Thursday, 30 January 2020

Understanding Guru Harideva’s Approach Towards Unity-30 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৩০)


We discussed in our post of 28.1.20 that, Guru Harideva was a person with self realization and was free from bondage of worldly life . We also discussed in the earlier posts that Guru Harideva was living in the society . He established a Satra at Bahari to spread his teachings based on Bhagavata for the benefit of common people .He trained up totally uneducated people with past criminal history to conduct the activities of his Satra . He  decided to leave his fist Satra at Bahari for providing better social and religious service to people . He designed an unique system of management for the Satra at Bahari through joint responsibility of a group  of people . Moreover he entered into married  life and brought up children with love and care like a common house holder. Now a question may arise as how a self realized person free from worldly bondage like Guru Harideva, can be involved in such worldly activities like a common man? The answer is in Bhagavata itself . It is told that general people like us, has got unlimited desires . Our mind desires  to have unlimited property  , money ,social respect  and so many other things which can satisfy the mind. We work hard to get too  much of these things. But our hopes go on increasing to such an extent that these can never be fulfilled as desired by the mind. These unfulfilled desires remain deposited inside the mind . In our society ,the thoughts inside the mind  are not counted as action . We may think of killing a man . But till we do not do anything  practically in this line, no punishment will be invited from the court  of law.  But laws applied in  the world of spirituality is not like that . Here whatever we think  inside the mind is counted as mental action and reward or punishment  as applicable will definitely come for that. No authority is necessary for implementation of the reward or punishment here. These will automatically come today or tomorrow. Now Bhagavata tells that this tomorrow may be the day after today  or next life or next to next life and so on. We are bound  to enjoy happiness or sorrow for our actions and this may come at any time .This is called the bondage of worldly life  . (to be continued)


