Bhagavata tells
that human body is the best among all bodies in the creation. Explaining this
it is told that the Jiva or the possessor of a human body can only attain
liberation by performance of action in the capacity of a human being. Only the human beings in the cration can perform
activities for the purpose of attainment of liberation by
applying the capacity of their mind and intelligence. But human beings are not
omniscient. Each human being possesses very less knowledge about a very small part
of the things available in the creation. To make the things clear we can take
example of a specialist doctor. A human body suffers from so many types of diseases.
Out of those diseases, a specialist doctor possesses more knowledge about one particular disease and can treat
that disease with more efficiency than any other doctor . But regarding that
single disease also the specialist doctor can not confidently claim that there is
no higher knowledge beyond that whatever he knows. This type of analysis can
help one to understand the littleness of the quality and quantity of knowledge one
can have. This is true in case of every field of knowledge including spiritual
knowledge. People perform actions according to their little understanding
capacity, way of thinking and as per their own personal preferences and think
that the similar way of doing something is good for others also. Some of them tell
that the performance of pious religious activities is the best spiritual
practice. Some say that attainment of fame, sense gratification, truthfulness,
self control etc are spiritually beneficial
for people. In this way performance of activities for peace, self interest, opulence, renunciation, sacrifice,
penance, charity, strict disciplinary
regulation etc are all included in the list of spiritual duties suggested by different
so-called knowledgeable persons to different people. With this type of
assumption some so-called Spiritual masters also suggest so many ways of
spiritual practice to common people who are totally ignorant about actual goal
of human life. Bhagavta tells that all
of them possess partial knowledge of the Ultimate Truth and so the ways suggested by them are also
partially true. It is also told here that the Ultimate Truth is one and direct
realization of that Ultimate Truth is the ultimate aim of human life . So all
activities performed by a human being must be directed towards that goal. Guru
Harideva tells that unless one attain self realization he can not achieve that
goal and to lead a human being in this direction the help from a self realized
Guru or spiritual teacher is essential. Guru Harideva himself was a self
