Monday 12 October 2020

Understanding Guru Harideva’s Approach Towards Unity-158 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৫৮)

 

For spiritual evolution, a person should clearly understand the religious principles, philosophy and knowledge contained in the Vedas, Upanishadas and Darshanas.It is not possible for an ordinary people to understand the higher philosophical ideas depicted in very short forms in these scriptures. So, the great sages of different times simplified the things through the Puranas. The Puranas are meant for the general people who can not understand higher philosophy contained in the Vedas, Upanishadas and the Darshanas or Vedic Philosophy.The spiritual knowledge  contained in the Vedas and Upanishads described in the philosophical language and thoughts are brought to the understanding capacity of common people  through concrete examples, myths, stories, legends, life stories  of saints, kings and great men, allegories and chronicles of great historical events in the Puranas. While doing so, the Puranas very elaborately explain Vedic Knowledge by classifying the subject matters into five broad  categories or topics.  These are sarga or creation of the constituent materials of the Universe by the God  Almighty, Pratisarga or the creation of different  Universe by different creators or Bhrahma ,  Vamsas or genealogies  of the sages and Demigods , Manvatara or  establishment of eternal religious principles  during ruling periods  of the Manus or rulers of  administrative eras and Vamsanucharita or detailed description of the dynasties of Kings who lived and ruled the world .  Bhagavata also contains description of planetary systems, protection of the creation by God, impetus of creativity,that is, the desires of human being for performance of fruitive works , incarnation of God Almighty and  activities of those incarnations , relation of the devotees with God Almighty , dissolution of the creation and supreme shelter in God Almighty after liberation of the soul etc and all these topics are included in the five broad divisions of the subject matters of Puranas mentioned above. Guru Harideva obeyed the order of Lord Jagannatha and studied all these subjects thoroughly for five years. He allotted one part of each day for the study of each content of Bhagavata and strictly followed  that time table. Moreover as per traditional time schedule of Jagannatha temple, he used to recite and explain  Bhagavata daily in the temple .He continued this devotional and research oriented study of Bhagavta  for  five years as a part of his  penance  . (to be continued )

