ত পুৰুষ এই প্ৰকাৰৰ গভীৰ চিন্তা আৰু সেই চিন্তাৰ সৈতে সামঞ্জস্য থকা কামত নিজকে ব্যস্ত ৰাখে ।
শাস্ত্ৰত কোৱা হৈছে যে আত্মজ্ঞানী জীৱন্মুক্ত পুৰুষ জীৱৰ সৈতে ভগৱানৰ সংযোগ সেতু স্বৰূপ ।
তেওঁলোকৰ অনুগ্ৰহতে স্ংসাৰত আৱদ্ধ জীৱসমুহে ভগৱত তত্ব সম্বন্ধে নিজ নিজ অধিকাৰ অনুসৰি জ্ঞান লাভ কৰে ।হৰিদেৱ গুৰুজনাই নিজস্ব জীৱন আৰু সত্ৰৰ মাধ্যমত জনসাধাৰণক দি যোৱা শিক্ষা সম্বন্ধে শুদ্ধ ধাৰণা লোৱাৰ বাবে শাস্ত্ৰীয় জ্ঞানৰ এনে প্ৰকাৰৰ বিচাৰ বিশ্লেষণ কৰা প্ৰয়োজন ।(আগলৈ)
No comments:
Post a Comment