Friday, 19 February 2021

The “Satra” Institution of Guru Harideva-57(হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-৫৭)

 

In the preceding post it is told that the only purpose of human life is to utilize the unlimited power inherent in the human body in search of the single  ultimate truth behind everything in the creation. Guru Harideva mentioned that ultimate truth as “Akhanda Sat” and tried to make people understand that unless a human being attains direct realization of this Akhanda Sat or Ultimate Truth, he can never become perfect human being or he can not be fully satisfied. But immediately after attainment of a human body, a human being can not reach this goal. Bhagavata tells that all possibilities of  further improvement and degradation remain inherent in a  basic  human being, that is, immediately after the first birth of an entity as a human being.  From this point of reference a basic human being can become a good man, a gentleman, an wise man, a God man, a demigod of lower and upper heavens and also a resident of the highest heaven called Brahmaloka or the abode of the creator Lord Brahma in the positive or better side.But  wise utilization of the potency inherent in him is essential for this purpose. Again from this point of reference the same basic human being may become a bad man, a wicked man, an ignorant man, a Satan, an animal, a plant ,a rock and go further downwards up to the lowest position of the nether region in the negative or worse side by unwise utilization of his inherent potency. In this way innumerable types of potentialities in both better and worse sides of a basic human being  are inherent in a single human body and all of those potentialities  can come into action as soon as  favorable conditions are created. Considering from this point of view the Bhagavata and other Vedic scriptures tell that there are millions of varieties in the human bodies also. In Bhagavata these are explained with life stories of various characters to make the things very clear to us. If we go through those teachings of Bhagavata we can understand that it is necessary for a  human being to find out the way to become a perfect human being at first.  Once a human being becomes perfect  human being in all respect, the possibility of his degradation towards lower side is ended in one side and on the other side the door towards next higher step is opened  automatically for him . That is, without any further effort from his own part a perfect human being can attain due positions in higher abodes like various heavens, Brahmaloka etc and finally he can attain liberation. This type of analysis of the contents of the Bhagavata is essential to understand the aim of Guru Harideva and the teachings imparted by him through his Satra Institutions.(to be continued )  

