In
Bhagavata it is told that there are innumerable types of bodies in the
creation and human body is the best among all. In the preceding posts we discussed
about the bodies of higher and lower status than a human body and their placement
in different abodes. Scriptures tell that the bodies of the residents of the lower,
middle and higher heavens are of higher status than that of the human beings.
The possessors of those bodies have entitlement for enjoyment of material
comforts of higher and finer degrees than those of the entities in human body.
A human being has to create conditions for development of the better
potentialities available in his human body to attain those heavenly bodies of
higher status. For this purpose various activities as prescribed in the
scriptures are to be performed. Human beings who are willing to enjoy those
higher and finer states of material comforts may perform those activities and make themselves qualified for that. But, Bhagavata tells that the facilities of material
enjoyments of higher order provided in various stages of heavens are temporary. We may
deposit huge amount of money in a five star hotel and enjoy the facilities available
there for sometimes.Those facilities may be superior to the facilities available
in our home. But as soon as the money deposited by us is spent we are forced to vacate
the hotel. The facilities provided in the heavens are also of that category . These are granted for limited period of time as rewards for performance
of certain kinds of activities in the capacity of human being. As soon as that
time period is over the Jiva or the embodied soul in the bodies of the residents of those heavens
are bound to come down to human world and take birth as human being again. In
Bhagavadgita, Bhagavata and other scriptures it is told that the highest heaven
that a human being can attain through performance of activities stated above is
Bhrahamaloka or the abode of the creator Brahma. But the residents of that
highest loka are also bound to come back to a human body in this abode as soon
as their entitlement for enjoyment in Brahmaloka is over. In this way the Jivas or the embedded
soul are bound to move to different bodies in higher and lower sides taking human body as the
center and this is an unending process . In Bhagavata effective solutions for
this problem are suggested and based on those suggestions of Bhagavata the
Satra Institutions of Guru Hardeva are guiding the spiritual life of common
people. (to be continued)
ভাগৱতত কোৱা হৈছে যে সৃষ্টিত অসংখ্য প্ৰকাৰৰ শৰীৰ আছে আৰু এই সকলো শৰীৰৰ ভিতৰতে মানৱ শৰীৰ শ্ৰেষ্ঠতম ।
ইয়াৰ আগৰ লিখনিত মানৱ শৰীৰতকৈ উচ্চতৰ আৰু নিম্নতৰ শৰীৰ আৰু সেই সকল শৰীৰৰ
বাবে নিৰ্ধাৰিত স্থান ইত্যাদি সম্পৰ্কে কোৱা হৈছে ।
শাস্ত্ৰত কোৱা হৈছে যে স্বৰ্গলোকৰো নিম্ন , মধ্যম আৰু উচ্চ ইত্যাদি স্তৰ
আছে আৰু সকলো
স্তৰৰ স্বৰ্গলোকৰ বাসিন্দাৰ শৰীৰ মানৱ শৰীৰতকৈ উচ্চ পৰ্যায়ৰ।
সেই শৰীৰসমুহৰ অধিকাৰী জীৱসকলে মানৱ শৰীৰধাৰী জীৱতকৈ অধিক সুখকৰ আৰু সুক্ষ্মতৰ বৈষয়িক ভোগ বিলাসময় জীৱন উপভোগ কৰে।মানুহে নিজৰ শৰীৰত অন্তৰ্নিহিত হৈ থকা শুভ সম্ভাৱনা শক্তিৰ বিকাশ সাধন কৰি মানৱ শৰীৰতকৈ উচ্চ খাপৰ এই দৈৱিক শৰীৰ লাভ কৰিব পাৰে ।ইয়াৰ বাবে মানুহে শাস্ত্ৰৰ নিৰ্দেশ অনুসৰি কিছুমান কাম কৰাৰ প্ৰয়োজন হয় ।যিসকল মানুহে সেইবিলাক স্বৰ্গীয় সুখ লাভ কৰাৰ ইচ্ছা কৰে তেওঁলোকে শাস্ত্ৰৰ নিৰ্দেশমতে কৰ্ম সম্পাদন কৰি উপযুক্ত অৰ্হতা লাভ কৰাৰ পিছত তাক পাব পাৰে ।কিন্তু ভাগৱতে কৈছে যে বিভিন্ন স্তৰৰ স্বৰ্গত যি উচ্চতৰ স্বৰ্গীয় সুখ ভোগ কৰাৰ ব্যৱস্থা আছে সি অস্থায়ী।
আমি এখন পঞ্চতাৰকা হোটেলত বহু টকা জমা দি কিছুদিনৰ বাবে তাত থকা সুখ সুবিধা বিলাক উপভোগ কৰিব পাৰো ।
আমাৰ নিজৰ ঘৰতকৈ সেই সুখ সুবিধা বহু বেছি উপভোগ্য হ’ব পাৰে ।
কিন্তু আমি জমা দিয়া টকা শেষ হোৱাৰ লগে লগে সেই হোটেল এৰি যাবলৈ আমি বাধ্য হওঁ ।
স্বৰ্গলোকসমুহৰ ভোগো এনে পৰ্যায়ৰ ।
মানুহ হিচাপে কিছুমান বিশেষ ধৰণৰ কাম কৰাৰ বাবদ পুৰষ্কাৰ হিচাপে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে স্বৰ্গলোকত থকাৰ বাবে উপযোগী শৰীৰ আৰু স্বৰ্গৰ সুখ ভোগ কৰাৰ সুবিধা মানুহক দিয়া হয় ।
সময় শেষ হোৱাৰ লগে লগে স্বৰ্গৰ সুখভোগৰো অন্ত পৰে আৰু সেই লোকসমুহত থকা দৈবিক শৰীধাৰী জীৱ মানুহৰ জগতলৈ ঘুৰি আহি পুনৰায় মানুহ হিচাপে জন্ম গ্ৰহণ কৰিবলৈ বাধ্য হয় ।গীতা, ভাগৱত
আদি শাস্ত্ৰত কোৱা হৈছে যে মানুহে শাস্ত্ৰৰ নিৰ্দেশ অনুসৰি কৰা শুভকৰ্মৰ জৰিয়তে পাব পৰা উচ্চতম স্থান হৈছে ব্ৰহ্মলোক।
কিন্তু
নিৰ্দিষ্ট পৰিমাণৰ ভোগ শেষ হোৱাৰ পিছত এনে উচ্চতম লোকৰ পৰাও জীৱ এই নৰলোকলৈ ফিৰি আহি মানৱ শৰীৰ গ্ৰহণ কৰিবলৈ বাধ্য হয় ।এনেদৰে মানৱ শৰীৰক কেন্দ্ৰ কৰি জীৱ উচ্চতৰ আৰু নিম্নতৰ স্তৰ সমুহৰ মাজত ঘুৰি থকিবলৈ বাধ্য হয় আৰু ই এক অন্তহীন প্ৰক্ৰিয়া ।
ভাগৱতে এই সমস্যাৰ ফলপ্ৰসূ সমাধানৰ পথ প্ৰদৰ্শন কৰিছে আৰু তাৰ আধাৰতে হৰিদেৱ গুৰুজনাৰ সত্ৰসমুহে সাধাৰণ জনতাৰ পাৰমাৰ্থিক জীৱন পৰিচালনা কৰি আহিছে ।
(আগলৈ)
No comments:
Post a Comment