As per tradition of the olden days, an educated and qualified person ,
specially from a Brahmin family, generally
preferred to be engaged in the profession of teacher or some office of profit under the
kings of different states. Since 7th century CE, generation after
generation, the forefathers of Guru Harideva
served as teacher of Toles mostly under the patronage of the local kings and
public . His elder brother Purushottama was a scholar in the court of the king
of Coochbihar. But Guru Harideva was not interested in leading his life like that. His aim of life was to stay fully attached
with the common people at all times and work for the overall welfare of them . Before the study of the Bhagavata, Guru
Harideva was a highly educated Vedic scholar. Now as a result of serious study
of Bhagavata for five years in a manner as described in the previous posts, the
philosophy of life of Guru Harideva was transformed from a scholar to a
devotee of Lord Krishna. By that way he got sufficient mental strength and proper
direction to start his aimed mission.
Now, he decided to go back to his native state Kamrupa. He planed to serve the
common people there, by teaching them the lessons of ideal spiritual practice, ideal
cultural practice, ideal mode of living and ideal socioeconomic state of affairs
etc based on the instructions contained in the Bhagavata. He discussed the
matter with Bisvambhar Mahapatra ,the head priest of the Jagannatha temple ,
some of his associates and other people. All of them encouraged him to go back
to Kamrupa and engage himself in spreading of the knowledge of Bhagavata and help
common people to move in the path of spiritual practice through devotional worship
of Lord Krishna. They arranged one farewell meeting in honor of Guru Harideva. All priest of the temple,
scholars of Puri and general public
assembled in the ceremony . They praised Guru Harideva for the valuable service
rendered by him at Jagannatha temple for five years. As a mark of respect for
his profound knowledge of Bhagavata, the title of “Bhagavat Acharya” was
conferred upon him . Then an authentic copy of the original manuscript of
Bhagavata was presented to him. All people conveyed their blessings and good
will for his future glorious life. Thus the scholar Harideva with vast
knowledge of the Vedas, Upanishadas, Darshana and Bhagavadgita etc became a
great devotee of Lord Krishna after attainment of knowledge of Bhagavata and came
