Saturday 10 October 2020

Understanding Guru Harideva’s Approach Towards Unity-157 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৫৭)

 

In the preceding post it is told that Lord Jagannatha through his own divine way of communication ordered Guru Harideva to study Bhagavata in his place.We also told that when there is will of God behind something that is bound to happen exactly according to the will of God. In Bhagavata we get detailed description of the  birth of Lord Krishna in the prison of king Kamsa . If we read it, then we can understand the truth of this saying. From that story we can also see that when God wills to do something, all other related things are arranged automatically in order , for the success of that work. The same thing happened in the case of Guru Harideva also. Here Lord Jagannatha was kind enough to give the benefit of spiritual life to common people through Guru Harideva. But Guru Harideva was a scholar of Vedas, Vedic philosophy etc and knowledge of these scriptures are beyond the understanding capacity of the common people. In Bhagavata, the Vedic knowledge is explained in the simplest way for understanding of the common people.So Lord Jagannatha ordered Guru Harideva to study Bhagavata before going to serve the common people in the spiritual field. Lord also ordered Guru Harideva to make detailed study of the five subjects  or characteristics included in the Bhagavata for five years. At the same time, to make the things easier for Guru Harideva, the Lord conveyed the same message to the head priest of Jagannatha temple. Also, Lord Jagannatha  in his message ordered   the head priest to hand over  the  authentic manuscript of the original version of Bhagavata available in the temple  to Guru harideva for his study. Next morning the head priest of Jagannatha temple  and Guru Harideva discussed the whole matter with all concerned  and necessary arrangements were made to implement the order of  Lord Jagannatha.Now, in the changed situation, Purshottama, the elder brother of Guru Harideva, left for coochbihar. Haripal  and Rampal decided to stay at Puri for five years and made their own arrangements for that. Accomodation for Guru Harideva and Dwija Gobinda was arranged by the head priest of the temple. After that, in an auspicious moment Guru Harideva started his research oriented study of Bhagavata at  Puri. (to be continued)

ইয়াৰ  আগৰ লিখনিত কৈ অহা হৈছে যে ভগৱান জগন্নাথে নিজৰ ঐশ্বৰিক যোগাযোগ ব্যৱস্থাৰ মাধ্যমত হৰিদেৱ গুৰুজনাক ভাগৱত শাস্ত্ৰৰ গভীৰ অধ্যয়ন কৰাৰ লগতে তেওঁৰ মন্দিৰত পাঁচ বছৰ কাল নিতৌ ভাগৱত শাস্ত্ৰ পাঠ কৰাৰ আদেশ দিছিল লগতে ইয়াকো কৈ অহা হৈছে যে যদি কোনো কামৰ অন্তৰালত ঈশ্বৰৰ ইচ্ছা নিহিত হৈ থাকে তেন্তে সেই কাম ঈশ্বৰে যেনেদৰে ইচ্ছা কৰে ঠিক তেনেদৰে সম্পন্ন হয়  ভগৱান শ্ৰীকৃষ্ণই কংসৰ কাৰাগাৰত জন্ম লাভ কৰা সময়ৰ ঘটনা সমুহ  ভাগৱতত বৰ্ণনা কৰা আছে আৰু ইয়াক পঢ়ি চালেই এই কথাৰ সত্যতা বুজিব পাৰি সেই বৰ্ণনাৰ পৰা আমি আৰু বুজিব পাৰো যে ঈশ্বৰে যদি কিবা কৰিব খোজে তেন্তে সেই কামৰ লগত সম্পৰ্কিত অন্যান্য সকালো বিষয় নিজে নিজে অনুকূল হৈ উঠে আৰু ঈশ্বৰে যিদৰে ইচ্ছা কৰে ঠিক সেইদৰে কাম সমাধা হয় হৰিদেৱ গুৰুজনাৰ ক্ষেত্ৰতো একে ঘটনা ঘটিছিল ইয়াত ভগৱান জগন্নাথে সৰ্ব সাধাৰণ লোকৰ প্ৰতি দয়া পৰবশ হৈ হৰিদেৱ গুৰুজনাৰ জৰিয়তে তেওঁলোকক পাৰমাৰ্থিক জীৱনৰ প্ৰতি আকৃষ্ট কৰাৰ পৰিকল্পনা কৰিছিল ।কিন্তু হৰিদেৱ গুৰুজনা আছিল বেদ আৰু বৈদিক দৰ্শন ইত্যাদি শাস্ত্ৰৰ বিদগ্ধ পণ্ডিত আৰু এই বিলাক শাস্ত্ৰৰ জ্ঞান সৰ্বসাধাৰণৰ বাবে অতিশয় দুৰ্বোধ্য আনহতে ভাগৱতত এই বৈদিক জ্ঞান সৰ্বসাধাৰণে বুজি পোৱাকৈ অতি সহজ সৰল ভাৱে উপস্থাপন কৰা হৈছে সেই কাৰণে সৰ্বসাধাৰণ লোকক পাৰমাৰ্থিক জ্ঞান প্ৰদান কৰিবলৈ যোৱাৰ আগতে ভাগৱতৰ পাঁচোটা ৰূপ অৰ্থাৎ ভাগৱতৰ অন্তৰ্গত পাঁচটা  উপাদান বা বিষয় পাঁচ বছৰ কাল ধৰি পুংখানুপুংখভাৱে অধ্যয়ন কৰিবলৈ ভগৱান জগন্নাথে হৰিদেৱ গুৰুজনাক আদেশ দিছিল একে সময়তে হৰিদেৱ গুৰুজনাৰ বাবে কামটো সহজসাধ্য কৰাৰ অৰ্থে ভগৱান জগন্নাথে মন্দিৰৰ মুখ্য পুৰোহিতকো এই কথাখিনি জনাই আদেশ দিছিল  মুখ্য পুৰোহিতক দিয়া আদেশত মন্দিৰত মজুত থকা মূল ভাগৱতৰ প্ৰতিলিপি অধ্যয়ন আৰু পাঠ কৰাৰ বাবে হৰিদেৱ গুৰুজনাৰ হাতত সমৰ্পণ কৰিবলৈ  কোৱা হৈছিল পিছদিনা পুৱা হৰিদেৱ গুৰুজনা আৰু মন্দিৰৰ প্ৰধান পুৰোহিতে সংশ্লিষ্ট সকলো লোকৰ সৈতে আলোচনা কৰি ভগৱান জগন্নাথৰ আদেশমতে সকলো কৰাৰ ব্যৱস্থা কৰিছিল পৰিবৰ্ত্তিত পৰিস্থিতিত হৰিদেৱ গুৰুজনাৰ জ্যেষ্ঠ ভাতৃ পুৰুষোত্তম অকলে কোচবিহাৰলৈ যাত্ৰা কৰিছিল হৰিপাল আৰু ৰামপালে পাঁচ বছৰ পুৰীতে থকাৰ সিদ্ধান্ত লৈ নিজা ব্যৱস্থা কৰি লৈছিল মন্দিৰৰ মূখ্য পুৰোহিতে হৰিদেৱ গুৰুজনা আৰু দ্বিজ গোৱিন্দৰ থকা খোৱাৰ ব্যৱস্থা কৰি দিছিল ইয়াৰ পিছত এটা শুভ মুহুৰ্ত্তত হৰিদেৱ গুৰুজনাই মূল ভাগৱত শাস্ত্ৰৰ গৱেষণামূলক অধ্যয়ন আৰু পাঠ আৰম্ভ কৰিছিল (আগলৈ)

No comments:

Post a Comment