In Bhagavata it
is told that the original source of knowledge is the Vedas. Originally the
whole of the Vedas were contained in a single volume . With the passage of time
it became difficult for the scholars of later generations assimilate the huge
contents of
the Vedas
in one volume. Then the great sage
Vyasadeva edited the Vedas and divided it into four volumes to facilitate assimilation
of the knowledge contained in the Vedas part by part by the scholars of lesser
intelligence. After that, based on the Vedas, sage Vyasadeva composed the great
historical epic Mahabharata and the Puranas to bring the Vedic knowledge to the
reach of common people. But though he seriously engaged himself for spiritual, social
, political ,economical and other welfare of the people of all classes of the
society through those works, his mind was not satisfied. He himself was not
able to find out the shortcomings of his works and was suffering from mental
agony. At that time another great sage Narada came to him and pointed out that Sage
Vyasdeva described the glories of many
Gods and Goddesses and suggested many ways of worship of them in his scriptures
. Since the common people can not select the best thing out of many things there is possibility of confusion in the mind
of the common people regarding the existence of only one Ultimate God .To correct this
defect Narada suggested Vyasdeva to clearly point out the single ultimate God and
also the most easy and most beneficial way of worship of that Ultimate God.
Accordingly sage Vayasdeva composed the Bhagavata in which Lord Krishna is established as the ultimate God and the way of devotion is suggested as the easiest
and most beneficial way of worship. Similar was the case with Guru Harideva
also. In spite of his profound knowledge of Vedas and Vedic scriptures and his attainment of self realization trough the path of knowledge, he was not satisfied. He could realize that the knowledge
and self
realization attained by him were not useful for serving the common
people as desired. So he was suffering from mental agony. Under such situation
he got
instruction from Lord
Jagannatha to study the Bhagavata in his temple and thus the desired solution
to the problems he faced came to him. So Guru Harideva studied or rather
performed penance to gain every detail of the knowledge and information
contained in the Bhagavata as described in the preceding two posts. He
practically applied those knowledge and information for the benefit of common
poor and downtrodden people in his later life. (to be continued)