মানৱ শৰীৰত অন্তৰ্নিহিত সীমাহীন শক্তি সঠিকভাৱে ব্যৱহাৰ কৰি জগতৰ সমস্তৰে অন্তৰালত থকা একক পৰম সত্যৰ অনুসন্ধান কৰাই মানৱ জীৱনৰ একমাত্ৰ উদ্দেশ্য বুলি ইয়াৰ আগৰ লিখনিত কোৱা হৈছে হৰিদেৱ গুৰুজনাই এই পৰম সত্যকেঅখণ্ড বুলি কৈছে আৰু তেওঁৰ সত্ৰৰ জৰিয়তে মানুহক এই কথা বুজাবলৈ  চেষ্টা কৰিছে যে অখণ্ড সদ্বস্তুৰ প্ৰত্যক্ষ উপলব্ধি অবিহনে কোনো মানুহে পূৰ্ণ মানৱত পৰিণত নোৱাৰে বা পূৰ্ণ সন্তুষ্টি লাভ কৰিব নোৱাৰে কিন্তু মনুষ্য শৰীৰ লাভ কৰি মানুহ হোৱাৰ লগে লগে কোনেও এই লক্ষ্যত উপনীত নোৱাৰে ভাগৱতত কোৱা হৈছে যে মনুষ্য শৰীৰ গ্ৰহণ কৰি প্ৰথমবাৰ জন্মলাভ কৰাৰ লগে লগে মানুহৰ বাবে অধিকতৰ উন্নতি আৰু অধোগতি এই উভয় দিশৰ সমস্ত পথ মুক্ত হৈ পৰে প্ৰাথমিক স্তৰৰ মানুহৰ পৰা উন্নতি লাভ কৰি এজন মানুহে ভাল মানুহ , ভদ্ৰ মানুহ , জ্ঞানী মানুহ, ঐশ্বৰিক গুণসম্পন্ন মানুহ , নিম্ন আৰু উচ্চ স্তৰৰ স্বৰ্গত দেৱতাৰ আসন লাভ কৰাৰ সুবিধা আৰু একেবাৰে উচ্চতম স্তৰত সৃষ্টিকৰ্ত্তা ব্ৰহ্মাৰ স্থান বা ব্ৰহ্মলোকৰ বাসিন্দা হোৱাৰ অধিকাৰ লাভ কৰিব পাৰে।কিন্তু ইয়াৰ বাবে মানৱ শৰীৰত অসীম সম্ভাৱনাৰ ৰূপত অন্তৰ্নিহিত হৈ থকা শক্তি যথোপযুক্ত ভাৱে ব্যৱহাৰ কৰাটো অত্যন্ত প্ৰয়োজনীয় কথা আকৌ নিজৰ অন্তৰ্নিহিত শক্তিৰ অপব্যৱহাৰ কৰি একে প্ৰাথমিক অৱস্থাৰ পৰা অধঃপতিত হৈ সেই একেজন মানুহে বেয়া মানুহ , দুষ্ট মানুহ , অজ্ঞানী মানুহ , অসুৰ , চয়তান , পশু-পক্ষী , উদ্ভিদ , প্ৰস্তৰ আৰু নৰক নামে পৰিচিত নিম্ন , নিম্নতৰ , নিম্নতম ইত্যাদি লোকৰ বাসিন্দালৈ অৱনমিত পাৰে অৰ্থা উন্নতি আৰু অধোগতি উভয় দিশতে কাৰ্যক্ষম হৈ উঠিব পৰা সীমাহীন সম্ভাৱনা শক্তি মানৱ দেহত অন্তৰ্নিহ্ত হৈ থাকে আৰু এই দিশৰ পৰা বিচাৰ কৰি ভাগৱতকে ধৰি অন্যান্য বৈদিক শাস্ত্ৰত কোৱা হৈছে যে মানৱ শৰীৰৰো লক্ষ লক্ষ প্ৰকাৰ আছেভাগৱতত বিভিন্ন চৰিত্ৰৰ আলমত ৰচনা কৰা কাহিনীৰ জৰিয়তে এই কথা বিলাক সৰলভাৱে বুজাই দিয়া হৈছে ভাগৱতৰ এই কাহিনীবিলাকৰ মাধ্যমত  দিয়া শিকনিসমুহ বিচাৰ কৰি চালে স্পষ্টভাৱে বুজা যায় যে মানৱ শৰীৰ লাভ কৰাৰ পিছৰ পৰ্যায়ত মানুহৰ একমাত্ৰ কৰ্ত্তব্য হৈছে নিজকে পূৰ্ণ মানৱত পৰিণত কৰাৰ চেষ্টা কৰা বা মানুহ হিচাপে পূৰ্ণতা অৰ্জন কৰা যেতিয়া এজন মানুহ নিখুঁটভাৱে সমস্ত মানৱীয় গুণৰ অধিকাৰী হয় বা পূৰ্ণ মানৱত পৰিণত হয় তেতিয়া এফালে তেওঁৰ ধোগতিৰ সম্ভাৱনা সমাপ্ত হয় আৰু আনফালে অধিকতৰ উন্নতিৰ সম্ভাৱনা শক্তি নিজে নিজে কাৰ্যক্ষম হৈ উঠে অৰ্থাৎ নিজে একো চেষ্টা নকৰাকৈয়ে দেৱলোক, ব্ৰহ্মলোক আদি উচ্চ বা উচ্চতম লোকত প্ৰতিষ্ঠা লাভ কৰিব পাৰে আৰু অৱশেষত তেওঁ মুক্তি লাভ কৰাৰ যোগ্যতা অৰ্জন কৰে ভাগৱতৰ কথাবিলাক এনেদৰে বিশ্লেষণ কৰি চালে হৰিদেৱ গুৰুজনাৰ জীৱনৰ লক্ষ্য সম্পৰ্কে জানিব পাৰি আৰু সত্ৰৰ জৰিয়তে তেওঁ দিয়া শিক্ষাৰ তাৰ্য বুজাত সহজ হয় (আগলৈ)

No comments:

Post a Comment