Wednesday, 28 October 2020

Understanding Guru Harideva’s Approach Towards Unity-166(একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৬৬)

 

After some days of travel from Nabadwipa, Guru Harideva and his team arrived at Dantapur, presently Bahari village in the Barpeta District of Assam. Here he established his first Satra institution. He planed to utilize this institution as a center for spreading his missionary works of restructuring the spiritual, cultural, economical and social life of the common people on the basis of the knowledge and instructions contained in the Bhagavata. In our posts published from 2.11.19 to 16.1.20, we discussed the past history of Danatapur from 7th century CE onwards; the condition of this place at the time of arrival of Guru Harideva; problems faced by him during the establishment of his Satra here along with all other subsequent developments in details. Guru Harideva established his first Satra at Bahari in 1453 CE and stayed there for three years. There he faced some problems and these things we discussed earlier in the posts referred above. Then to overcome those problems, Guru Harideva established a hermitage some 6-7 kms away from his first Satra at Bahari in 1457 CE and started residing there like a sage of the Vedic time. Initially people used to call this hermitage as “Guru Ashrama”. Gradully people started showing respect to this place of his residence like a place of pilgrimage and to express  the respectable position of Guru Harideva in their minds, people used to call his hermitage as “Maneri”, that is, a place which deserves “Maan” or respect. This hermitage was situated near the meeting point of river Brahmaputra and one of its tributaries named Kaladi. This naturally beautiful place was further decorated with special types of flower plants and trees, temples of the deity of Lakshminaryana, prayer hall, stage for cultural performance, educational center with hostels for students and teachers, residential quarters for devotees, staff quarter, guest house and all other necessary infrastructure. Guru Harideva resided in this hermitage from 1457 CE to till the end of his life in 1566 CE and all activities of his life were conducted from this place. (to be continued)

নবদ্বীপৰ পৰা যাত্ৰা কৰাৰ কিছুদিন পিছত হৰিদেৱ গুৰুজনা আৰু তেওঁৰ সঙ্গীসকল দন্তপুৰ অৰ্থা বৰ্ত্তমানৰ বৰপেটা জিলাৰ বহৰি গাৱঁত উপস্থিত হৈছিল ভাগৱত শাস্ত্ৰৰ জ্ঞান আৰু আদৰ্শৰ আধাৰত জনসাধাৰণৰ পাৰমাৰ্থিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু সামাজিক জীৱনক নতুন ৰূপত গঢ় দিয়াৰ কাৰ্যসূচী চলোৱাৰ কেন্দ্ৰস্থান হিচাপে তেওঁ ইয়াত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল ২.১১.১৯ তাৰিখৰ পৰা ১৬.১.২০ তাৰিখলৈকে প্ৰকাশ কৰা আমাৰ লিখনিসমুহত সপ্তম শতিকাৰ পৰা আৰম্ভ কৰি দন্তপুৰত চলি অহা পৰিবেশ পৰিস্থিতি , হৰিদেৱ গুৰুজনা উপস্থিত হোৱা সময়ত সেই ঠাইৰ অৱস্থা, সত্ৰ স্থাপন কৰাৰ সময়ত হোৱা সমস্যা আৰু তাৰ পৰবৰ্ত্তী কালৰ পৰিস্থিতি আৰু অন্যান্য অনেক বিষয়ৰ কথা বিতংভাৱে কোৱা হৈছে ১৪৫৩ খৃষ্টাব্দত বহৰিত সত্ৰখন স্থাপন কৰাৰ পিছত গুৰুজনা তাত  তিনি বছৰ কাল আছিল এই ঠাইত তেওঁ নানা অসুবিধাৰ সন্মুখীন হৈছিল আৰু এইবিলাক কথাও ওপৰত উল্লেখ কৰা লিখনিসমুহত বহলভাৱে কোৱা হৈছে এই অসুবিধাসমুহ দূৰ কৰাৰ বাবে তেওঁ ১৪৫৬ খৃঃত প্ৰথম সত্ৰ বহৰিৰ পৰা ৬-৭ কিঃমিঃ মান দূৰত এখন  আশ্ৰম প্ৰতিষ্ঠা কৰি  সেই আশ্ৰমত  বৈদিক কালৰ ঋষিমুনিৰ দৰে থাকিবলৈ আৰম্ভ কৰিছিল প্ৰথম অৱস্থাত মানুহে এই ঠাইখনক “গুৰু দেৱাশ্ৰম” বুলি কৈছিল পিছলৈ হৰিদেৱ গুৰুজনা বাস কৰা এই আশ্ৰমখনক মানুহে পবিত্ৰ তীৰ্থস্থানৰ দৰে মান্যতা দিয়া আৰম্ভ কৰিছিল আৰু গুৰুজনাৰ প্ৰতি মান্যতা প্ৰদৰ্শন কৰাৰ বাবে তেওঁৰ আশ্ৰমখনক মানেৰি অৰ্থাৎ মান্যতাসম্পন্ন স্থান বুলি কোৱা আৰম্ভ কৰিছিল আশ্ৰম খন ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ সূঁতি কালাদি নদীৰ সঙ্গম স্থানৰ একেবাৰে ওচৰত অৱস্থিত আছিল প্ৰাকৃতিক ভাৱে অতি মনোৰম স্থানত অৱস্থিত আশ্ৰম খন বিভিন্ন প্ৰকাৰ শোভাযুক্ত ফুল, বিশেষ প্ৰকাৰৰ গছ-গছনি , গুৰুজনাৰ পৰিয়ালৰ কূলদেৱতা লক্ষ্মীনাৰায়ণৰ মন্দিৰ, উপাসনা গৃহ, সাংস্কৃতিক ৰঙ্গমঞ্চ, ছাত্ৰ-শিক্ষকৰ বাসস্থানৰ সৈতে শিক্ষাকেন্দ্ৰ, ভক্তৰ বাসগৃহ, সেৱকৰ বাসগৃহ, অতিথিশালা আৰু অন্যান্য সমস্ত প্ৰয়োজনীয় আন্তঃগাঁথনিৰে সুন্দৰ আৰু গাম্ভীৰ্য্যপূৰ্ণ ৰূপত সজাই পৰাই তোলা হৈছিল ১৪৫৬ খৃষ্টাব্দৰ পৰা ১৫৬ খৃঃৰ মহাপ্ৰ্য়াণৰ সময়লৈকে হৰিদেৱ গুৰুজনা এই আশ্ৰমখনতে আছিল আৰু তেওঁৰ জীৱনৰ সমস্ত কাৰ্যাৱলী ইয়াৰ পৰা পৰিচালিত হৈছিল ।(আগলৈ)

No comments:

Post a Comment