In our society
we meet another class of people who are totally irresponsible towards their
social and familial responsibilities. They are habituated in drinking alcohol,
gambling, illicit sexual relationship, drug addiction etc. So naturally, these people
are totally ignorant about the existence of a spiritual life or of a life after
death and so on. The present life is the ultimate truth for them and that too
they do not maintain in a proper
order.The Jivanmukta Purushas like Guru Harideva are sympathetic to them and show
their concern about the spiritual progress of such people also.They know that as
human being this class of people also
have the right to make spiritual practice and only because of their ignorance
they are not aware of their rights and responsibilities. Considering these
facts, the great sage Vyasadeva shows the easy way of spiritual progress for
this class of people in Bhagavata. Sage
Shukadeva and other Jivanmukta Purushas of different times including Guru
Harideva took pain to bring those teachings of Bhagavata to this class of people
for their help. Bhagavata suggests that this class of people should somehow be made
bound to utter any name of Lord Krishna
out of his thousands of names. In our day to day life when we utter the name of
a respectable person we utter it with due respect. If we utter the name of a
person whom we like, then we utter his name with due politeness and like that.
Contrary to that if we hate a person then we show disrespect while uttering or
remembering his name. Sometimes we may also utter the name of some person without
knowing that his name matches with some name of God. In Bhagavata it is told
that if someone utter any name of God in any manner, then also he is purified and
become free from all sins. Bhagavata
explain this with an analogy. It is told here that a huge dump of dry straw or
cotton is burnt immediately if a lighted match stick is connected to it. The match
stick may be lighted and connected with the straw by any person in any way
either knowingly or unknowingly, but the result will be the same. Similarly the
holy name of God chanted in any way by any person burns all reactions of
sinful activities performed by the person. The door of the Satra Institution of Guru Harideva was opened for this class of people also and we will discuss these things further in the next
post. (to be continued)
