From the point
of view of spirituality, there are both knowledgeable and ignorant
people in human society. The knowledgeable persons are very less in number and
most of the people in human society are ignorant. A small section of the
spiritually awakened people know the ultimate aim of their life. They perform
spiritual practice in accordance with the instructions contained in the
scriptures and attain self realization or Jivanmukti. They are called
Jivanmukta Purusha in scriptural language.A section of the Jivanmukta Purushas
are very much sympathetic towards the sufferings of the common ignorant people
and sacrifice their lives to bring the ignorant common mass to the path of
spirituality. Now, according to differences in the level of intelligence, the ignorant common
people are also of various categories. One class of common people are totally
ignorant about spiritual life and they are not at all interested to do anything
that are not related to any personal material benefit for them. With their body,
mind and intelligence they keep themselves engaged in material activities with expectation
of happiness in return. But they are not aware of the fact that the works they
perform can not bring the expected happiness always. In such case they become
unhappy and start new venture in search of happiness again. In this way those
people are always engaged in material activities without having any interest
towards spiritual life.The Jivanmukta Purushas know that due to ignorance those
people are unable to master their senses and mind and this is the reason behind
their life and selfish activities of this type. After
attainment of Jivanmukti through severe spiritual practice when Guru
Harideva came to Assam and established his Satra Institution in 1453 CE, most
of the common people here were of this type. Bhagavata tells that such people
should go on performing material activities as per their nature and at the same
time they should not perform any Akarma, that is, prohibited works as per
scriptural injunctions .It is told that if common ignorant people perform
material activities following this rule strictly then they can gradually attain
spiritual knowledge and subsequently come to the path of devotion. Based on such instructions from
Bhagavata Guru Harideva tried to educate people about Karma, Bikarma and also
