Thursday 8 October 2020

Understanding Guru Harideva’s Approach Towards Unity-156 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৫৬)

 

After some days of walking from Kashi, Guru Harideva arrived at Puri  along with Purushottama, Gobinda, Haripal, Rampal and their families. In some of our earlier posts we told about the first visit of Guru Harideva to this place. This time Guru Harideva directly met Bisvambhar Mahapatra, the priest of Jagannath temple  who helped him during his past visit. Guru Harideva’s plan was to go to Kamprupa after a short time halt at Puri. Knowing that, Biswambhar Mahapatra made staying arrangements for him and his party for a short time. But things did not happened as planned by Guru Harideva. In Bhagavadgita it is told that sitting in the heart of everybody God controls everything of us. We are like a vehicle  and God is the driver of that vehicle. The vehicle can move according to the will of the driver. Likewise, we can do our activities according to the will of God. In this case, Guru Harideva planned to go back to his own state Kamarupa. But  the plan of Lord Jagannath was different from that of Guru Harideva. Again, there is difference in the process of implementation of the plan of God and  the arrangements made with the help of  human intelligence for implementation of our plan. In case of  human being, if some authority wants to do some works through some person or agency, then the authority has to pass an order first according to their plan. Then that order is to be conveyed to the concerned person or agency through some kinds of messenger and so on .After that also the concerned person may or may not implement  the plan according to the will of the authority. But in case of the planning of God, things are not like that. Plan of God is implemented through his will only. Once God wills to do something through some person then everything is arranged automatically in that order and the person concerned becomes bound to do that. The same thing happened in case of Guru Harideva. After making the staying arrangements at Puri, he visited Lord Jagannatha. There he performed his daily routine worship etc and then took rest in his camp.At that time, God conveyed his plan to Guru Harideva in the God’s  way. To make us understand the matter in human language, it is said that , during that night, when Guru Harideva was in his dream state Lord Jagannatha appeared before him in the disguise of an old Brahmin priest and ordered him to carefully study and recite Bhagavata for five years in his temple. So Guru Harideva had to stay at Puri for five years. (to be continued)

