In Bhagavata it is told that the scope of taking birth in a human body is very rarely obtained and these things we discussed in the preceding post.It is also suggested in Bhagavata that people should be most careful and responsible in utilizing the unlimited potency inherent in the human body. We all know that the physical, mental and intelligential potentiality inherent in a body is expressed through the activities performed by the body. The elephant express more physical power than a goat and so we tell that the elephant is a very strong animal. Again, an elephant may be much stronger than a goat but its strength is not unlimited. Similarly, the bodies of all entities apply limited physical, mental and intelligential powers inherent in them by their nature or by the grace of God for their survival. By application of that limited power they enjoy material benefits according to their capacities and remain fully satisfied with that. In a similar way human being also can apply limited power inherent in them by nature or by the grace of God. Since the limit of power inherent in a human body is more due to possession of more developed body, mind and intelligence etc they become able to dominate other entities and enjoy more material benefits.But in spite of that, human beings are never satisfied. Explaining the reason of this Bhagavata tells that the main purpose of human body is not similar to that of the other entities mentioned above. The potential power inherent in a human body is unlimited and so, the desires and demands of a human being are also unlimited. Unless all of those unlimited expectations or desires are totally fulfilled, a human being can never be fully satisfied. Now, an emperor of a very big empire may have the facility to enjoy very huge material benefits which may be unimaginable for an ordinary human being. But that too is not unlimited or simply we can say that since nothing unlimited exists in the material world, no human being can ever be fully satisfied with anything of this world. So after attainment of a human body, the only duty of a human being is to realize this truth and utilize the unlimited power inherent in his body in search of that unlimited something which exist beyond this material world for his own satisfaction. Guru Harideva mentioned this something unlimited as “Akhanda Sat” and established Satra Institutions to guide common people to search for that. (to be continued)