about the ways to keep oneself away from performance of Bikarma through his
Satra Institution. (to be continued)
মানুহৰ সমাজত পাৰমাৰ্থিক জ্ঞানৰ প্ৰতি আগ্ৰহ সম্পন্ন আৰু এই দিশত একেবাৰে অজ্ঞ উভয় প্ৰকাৰৰ ব্যক্তি থাকে । ইয়াৰ ভিতৰত পাৰমাৰ্থিক জীৱনৰ প্ৰতি আগ্ৰহী ব্যক্তিৰ সংখ্যা একেবাৰে নগণ্য আৰু তেওঁলোকে মানৱ জীৱনৰ মূল লক্ষ্য কি তাক জানে।পাৰমাৰ্থিক জীৱনৰ প্ৰতি আগ্ৰহী নগণ্য সংখ্যক লোকৰ ভিতৰৰ কিছু সংখ্যক লোকে শাস্ত্ৰৰ নিয়ম মতে সাধনাত প্ৰবৃত্ত হৈ আত্মজ্ঞান বা জীৱন্মুক্তি লাভ কৰে আৰু এই সকল লোকক শাস্ত্ৰত আত্মজ্ঞানী পুৰুষ বা জীৱন্মুক্ত পুৰুষ বুলি কোৱা হয়।এই জীৱন্মুক্ত পুৰুষৰ ভিতৰৰ একাংশ লোক সমাজৰ সাধাৰণ অজ্ঞানী জনসাধাৰণৰ দুখ দুৰ্দশাৰ প্ৰতি অতিশয় সংবেদনশীল হয় আৰু এই সকল লোকক পাৰমাৰ্থিক জ্ঞান প্ৰদান কৰি তেওঁলোকৰ দুখ দুৰ্দশা মোচনৰ অৰ্থে কাম কৰাৰ বাবে নিজকে উছৰ্গা কৰে । আনহাতে সাধাৰণ লোককো জ্ঞানৰ স্তৰ অনুসৰি কেবাটাও ভাগত ভাগ কৰিব পাৰি । ইয়াৰে এচাম লোকৰ পাৰমাৰ্থিক বিষয় সম্বন্ধে একো জ্ঞান নাথাকে ।তেওঁলোকে নিজৰ ব্যক্তিগত বৈষয়িক সুখ সুবিধা পোৱাৰ সম্ভাৱনা নথকা একো কাম নকৰে ।তেওঁলোকে শৰীৰ ,মন আৰু বুদ্ধিৰ শক্তি প্ৰয়োগ কৰি নিজৰ সুখৰ বাবে বৈষয়িক কাজ কৰ্মত সদাব্যস্ত হৈ থাকে ।তেওঁলোকে নাজানে যে এনেদৰে কৰা প্ৰতিটো কামৰ পৰা সুখ আহৰণ কৰা সম্ভৱ নহয়। আশা কৰা অনুসৰি সুখ আহৰণ কৰিব নোৱাৰিলে তেওঁলোকে মনোকষ্ট পায় আৰু সুখৰ পোৱাৰ আশাত পুনৰায় নতুন কৰ্ম আৰম্ভ কৰে । এনেদৰে তেওঁলোকে ইটোৰ পিছত সিটো বৈষয়িক কৰ্মত সদায় ব্যস্ত হৈ থাকে আৰু পাৰমাৰ্থিক জীৱনৰ প্ৰতি একো আগ্ৰহ প্ৰকাশ নকৰে । জীৱনমুক্ত পুৰুষে জানে মন আৰু ইন্দ্ৰিয় সমুহ নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰয়োজনীয় জ্ঞানৰ অভাৱ থকা হেতুকে সাধাৰণ লোকে এনে আচৰণ কৰে।পাৰমাৰ্থিক সাধনা সম্পূৰ্ণ কৰি জীৱন্মুক্ত স্তৰত উপনীত হোৱাৰ পিছত হৰিদেৱ গুৰুজনাই ১৪৫৩ খৃঃত অসমত সত্ৰ স্থাপন কৰাৰ সময়ত ইয়াৰ প্ৰ্ৰায় সকলো লোক এনে অৱস্থাত আছিল। কৰ্ম অৰ্থাৎ শাস্ত্ৰৰ অনুমোদিত কাম আৰু বিকৰ্ম অৰ্থাৎ শাস্ত্ৰই কৰিবলৈ হাক দিয়া কাম ইত্যাদি বিষয়ত তেওঁলোকৰ একো জ্ঞান নাছিল । যি কাম কৰিলে নিজৰ স্বাৰ্থ ৰক্ষা হয়, কৰ্ম–বিকৰ্ম ইত্যাদিৰ কোনো বাছ-বিচাৰ নকৰাকৈ তেওঁলোকে তাকে কৰি গৈছিল। ভাগৱতত কোৱা হৈছে যে এনে প্ৰকৃতিৰ লোক সকলে নিজৰ স্বভাৱ অনুসৰি কৰ্মত ব্যস্ত থাকিব লাগে আৰু ইয়াৰ লগতে বিকৰ্ম বা শাস্ত্ৰ নিষিদ্ধ কৰ্মৰ পৰা বিৰত থাকিব লাগে ।এনে নিয়ম কঠোৰভাৱে পালন কৰি থাকিলে এই সকল লোকে ক্ৰমান্বয়ে পাৰমাৰ্থিক জ্ঞান লাভ কৰে আৰু অৱশেষত ভগৱানৰ ভক্তত পৰিণত হয় । হৰিদেৱ গুৰুজনাই সত্ৰৰ জৰিয়তে ভাগৱতৰ এনে নিৰ্দেশৰ আধাৰত জনসাধাৰণক কৰ্ম ,বিকৰ্ম ইত্যাদি বিষয়ৰ জ্ঞান দিয়াৰ লগতে শাস্ত্ৰ নিষিদ্ধ কৰ্মৰ পৰা আঁতৰি থকাৰ উপায় ইত্যাদি বিষয়ৰ শিক্ষা দি গৈছে । (আগলৈ)
No comments:
Post a Comment