আমাৰ ২৮.১.২০ তাৰিখৰ লিখনিত কোৱা হৈছে যে হৰিদেৱ গুৰুজনা আত্মজ্ঞানী আৰু  মুক্ত পুৰুষ আছিল আকৌ ইয়াৰ আগৰ কেইটামান লিখনিত কোৱা হৈছে যে গুৰুজনাই সামাজিক জীৱন যাপন কৰিছিল তেওঁ ভাগৱত শাস্ত্ৰৰ আধাৰত জনসাধাৰণক শুদ্ধ ধৰ্মপথেৰে পৰিচালনা কৰিবলৈ বহৰিত সত্ৰ স্থাপন কৰিছিল কেইজনমান দস্যু প্ৰকৃতিৰ অশিক্ষিত লোকক সত্ৰ্ৰ্ৰ্ৰৰ কাম কাজ পৰিচালনা কৰিব পৰাকৈ প্ৰশিক্ষিত কৰিছিলনিজৰ ধৰ্মীয় আৰু সামাজিক সেৱামূলক কাৰ্যৰ পৰিসৰ  বিস্তৃত কৰাৰ অৰ্থে বহৰি ত্যাগ কৰাৰ সিদ্ধান্ত লৈছি যৌথ দায়িত্বত বহৰি সত্ৰ পৰিচালনা কৰাৰ ব্যৱস্থা কৰি ধৰ্মানুষ্ঠান পৰিচালনাৰ নতুন পদ্ধতি প্ৰচলন কৰিছিল তদুপৰি বৈৱাহিক জীৱনত প্ৰৱেশ কৰি সাধাৰণ সংসাৰী লোকৰ দৰে স্নেহ আৰু যত্নেৰে পত্নী , পুত্ৰ,  কন্যাৰ লালন পালন কৰিছিল এতিয়া প্ৰশ্ন হব পাৰে যে হৰিদেৱ গুৰুজনাৰ দৰে আত্মজ্ঞানী আৰু সংসাৰ বন্ধনৰ পৰা মুক্ত লোকে কিদৰে এনেবোৰ সাংসাৰিক কৰ্মত লিপ্ত হব পাৰে ? এই প্ৰশ্নৰ উত্তৰ ভাগৱততে আছে ইয়াত কোৱা হৈছে যে আমাৰ দৰে সাধাৰণ মানুহৰ মনে সীমাহীন সা-সম্পত্তি , টকা-পইচা, সামাজিক সন্মান ইত্যাদিৰ  লগতে মনক সন্তুষ্ট কৰিব পৰা যিকোনো প্ৰকাৰৰ বিষয় বস্তু পোৱাৰ আকাংক্ষা কৰে এইবিলাক পাবলৈ আমি কঠোৰ পৰিশ্ৰম কৰো কিন্তু আমাৰ বাসনাসমুহ ক্ৰমান্ব্য়ে বাঢ়ি গৈ থাকে আৰু আশা আকাংক্ষাসমুহ কেতিয়াও মনক সন্তুষ্ট কৰিব পৰাকৈ পূৰ্ণ নহয় অপূৰ্ণ বাসনাবিলাক মনৰ ভিতৰতে সঞ্চিত হৈ থাকি যায় আমাৰ সমাজ ব্যৱস্থাত মনৰ ভিতৰত থকা ভাৱনাক কাৰ্য বুলি ধৰা নহয় আমি মনে মনে কোনো এজন লোকক মাৰি পেলোৱাৰ কথা ভাৱি থাকিব পাৰো কিন্তু যেতিয়ালৈকে এই ভাৱ অনুসৰি আন মানুহে বুজিব পৰা ধৰণে একো কাম কৰা নহয়,  তেতিয়ালৈকে আইনে একো শাস্তি দিব নোৱাৰে কিন্তু পাৰমাৰ্থিক জগতৰ আইন তেনে নহয় ইয়াত আমি মনে মনে কৰা প্ৰত্যেকটো শুভ বা অশুভ চিন্তা ভাৱনাও মানসিক কৰ্ম হিচাপে গণ্য হয় আৰু সেই অনুসৰি সুখ বা দুখ ভোগ হয় আকৌ আমাৰ সমাজৰ দৰে ইয়াত আইন বলৱত কৰাৰ বাবে কোনো আদালত বা পুলিচৰো ব্যৱস্থা নাই আজিয়ে হওক বা কাইলৈ হওক, কৰ্ম অনুসৰি সুখ বা দুখ নিজে নিজে আহে ভাগৱতে কৈছে যে এই কাইলৈটো আজিৰ পিছদিনাও হ্ব পাৰে , এই জন্মৰ পিছৰ জন্মও হ্ব পাৰে অথবা তাৰ অনেক জন্মৰ পিছৰ কোনো এটা জন্মও হব পাৰে কিন্তু যি সময়তে নহওক কিয়, কৰ্ম অনুসৰি ফল ভোগ কৰাৰ বাবে আমি বাধ্য আৰু এয়ে সংসাৰ বন্ধন ।(আগলৈ)

Tuesday, 28 January 2020

Understanding Guru Harideva’s Approach Towards Unity-29 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-২৯)


The Bhagavata leads us towards understanding of the real “I”, which is the true self or ultimate truth. In each and every chapter of Bhagvata, attempt has been made to make us understand this truth and also the ways to achieve self realization . Guru Harideva had intuitive experience of Bhagavata. So he had realization of the true self. In Bhagavata it is told that people with realization of the self, are free from worldly bondage. So from direct knowledge of Bhagavata , self realization comes and freeness from worldly bondage is the outcome of self realization. In the preceding posts we tried to get some idea about direct knowledge and self realization. Now, to know Guru Harideva properly, we should try to get some idea about freeness from worldly bondage. In Bhagavata it is told that the presence of fire is known when we see the burning of firewood. But firewood and fire are completely different. Likewise we know the presence of true self through action of the body. But body and self are completely different. To enjoy the result of our past action, we have gained the present body. The body becomes active because of the presence of true self in the form of consciousness in it. This consciousness comes to our notice through activities of the body like fire in firewood. Again the space is available both inside and outside of an earthen pot. This is natural because of the presence of space everywhere. But when the pot is broken, we think that the space inside the pot is merged with the unlimited space outside. This idea is wrong.Because the omnipresent space cannot be bounded inside a pot. Likewise, the true self is present everywhere and at all times. So bondage of the true self in a body for certain time is not at all possible.  Since, bondage itself is not possible, we are always free and hence the question of our liberation also never arise. This was the feeling of Guru Harideva about bondage and these things we already discussed in details in earlier posts from 10.10.19 to 15.10 19. (to be continued)