কাশীৰ পৰা কেইদিনমান খোজ কাঢ়ি হৰিদেৱ গুৰুজনাই পুৰুষোত্তম , দ্বিজ গোবিন্দ,হৰিপাল,ৰামপাল আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে পুৰীত উপস্থিত হৈছিলআগৰ কেইটামান লিখনিত গুৰুজনাৰ প্ৰথমবাৰ পুৰী ভ্ৰমণৰ কথা কোৱা হৈছে ইবাৰ পুৰীত উপস্থিত হৈয়ে তেওঁ আগৰ বাৰ তেওঁক সহায় কৰা জগন্নাথ মণ্ডিৰৰ পুৰোহিত বিশ্বম্ভৰ পাণ্ডাৰ ওচৰ চাপিছিল গুৰুজনাই কেইটামান দিন পুৰীত থাকি কামৰূপলৈ উভটি যোৱাৰ পৰিকল্পনা কৰিছিল সেই কথা জানিব পাৰি বিশ্বম্ভৰ পাণ্ডাই মাত্ৰ অলপ দিনৰ বাবে তেওঁলোকক থকাৰ ব্যৱস্থা কৰি দিছিল কিন্তু কাম হৰিদেৱ গুৰুজনাৰ পৰিকল্পনা অনুসৰি হৈ উঠা নাছিল ভগৱদ্গীতাত কোৱা হৈছে যে ভগৱানে আমাৰ হৃদয়ত অধিস্থিত থাকি আমাৰ সমস্ত কথা কাণ্ড নিয়ন্ত্ৰণ কৰে আমি এখন বাহনৰ দৰে আৰু ভগৱান হৈছে সেই বাহনৰ চালক চালকে যিদৰে নিয়ন্ত্ৰণ কৰে বাহন সেইদৰে চলে  একেদৰে ঈশ্বৰে যেনেকৈ ইচ্ছা কৰে ঠিক তেনেকৈয়ে কাম কৰিবলৈ আমি বাধ্য হওঁ এই ক্ষেত্ৰতো দেখা যায় যে হৰিদেৱ গুৰুজনাই পুৰীত দুই এদিন থাকি কামৰূপলৈ যোৱাৰ পৰিকল্পনা কৰিছিল যদিও ভগৱান জগন্নাথে তেওঁৰ বাবে অন্য পৰিকল্পনা প্ৰস্তুত কৰি থৈছিল আকৌ ভগৱানৰ পৰিকল্পনা ৰুপায়ণ কৰাৰ পদ্ধতিৰ সৈতে মানুহৰ পৰিকল্পনা ৰূপায়ণৰ কৰা পদ্ধতিৰ পাৰ্থক্য আছে মানৱীয় পদ্ধতি অনুসৰি কোনো ব্যক্তিয়ে অন্য কোনো ব্যক্তি বা সংস্থাৰ দ্বাৰা কিবা কাম কৰাব খুজিলে প্ৰথমে আচনি প্ৰস্তুত কৰিব লাগে তাৰ পিছত সেই আচনি মতে আদেশনামা জাৰি কৰিব লাগে। আকৌ সেই আদেশনামা কোনো প্ৰকাৰৰ বাৰ্ত্তাবাহকৰ সহায়ত নিৰ্দিষ্ট ব্যক্তি বা সংস্থালৈ প্ৰেৰণ কৰিব লাগে ইত্যাদি এই বিলাক কৰাৰ পিছতো আচনি মতে সম্পূৰ্ণ কাম বও পাৰে বা হবও পাৰে কিন্তু ভগৱানৰ আচনিৰ বেলিকা কথাবিলাক তেনে নহয় ঈশ্বৰে ইচ্ছা কৰা মাত্ৰকে তেওঁৰ পৰিকল্পনামতে কাম হয় ঈশ্বৰে যেতিয়া কোনো ব্যক্তিৰ দ্বাৰা কিবা কাম কৰাব খোজে তেতিয়া প্ৰয়োজনীয় সকলো ব্যৱস্থা সেই ইচ্ছা অনুসৰি নিজে নিজে সাজু হৈ উঠে আৰু সংশ্লিষ্ট ব্যক্তিজনে ঈশ্বৰৰ ইচ্ছামতে কাম কৰিবলৈ বাধ্য হয় হৰিদেৱ গুৰুজনাৰ ক্ষেত্ৰতো এই কথা সত্য বুলি প্ৰমাণিত হৈছিল্।পুৰীত থকা ঠাইৰ ব্যৱস্থা কৰাৰ পিছত তেওঁ জগন্নাথ দৰ্শন কৰিছিল আৰু তাতে নিজৰ দৈনদন্দিন পূজা পাঠ আদি সমাপ্ত কৰাৰ পিছত থকা ঠাইলৈ আহি জিৰণী লৈছিল সেই সময়তে ঈশ্বৰে নিজৰ পৰিকল্পনাৰ কথা নিজা ঐশ্বৰিক পদ্ধতিমতে হৰিদেৱ গুৰুজনাক জনাই দিছিল মানৱীয় ভাষাত এই কথা বুজাবলৈ গৈ কোৱা হৈছে যে স্বপ্নাৱস্থাত ভগৱান জগন্নাথে এজন ব্ৰাহ্মণ পুৰোহিতৰ বেশত হৰিদেৱ গুৰুজনাক দেখা দিছিল আৰু পাঁচ বছৰ কাল ভাগৱতৰ গভীৰ অধ্যয়ন কৰাৰ লগতে তেওঁৰ মন্দিৰত নিতৌ এই শাস্ত্ৰ পাঠ কৰাৰ আদেশ দিছিল এই আদেশ পাই গুৰুজনাই পাঁচ বছৰ কাল পুৰীতে থকিব লগীয়া হৈছিল (আগলৈ)

No comments:

Post a Comment