In the earlier
days, the Indian system of measurement of time was not in hour, minute, second
etc like now a days. According to the description of the time measurement
contained in the Bhagavata, one day is
divided into eight parts and each part is called one Prahara.Thus there are
four praharas in one day and four praharas in one night. The first prahara of
the day begins with the sunrise and the fourth prahara ends with the sun set.
In the scriptures the four praharas of
the day are named as Purbaanha , Madyaanha , Aparaahna and saayanha or saayamkaala. Similarly, the first prahara of the second round starts at the sunset and ends with the sunrise
of the next day. The four prahars of the night are called Pradosha, Nishitha ,
Triyaama and Usha. If we compare this old practice of time measurement with the
modern practice, then we find that one prahar is equivalent to three hours.
Guru Harideva was at Puri during 1447 CE to 1453 CE. At that time the old
system of time measurement as described above was in practice. We mentioned about
the daily time schedule maintained by Guru Harideva for his studies, experimental practices and performance of
other duties in the preceding post. It is said that during the first prahara of
the day, that is, for three hours staring from the time of sunrise, Guru Harideva
used to practice Yoga. Then for the next three hours, he used to reflect on
some particular subject matter of Bhagavata and analysed those subjects on the
basis of his own profound knowledge of
Vedas and Upanishadas and Vedic philosophy. During the three hours of the third
prahara he used to study the relevant chapters of Bhagavata on which he was
supposed to perform recitation and deliver lecture to his audience in the
temple. Then for continuous six hours, that is, during the last prahara of the
day and first prahara of night, he used to recite Bhagavata and explain the
meaning of the texts to his audience consisting of all categories of people who
used to attend his program at Jagannatha temple. It is said that ,he performed
all these activities with observance of fasting from the sunrise to till the end of the first prahara of night. After finishing all his works as
described above, he used to take some light and simple meal, do his personal works and take rest