প্ৰকৃত মই অৰ্থা পৰম সত্যৰ বিষয়ে জ্ঞান দান কৰা ভাগৱত শাস্ত্ৰৰ উদ্দেশ্য ভাগৱতৰ প্ৰতিটো অধ্যায়তে এই বিষয় আমাৰ বোধগম্য কৰাৰ চেষ্টা কৰাৰ লগতে কি উপায়েৰে আত্মজ্ঞান লাভ কৰিব পাৰি তাৰ শিক্ষা প্ৰদান কৰা হৈছে।হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰজ্ঞানৰ অপৰোক্ষ অনুভৱ লাভ কৰিছিল বাবে আত্মজ্ঞানী পুৰুষ আছিল আকৌ ভাগৱতত কোৱা হৈছে যে আত্মজ্ঞানী পুৰুষ সংসাৰ বন্ধনৰ পৰা মুক্ত থাকে গতিকে ভাগৱতৰ প্ৰত্যক্ষ জ্ঞানৰ পৰা আত্মানুভূতি আহে আৰু আত্মজ্ঞানী পুৰুষ সংসাৰ বন্ধনৰ পৰা মুক্ত হয় ইয়াৰ আগৰ কেইটামান লিখনিত ভাগৱত জ্ঞানৰ প্ৰত্যক্ষ অনুভৱ আৰু আত্মজ্ঞান সম্পৰ্কে কিছু কথা আলোচনা কৰা হৈছে এতিয়া হৰিদেৱ গুৰুজনাৰ সম্পৰ্কে শুদ্ধ ধাৰণা পাবৰ বাবে সংসাৰত থাকিও সংসাৰ বন্ধনৰ পৰা মুক্ত অৱস্থাত থকা কিদৰে সম্ভৱ তাৰ বিষয়ে কিছু আলোচনা কৰা প্ৰয়োজন ভাগৱতত কোৱা হৈছে যে জুই আমি এনেয়ে দেখা নাপাওঁ খৰি কেইডালমান জ্বলি থকা দেখিলেহে জুইৰ উপস্থিতি বুজিব পাৰো কিন্তু জুই আৰু খৰি সম্পূৰ্ণ পৃথক বস্তু একেদৰে শৰীৰৰ কাৰ্যকলাপ দেখিহে আমি প্ৰকৃত “মই” শৰীৰত আছে বুলি বুজিব পাৰো শৰীৰ আৰু “মই” সম্পূৰ্ণ পৃথক বস্তু “মই”ৰ সৈতে শৰীৰৰ সম্পৰ্ক খৰি আৰু জুইৰ সম্পৰ্কৰ দৰেঅতীত কৰ্মৰ ফল ভোগ কৰাৰ বাবে আমি বৰ্ত্তমানৰ এই শৰীৰ গ্ৰহণ কৰিছো প্ৰকৃত “মই” চেতনাৰ ৰূপত শৰীৰত থকা বাবে শৰীৰ কাৰ্যক্ষম হৈছে জ্বলি থকা খৰিৰ মাধ্যমত জুইৰ উমান পোৱাৰ দৰে শৰীৰৰ কাৰ্যকলাপৰ মাধ্যমত চেতনাৰ উপস্থিতি অনুভৱ হৈছে আনহাতে আকাশ বা শূন্য স্থান সৰ্বব্যাপ্ত হোৱা কাৰণে এটা মাটিৰ কলহৰ ভিতৰতো থাকে আৰু কলহৰ বাহিৰতো থাকে কিন্তু আমি কলহৰ ভিতৰৰ আকাশ আবদ্ধ আৰু বাহিৰৰ আকাশ মুক্ত বুলি ভাৱো মাটিৰ কলহটো ভাঙি গলে আমি কলহৰ ভিতৰত আৱদ্ধ আকাশ বাহিৰৰ মুক্ত মহাকাশৰ সৈতে মিলি যোৱা বুলি ভাৱো ই ভুল ধাৰণা, কাৰণ এটা কলহৰ ভিতৰত মহাকাশ আৱদ্ধ থকিব নোৱাৰে একেদৰে প্ৰকৃত “মই” সকলো স্থানত আৰু সকলো সময়তে ব্যাপ্ত হৈ আছিল , আছে আৰু থাকিব প্ৰকৃত “মই” এটা ক্ষুদ্ৰ শৰীৰৰ বন্ধনত কিছু সময়ৰ বাবে আৱদ্ধ হৈ থকা সম্ভৱ নহয় যিহেতু “মই”ৰ বন্ধন সম্ভৱ নহয় , গতিকে ই সদামুক্ত যি বস্তু সদায় মুক্ত তাৰ মুক্তিৰ  প্ৰশ্নও অবান্তৰ এয়ে বন্ধন আৰু মুক্তিৰ বিষয়ত হৰিদেৱ গুৰুজনাৰ অনুভৱ আৰু আমাৰ ১০.১০.১৯ ৰ পৰা ১৫.১০.১৯ তাৰিখৰ লিখনিসমুহত এই কথা আলোচনা কৰা হৈছে (আগলৈ)


