Sunday 4 October 2020

Understanding Guru Harideva’s Approach Towards Unity-154 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৫৪)

 

Haralal Panda was a priest of the Kashi Biswanatha temple. During his stay at Kashi, Guru Harideva got all kinds of help from this man. He made staying arrangements for   Guru Hardeva and his associate Dwija Gobinda in a part of his own house. We already told that Guru Harideva was  an  attractive personality with gracious appearance, polite nature and friendly behavior. He was equally cordial to all people of all ages, cast, creed and social status etc. Because of his such nature  and also as a result of a long time association, an affectionate relationship of the family of Haralal Panda was established with Guru Harideva  . Now, after knowing about the plan of departure of Guru Harideva, Haralal Panda and his family members felt sorry. Again, we the people  utilize various services from different people in our day to day life .For example, the small vendors bring to our house so many things like milk , fruits , vegetables , grocery items etc  of our daily need . Sitting at home we enjoy the benefits of their services and then pay them their dues after too much bargaining. Most of us do not feel anything personal about them and these things are very normal for us. But for the people like Guru Harideva, who wants to create ideal examples for educating common man through the activities of their own practical life, things are not like that. Guru Harideva was highly interested in the day to day life of  the people neglected  in the society as very small people. He was sensitive enough towards the  happiness and sorrow etc of those small people in the society.  His sympathy towards  those poor and down trodden people was expressed in each and every dealing he made with them .Any people, small or big in the social measure, used to be very much  attracted towards Guru Harideva  for forever after meeting him once . Such things happened at Kashi also. All the people  who came into contact with Guru Harideva for any purpose felt sorry with the idea of  bidding him farewell from their place. People in large numbers came to see him after getting the news of his departure. Guru Harideva expressed his gratitude to everybody for the affection shown and cooperation extended to him at Kashi, which was a foreign place for him. All those people expressed  their good will for the future life of Guru Harideva and left  with heavy hearts. (to be continued)

হৰলাল পাণ্ডা কাশী বিশ্বনাথ মন্দিৰৰ পুৰোহিত আছিল কাশীত থকা কালছোৱাত হৰলাল পাণ্ডাই হৰিদেৱ গুৰুজনাক সকলো প্ৰকাৰে সহায় কৰিছিল তেওঁ নিজৰ ঘৰৰ এটা অংশত হৰিদেৱ গুৰুজনা আৰু তেওঁৰ সঙ্গী গোবিন্দৰ থকাৰ ব্যৱস্থা কৰি দিছিলআগতে কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনাৰ সুদৰ্শন দয়ালু ৰূপ, অমায়িক ব্যৱহাৰ আৰু সকলোৰে প্ৰতি বন্ধুসুলভ ভাৱৰ প্ৰকাশ সম্পন্ন ব্যক্তিত্বই সকলোকে আকৰ্ষণ কৰিছিল তেওঁ বয়্স ,জাতি,বৰ্ণ , সামাজিক স্থিতি আদিৰ ভেদভাৱ নৰখাকৈ সকলোৰে প্ৰতি সমভাৱ পোষণ কৰিছিল এই বিলাক কাৰণৰ লগতে  দীৰ্ঘকাল একেলগে থকা হেতুকে হৰলাল পাণ্ডা আৰু তেওঁৰ পৰিয়ালৰ সৈতে হৰিদেৱ গুৰুজনাৰ গভীৰ আত্মীয়তা গঢ় লৈ উঠিছিল এতিয়া হৰিদেৱ গুৰুজনাই কাশী এৰাৰ খবৰ পোৱাত আসন্ন বিচ্ছেদৰ কথা ভাৱি হৰলাল পাণ্ডা আৰু তেওঁৰ পৰিয়ালে বৰ দুখ অনুভৱ কৰিছিল আকৌ আমাৰ দৰে মানুহে দৈনন্দিন জীৱন চলাই নিয়াৰ বাবে সমাজৰ বিভিন্ন লোকৰ পৰা বিভিন্ন প্ৰকাৰৰ সহায় গ্ৰহণ কৰো উদাহৰণ স্বৰুপে সৰু সুৰা ব্যৱসায়ী সকলে আমাক গাখীৰ , ফলমূল্, শাক পাচলি আৰু অন্যান্য অনেক প্ৰকাৰৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ যোগান ধৰে ঘৰতে বহি এইসমুহ সেৱা উপভোগ কৰাৰ বিনিময়ত আমি অনেক দৰ দাম কৰাৰ পিছত তেওঁলোকৰ প্ৰাপ্যখিনি আদায় দিওঁ তেওঁলোকৰ ব্যক্তিগত জীৱন সম্পৰ্কে আমাৰ দৰে বেছিভাগ লোকৰে একো আগ্ৰহ বা অনুভূতি নাথাকে আৰু আমাৰ বাবে একেবাৰে স্বাভাৱিক কথা কিন্তু হৰিদেৱ গুৰুজনাৰ দৰে নিজৰ জীৱনৰ মাধ্যমত আদৰ্শ প্ৰস্তুত কৰি লোকশিক্ষা প্ৰদান কৰিব বিচৰা ব্যক্তিৰ বাবে কথাবিলাক তেনে নহয়্।হৰিদেৱ গুৰুজনাই সমাজে অতি নগণ্য ব্যক্তি বুলি জ্ঞান কৰা এইসকল সৰু সুৰা লোকৰো ব্যক্তিগত জীৱনৰ খবৰ ৰাখিছিল আৰু তেওঁলোকৰ সুখ দুখৰ সমভাগী হৈছিলতেওঁলোকৰ প্ৰতি কৰা প্ৰতিটো ব্যৱহাৰতে গুৰুজনাৰ মনৰ গভীৰ সহানুভূতি প্ৰকাশ পাইছিল সামাজিক বিচাৰমতে সৰু বা ডাঙৰ যিকোনো ব্যক্তি  এবাৰ মাত্ৰ হৰিদেৱ গুৰুজনাৰ সান্নিধ্যলৈ অহাৰ পিছত চিৰকালৰ বাবে তেওঁৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিলকাশীতো এনে ঘটনা হৈছিল তাত যিসকল লোক এবাৰৰ বাবে হ'লেও কিবা প্ৰকাৰে হৰিদেৱ গুৰুজনাৰ সান্নিধ্যলৈ আহিছিল তেওঁলোকে গুৰুজনাক বিদায় দিব লগীয়া হোৱাত দুখ অনুভৱ কৰিছিল কাশী এৰাৰ আগতে গুৰুজনাক দেখা কৰাৰ বাবে বৃহ সংখ্যক লোক তেওঁৰ ওচৰলৈ আহিছিল কাশী গুৰুজনাৰ বাবে বিদেশ আৰু তেনে এখন ঠাইত তেওঁক মৰম স্নেহ আৰু সহায় সহযোগ কৰাৰ বাবে সকলোৰে প্ৰতি গুৰুজনাই কৃতজ্ঞতা জ্ঞাপন কৰিছিল গুৰুজনাৰ ভৱিষ্যত মঙ্গল কামনা কৰাৰ পিছত এইসকল লোকে দুখ মনেৰে বিদায় লৈছিল (আগলৈ)

No comments:

Post a Comment