Saturday, 13 February 2021

The “Satra” Institution of Guru Harideva-54(হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-৫৪)

 

In Bhagavta it is told that utterance of any holy name of Lord Vishnu or Krishna in any manner destroys all sins of any person and purifies him. This is mentioned in the preceding post.In our day to day life when we become ill,we report our feelings to a doctor. Based on our statement the doctor judges our ailments on the basis of his knowledge and experience that he earns by long time study of medical books under the guidance of competent teachers. Then he prescribes suitable medicine to cure our ailments. Sometimes, the same doctor prescribes separate medicines to different patients with same ailment. In such case the doctor, the teacher of the doctor, the medical books studied by the doctor and the ailments of patient are the same. In spite of that, the medicines prescribed are different due to difference in the patients. The patients know nothing about the medical book, the teacher or the medicine prescribed for curing his ailments. He simply comes to the doctor, makes consultation with him and consumes the medicine prescribed to cure his disease. These things are similar in the spiritual field also. Various kinds of advises are contained in the Bhagavata for various types of people. The author of of this book is sage Vyasdeva,  sage Sukadeva and some of the sages present in his discourse on it are the teachers of the knowledge contained in the Bhagavata. The spiritual masters or Gurus of different times like Guru Harideva are doctors or practioners who practically apply the knowledge and teachings contained in it for the benefit of common people. All of them are self realized personalities or Jvanmukta Purushas, that is, they are qualified and competent persons for that job. Sage Vyasdeva authored the Bhagavata for the liberation of common people who suffers from ailments of worldly life. In spiritual field the ailment means worldly attachment and the cure means liberation from that attachment and both are common for all people. But the worldly conditions under which different people live are different. So, various ways of spiritual practices suitable for various kinds of people are shown in the Bhagavata by Sage Vyasdeva. The ultimate aim of each way of practice prescribed here is liberation from worldly attachment in due course. In this sense the category of persons mentioned in our preceding post are suggested to utter  any holy name of God to purify their body mind complex and make themselves competent for further spiritual practice of higher order to attain liberation. If we go through the story of Ajamila as described in Bhagavata these things will be clear to us.(to be continued)   

