In
Bhagavata it is told that every human being , before taking
birth in the human body, is bound to take
birth and undergo death for innumerable times in inert bodies , partly active
bodies and fully active bodies . The stone, wood, iron etc are inert or fully
inactive bodies and trees, creepers, grass etc are partly active bodies. Bodies
of birds, animals, insects etc are examples
of active bodies. The Jiva or the soul or the living force behind all entities
in the creation undergo evolution in innumerable stages in those bodies and
finally take birth in human bodies. Bhagavata tells that the process of evolution
of the soul or the living force behind the entities from the inert state up to
the state of human being can not be explained by human intelligence. We can not
explain how the living force in the totally inert state behind a stone can be
evolved a tree of semi active state.
We can not explain how the living force behind a tree in the semi active
state can take birth in the fully active
body of an animal or bird . We also can not explain how a bird or animal can be
evolved to a human being. So the evolution from inert to semi active, from
semi active to fully active and from active to human being is stated to be automatic or as designed by
the controller of the creation or by the
grace of God. If we analyse the things in this way then we can understand that the
soul or the living force behind all entities can not take birth as human being
at a time or in one stroke. The evolution is a gradual process and every
entity has to fulfill all requisite conditions of the current state before undergoing evolution to the next higher state. In this way the soul or the living force
behind one entity after gaining experience in innumerable number of various
types of bodies may attain human body much earlier than the soul behind another
entity. Bhagavata tells that once human body is attained the soul or the living
force behind it can get control over the mind and can apply the power of
intelligence of human body. So, naturally the living force behind an entity that
attains human body earlier can get benefits of application of the power of those instruments of human body and get scope to gain knowledge and experiences earlier
than those souls who attain human body in a later time. This is one of the
reasons due to which all human beings can not possess equal intelligence and all
can not understand and follow same kind of advice. To understand the teachings