ভাগৱতত কোৱা হৈছে যে মানৱ শৰীৰত জন্ম গ্ৰহণ কৰাৰ সুযোগ পোৱাটো অতিশয় দুৰ্লভ প্ৰাপ্তি আৰু এই বিলাক কথা ইয়াৰ আগৰ লিখনিটোত কৈ অহা হৈছে । লগতে ভাগৱতে ইয়াকো কৈছে যে এই দুৰ্লভ মনুষ্য শৰীৰত নিহিত হৈ থকা অকল্পনীয় শক্তি অতি সাৱধানতা আৰু দায়িত্ব সহকাৰে ব্যৱহাৰ কৰিব লাগে । আমি সকলোৱে জানো যে এটা শৰীৰত অন্তৰ্নিহিত হৈ থকা শাৰিৰীক , মানসিক আৰু বৌদ্ধিক শক্তি শৰীৰৰ মাধ্যমত সম্পাদিত হোৱা কাৰ্যৰ দ্বাৰা প্ৰকাশিত হয় ।এটা হাতীয়ে এজনী ছাগলীতকৈ অনেক বেছি পৰিমাণৰ শাৰিৰীক শক্তি প্ৰদৰ্শন কৰে । আনহতে আকৌ ছাগলীৰ তুলনাত হাতীৰ শাৰিৰীক শক্তি অনেক গুণে বেছি হ’লেও হাতীৰ শক্তিৰো এটা সীমা থাকে ।এনেদৰে মানুহত বাদে সৃষ্টিৰ অন্য সমস্ত অস্তিত্বশীল বস্তুৱে নিজৰ নিজৰ প্ৰকৃতি অনুসৰি লাভ কৰা বা ভগৱানে দিয়া সীমিত পৰিমাণৰ শাৰিৰীক, মানসিক আৰু বৌদ্ধিক শক্তি শৰীৰৰ মাধ্যমত প্ৰকাশ আৰু প্ৰয়োগ কৰি নিজৰ নিজৰ অস্তিত্ব ৰক্ষা কৰে । লগতে সকলোৱে নিজৰ নিজৰ ঈশ্বৰ প্ৰদত্ত সীমিত শক্তি ব্যৱহাৰ কৰি পাব পৰা জাগতিক সুখ দুখ ভোগ কৰে আৰু তাতে সতুষ্ট হৈ থাকে।একেদৰে মানুহেও প্ৰাকৃতিক ভাৱে পোৱা বা ভগৱানৰ অনুগ্ৰহত লাভ কৰা নিজৰ অন্তৰ্নিহিত শক্তি ব্যৱহাৰ কৰিব পাৰে । আনহাতে মানুহৰ শৰীৰ , মন আৰু বুদ্ধি পূৰ্ণ বিকশিত হোৱা হেতুকে মানৱ শৰীৰৰ অন্তৰ্নিহিত শক্তিৰ পৰিমাণো অধিক আৰু সেয়েহে মানুহে অন্য সকলোকে দমন কৰি ৰাখিব পাৰে আৰু তুলনামূলক ভাৱে অধিক জাগতিক বিষয় বস্তু ভোগ কৰাৰ সুবিধা লাভ কৰে । কিন্তু তথাপিও মানুহ কেতিয়াও সন্তুষ্ট নহয় । ইয়াৰ কাৰণ ব্যাখ্যা কৰি ভাগৱতে কৈছে যে মানৱ শৰীৰৰ উদ্দেশ্য ওপৰত কৈ অহা অন্যান্য শৰীৰৰ সৈতে একে নহয়। প্ৰকৃততে মানৱ শৰীৰত অন্তৰ্নিহিত হৈ থকা শক্তিৰ কোনো সীমা নাই আৰু সেই কাৰণে মানুহে বিচৰা বস্তুৰো একো শেষ নাই। যেতিয়ালৈকে মানুহে আশা-আকাঙ্ক্ষা কৰামতে সকলোখিনি নাপায় তেতিয়ালৈকে কোনো মানুহ কেতিয়াও সন্তুষ্ট হোৱা সম্ভৱ নহয় । আনহাতে এখন বৃহৎ সাম্ৰাজ্যৰ অধিকাৰী এজন সম্ৰাটে সাধাৰণ মানুহে কল্পনাও কৰিব নোৱাৰা অতি বৃহৎ পৰিমাণৰ জাগতিক বিষয় বস্তু ভোগ কৰাৰ সুবিধা লাভ কৰে ।কিন্তু পৰিমাণত অত্যধিক হ’লেও ই অসীম হ্’ব নোৱাৰে বা আমি ক’ব পাৰো যে এই জগতত সীমাহীন কোনো বস্তুৰ অস্তিত্ব নাই আৰু সেই কাৰণে জগতত থকা একো বস্তুৱে কোনো মানুহৰে সম্পূৰ্ণ সন্তোষ বিধান কৰিব নোৱাৰে। গতিকে মানৱ শৰীৰ লাভ কৰাৰ পিছৰ পৰ্যায়ত মানৱ জীৱনৰ একমাত্ৰ উদ্দেশ্য হৈছে ওপৰোক্ত সত্য বুজি লোৱা আৰু নিজৰ পূৰ্ণ সন্তুষ্টিৰ অৰ্থে সেই সীমাহীন বস্তুৰ সন্ধান কৰা যি বস্তু এইখন বৈষয়িক জগতৰ বাহিৰত থাকে । হৰিদেৱ গুৰুজনাই সেই অসীম বস্তুকে “অখণ্ড সদ্বস্তু” বুলি উল্লেখ কৰিছে আৰু মানুহক সেই অখণ্ড সদ্বস্তুৰ জ্ঞান দিয়াৰ লগতে তাক বিচাৰি উলিওৱাৰ শিক্ষা দিয়াৰ উদ্দেশ্যে সত্ৰানুষ্ঠান স্থাপন কৰি গৈছে । (আগলৈ)
No comments:
Post a Comment