 ভাগৱতত কোৱা হৈছে যে ভগৱান বিষ্ণু বা কৃষ্ণৰ যিকোনো পবিত্ৰ নাম যিকোনো প্ৰকাৰে উচ্চাৰণ বা স্মৰণ কৰি যিকোনো লোকে সকলো পাপৰ পৰা মুক্ত পাৰে অৰ্থাৎ অন্তঃকৰণ শুদ্ধ কৰিব পাৰেএই কথা ইয়াৰ আগৰ লিখনিত কৈ অহা হৈছেদৈনন্দিন জীৱনত কোনো প্ৰকাৰৰ অসুস্থতা অনুভৱ কৰিলে আমি চিকিৎসকৰ ওচৰলৈ যাওঁ আৰু কি ধৰণৰ অসুস্থতা অনুভৱ হৈছে তাৰ বিৱৰণ দিওঁ ।আমাৰ কথাখিনি বুজি লৈ চিকিৎসকে উপযুক্ত শিক্ষকৰ তত্বাৱধানত দীৰ্ঘকাল  চিকিৎসা শাস্ত্ৰৰ অধ্যয়ন কৰি নিজে অৰ্জন কৰা জ্ঞান আৰু অভিজ্ঞতাৰ আধাৰত বিচাৰ কৰি  ৰোগ নিৰ্ণয় কৰে তাৰ পিছত তেওঁ আমাক ৰোগ নিৰাময় কৰিবৰ বাবে উপযুক্ত ঔষধ সেৱন কৰাৰ বিধান দিয়ে কেতিয়াবা একেজন চিকিৎসকে একে ধৰণৰ ৰোগ নিৰাময় কৰাৰ বাবে বেলেগ বেলেগ ব্যক্তিক বেলেগ বেলেগ ঔষধো দিয়ে এনে ক্ষেত্ৰত চিকিৎসক,চিকিৎসকক শিকোৱা শিক্ষক আৰু চিকিৎসকে অধ্যয়ন কৰা চিকিৎসা শাস্ত্ৰ একে লেও ৰোগীৰ অৱস্থা বেলেগ বেলেগ হোৱা হেতুকে চিকিৎসকে প্ৰয়োগ কৰা ঔষধ বেলেগ বেলেগ হয় যিজনে চিকিৎসা সেৱা গ্ৰহণ কৰে তেওঁ শাস্ত্ৰ কি, শাস্ত্ৰ কোনে লিখিছে, চিকিৎসকে কাৰ ওচৰত শাস্ত্ৰ শিকিছে বা তেওঁক কি ঔষধ খোৱা উচিত ইত্যাদি একো কথা নাজানে তেওঁ কেৱল শাস্ত্ৰজ্ঞানৰ প্ৰয়োগ কৰা ব্যক্তি অৰ্থাৎ চিকিৎসকক জানে , তেওঁৰ লগত পৰামৰ্শ কৰে আৰু তেওঁ পৰামৰ্শ অনুসৰি ঔষধ সেৱন কৰি আৰোগ্যলাভ কৰে ভাগৱতত বিভিন্ন লোকৰ বাবে দিয়া বিভিন্ন প্ৰকাৰৰ উপদেশৰ ক্ষেত্ৰতো কথাখিনি এনে ধৰণৰ ভাগৱত শাস্ত্ৰৰ ৰচয়িতা মহৰ্ষি ব্যাসদেৱ , মহামুনি শুকদেৱ আৰু তেওঁ ভাগৱত ব্যাখ্যা কৰাৰ সময়ত উপস্থিত থকা একাংশ ঋষি মুনি এই শাস্ত্ৰৰ আধাৰত জ্ঞান দিয়া শিক্ষক বিভিন্ন কালত আবিৰ্ভাৱ হোৱা হৰিদেৱ গুৰুজনাৰ দৰে পাৰমাৰ্থিক শিক্ষক বা গুৰুসকল হৈছে ভাগৱত শাস্ত্ৰৰ জ্ঞান আৰু শিকনি সমুহৰ ব্যৱহাৰিক প্ৰয়োগ কৰি জনসাধাৰণৰ উপকাৰ কৰা চিকিত্সক এই সকলোৱে আত্মজ্ঞানী জীৱন্মুক্ত মহাপুৰুষ অৰ্থাত এই কামৰ বাবে প্ৰয়োজনীয় অৰ্হতা সম্পন্ন ব্যক্তি সাংসাৰিক জীৱনত দুখ কষ্ট ভোগ কৰি থকা সাধাৰণ লোকক মুক্তিৰ উপায় দিয়াৰ বাবে মহৰ্ষি ব্যাসদেৱে ভগৱত শাস্ত্ৰ প্ৰণয়ন কৰিছে।পাৰমাৰ্থিক ক্ষেত্ৰত ৰোগৰ অৰ্থ বৈষয়িক বিষয়-বস্তুৰ প্ৰতি আসক্তি আৰু ৰোগমুক্তিৰ অৰ্থ হৈছে এনে আসক্তিৰ পৰা মুক্তিলাভ কৰা এই দুয়োটা বিষয় সকলো মানুহৰ বাবে একে কিন্তু যি সাংসাৰিক পৰিবেশ-পৰিস্থিতিৰ অধীনত মানুহ থাকে সেই অৱস্থা সকলোৰে বাবে পৃথক পৃথক সেই কাৰণে মহৰ্ষি ব্যাসদেৱে বিভিন্ন প্ৰকাৰৰ লোকৰ উপযোগী হোৱাকৈ বিভিন্ন প্ৰকাৰৰ পাৰমাৰ্থিক কৰ্মৰ উপায় ভাগৱতত বৰ্ণনা কৰিছে এই সকলোবোৰ পথৰে মূল লক্ষ্য এক আৰু সি হৈছে শীঘ্ৰে বা পলমকৈ লেও এটা সময়ত বৈষয়িক আসক্তিৰ পৰা মুক্তি লাভ কৰা এই দৃষ্টিকোণৰ পৰা বিচাৰ কৰি  ইয়াৰ আগৰ লিখনিটোত উল্লেখ কৰা ধৰণৰ ব্যক্তি সকলক যিকোনো প্ৰকাৰে লেও ভগৱানৰ যিকোনো পৱিত্ৰ নাম উচ্চাৰণ কৰাৰ পৰামৰ্শ দিয়া হৈছে এনে কৰি থাকিলে  তেওঁলোকৰ  শুদ্ধিকৰণ হয় অৰ্থাৎ তেওঁলোকৰ শৰীৰ মন উচ্চ স্তৰৰ পাৰমাৰ্থিক সাধনা কৰাৰ বাবে উপযুক্ত হয় আৰু এটা সময়ত তেওঁলোকে বৈষয়িক আসক্তিৰ পৰা মুক্ত হৈ পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰিব পাৰে ভাগৱতত অজামিলৰ কাহিনীৰ দ্বাৰা এই কথা স্পষ্টভাৱে বুজাই দিয়া হৈছে (আগলৈ)

No comments:

Post a Comment