সমাজত এনে এক শ্ৰেণীৰ লোকো থাকে যিসকলে নিজৰ সামাজিক আৰু পাৰিবাৰিক দায়িত্ব ইত্যাদিৰ বিষয়ে একেবাৰে চিন্তা নকৰে।
তেওঁলোকে মদ্যপান কৰে ,অবৈধ স্ত্ৰী সংসৰ্গত লিপ্ত হয় , জুৱাখেল খেলে , নিচাসক্ত হয় আৰু অন্যান্য অনেক প্ৰকাৰৰ কু-অভ্যাসৰ বশবৰ্ত্তী হৈ জীৱন যাপন কৰে।
স্বাভাৱিকতে এই সকল লোকে পাৰমাৰ্থিক জীৱন , মৃত্যুৰ পিছৰ অন্য এটা জীৱ্ন ইত্যাদি বিষয়ৰ জ্ঞান লাভ কৰা সম্ভৱ নহয়।তেওঁলোকে নিজৰ জ্ঞান বুদ্ধিমতে বৰ্ত্তমান জীৱনটোৱে পৰম সত্য বুলি ভাৱে যদিও তাকো তেওঁলোকে সঠিকভাৱে নিয়ন্ত্ৰণ কৰি চলাই নিব নোৱাৰে ।হৰিদেৱ গুৰুজনাৰ দৰে জীৱন্মুক্ত মহাপুৰুষ সকলে এই সকল লোকৰ প্ৰতিও দয়াশীল হয় আৰু তেওঁলোকৰ মঙ্গলৰ কথাও চিন্তা কৰে ।
মহাপুৰুষ সকলে অনুভৱ কৰে যে এইসকলো মানুহ আৰু পাৰমাৰ্থিক উন্নতিৰ বাবে চেষ্টা কৰাৰ অধিকাৰ এইসকল লোকৰো আছে।কেৱল মাত্ৰ উপযুক্ত জ্ঞান নথকা হেতুকে এইসকল লোক নিজৰ কৰ্ত্তব্য আৰু অধিকাৰ সম্পৰ্কে সচেতন নহয় ।
এই সকলো কথা বিবেচনা কৰি মহৰ্ষি ব্যাসদেৱে ভাগৱত শাস্ত্ৰৰ মাধ্যমত এওঁলোকক পাৰমাৰ্থিক জীৱনলৈ অহাৰ বাবে অতি সৰল পথ প্ৰদৰ্শন কৰিছে ।মহামুনি শুকদেৱৰ পৰা আৰম্ভ কৰি মহাপুৰুষ হৰিদেৱ গুৰুজনাকে ধৰি বিভিন্ন কালৰ বিভিন্ন জীৱন্মুক্ত মহাপুৰুষে ভাগৱতে দিয়া পথনিৰ্দেশ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি এই শ্ৰেণীৰ লোকক শুদ্ধ পথলৈ অনাৰ চেষ্টা কৰি আহিছে।ভাগৱতৰ উপদেশত কোৱা হৈছে যে এই শ্ৰেণীৰ লোকক কিবা নহয় কিবা প্ৰকাৰে ভগৱান কৃষ্ণৰ সহস্ৰ নামৰ ভিতৰৰ যিকোনো নাম উচ্চাৰণ কৰিবলৈ বাধ্য কৰিব লাগে ।
দৈনন্দিন জীৱনত আমি সন্মানীয় ব্যক্তিৰ নাম লওঁতে মনলৈ শ্ৰদ্ধাৰ ভাৱ আনি নাম উচ্চাৰণ কৰো ।
ভাল পোৱা লোকৰ নাম উচ্চাৰণ কৰিলে তাৰ লগত মনৰ কোমল ভাৱো প্ৰকাশ হয় ।
ইয়াৰ বিপৰীতে কোনো শত্ৰুভাপান্ন ব্যক্তিৰ নাম উচ্চাৰণ কৰোতে মনৰ খং ,ৰাগ , ঘৃণা ভাৱৰো প্ৰকাশ হয় ইত্যাদি।
কেতিয়াবা
আকৌ একো নজনাকৈয়ে ভগৱানৰ কোনো নামৰ সৈতে একে নাম থকা মানুহকো নাম কাঢ়ি মতা হয়।
ভাগৱতত কোৱা হৈছে যে ভগৱানৰ নাম ওপৰোক্ত যিকোনো
প্ৰকাৰে অৰ্থাৎ শ্ৰদ্ধা , প্ৰেম, খং , ৰাগ , ঘৃণা, অৱহেলা ইত্যাদি যি কোনো ভাৱৰ সৈতে বা একো নজনাকৈ
উচ্চাৰণ কৰিলেও মানুহ পবিত্ৰ হয় বা সমস্ত পাপৰ পৰা মুক্ত হয় ।
এটা উপমাৰ সহায়ত কথাখিনি বুজাই দি ভাগৱতত কোৱা হৈছে যে শুকান খেৰ বা তুলাৰ প্ৰকাণ্ড দ’ম এটাত সৰু দিয়াছলাই কাঠি জ্বলাই অগ্নি সংযোগ কৰিলেও দ’মটো তৎক্ষণাত পুৰি ছাই হয় ।
দিয়াছলাই কাঠি যিকোনো মানুহে জ্বলাই যিকোনো প্ৰকাৰে
অগ্নি সংযোগ কৰিব পাৰে আৰু জানি বা নাজানিও কৰিব পাৰে।
কিন্তু সকলো ক্ষেত্ৰতে ফল একে হয়,
অৰ্থাৎ খেৰৰ দ’ম পুৰি যায়।
একেদৰে ভগৱানৰ পৱিত্ৰ নাম যিকোনো লোকে যিকোনো ভাৱে উচ্চাৰণ কৰি তেওঁ কৰা পাপ কামৰ অশুভ প্ৰভাৱৰ পৰা মুক্ত হ’ব পাৰে
বা অন্তৰ
নিৰ্মল কৰিব পাৰে। হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ দুৱাৰ এই শ্ৰেণীৰ লোকৰ বাবেও মুক্ত আছিল আৰু এই বিষয়ে পৰবৰ্ত্তী লিখনিত কোৱা হ’ব ।(আগলৈ)
No comments:
Post a Comment