Sunday, 26 January 2020

Understanding Guru Harideva’s Approach Towards Unity-28 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-২৮)


In Bhagavata it is told that, the true self in us is behind all activities of our body mind complex , but not at all related with the outcome of those activities. This was mentioned in our post of 24.1.20. We can take the example of electricity for our understanding of this teaching of Bhagavata. We have got electrical appliances of various kinds like bulb , fan , heater etc in our home .Also there are so many kinds of industrial machineries like railway engines etc, run by electricity. Without electric current,all these appliances are functionless. Likewise, without consciousness, the body mind complex cannot function. Machineries are of various types. Functioning and output of different machinery are different. But the electricity, that makes each and every machinery function, is one and the same. When current is passed through the coil of an electric bulb, we get light , when passed through coil of a heater, we get heat and so on. Likewise, each and every body mind complex works in different ways , but one consciousness make all the bodies active. The electricity runs all the machineries, but it is not at all related with the output of the machineries. Likewise, consciousness is the running force behind all activities of the body and mind. But it is not at all related with the happiness and sorrow generated by these activities. Bhagavata tells that this consciousness , present in each and everything in the creation as driving force, is one and it is the true self or the ultimate truth. People who consider himself as body mind complex are subjected to suffering of pain and pleasure. But people who consider himself as true self can never be subjected to such sufferings. Guru Harideva, realized this truth through direct knowledge of Bhagavata. So , he was able to identify himself with pure consciousness or true self, fully detached from the outcome of the activities of body mind complex.  (to be continued )