. Guru Harideva leads a of life of such austerities like an ascetic
for continuous five years during his stay
at Puri . (to be continued)
আগৰ কালত ভাৰতবৰ্ষত এতিয়াৰ দৰে ঘণ্টা, মিনিট ,চেকেণ্ড আদিৰ লেখত সময়ৰ হিচাপ ৰখা বৱস্থাৰ প্ৰচলন নাছিল ।ভাগৱতৰ বৰ্ণনা অনুসৰি এটা দিনক আঠ ভাগত ভাগ কৰা হয় আৰু ইয়াৰ প্ৰত্যেক ভাগক এক প্ৰহৰ বুলি কোৱা হয় ।গতিকে সহজ হিচাপত দিনৰ সময় চাৰি প্ৰহৰ আৰু ৰাতিৰ সময় চাৰি প্ৰহৰ।সূৰ্য উদয়ৰ লগে লগে দিনৰ প্ৰথম প্ৰহৰ আৰম্ভ হয় আৰু সূৰ্যাস্তৰ লগে লগে দিনটোৰ চতুৰ্থ প্ৰহৰ সমাপ্ত হয়।
শাস্ত্ৰত দিনৰ চাৰি প্ৰহৰৰ নাম ক্ৰমে পূৰ্বাহ্ন , মধ্যাহ্ন,অপৰাহ্ন আৰু সন্ধ্যাহ্ন বা সায়ংকাল বুলি কোৱা হৈছে।একেদৰে সূৰ্যাস্তৰ লগে লগে ৰাতিৰ প্ৰথম প্ৰহৰ আৰম্ভ হয় আৰু পিছদিনা সূৰ্যোদয় হোৱাৰ লগে লগে ৰাতিৰ চতুৰ্থ প্ৰহৰ সমাপ্ত হয় ।
নিশা ভাগৰ চাৰিটা প্ৰহৰৰ নাম হৈছে প্ৰদোষ, নিশীথ , ত্ৰিযামা আৰু উষা ।পুৰণি পদ্ধতিৰ সৈতে বৰ্ত্তমান প্ৰচলিত পদ্ধতি মিলাই চালে দেখা যায় যে এক প্ৰহৰ সময় হৈছে বৰ্ত্তমানৰ তিনি ঘণ্টা সময়।
খৃষ্টীয় ১৪৪৮ ৰ পৰা ১৪৫৩ চনৰ ভিতৰত হৰিদেৱ গুৰুজনা পুৰীত আছিল ।
সেই কালত সময়ৰ হিচাপ ৰখাৰ বাবে ওপৰত উল্লেখ কৰা পুৰণি পদ্ধতিহে প্ৰচলিত আছিল ।
আগৰ লিখনিত উল্লেখ কৰা হৈছে যে গুৰুজনাই নিজৰ দৈনন্দিন অধ্যয়ন ,সাধনা আৰু অন্যান্য কামৰ বাবে সময়সূচী নিৰ্দ্ধাৰণ কৰি লৈছিল আৰু কোনো হেৰফেৰ নোহোৱকৈ সেই সময়সূচী অনুসৰি কাম কৰিছিল ।
সেইমতে দিনৰ প্ৰথম প্ৰহৰত অৰ্থাৎ সূৰ্যোদয়ৰ পৰা আৰম্ভ কৰি তিনিঘণ্টা সময় গুৰুজনাই যোগ সাধনা কৰিছিল ।
তাৰ পিছৰ তিনিঘণ্টা সময় ধ্যানমগ্ন হৈ তেওঁ পূৰ্বতে কাশীত লাভ কৰি অহা বেদ, উপনিষদ আৰু দৰ্শন শাস্ত্ৰৰ জ্ঞানৰ আধাৰত ভাগৱতৰ অন্তৰ্গত কোনো বিষয়ৰ গভীৰ বিচাৰ বিশ্লেষণ কৰিছিল ।
ইয়াৰ পিছৰ প্ৰহৰত গুৰুজনাই সেই দিনা জগন্নাথ মন্দিৰত পাঠ আৰু ব্যাখ্যা কৰিব লগীয়া ভগৱতৰ নিৰ্দিষ্ট অধ্যায় গভীৰভাৱে অধ্যয়ন কৰি তাৰ অভ্যন্তৰীণ গুঢ় তত্ব সমুহ সহজভাৱে সকলোকে বুজাই দিব পৰাকৈ প্ৰস্তুত কৰি লৈছিল ।
ইয়াৰ পিছৰ ছয় ঘণ্টা সময় অৰ্থাৎ দিনৰ শেষ প্ৰহৰ আৰু ৰাতিৰ প্ৰথম প্ৰহৰত গুৰুজনাই জগন্নাথ মন্দিৰত সমবেত হোৱা
জ্ঞানী-অজ্ঞানী, পণ্ডিত-নিৰক্ষৰ ইত্যাদি বিভিন্ন স্তৰৰ শ্ৰোতা মণ্ডলীৰ সন্মুখত ভাগৱত পাঠ কৰি শ্লোক সমুহৰ সহজ সৰল ব্যাখ্যা আগ বঢ়াইছিল ।
কোৱা হৈছে যে সূৰ্যোদয়ৰ পৰা নিশাৰ প্ৰথম প্ৰহৰ শেষ নোহোৱা পৰ্যন্ত উপবাসে থকি গুৰুজনাই সময়সূচীমতে উক্ত কৰ্মসমুহ কৰি গৈছিল ।
সকলো কাম শেষ কৰি নিশাৰ প্ৰথম প্ৰহৰ সমাপ্ত হোৱাৰ পিছতহে গুৰুজনাই সামান্য আহাৰ গ্ৰহণ কৰিছিল, নিজৰ ব্যক্তিগত কাম কাজ খিনি কৰিছিল আৰু জিৰণী লৈছিল ।পুৰীত থকা পাঁচ বছৰ কাল গুৰুজনাই সদায় এইদৰে কঠোৰ কৃচ্ছসাধনৰ
ব্ৰত পালন কৰি তপস্বীৰ
দৰে জীৱন যাপন কৰিছিল ।(আগলৈ)
No comments:
Post a Comment