Guru Harideva
was a scholar of the Vedas and Vedic philosophy. From the very young age, he used to make regular practice of Yoga. He
was engaged in the process of Vedic spiritual practices since his childhood
days.Prior to the study of the Vedas, he thoroughly studied the six Vedangas or limbs
of the Vedas including Vedic Grammar. He was also a serious student of
Bhagavadgita and other Vedic scriptures. Moreover, he visited all the important
pilgrim places of North India . In those places he interacted with a large
number of spiritually advanced saints and scholars. He came into contact with the
people of higher knowledge and followers of various branches of the Ancient
Sanatana Dharma at different pilgrim places and acquired different kinds of
knowledge from them. These things we discussed in details in some of our earlier
posts. As a result of such spiritual practices following the path of knowledge,
Guru Harideva attained self realization prior to the commencement of his study
of Bhagavata at Puri. Now, with this type of foundation of knowledge and
experience and also after the attainment of self realization, Guru Harideva started
his devotional and research oriented
study of Bhagavata at Puri. Since self realization or God realization or
realization of the Ultimate Truth is the ultimate aim of spiritual practice, we
can say that, Guru Harideva’s approach towards unity was ended after his
attainment of self realization prior to the commencement of his study of
Bhagavata. But, Guru Harideva was not at all satisfied with this highest
spiritual achievement which was meant for his own personal benefit only. He was
very much sympathetic towards the poor, downtrodden and ignorant sections of the
people in the society. He was interested to introduce spirituality in the life
of common ignorant people of the society for their all round progress. The path
of knowledge through which Guru Harideva attained self realization is not suitable
for common people. It is not possible for a common man to study and understand
the Vedas and the critical Vedic scriptures. They can not perform spiritual
practice , yoga practice etc for the
purpose of spiritual evolution like the people who got those scopes as birth rights
or any other way as in the case of Guru Harideva. Under the situation Guru Harideva had to try his best to find out some effective ways to solve the