ভাগৱতত কোৱা হৈছে যে প্ৰকৃতমইবা আমাৰ ভিতৰৰ পৰম সত্য শৰীৰ আৰু মনৰ সমস্ত কাৰ্যকলাপৰ চালিকা শক্তি কিন্তু শৰীৰ আৰু মনৰ কাৰ্যৰ দ্বাৰা উৎপন্ন হোৱা সুখ দুখ ইত্যাদিৰ সৈতে কোনো প্ৰকাৰে সংযুক্ত নহয় আমাৰ ২৪..২০ তাৰিখৰ লিখনিত এই কথা উল্লেখ কৰা হৈছে ভাগৱত শাস্ত্ৰই দিয়া এই শিকনি সহজভাৱে বুজাৰ বাবে আমি বিদ্যুৎ শক্তিৰ উদাহৰণ ' পাৰো আমাৰ ঘৰত বিজুলী বাতি  , ফেন , হিটাৰ আদি অনেক প্ৰকাৰৰ বৈদ্যুতিক সা-সৰঞ্জাম ব্যৱহাৰ কৰা হয় ৰেলৰ ইঞ্জিন আদিকে ধৰি বহু প্ৰকাৰৰ ঔদ্যোগিক যন্ত্ৰপাতি বিদ্যুতৰ দ্বাৰা চলে বিদ্যুৎ শক্তি সঞ্চালন নহলে এই যন্ত্ৰপাতি সমুহে একো কাম কৰিব নোৱাৰে একেদৰে চেতনাৰ সঞ্চালন নহলে শৰীৰ আৰু মনে একো কাম কৰিব নোৱাৰে বৈদ্যুতিক সা- সৰঞ্জাম অনেক প্ৰকাৰৰ , সিবিলাকৰ কাৰ্যপ্ৰণালী আৰু উৎপাদিত ফল বেলেগ বেলেগ বাল্বত বিদ্যুৎ সঞ্চালন কৰিলে পোহৰ , হিটাৰত সঞ্চালন কৰিলে তাপ ইত্যাদি পৃথক পৃথক ফল পোৱা যায় কিন্তু সিবিলাক চলাবৰ বাবে ব্যৱহাৰ কৰা বিদ্যুৎ মূলতঃ এক একেদৰে প্ৰত্যেক শৰীৰ আৰু মনে বেলেগ বেলেগ ধৰণে কাম কৰে আৰু সেই কৰ্মসমুহৰ পৰা বিভিন্ন প্ৰকাৰৰ ফল উৎপন্ন হয় কিন্তু সমস্ত প্ৰকাৰৰ ভিন্ন ভিন্ন শৰীৰৰ চালিকা শক্তি বা চেতনা এক বিদ্যুতে সকলো প্ৰকাৰৰ বৈদ্যুতিক যন্ত্ৰ চলায় কিন্তু সেই যন্ত্ৰসমুহৰ দ্বাৰা উৎপাদিত ফলৰ সৈতে বিদ্যুতৰ একো সম্পৰ্ক নাথাকে একেদৰে চেতনাৰ দ্বাৰা শৰীৰ আৰু মনৰ কাৰ্যকলাপ চলে কিন্তু সেই কাৰ্যৰ পৰা যি সুখ বা দুখ উৎপন্ন হয় তাৰ সৈতে শুদ্ধ চেতনাৰ একো সম্পৰ্ক নাই ভাগৱতে কৈছে যে যি চেতনাৰ দ্বাৰা জগতৰ সমস্ত শৰীৰ সক্ৰিয় হৈ আছে সি এক আৰু এয়ে প্ৰকৃত "মই" , এয়ে একক পৰম সত্য । যিজনে “মই”ক শৰীৰ বুলি নাভাৱি এই পৰম সত্য বুলি ভাৱে তেওঁ শৰীৰৰ সুখ দুখৰ প্ৰতি নিৰ্লিপ্ত থাকিব পাৰে হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰৰ প্ৰত্যক্ষ অনুভূতিৰ সহায়ত এই পৰম সত্য বা প্ৰকৃত "মই" লগত নিজৰ একত্ব প্ৰতিষ্ঠা কৰিছিল সেয়েহে শৰীৰ আৰু মনৰ কাৰ্যৰ পৰা উৎপন্ন হোৱা সুখ দুখৰ প্ৰতি নিৰ্লিপ্ত থকাৰ ক্ষমতা তেওঁৰ আছিল ।(আগলৈ)

