Sunday, 21 February 2021

The “Satra” Institution of Guru Harideva-58(হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-৫৮)

 

All kinds of potentialities, better or worse, are inherent in the human bodies and we discussed these things in the preceding post.We know that the potentiality of a future tree is inherent in a seed.When this seed is kept in the store or lays in a dry soil where there is no facility for its germination, no tree can come out of the seed in spite the presence of the possibility of a tree inside it. Now, when a favorable condition is created for germination of the seed by bringing it in contact with fertile soil, sufficient moisture, proper sunlight etc, the seed germinates and gradually grows to a big tree. Again from a particular type of seed a particular tree can only grow. A banyan tree can never grow from the seed of a mango tree and like that. Similar is the case with the potentialities inherent in a human body also. Each of the potentialities, better or worse, inherent in a human body is like the seeds of different varieties of trees. If favorable conditions are created for the good varieties of inherent potentialities then the human being  gradually proceeds in the right direction and finally reaches the ultimate destination desirable for a human life. On the other hand, if favorable conditions are created for the worse verities of inherent potentialities then the human being moves in the reverse direction and his human body is degraded to any position lower than the status a human being . Bhagavata tells that this degradation from the status of a human being to a lower state or the loss of the human body is equivalent to commitment of suicide. If a human being commits suicide then he immediately lose his hard earned and most precious human body which he may never get back again. So, in all Vedic scriptures the act of suicide is stated  to be the deadly sin or heinous offence against humanity . Similarly , according to Bhagavata,  the  people who knowingly or unknowingly creates conditions for the growth of negative potentialities inherent in him and loses his human body in that way also commits suicide and this is the warning given by Bhagavata to all human beings . Along with this warning, Bhagavata also suggests the ways for avoiding such misfortune and Guru Harideva made arrangements to spread those most important teachings of Bhagavata among the common people through his Satra Institutions. (to be continued)

মানুহৰ শৰীৰৰ ভিতৰত ভাল আৰু বেয়া এই উভয় দিশতে চৰম সীমাত উপনীত পৰাকৈ সম্ভৱনা শক্তি নিহিত হৈ থাকে আমি সকলোৱে জানো যে গুটিৰ পৰা গছ হয়, অৰ্থাৎ এটা গুটিৰ ভিতৰত ভৱিষ্যতে পৰা গছ এজোপাৰ সম্ভাৱনা শক্তি অন্তৰ্নিহিত হৈ থাকে যেতিয়া এই গুটিটো ভড়াঁলৰ ৰাখি থোৱা হয় বা শুকান মাটিত পৰি থাকে তেতিয়া ইয়াৰ ভিতৰত থকা সম্ভাৱনা শক্তি কাৰ্যক্ষম নহয় অৰ্থাৎ গুটিৰ পৰা গজালি ওলাব নোৱাৰে বা গুটিৰ ভিতৰত সম্ভাৱনা শক্তিৰ ৰূপত থকা গছৰ প্ৰকাশ ঘটিব নোৱাৰে এতিয়া যদি গুটিটো কোমল মাটিত ৰুই উপযুক্তভাৱে সাৰ পানী দিয়া হয় আৰু বতাহ আদিৰ সংস্পৰ্শলৈ অহাৰ সুবিধা সৃষ্টি কৰা হয় অৰ্থাৎ গজালি মেলা আৰু বৃদ্ধি হোৱাৰ বাবে উপযোগী পৰিবেশ সৃষ্টি কৰা হয় তেন্তে সেই ক্ষুদ্ৰ গুটিটোৰ ভিতৰত থকা সম্ভাৱনা শক্তিৰ পৰা এজোপা প্ৰকাণ্ড গছৰ সৃষ্টি হয় আনহাতে এটা বিশেষ গুটিৰ ভিতৰত এজোপা বিষেশ প্ৰকাৰৰ গছৰ সম্ভাৱনা শক্তিহে নিহিত হৈ থাকে অৰ্থাৎ এটা আম গছৰ গুটিৰ পৰা এজোপা বটবৃক্ষৰ সৃষ্টি কেতিয়াও নোৱাৰে, ইত্যাদি ইত্যাদি মানুহৰ ভিতৰত থকা সম্ভাৱনা শক্তিৰ ক্ষেত্ৰতো কথাখিনি একে ধৰণৰ মানুহৰ ভিতৰত থকা ভাল আৰু বেয়া প্ৰত্যেকটো সম্ভাৱনা শক্তিও বিভিন্ন প্ৰকাৰৰ গছৰ গুটিৰ দৰে একো একোটা বেলেগ বেলেগ প্ৰকাৰৰ বীজ নিজৰ ভিতৰত অন্তৰ্নিহিত হৈ থকা শুভ প্ৰকাৰৰ সম্ভাৱনা শক্তি বিলাকৰ বিকাশৰ বাবে উপযুক্ত পৰিবেশ গঢ়ি তুলিলে মানুহ লাহে লাহে শুদ্ধ পথেৰে আগ বাঢ়ে আৰু এনেদৰে ক্ৰমান্বয়ে মানৱ জীৱনৰ চৰম লক্ষ্যত উপনীত পাৰে আনহাতে নিজৰ ভিতৰতে থকা অশুভ সম্ভাৱনা শক্তিসমুহ বৃদ্ধি হোৱাৰ পৰিবশ সৃষ্টি কৰিলে  বিপৰীত দিশেৰে গতি কৰি মানুহে মানৱ শৰীৰ এৰি  তাতকৈ নিম্ন, নিম্নতৰ, নিম্নতম ইত্যাদি স্তৰৰ শৰীৰ গ্ৰহণ কৰিবলৈ বাধ্য হয়ভাগৱতে কৈছে যে এনেদৰে মানৱ শৰীৰতকৈ নিম্ন স্তৰৰ শৰীৰলৈ অৱনমিত হোৱা আৰু আত্মহত্যা কৰা একে কথা এজন মানুহে  আত্মহত্যা কৰাৰ লগে লগে তেওঁ অসংখ্য জন্মৰ অশেষ কষ্টৰ ফল স্বৰূপে অৰ্জন কৰা মহামূল্যৱান মানৱ শৰীৰ হেৰুৱায় আৰু ইয়াক কেতিয়াও পুনৰ ঘুৰাই পোৱাৰ সম্ভৱনা নাথাকে সেই কাৰণে বৈদিক শাস্ত্ৰত এনে কাৰ্যক মহাপাপ বা মানৱতাৰ বিৰুদ্ধে সংঘটিত হোৱা দুৰ্ঘোৰ  অপৰাধ বুলি কোৱা হৈছে একেদৰে যিসকল লোকে জানি বা নাজানি মানৱ শৰীৰত অন্তৰ্নিহিত হৈ থকা অশুভ সম্ভৱনা শক্তি বিলাক বৰ্দ্ধিত হোৱাৰ পৰিবেশ সৃষ্টি কৰে তেওঁলোকেও আত্মহত্যা কৰাৰ লোকৰ নিচিনাকৈয়ে মানৱ শৰীৰ হেৰুৱাৱ লগীয়া হয় ভাগৱতে মানুহক এই বিষয়ে সতৰ্ক কৰি দিয়াৰ লগতে এনে দুৰ্ভাগ্যজনক পৰিস্থিতিত নপৰাকৈ কিদৰে বাছি থাকিব পাৰি তাৰো উপদেশ দিছে আৰু হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠানৰ জৰিয়তে মানৱ সমাজৰ বাবে পৰম উপকাৰী এই জ্ঞান বহলভাৱে প্ৰচাৰ কৰি গৈছে।(আগলৈ)

No comments:

Post a Comment