of Guru Harideva and the aim of his Satra institution, this kind of analysis of the
knowledge contained in the Bhagavata is necessary. (to be continued)
ভাগৱতত কোৱা হৈছে যে প্ৰত্যেক মানুহে
মানুহৰ শৰীৰ লৈ জন্ম লাভ কৰাৰ পূৰ্বতে জড় বা অচেতন , আংশিকভাৱে চেতন , সম্পুৰ্ণ চেতন ইত্যাদি বিভিন্ন প্ৰকাৰৰ শৰীৰ গ্ৰহণ কৰি অসংখ্যবাৰ জন্ম
গ্ৰহণ আৰু মৃত্যুৰণ কৰিব লাগে । শিল, কাঠ,
লোহা ইত্যাদি সম্পূৰ্ণ জড় শৰীৰ; গছ , লতা ,ঘাঁহ ইত্যাদি আংশিক চেতনাসম্পন্ন শৰীৰ আৰু
জীৱ-জন্তু , চৰাই-চিৰিকতি ইত্যাদি সম্পূৰ্ণ চেতন শৰীৰ । জগতৰ প্ৰত্যেক অস্তিত্বশীল বস্তুৰ অন্তৰালত
থকা প্ৰত্যেক জীৱই অসংখ্যবাৰ এই শৰীৰ সমুহ গ্ৰহণ কৰি জন্মলাভ আৰু মৃত্যুবৰণ কৰাৰ
অন্তত মানৱ শৰীৰ লাভ কৰি মানুহ হিচাপে জন্ম গ্ৰহণ কৰে । ভাগৱতত কোৱা হৈছে যে জীৱই কিদৰে জড় শৰীৰৰ পৰা
উদ্ভিদ শৰীৰ, পশু-পক্ষীৰ শৰীৰ ইত্যাদিৰ মাধ্যমত ক্ৰমবিকাশৰ
পথত অগ্ৰসৰ হৈ মনুষ্য শৰীৰ লাভ কৰে তাক আমাৰ দৰে মানৱীয় বুদ্ধিৰ দ্বাৰা বুজিব
নোৱাৰি । এটা শিলত থকা জীৱ কিদৰে উদ্ভিদৰ শৰীৰলৈ যাব
পাৰে বা এজোপা গছত থকা জীৱ কিদৰে পশু পক্ষীৰ শৰীৰলৈ যায় বা পশু পক্ষীৰ শৰীৰত থকা জীৱ কিদৰে মানুহৰ শৰীৰলৈ যায় তাক মনুষ্য বুদ্ধিৰে
ব্যাখ্যা কৰিব নোৱাৰি ।সেই কাৰণে ভাগৱতত কোৱা হৈছে যে জড় শৰীৰৰ পৰা
আংশিকভাৱে চেতন শৰীৰ আৰু চেতন শৰীৰৰ মাধ্যমত মানৱ শৰীৰ পৰ্যন্ত জীৱৰ উত্তৰণ
সৃষ্টিৰ নিয়ন্ত্ৰকে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি নিজে নিজে হয় অথবা ঈশ্বৰৰ অনুগ্ৰহৰ
ফলতে হয় ।
এইদৰে বিচাৰ কৰি চালে দেখা যায় যে সকলো জীৱৰ একেলগে আৰু একে সময়তে মানৱ শৰীৰ প্ৰাপ্তি
ঘটিব নোৱাৰে ।ক্ৰমবিকাশৰ এটা নিৰ্দিষ্ট নিয়ম থাকে আৰু সেই নিয়ম মতে
সকলো চৰ্ত্ত পূৰণ কৰি বৰ্ত্তমান শৰীৰৰ বাবে নিৰ্দ্ধাৰিত পৰ্যায়ৰ বিকাশ সম্পূৰ্ণ
কৰাৰ পিছতহে জীৱ এটা শৰীৰৰ পৰা তাতোকৈ উন্নত পৰ্যায়ৰ অন্য এটা শৰীৰলৈ যাব পাৰে । এনেদৰে এটা
জীৱই অসংখ্যবাৰ জন্ম গ্ৰহণৰ জৰিয়তে অসংখ্য প্ৰকাৰৰ শৰীৰত নিৰ্দিষ্ট পৰিমাণৰ ভোগ সম্পূৰ্ণ
কৰি অন্য এটা জীৱতকৈ অনেক কাল আগতে মানৱ শৰীৰত জন্ম লাভ কৰিব পাৰে ।ভাগৱতত
কোৱা হৈছে যে মানৱ শৰীৰ লাভ কৰাৰ পিছত জীৱই নিজৰ মঙ্গল সাধনৰ অৰ্থে মনৰ নিয়ন্ত্ৰণ
পাৰে আৰু বুদ্ধিৰ ক্ষমতা প্ৰয়োগ কৰাত সক্ষম হয় । স্বাভাৱিকতে
যিসকল জীৱই আগতে মানৱ শৰীৰ গ্ৰহণ কৰে তেওঁলোকে পিছত মানৱ শৰীৰ গ্ৰহণ কৰা জীৱতকৈ
অনেক আগৰে পৰা নিজৰ মনক নিয়ন্ত্ৰণ কৰি আৰু বুদ্ধিবৃত্তিৰ ক্ষমতা প্ৰয়োগ কৰি জ্ঞান
আৰু অভিজ্ঞতা অৰ্জন কৰাৰ সুবিধা লাভ কৰে । সংসাৰৰ সকলো মানুহৰে
বুদ্ধি বৃত্তি একে সমান নোহোৱাৰ ই এক প্ৰধান কাৰণ । সেই
কাৰণে সকলো লোকে একে ধৰণৰ উপদেশ বুজি নাপায় । হৰিদেৱ গুৰুজনাই দিয়া উপদেশ সমুহ আৰু তেওঁৰ দ্বাৰা
প্ৰতিষ্ঠিত সত্ৰৰ মূল লক্ষ্য সম্পৰ্কে শুদ্ধ ধাৰণা পাবৰ বাবে ভাগৱত শাস্ত্ৰত দিয়া জ্ঞানপূৰ্ণ
কথা এনেদৰে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে । (আগলৈ)
No comments:
Post a Comment