Friday, 24 January 2020

Understanding Guru Harideva’s Approach Towards Unity-27 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-২৭)


We discussed in our post of 22.1.20 that, the state of detachment from worldly things, including body and mind, during deep sleep is temporary. We cannot say when we will enter into deep sleep and for how long we will sleep. So, detachment of this kind is not within our control. Moreover, this is a negative state of our consciousness. We remain detached from worldly things during deep sleep. We enjoy peace and happiness during sleep and can recollect that experience after we wake up. All these are true. But we are not able to know anything about what exactly happened to us during that period. Guru Harideva never encouraged this type of negativity in his religious teachings. This point we already discussed in our post of 23.11.19.So, we should take the state of deep sleep only as an example of existence of self without body mind complex. Also, we can get some idea about the happiness of detachment from it. In Bhagavata it is told that, flowers have fragrance and the wind has nothing to do with it. Likewise, the body mind complex is subjected to happiness and sorrow of this world and the true self has nothing to do with these. The wind carries the fragrance of flowers. But while doing so, no relation of any kind is established between fragrance and wind. Likewise, the true self carries out the activities of the body mind complex. Happiness and sorrow are outcome of these activities and the true self has no relation with these things. People with self realization, like Guru Harideva , keep the true self detached from body mind complex with direct experience of this type of knowledge from Bhagavata . So, they are able to remain free from the happiness and sorrow of the body mind complex and enjoy the bliss of the true self at all times. In Bhagavata it is told that common people like us, can also attain such achievements gradually by practice. Guru Harideva established his Satra to teach us the way of practice to achieve this.(to be continued )

