In human society
there is another class of ignorant people who do not even understand scriptural
instructions regarding Karma and Bikarma as described in our preceding post. So
it is not possible to engage them in karma and also to keep them away from
Bikarma which is essential for their spiritual progress. For spiritual progress
of this class of people, Bhagavata tells that any kind of attachment with God can
bring spiritual benefit to any person. People may love God without expectation
of anything in return, people may approach God for fulfillment of their lust,
people may become angry with God, people may envy God, people may criticize God
for the miseries they suffer, people may praise God for the happiness they enjoy
in their life and so on. In all these cases the ultimate thing to note is that
all of these are attachment with God and are also the ways to become conscious about
God, to feel the presence of God, to become aware of the power of God though
the approach and the ways of thinking are different. Bhagavata explain this
with an analogy. When it is raining, the rain water is scattered every where.
Then the water drains through different canals, rivers etc and come back to meet
in the sea. Similarly, people may think about God in different ways,
people may worship him in different ways , people may envy him in different ways and do so many
other things, but all those thing are
related to God and so everything reach God only . Bhagagavata tells that all these
attachments with God bring spiritual benefit to people. Bhagavata clearly
elaborates these things with stories of Hiranayakashipu, Kamasa, Sishupala and
many other well known characters and also on various other occasions. For the welfare of every class of people in human
society, the great sage Vyasadeva, who himself was a Jivanmukta Purusha, narrated these things in the Bhagavata. Another
Jivanmukta Purushasa, Sukadeva brought this knowledge to public and since then
the Jivanmukta Purushas of different times are distributing this knowledge for
the benefit of common ignorant people. Jivananmukta Mahapurush Guru Harideva also
followed the principle of other Jivanmukta Purushas and undertook the mission
to keep all people of this age attached with the thought of God in all
occasions of their day to day life through his Satra Institutions. (to be
continued)
মানৱ সমাজত এনে এক শ্ৰেণীৰ ব্যক্তিও থাকে যিসকলে কৰ্ম আৰু বিকৰ্ম ইত্যাদি বিষয়ক শাস্ত্ৰীয় উপদেশ বুজি নাপায় ।সেই কাৰণে পাৰমাৰ্থিক প্ৰগতিৰ অৰ্থে ইয়াৰ আগৰ লিখনিত কৈ অহাৰ দৰে বিকৰ্মৰ পৰা আঁতৰত থাকি কেৱল মাত্ৰ কৰ্মত নিযুক্ত হৈ থকাৰ বাবে দিয়া শাস্ত্ৰীয় উপদেশ তেওঁলোকৰ ক্ষেত্ৰত ফলপ্ৰ্সূ নহয়।সেই সকল লোকক পাৰমাৰ্থিক জ্ঞান দিয়াৰ উদ্দেশ্যে ভাগৱতত কোৱা হৈছে যে ভগৱানৰ সৈতে যিকোনো প্ৰকাৰৰ সংযোগ সাধন কৰি যিকোনো লোকে পাৰমাৰ্থিক দিশত লাভৱান হ’ব পাৰে।মানুহে নিজৰ কোনো স্বাৰ্থ সিদ্ধিৰ চিন্তা নকৰাকৈ ভগৱানক ভাল পাব পাৰে , নিজৰ স্বাৰ্থ সিদ্ধিৰ কামনা বাসনা লৈ ভগৱানৰ ওচৰ চাপিব পাৰে , ভগৱানৰ লগত শত্ৰুতা আচৰণ কৰিব পাৰে,নিজে ভোগ কৰি থকা দুখ কষ্টৰ বাবে ভগৱানক জগৰীয়া কৰি গালি-গালাজ পাৰিব পাৰে , জীৱনত উপভোগ কৰি থকা সুখ সুবিধাৰ বাবে ভগৱানক প্ৰশংসা কৰিব পাৰে ইত্যাদিকে ধৰি যি ইচ্ছা তাকে কৰি থাকিব পাৰে। ভগৱানৰ প্ৰতি প্ৰদৰ্শন কৰা এনে ভাল বা বেয়া আচৰণৰ অন্তৰালত পৃথক পৃথক উপলব্ধি আৰু ভাৱনা থাকে যদিও এই সকলো ক্ষেত্ৰতে মূল কথা হৈছে এই সকলোখিনিয়ে ভগৱানৰ সৈতে সংযোগ সাধন কৰাৰ পথ , ভগৱানৰ অস্তিত্ব উপলব্ধি কৰাৰ পথ আৰু ভগৱানৰ শক্তিৰ বিষয়ে জ্ঞান লাভ কৰাৰ পথ।ভাগতত এক উপমাৰ সহায়ত কথাখিনি বুজাই দিয়া হৈছে । ইয়াত কোৱা হৈছে যে বৰষুণ আহিলে ইয়াৰ পানী সকলো ঠাইতে সিঁচৰতি হৈ পৰে । কিন্তু এই পানী বিভিন্ন নলা-নদীৰে বৈ আহি সমুদ্ৰত একেলগ হয় । একেদৰে মানুহে বিভিন্ন ধৰণে ভগৱানৰ কথা চিন্তা কৰে , বিভিন্ন প্ৰকাৰে ভগৱানৰ পূজা-পাতল কৰে , বিভিন্ন প্ৰকাৰে ভগৱানৰ সৈতে শত্ৰুতা আচৰণ কৰে যদিও সকলোখিনি যিহেতু ভগৱানৰ সৈতে সম্পৰ্কিত সেয়েহে এই সকলোখিনিয়ে ভগৱানৰ ওচৰলৈ যায়। ভাগৱতত কোৱা হৈছে যে ভগৱানৰ সৈতে ৰখা ভাল-বেয়া সকলো প্ৰকাৰৰ সংযোগ মানুহৰ পাৰমাৰ্থিক উন্নতিৰ সহায়ক হয় । হিৰণ্য কশিপু, কংস , শিশুপাল আদি অনেক চৰিত্ৰৰ কাহিনীৰ মাধ্যমত আৰু লগতে অন্যান্য বহু প্ৰকাৰে ভাগৱতত এই বিলাক কথা স্পষ্টভাৱে ব্যাখ্যা কৰি বুজাই দিয়া হৈছে । মানৱ সমাজৰ প্ৰত্যেক শ্ৰেণীৰ লোকৰ পাৰমাৰ্থিক উন্নতিৰ উদ্দেশ্যে জ্ঞান প্ৰদান কৰাৰ লক্ষ্য আগত ৰাখি জীৱন্মুক্ত মহাপুৰুষ মহৰ্ষি ব্যাসদেৱে ভাগৱতত এই বিলাক কথা সৰল ভাৱে বৰ্ণনা কৰিছে । আন এজন জীৱন্মুক্ত পুৰুষ মহাত্মা শুকদেৱে এই জ্ঞান জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি গৈছে। তেতিয়াৰে পৰা বিভিন্ন কালৰ জীৱন্মুক্ত মহাপুৰুষ সকলে এই পৰম জ্ঞান জনসাধাৰণ মঙ্গলৰ উদ্দেশ্যে বিলাই আহিছে। সেই সকল মহাত্মাৰ পদাঙ্ক অনুসৰণ কৰি জীৱন্মুক্ত মহাপুৰুষ হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠানৰ মাধ্যমত বৰ্ত্তমান যুগৰ সাধাৰণ লোকক জীৱনৰ প্ৰতিটো পদক্ষেপতে ভগৱানৰ সৈতে সংযোগ ৰক্ষা কৰি চলাৰ আৰ্হি দেখুৱাই গৈছে। (আগলৈ)
No comments:
Post a Comment