 পাৰমাৰ্থিক প্ৰগতি লাভ কৰিব খোজা ব্যক্তিয়ে বেদ ,উপনিষদ আৰু বৈদিক দৰ্শন শাস্ত্ৰত বৰ্ণনা কৰা ধৰ্মীয় আদৰ্শ, ভাৱনা আৰু জ্ঞান সম্পৰ্কে ভালদৰে বুজি পোৱা প্ৰয়োজন কিন্তু এইবিলাক শাস্ত্ৰত উচ্চ স্তৰৰ দাৰ্শনিক ভাৱ আৰু ভাষাৰ জৰিয়তে অতি সংক্ষিপ্তভাৱে গভীৰ জ্ঞানসমৃদ্ধ কথাবিলাক বৰ্ণনা কৰা আছে সেই কাৰণে সাধাৰণ লোকৰ পক্ষে এই শাস্ত্ৰসমুহত কোৱা কথা বুজি পোৱা সম্ভৱ নহয় এই কথা অনুধাৱন কৰি উচ্চ স্তৰৰ জ্ঞান সম্পন্ন মহান ঋষিমুনি সকলে জটিল কথাবিলাক সৰল কৰি পুৰাণ শাস্ত্ৰ সমুহ প্ৰণয়ন কৰিছে গতিকে পুৰাণ সমুহ বেদ ,দৰ্শন , উপনিষদ আদিত থকা উচ্চ স্তৰৰ তত্বজ্ঞান বুজি নোপোৱা সাধাৰণ লোকক বেদজ্ঞান দিয়াৰ বাবে উপযোগী শাস্ত্ৰ পুৰাণ সমুহত বেদ উপনিষদ আদি উচ্চ স্তৰৰ শাস্ত্ৰত বৰ্ণনা কৰা জটিল পাৰমাৰ্থিক তত্বজ্ঞান ব্যৱহাৰিক উপমা, প্ৰাচীন কল্প কাহিনী, গল্প , কিংবদন্তি, ৰজা, ঋষি আৰু অন্যান্য বিখ্যাত লোকৰ জীৱন বৃত্তান্ত ,ৰাজ বংশসমুহৰ ৰূপকথা আৰু ইতিহাস ইত্যাদিৰ জৰিয়তে অতি বিস্তাৰিত ৰূপত ব্যাখ্যা কৰা হৈছে এনে বিস্তাৰিত ৰূপত ব্যাখ্যা কৰোতে বিষয় বস্তু সমুহ বিভিন্ন ভাগত ভাগ কৰা হৈছে অতি বহল ভিত্তিত কৰা মূল বিভাগ পাঁচটা হৈছেসৰ্গ বা সমগ্ৰ সৃষ্টি কৰ্মৰ বাবে পৰমেশ্বৰে সৃষ্টি কৰা উপাদান; প্ৰতিসৰ্গ বা পৃথক পৃথক ব্ৰহ্মাৰ দ্বাৰা  পৃথক পৃথক বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি ; বংশ বা দেৱতা আৰু ঋষি মুনি সকলৰ দ্বাৰা সৃষ্টিৰ বিস্তাৰ; মন্বন্তৰ বা বিভিন্ন কালৰ মনু সকলৰ শাসন কালত হোৱা সনাতন ধৰ্মৰ প্ৰতিষ্ঠা আৰু বংশানুচৰিত বা বিভিন্ন কালত পৃথিৱী শাসন কৰা ৰাজবংশ সমুহৰ বিস্তৃত বিৱৰণভাগৱত শাস্ত্ৰত বৰ্ণনা কৰা গ্ৰহ, নক্ষত্ৰ, জ্যোতিষ আদিৰ বিৱৰণ ,পৰমেশ্বৰৰ সৃষ্টি ৰক্ষা কাৰ্য , সকাম কৰ্মৰ বাবে মানুহে লাভ কৰা কৰ্ম প্ৰেৰণা ,পৰমেশ্বৰৰ বিভিন্ন অৱতাৰ আৰু অৱতাৰ সকলৰ কাৰ্যাৱলী, পৰমেশ্বৰৰ সৈতে ভক্তৰ সম্পৰ্ক, সৃষ্টিৰ বিনাশ ,পৰমেশ্বৰৰ আশ্ৰয় লাভ আৰু মুক্তি আদি বিষয় বস্তুও উক্ত পাঁচটা মূল বিষয়ৰ অন্তৰ্গত হৰিদেৱ গুৰুজনাই জগন্নাথ মহাপ্ৰভূৰ আজ্ঞা পালি ভাগৱতত বৰ্ণনা কৰা এই সমস্ত বিষয় পুংখানুপংখ ভাৱে অধ্যয়ন কৰিছিল ভাগৱত শাস্ত্ৰৰ অন্তৰ্গত প্ৰতিটো বিষয়ৰ অধ্যয়নৰ বাবে হৰিদেৱ গুৰুজনাই প্ৰতিটো দিনৰ কিছু সময় নিৰ্দ্ধাৰণ কৰি লৈছিল আৰু সেই সময়সূচী কঠোৰ ভাৱে পালন কৰিছিল তদুপৰি জগন্নাথ মন্দিৰৰ নিয়ম অনুসৰি নিতৌ নিৰ্দিষ্ট সময়ত গুৰুজনাই মন্দিৰত ভাগৱত পাঠ কৰি ব্যাখ্যা আগবঢ়াইছিলএনেদৰে একেৰাহে পাঁচ বছৰ কাল হৰিদেৱ গুৰুজনাই কঠোৰ তপস্যাৰ মনোভাৱ লৈ ভাগৱত শাস্ত্ৰৰ ভক্তিপূৰ্ণ আৰু গৱেষণামূলক অধ্যয়ন কৰ্মত ব্ৰতী হৈছিল (আগলৈ)

No comments:

Post a Comment