ভাগৱতত কোৱা হৈছে যে বেদ সমস্ত জ্ঞানৰ মূল আধাৰ ।
প্ৰথম অৱস্থাত সমগ্ৰ বেদৰাশি একেলগে থুপ খাই আছিল ।
পৰবৰ্ত্তী কালত বৃহৎ কলেবৰৰ সমগ্ৰ বেদ একেলগে আয়ত্ব কৰিব পৰা প্ৰজ্ঞাসম্পন্ন লোকৰ অভাৱ অনুভূত হৈছিল ।
তেতিয়া মহান ঋষি বেদব্যাসে সম্পাদনা কৰি সমগ্ৰ বেদৰাশি চাৰিটা ভাগত বিভক্ত কৰিছিল আৰু তুলনামূলকভাৱে ক’ম বুদ্ধি বৃত্তি সম্পন্ন পণ্ডিতেও ভাগ ভাগকৈ বেদ অধ্যয়ন কৰিব পৰা ব্যৱস্থা কৰি দিছিল।
ইয়াৰ পিছত ঋষি ব্যাসদেৱে সাধৰণ বুদ্ধি বৃত্তিৰ লোকেও বেদজ্ঞান লাভ কৰিব পৰাকৈ মহাভাৰত নামৰ বিখ্যাত ইতিহাসমূলক মহাকাব্য আৰু পুৰাণ আদি শাস্ত্ৰসমুহ প্ৰণয়ন কৰিছিল ।
এনেদৰে সমাজৰ সকলো স্তৰৰ জ্ঞানী আৰু অজ্ঞানী লোকৰ পাৰমাৰ্থিক ,সামাজিক,ৰাজনৈতিক, অৰ্থনৈতিক আৰু অন্যান্য সকলো দিশৰ উন্নতিৰ অৰ্থে অহৰহ একনিষ্ঠভাৱে কাম কৰি যোৱাৰ পিছতো ব্যাসদেৱে তেওঁৰ কামত কিবা খুঁট থকা যেন অনুভৱ কৰা হেতুক মানসিক সন্তুষ্টি পোৱা নাছিল।
নিজৰ কামত কি খুঁট আছে তাক বুজি নোপোৱা কাৰণে তেওঁ অতিশয় মানসিক অস্থিৰতাত ভুগি আছিল।
তেনে সময়তে অন্য এজন মহান ঋষি নাৰদ উপস্থিত হৈ ব্যাসদেৱক দেখুৱাই দিছিল যে তেওঁৰ শাস্ত্ৰ সমুহত অনেক দেৱী-দেৱতাৰ গুণ গৰিমা বৰ্ণনা কৰা হৈছে আৰু এই দেৱ-দেৱীসকলৰ উপাসনাৰ বাবে অনেক প্ৰকাৰৰ দিহা-উপদেশ দিয়া হৈছে ।
সাধাৰণ মানুহে বহু বস্তুৰ মাজৰ পৰা সবাতোকৈ ভাল বস্তুটো বাছি উলিয়াব নোৱাৰে। সেই কাৰণে ব্যাসদেৱৰ শাস্ত্ৰই একমাত্ৰ পৰম সত্য বা পৰমেশ্বৰৰ অস্তিত্বৰ বিষয়ে ভুল ধাৰণা দিয়াৰ সম্ভাৱনা আছে আৰু এয়ে তেওঁ কৰা কামৰ প্ৰধান খুঁট ।এই দোষ দূৰ কৰাৰ উপায় হিচাপে নাৰদে ব্যাসদেৱক সমস্ত দেৱী-দেৱতাৰো যিজন পৰম উপাস্য দেৱতা সেই পৰমেশ্বৰক স্পষ্টভাৱে দেখুৱাই দিয়াৰ লগতে সেই পৰম দেৱতাক সন্তুষ্ট কৰাৰ অৰ্থে এটা মাত্ৰ সৰ্বশ্ৰেষ্ঠ আৰু সহজতম উপায় নিৰ্দেশ কৰিবলৈ উপদেশ দিছিল ।
সেই উপদেশ মতে ব্যাসদেৱে ভাগৱত শাস্ত্ৰ ৰচনা কৰি ভগৱান শ্ৰীকৃষ্ণ পৰম উপাস্য দেৱতা আৰু ভক্তিৰ পথ পৰমেশ্বৰক সন্তুষ্ট কৰাৰ একমাত্ৰ সহজতম আৰু শ্ৰেষ্ঠতম পথ বুলি প্ৰামাণিক তথ্য সহকাৰে অতি সৰল ৰূপত সকলোৱে বুজিব পৰাকৈ বুজাই দিছিল ।
ভাগৱতৰ এই বৰ্ণনাৰ সৈতে হৰিদেৱ গুৰুজনাৰ অৱস্থাৰ মিল আছে ।বেদ আৰু বৈদিক শাস্ত্ৰৰ অগাধ জ্ঞান আৰু জ্ঞান যোগৰ পথ অনুসৰণৰ জৰিয়তে আত্মজ্ঞান লাভ কৰাৰ পিছতো হৰিদেৱ গুৰুজনাৰ মন সন্তুষ্ট হোৱা নাছিল । তেওঁৰ অগাধ জ্ঞান ভাণ্ডাৰ আৰু নিজস্ব আত্মানুভূতি সকলো শ্ৰেণীৰ জনতাক বুজাই দিয়া সম্ভৱ নহয় বুলি জানি তেওঁ মানসিক উদ্বিগ্নতাত ভুগি আছিল । তেনে অৱস্থাতে গুৰুজনাই ভগৱান জগন্নাথৰ পৰা তেওঁৰ মন্দিৰত ভাগৱতৰ অধ্যয়ন আৰু চিন্তাচৰ্চা কৰাৰ আদেশ লাভ কৰিছিল আৰু এই দৰে তেওঁ ওপৰোক্ত সমস্যা সমাধানৰ উপায় লাভ কৰিছিল।
তাৰ পিছতে হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰিছিল অথবা আমি আগৰ দুটা লিখনিত কৈ অহাৰ দৰে ভাগৱত শাস্ত্ৰত অন্তৰ্নিহিত হৈ থকা প্ৰতিটো বিষয়ৰ প্ৰতিটো কথাৰ বিতং সাৰমৰ্ম উপলব্ধি কৰাৰ উদ্দেশ্যে পাঁচ বছৰ কাল কঠোৰ তপস্যা কৰিছিল ।
পিছৰ কালত গুৰুজনাই এই সাধনালব্ধ ভাগৱত জ্ঞান সাধাৰণ জনতাৰ উপকাৰৰ অৰ্থে ব্যৱহাৰ কৰিছিল। (আগলৈ)
No comments:
Post a Comment