realized Guru and he planned his Satra Institution to lead common people towards that ultimate goal
of human life(to be continued)
ভাগৱতত কোৱা হৈছে যে জগতত যিমান প্ৰকাৰৰ শৰীৰ আছে তাৰ ভিতৰত মানৱ শৰীৰ সৰ্বোত্তম । ইয়াৰ কাৰণ উল্লেখ কৰি কোৱা হৈছে যে কেৱল মাত্ৰ মানৱ শৰীৰধাৰী জীৱইহে মানুহ হিচাপে কৰা কৰ্মৰ দ্বাৰা নিজৰ চৰম লক্ষ্যত উপনীত হ’ব পাৰে অৰ্থাৎ মুক্তি লাভ কৰিব পাৰে । লগতে কোৱা হৈছে যে সৃষ্টিৰ সকলো জীৱৰ ভিতৰত কেৱল মাত্ৰ মানুহে মুক্তি লাভৰ উদ্দেশ্য লৈ নিজৰ মন বুদ্ধিৰ শক্তি সামৰ্থ্য প্ৰয়োগ কৰিব পাৰে । কিন্তু কোনো মানুহ সৰ্বজ্ঞ নহয় । প্ৰত্যেক মানুহে সৃষ্টিৰ এটা অতি সামান্য অংশৰ অন্তৰ্গত অতি সামান্য পৰিমাণৰ বস্তুৰ বিষয়েহে জানে ।আকৌ এই সামান্য পৰিমাণৰ বিষয়-বস্তুৰ বিষয়েও সকলোখিনি জানে বুলি কোনো মানুহে ডাঠি ক’ব নোৱাৰে । কথাখিনি বুজাৰ বাবে আমি কোনো এটা ৰোগ আৰু তাৰ চিকিৎসা সম্পৰ্কে অধিক জ্ঞান আৰু অভিজ্ঞতা থকা এজন বিশেষজ্ঞ চিকিৎসকৰ উদাহৰণ ল’ব পাৰো । মানুহৰ শৰীৰত অনেক প্ৰকাৰৰ ৰোগ হয় । বিশেষজ্ঞ সিকিৎসকে ইয়াৰ ভিতৰত এটা ৰোগ আৰু সেই ৰোগৰ চিকিৎসৰ বিষয়ে অন্য সাধাৰণ চিকিৎসতকৈ বেছি জানে ।কিন্তু তথাপিও তেওঁ দাবী কৰিব নোৱাৰে যে এই বিষয়ত তেওঁ যিখিনি জানে তাৰ বাহিৰত আৰু কোনো জ্ঞান নাই। কথাবিলাক এনেদৰে বিচাৰ কৰি চালে মানুহে অৰ্জন কৰা জ্ঞান গুণগত আৰু পৰিমাণগতভাৱে কিমান ক্ষুদ্ৰ তাক বুজিব পাৰি । পাৰমাৰ্থিক বিষয়কে ধৰি জগতৰ সকলো বিষয়বস্তুৰ ক্ষেত্ৰতে এই কথা খাটে । মানুহে নিজৰ বোধশক্তি , চিন্তাধাৰা আৰু ৰুচি অনুসৰি নিজৰ মঙ্গলৰ অৰ্থে কাম কৰে আৰু নিজৰ বাবে যি পথ নিৰ্বাচন কৰে তাকে সকলোৰে বাবে উপযোগী হ’ব বুলি ভাৱে । কিছুমান মানুহে ভাৱে যে পূণ্য অৰ্জনৰ বাবে উপযোগী ধৰ্মীয় কাম কৰাটো সৰ্বোৎকৃষ্ট পাৰমাৰ্থিক সাধনা । কিছুমানে কয় যে যশস্যা অৰ্জন ,ইন্দ্ৰিয় তুষ্টিকৰণ , সততা ,আত্মনিগ্ৰহ ইত্যাদি মানুহৰ পাৰমাৰ্থিক উন্নতিৰ সহায়ক ।এনেদৰে শান্তি , স্বাৰ্থপূৰণ ,ত্যাগ ,সমৃদ্ধি , যাগ্-যজ্ঞ ,বলি-বিধান ,তপ-জপ ইত্যাদি সম্পৰ্কীয় সকলো কাৰ্য কিবা নহয় কিবা প্ৰকাৰে বিভিন্ন লোকৰ মনত পাৰমাৰ্থিক উন্নতিৰ সহায়ক হিচাপে চিহ্নিত হয় ।এনে ধাৰণাৰ বশবৰ্ত্তী হৈ কিছুমান পাৰমাৰ্থিক শিক্ষক বা গুৰুৱেও মানৱ জীৱনৰ মূল লক্ষ্য সম্পৰ্কে সম্পূৰ্ণ অজ্ঞ সাধাৰণ লোকক বিভিন্ন প্ৰকাৰৰ পাৰমাৰ্থিক সাধনা কৰাৰ উপদেশ প্ৰদান কৰে । ভাগৱতে কৈছে যে পৰম সত্য সম্পৰ্কে এই সকলো লোকৰে আংশিক জ্ঞান থকাৰ কাৰণে তেওঁলোকৰ কাম আৰু উপদেশৰ মাজেৰে পৰম সত্যৰ আংশিক প্ৰকাশ হয় ।লগতে কোৱা হৈছে যে পৰম সত্য এক আৰু এই একক পৰম সত্যৰ প্ৰত্যক্ষ উপলব্ধি বা জ্ঞান লাভ কৰা মানৱ জীৱনৰ চৰম লক্ষ্য আৰু সেয়েহে মানুহৰ সমস্ত কাৰ্যকলাপ এই লক্ষ্যত উপনীত হব পৰা ধৰণে পৰিচালনা কৰা উচিত। হৰিদেৱ গুৰুজনাই কৈছে যে আত্মজ্ঞান অবিহনে অৰ্থাৎ নিজৰ সত্য পৰিচয় কি তাক জানি লোৱাৰ পিছতহে এই পৰম সত্যক উপলব্ধি কৰিব পাৰি আৰু গুৰু নিজে আত্মজ্ঞানী ন’হলে আনক আত্মজ্ঞান লাভৰ পথ দেখুৱাব নোৱাৰে । হৰিদেৱ গুৰুজনা নিজে আত্মজ্ঞানী মহাপুৰুষ আছিল আৰু তেওঁ সাধাৰণ মানুহক এই লক্ষ্যৰ পিনে আগ বঢ়াই নিব পৰা ধৰণে সত্ৰানুষ্ঠান সমুহৰ পৰিকল্পনা যুগুত কৰিছিল ।(আগলৈ)
No comments:
Post a Comment