problems of those common people. (to be continued)
হৰিদেৱ গুৰুজনা বেদ আৰু দৰ্শন শাস্ত্ৰৰ পণ্ডিত আছিল ।সৰু কালৰে পৰা তেওঁ নিয়মিত ভাৱে যোগ অভ্যাস কৰিছিল ।শিশু কালৰে পৰা পাৰমাৰ্থিক বিষয়ৰ বিভিন্ন কাজ কৰ্মৰ সৈতে যুক্ত আছিল।বেদ অধ্যয়ন কৰাৰ পূৰ্বতে তেওঁ ব্যাকৰণকে ধৰি ছয়োখন বেদাঙ্গ শাস্ত্ৰৰ বিস্তৃত অধ্যয়ন কৰিছিল । তেওঁ ভগৱদ্গীতা আৰু অন্যান্য বৈদিক শাস্ত্ৰৰ বিশদ জ্ঞানো অৰ্জন কৰিছিল । তাৰ উপৰিও তেওঁ উত্তৰ ভাৰতৰ সকলো উল্লেখযোগ্য তীৰ্থস্থান ভ্ৰমণ কৰিছিল ।সেই তীৰ্থস্থান সমুহত লগ পোৱা বহু সংখ্যক উচ্চ স্তৰৰ পাৰমাৰ্থিক জ্ঞান সম্পন্ন সাধু সন্তৰ সৈতে মত বিনিময় কৰি নিজৰ জ্ঞান ভাণ্ডাৰ টনকীয়াল কৰিছিল । তীৰ্থস্থান সমুহত তেওঁ সনাতন ধৰ্ম পৰম্পৰাৰ অন্তৰ্গত বিভিন্ন বেলেগ বেলেগ পন্থাত বিশ্বাসী গুণী-জ্ঞানী ব্যক্তিৰ সংস্পৰ্শলৈ আহি জ্ঞান অৰ্জন কৰাৰ সুযোগ লাভ কৰিছিল।এই বিলাক কথা আগৰ লিখনিসমুহত বিস্তাৰিতভাৱে কৈ অহা হৈছে । জ্ঞানযোগৰ এনে দীৰ্ঘকালীন পাৰমাৰ্থিক ক্ৰিয়া কলাপৰ মাধ্যমত হৰিদেৱ গুৰুজনাই পুৰীত ভাগৱত অধ্যয়ন কৰাৰ পূৰ্বতে আত্মজ্ঞান লাভ কৰিছিল। ইয়াতে মন কৰা উচিত যে ওপৰত বৰ্ণনা কৰা বিশাল জ্ঞান আৰু অভিজ্ঞতা সম্পন্ন আত্মজ্ঞনী পুৰুষ হৰিদেৱ গুৰুজনাই পুৰীত ভাগৱত শাস্ত্ৰৰ ভক্তিপূৰ্ণ আৰু গৱেষণামূলক অধ্যয়ন কাৰ্যত ব্ৰতী হৈছিল ।যিহেতু আত্মজ্ঞান বা ঈশ্বৰানুভূতি বা এক আৰু অদ্বিতীয় পৰম সত্যৰ প্ৰত্যক্ষ অনুভূতি লাভ কৰাই হৈছে পাৰমাৰ্থিক সাধনাৰ চৰম লক্ষ্য গতিকে আমি ক’ব পাৰো যে ভাগৱত অধ্যয়ন কৰাৰ আগতেই হৰিদেৱ গুৰুজনা পাৰমাৰ্থিক সাধনাৰ পৰম লক্ষত উপনীত হৈছিল আৰু তেওঁ চলাই থকা একতাৰ অনুসন্ধান ইমানতে সফলতা সহকাৰে সমাপ্ত হৈছিল। কিন্তু নিজে ব্যক্তিগত ভাৱে লাভৱান হ’ব পৰা এনে প্ৰকাৰৰ পৰম প্ৰাপ্তিত হৰিদেৱ গুৰুজনা অলপো সন্তুষ্ট হোৱা নাছিল। সমাজৰ একেবাৰে দুখীয়া-নিছলা , অশিক্ষিত , অজ্ঞানী লোক সকলৰ প্ৰতি হৰিদেৱ গুৰুজনা অতিশয় সহানুভূতিশীল আছিল। তেওঁলোকৰ অন্তৰত পাৰমাৰ্থিক জ্ঞানৰ বিকাশ সাধন কৰি তেওঁলোকক সৰ্বতো প্ৰকাৰে উন্নত জীৱন যাপন কৰাৰ পথ দেখুওৱাৰ বাবে হৰিদেৱ গুৰুজনা অত্যন্ত আগ্ৰহী আছিল ।যি জ্ঞানযোগৰ পথেৰে হৰিদেৱ গুৰুজনাই নিজে আত্মজ্ঞান লাভ কৰিছিল সেই পথ এই সকল সাধাৰণ লোকৰ বাবে একেবাৰে উপযোগী নহয় । সাধাৰণ মানুহে বেদ অথবা জটিল বৈদিক তত্বজ্ঞান সম্পন্ন শাস্ত্ৰ পঢ়িব বা বুজিব নোৱাৰে ।হৰিদেৱ গুৰুজনাৰ দৰে কিছুমান লোকে জন্মসূত্ৰে অথবা অন্য কোনো উপায়ে পাৰমাৰ্থিক সাধনা, যোগ সাধনা ইত্যাদি পাৰমাৰ্থিক কাৰ্য কলাপ কৰাৰ সুবিধা পায় যদিও সৰ্বসাধাৰণ লোকে তেনে সুবিধা লাভ কৰা সম্ভৱ নহয়। এনে অৱস্থাৰ পৰিপ্ৰক্ষিতত হৰিদেৱ গুৰুজনাই এই সকল লোকক কিদৰে বৈদিক পাৰমাৰ্থিক জ্ঞান প্ৰদান কৰিব পাৰি তাৰ উপায় বিচাৰি অনেক প্ৰকাৰে চিন্তা চৰ্চা কৰিবলগীয়া হৈছিল । (আগলৈ)
No comments:
Post a Comment