Tuesday, 9 February 2021

The “Satra” Institution of Guru Harideva-52(হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-৫২)

 

It is already told that the presence of Jivanmukta Purusha in human society creates an atmosphere of spirituality and due to that the minds of common people are automatically attracted towards  spiritual life. There is one class of people in human society who do not have any knowledge and they can not discriminate between virtue and sin, spiritual life and material life, bondage and liberation etc. In our day to day life we see that some of our pet animals come very near to us, play with us and some times they keep their heads on our lap and sleep peacefully with deep faith upon us regarding their protection. It is not possible for a kindhearted person to do anything that can cause any harm to these animals. The ignorant people of the class mentioned above are like this. Under the influence of the spiritual power of the Jivanmukta Purusahas, this class of common people simply come closer to them, surrender to them and work as per their advice. They put full faith upon the Jivanmukta Purushas like the pet animals as mentioned above. In the Bhagavata and some other Vedic Scripture the way of educating this class of people is described with an analogy. It is told here that medicines of bitter taste are prescribed by physicians to cure the diseases of children. Though these medicines are beneficial in curing their ailments, the children refuse to take those medicines because of  bitter taste. Under such circumstances the parents assure to offer some delicious sweets to the children after consumption of bitter medicine. To get the sweets as assured by their parents the children consume medicines of bitter taste and get cured. In a similar way, the common ignorant people do not become interested to perform spiritual activities but they become interested to perform activities which can bring material happiness. So, in the Vedas some kinds of material benefit are assured as outcomes of performance of certain kinds of spiritual activities and Bhagavata narrates those Vedic injunctions in simpler ways for the benefit of common people. Based on those Vedic injunctions the Jivanmukta Purushas instruct the common people of the above mentioned class and the people initially  become interested to perform those spiritual activities for getting the  material benefits as assured. Then the inherent power of those spiritual activities acts like medicine and gradually make those ignorant people interested towards spiritual life. If we go through the day to day life of the Jivanmukta Mahapurush Guru Harideva and the teachings imparted by his Satra Institutions then we can notice that  he made practical application of this type of knowledge from the Bhagavata. (to be continued)

জীৱন্মুক্ত পুৰুষৰ উপস্থিতিয়ে মানৱ সমাজত এক আধ্যাত্মিক বাতাৱৰণ সৃষ্টি কৰে আৰু তাৰ প্ৰভাৱত সাধাৰণ লোক পাৰমাৰ্থিক জীৱনৰ প্ৰতি আকৰ্ষিত হয় বুলি আগতে কোৱা হৈছে সমাজত এনে এক শ্ৰেণীৰ অজ্ঞানী লোক থাকে যিসকলে ধৰ্ম আৰু অধৰ্ম , পাৰমাৰ্থিক জীৱন আৰু বৈষয়িক জীৱন , বন্ধন আৰু মুক্তি ইত্যাদিৰ মাজত থকা পাৰ্থক্যখিনিও বুজিব নোৱাৰে আমাৰ দৈনন্দিন জীৱনত আমি কিছুমান পোহনীয়া পশু-পক্ষী লগ পাওঁ ইয়াৰে কিছুমানে আমাৰ একেবাৰে ওচৰলৈ চাপি আহে , আমাৰ লগত খেলে আৰু আনকি কেতিয়াবা আমি সুৰক্ষা দিম বুলি সম্পূৰ্ণ বিশ্বাস ৰাখি আমাৰ কোলাতে মুৰ থৈ শুই পৰে কোনো দয়ালু ব্যক্তিৰ পক্ষে এই সকল প্ৰাণীৰ অপকাৰ হব পৰা একো কাম কৰা সম্ভৱ নহয় ওপৰত উল্লেখ কৰা মানুহখিনিও এনে নিমাখিত জীৱ-জন্তুৰ দৰে জীৱন্মুক্ত পুৰুষৰ আকৰ্ষণী শক্তিৰ প্ৰভাৱত এই সকল অজ্ঞানী লোক তেওঁলোকৰ ওচৰ চাপি আহে , ওপৰত কৈ অহা পোহনীয়া জন্তুৰ দৰে জীৱন্মুক্ত মহাপুৰুষৰ ওচৰত আত্ম সমৰ্পণ কৰে আৰু তেওঁলোকৰ উপদেশমতে কাম কৰাৰ চেষ্টা কৰে ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰত এই শ্ৰেণীৰ লোকক পাৰমাৰ্থিক জীৱনলৈ অনাৰ উপায় সম্পৰ্কে এক উপমাৰ দ্বাৰা বুজোৱা হৈছে ইয়াত কোৱা হৈছে যে শিশু সকলৰ ৰোগ ভাল কৰাৰ বাবে চিকিৎসকে তিতা ঔষধ সেৱন কৰাৰ বিধান দিয়ে এই ওষধ উপকাৰী হলেও তিতা সোৱাদৰ বাবে শিশুৱে খাবলৈ আপত্তি কৰে এনে পৰিস্থিতিত শিশুক পিতৃ মাতৃয়ে ঔষধ খাই শেষ কৰাৰ পিছত মিঠাই দিয়াৰ প্ৰলোভন দিয়ে মিঠাই পোৱাৰ আশাত শিশুৱে তিতা ঔষধ খায় আৰু ঔষধৰ প্ৰভাৱত ৰোগ নিৰাময় হয় একেদৰে সাধাৰণ অজ্ঞানী মানুহেও পাৰমাৰ্থিক কৰ্ম কৰাৰ বাবে সাধাৰণতে আগ্ৰহান্বিত নহয় কিন্তু বৈষয়িক ভাৱে লাভজনক কামৰ প্ৰতি আগ্ৰহী হয় সেই কাৰণে বেদত কিছুমান পাৰমাৰ্থিক কৰ্মৰ ফল হিচাপে কিছুমান বৈষয়িক সুখ-সুবিধা পোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে আৰু  তাৰ আধাৰত ভাগৱতত সাধাৰণ লোকৰ বাবে  উপযোগী শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে জীৱন্মুক্ত পুৰুষে এই বিলাক শাস্ত্ৰজ্ঞানৰ আধাৰত ওপৰোক্ত প্ৰকাৰৰ সাধাৰণ লোকক উপদেশ দান কৰে । তেওঁলোকৰ উপদেশ মানি এই লোক সকলে প্ৰাথমিক পৰ্যায়ত বৈষয়িক সুখ-সুবিধা পোৱাৰ আশাত পাৰমাৰ্থিক কাৰ্যত লিপ্ত হয় তাৰ পিছত সেই পাৰমাৰ্থিক কৰ্মসমুহৰ শুদ্ধিকৰণ শক্তিয়ে ঔষধৰ দৰে কাম কৰি অজ্ঞানী আৰু বিষয়াসক্ত মানুহক পাৰমাৰ্থিক জীৱনৰ প্ৰতি ক্ৰমান্বয়ে আগ্ৰহী কৰি তোলে জীৱন্মুক্ত মহাপুৰুষ হৰিদেৱ গুৰুজনাৰ দৈনন্দিন জীৱনাদৰ্শ আৰু সত্ৰসমুহৰ মাধ্যমত গুৰুজনাই দি যোৱা শিকনিত ভাগৱত শাস্ত্ৰই প্ৰদান কৰা এনে প্ৰকাৰৰ  জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ লক্ষ্য কৰিব পাৰি(আগলৈ)

No comments:

Post a Comment