আমাৰ ২২.১.২০ তাৰিখৰ লিখনিত কোৱা হৈছে যে গভীৰ টোপনিৰ সময়ত জাগতিক বিষয় বস্তুৰ প্ৰতি নিৰ্লিপ্ত থকাটো এক অস্থায়ী অৱস্থা আমি কেতিয়া গভীৰ টোপনিত পৰিম বা কিমান সময় সেই অৱস্থাত থাকিম ইত্যাদি কথা আগতীয়াকৈ জনা সম্ভৱ নহয় গতিকে এনে প্ৰকাৰৰ নিৰ্লিপ্ত অৱস্থাৰ ওপৰত  আমাৰ একো নিয়ন্ত্ৰণ নাথাকে তদুপৰি এই অৱস্থা আমাৰ চেতনাৰ অভাৱসূচক অৱস্থা টোপনি গৈ থকা অৱস্থাত আমি জাগতিক সকলো বস্তুৰ প্ৰতি নিৰ্লিপ্ত থাকো , অনাবিল আনন্দ উপভোগ কৰো , সাৰ পোৱাৰ পিচত সেই অৱস্থাত সুখত আছিলো বুলি অনুভৱ কৰিব পাৰো ইত্যাদি সত্য কিন্তু সেই অৱস্থাত আমাৰ লগত প্ৰকৃততে কি হৈছিল তাক আমি জানিব নোৱাৰো গতিকে ই এক অজ্ঞান অৱস্থা আৰু হৰিদেৱ গুৰুজনাই এনে প্ৰকাৰৰ অজ্ঞান অৱস্থাজনিত নিৰ্লিপ্ততা আৰু সুখ শান্তিৰ বাণী প্ৰচাৰ কৰাৰ বাবে ধৰ্ম প্ৰচাৰ কৰা নাছিল এই কথা আমাৰ ২৩.১১.১৯ তাৰিখৰ লিখনিত বিতংভাৱে আলোচনা কৰা হৈছে গতিকে কেৱল মাত্ৰ প্ৰকৃত “মই” বা আমাৰ ভিতৰত থকা পৰম সত্য  শৰীৰ মনৰ উৰ্দ্ধত বুলি জনাৰ বাবে আৰু নিৰ্লিপ্ত অৱস্থাত লাভ কৰা উচ্চতৰ সুখ শান্তিৰ এক আভাস দিয়াৰ বাবেহে গভীৰ নিদ্ৰাৱস্থাৰ  উপমাটো গ্ৰহণ কৰা হয় ভাগৱতত কোৱা হৈছে যে ফুলৰ সুগন্ধ থাকে আৰু এই সুগন্ধৰ সৈতে বতাহৰ একো সম্পৰ্ক নাই একেদৰে জাগতিক সুখ দুখ শৰীৰ আৰু মনৰ অৱস্থা| প্ৰকৃত “মই ৰ সৈতে ইবিলাকৰ একো সম্পৰ্ক নাই বতাহে ফুলৰ সুগন্ধ বহন কৰে যদিও দুয়োৰে মাজত একো সম্পৰ্ক স্থাপন নহয় একেদৰে প্ৰকৃত “মই”য়ে শৰীৰ আৰু মনৰ সমস্ত কাৰ্য বহন কৰে  সেই কাৰ্যৰ পৰা সুখ দুখৰ উৎপত্তি হয় যদিও প্ৰকৃত “মই”ৰ সৈতে ইবিলাকৰ একো সম্পৰ্ক নাই হৰিদেৱ গুৰুজনাৰ দৰে আত্মজ্ঞান সম্পন্ন মহাপুৰুষে এই  ভাগৱত জ্ঞান প্ৰত্যক্ষভাৱে অনুভৱ কৰে কাৰণে  প্ৰকৃত “মই”ক শৰীৰ আৰু মনৰ পৰা পৃথক ভাৱে বুজিব পাৰে সেই কাৰণে তেওঁলোকে শৰীৰ আৰু মনে ভোগ কৰা জাগতিক সুখ দুখৰ প্ৰতি নিৰ্লিপ্ত থাকি আত্মানন্দ উপভোগ কৰে দীৰ্ঘকালীন অভ্যাসৰ দ্বাৰা  আমাৰ দৰে সাধাৰণ লোকেও ক্ৰমান্বয়ে এনে অৱস্থা লাভ কৰিব পাৰে  বুলি ভাগৱতে কৈছে আৰু তাৰ ব্যৱহাৰিক শিক্ষা আনুষ্ঠানিক ভাৱে প্ৰদান কৰাৰ উদ্দেশ্যে গুৰুজনাই সত্ৰ স্থাপন কৰিছিল (আগলৈ )

Wednesday, 22 January 2020

Understanding Guru Harideva’s Approach Towards Unity-26 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-২৬)


We told in our post of 20.1.20, that Guru Harideva attained self realization through intuitive experience of Bhagavata. Self realization is correct understanding of who “I” am. Generally by using the words “I” or “Self”, we mean the combination of our physical body and mind. But in Bhagavata, it is told that, the body mind complex cannot be our true self. Our true self can exist without our body and mind also. In Bhagvata this state is explained with a nice analogy for our easy understanding. When in dream state, we are not aware of our body. But in that condition also, we can witness the things of dream world and enjoy happiness and sorrow in our mind. In Bhagavata, it is also told that, general people like us can have some experience of the true self when they are in deep sleep.In that state , nothing of this world remains with us. That is, when we are in deep sleep, we have got no property, no relatives ,no friend , no enemy , no official designation and nothing of this world . But in spite of that, the peace and happiness, that we enjoy in deep sleep, is the best and  no equivalent to  that happiness is available in this world. During that time, we are not aware of both of our body and mind. But still then, we are able to enjoy and recollect the experience of the peace and happiness enjoyed into our memory, after we wake up. So, the peace and happiness that we enjoy in deep sleep is due to our nearness to the true self  because of detachment  from materialistic world, including our body and mind. In case of general people like us, this state of detachment is temporary .As soon as our sleep ends, everything of this world with feelings of happiness and sorrow come back to us as before. But people like Guru Harideva , with direct knowledge or intuitive experience of Bhagavata, are able to keep themselves detached from all worldly affairs and enjoy the bliss of the true self at all times.(to be continued)