forward to engaged himself for propagation of the path of Devotion of
Lord Krishna among the common people . (to be continued)
পুৰণি কালৰ সাধাৰণ নিয়ম মতে ব্ৰাহ্মণ পৰিয়ালৰ উচ্চ শিক্ষিত লোকে শিক্ষকৰ বৃত্তি গ্ৰহণ কৰিছিল অথবা কোনো ৰজাৰ অধীনত ৰাজকাৰ্যত নিযুক্ত হৈ জীৱন নিৰ্বাহ কৰিছিল ।হৰিদেৱ গুৰুজনাৰ পূৰ্ব পুৰুষ সকলে খৃষ্টীয় সপ্তম শতিকাৰ পৰা বংশানুক্ৰমে স্থানীয় ৰজা অথবা ৰাইজে প্ৰতিষ্ঠা কৰা টোলৰ শিক্ষক হিচাপে কাম কৰিছিল। গুৰুজনাৰ ককায়েক পুৰুষোত্তম কোচ বিহাৰৰ ৰজাৰ ৰাজসভাত পণ্ডিত হিচাপে কাম কৰিছিল ।
কিন্তু হৰিদেৱ গুৰুজনাই তেনে ধৰণে জীৱন যাপন কৰিব বিচৰা নাছিল ।
সাধাৰণ জনতাৰ একেবাৰে ওচৰত থাকি আৰু সকলো সময়তে সংযোগ ৰক্ষা কৰি সেই সকল লোকৰ সৰ্বাঙ্গীণ উন্নতিৰ হকে কাম কৰাটো তেওঁৰ জীৱনৰ প্ৰধান লক্ষ আছিল ।
ভাগৱত অধ্যয়ন কৰাৰ আগলৈকে হৰিদেৱ গুৰুজনা আছিল এজন অতি উচ্চ শিক্ষিত বৈদিক পণ্ডিত।
আমি আগৰ দুটা লিখনিত উল্লেখ কৰাৰ দৰে একান্ত মনোযোগ সহকাৰে পাঁচ বছৰ কাল ভাগৱত শাস্ত্ৰৰ গভীৰ অধ্যয়ন কৰাৰ ফলত তেওঁৰ জীৱনৰ দাৰ্শিনক দৃষ্টিভঙ্গীৰ সম্পূৰ্ণ পৰিবৰ্ত্তন হৈছিল।
তেওঁৰ পাণ্ডিত্যসুলভ মানসিকতা এক উচ্চ স্তৰৰ মহান কৃষ্ণভক্তৰ মানসিকতালৈ পৰিবৰ্ত্তিত হৈছিল।
ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰি তেওঁ জীৱনৰ প্ৰধান লক্ষ পূৰণৰ বাবে কাম কৰি যোৱাৰ অৰ্থে প্ৰচুৰ মনোবল আৰু শুদ্ধ পথৰ সন্ধান পাইছিল আৰু নিজৰ মাতৃভূমি কামৰূপ ৰাজ্যলৈ ঘুৰি অহাৰ সিদ্ধান্ত লৈছিল ।কামৰূপৰ জনসাধাৰণক ভাগৱত শাস্ত্ৰৰ আদৰ্শ আৰু উপদেশ অনুসৰি পাৰমাৰ্থিক, সাংস্কৃতিক ,আৰ্থ-সামাজিক ইত্যাদি বিষয়ৰ শিক্ষা প্ৰদান কৰি আদৰ্শ জীৱন যাপন কৰাৰ পথ দেখুওৱাৰ অৰ্থে কাম কৰিবলৈ তেওঁ সংকল্প গ্ৰহণ কৰিছিল।
ইযাৰ পিছত তেওঁ জগন্নাথ মন্দিৰৰ প্ৰধান পুৰোহিত বিশ্বম্ভৰ মহাপাত্ৰ আৰু অন্যান্য শুভাকাংক্ষী লোকৰ সৈতে কথাবিলাক আলোচনা কৰিছিল ।
সকলোৱে তেওঁক কামৰূপলৈ গৈ তাৰ জনসাধাৰণৰ মাজত ভাগৱত শাস্ত্ৰজ্ঞান আৰু কৃষ্ণ ভক্তিৰ প্ৰচাৰ প্ৰসাৰ কৰাৰ বাবে উৎসাহ প্ৰদান কৰিছিল ।
যথা সময়ত হৰিদেৱ
গুৰুজনাৰ সন্মানাৰ্থে এখন বিদায় সভাৰ আয়োজন কৰা হৈছিল ।
সেই সভাত মুখ্য পুৰোহিতকে ধৰি মন্দিৰৰ সকলো পুৰোহিত , পুৰীৰ পণ্ডিত সমাজ আৰু সাধাৰণ জনতা সমবেত হৈ একেৰাহে পাঁচ বছৰ কাল মন্দিৰত আগবঢ়োৱা সেৱাৰ বাবে গুৰুজনাক প্ৰ্শংসা কৰিছিল ।
এই সভাতে গুৰুজনাৰ অগাধ ভাগৱত জ্ঞানৰ স্বীকৃতি হিচাপে তেওঁক ভাগৱত আচাৰ্য উপাধিৰে বিভুষিত কৰা হৈছিল আৰু মন্দিৰত সংৰক্ষিত মূল ভাগৱতৰ এটা শুদ্ধ প্ৰতিলিপি উপহাৰ দিয়া হৈছিল।
সমবেত সকলো লোকে গুৰুজনাৰ ভৱিষ্যত জীৱন মহিমাময় হৈ উঠাৰ বাবে আশীৰ্বাদ আৰু শুভচ্ছা জনাইছিল ।এনেদৰে বেদ ,উপনিষদ ,দৰ্শন , ভগৱ্দ্গীতা আদি শাস্ত্ৰৰ অগাধ জ্ঞান সম্পন্ন পণ্ডিত হৰিদেৱ ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰাৰ পিছত এজন একনিষ্ঠ কৃষ্ণভক্তত পৰিণত হৈছিল আৰু জনসাধৰণৰ মাজত ভক্তিধৰ্ম প্ৰচাৰ কাৰ্যত ব্ৰতী হৈছিল।
(আগলৈ)
No comments:
Post a Comment