আমাৰ ২০.১.২০ তাৰিখৰ লিখনিত হৰিদেৱ গুৰুজনা আত্মজ্ঞানী পুৰুষ আছিল বুলি কোৱা হৈছে “মই”ৰ প্ৰকৃত অৰ্থ কি তাক শুদ্ধভাৱে জনাটোৱে আত্মজ্ঞান আৰু এই জ্ঞানৰ ব্যৱহাৰ যাৰ দৈনন্দিন জীৱনত প্ৰত্যক্ষ কৰিব পাৰি তেৱেঁ আত্মজ্ঞানী সাধাৰণতে “মই” বুলি কলে  আমি নিজৰ শৰীৰ আৰু মনৰ সংযুক্ত অৱস্থাটো বুজি পাওঁ কিন্ত ভাগৱতে কৈছে শৰীৰ আৰু মন প্ৰকৃত “মই” হব নোৱাৰে মই” বুলি কলে যি প্ৰকৃত সত্য বস্তুক নিৰ্দেশ কৰা হয় তাৰ অৱস্থান শৰীৰ আৰু মনৰ উৰ্দ্ধত ভাগৱতত সুন্দৰ উপমাৰ দ্বাৰা এই কথা বুজাই দিয়া হৈছে সপোন দেখি থকা অৱস্থাত আমি নিজৰ শৰীৰ কত বা কি অৱস্থাত আছে নাজানো কিন্তু সেই শৰীৰ জ্ঞান নথকা অৱস্থাতো আমি সপোনৰ জগতৰ বিভিন্ন ঘটনাৰ লগত সংযুক্ত হৈ সুখ দুখ ভোগ কৰো ভাগৱতত আৰু কোৱা হৈছে যে আমাৰ দৰে সাধাৰণ মানুহে কেৱল মাত্ৰ গভীৰ টোপনিত থকা অৱস্থাৰ সৈতে তুলনা কৰিহে প্ৰকৃত “মই” কি তাৰ সামান্য আভাস লাভ কৰিব পাৰো গভীৰ টোপনিৰ সময়ত আমি সা-সম্পত্তি , পুত্ৰ-পৰিবাৰ , শত্ৰু-মিত্ৰ , বিষয়-বাব ইত্যাদি সকলো জাগতিক  বিষয়বস্তুৰ পৰা আঁতৰত সম্পূৰ্ণ অকলশৰীয়া হৈ থাকোআনকি সেই সময়ত নিজৰ শৰীৰ আৰু মন কত আছে তাকো নাজানো কিন্তু সাৰ পোৱাৰ পিচত গভীৰ টোপনিত উপভোগ কৰা অতুলনীয় আনন্দৰ স্মৃতি আমাৰ মনলৈ আহে আৰু শৰীৰৰ ক্লান্তি দূৰ হোৱাৰ বাবে শাৰীৰিক সুখ অনুভৱ হয় ইহজগতৰ একোৰে পৰা আমি ইমান উচ্চ স্তৰৰ সুখ শান্তি পোৱা সম্ভৱ নহয় ভাগৱতত কোৱা হৈছে যে শৰীৰ আৰু মনকে ধৰি জাগতিক বস্তুৰ পৰা সম্পূৰ্ণভাৱে আঁতৰি থাকি প্ৰকৃত আৰু শুদ্ধ “মই”ৰ সান্নিধ্য লাভ কৰাৰ বাবেহে নিদ্ৰাৱস্থাৰ অতুলনীয় সুখ শান্তিৰ অনুভৱ হয় কিন্তু আমাৰ দৰে সাধাৰণ মানুহৰ ক্ষেত্ৰত এনে নিৰ্লিপ্ত অৱস্থা সাময়িক কেৱল টোপনিত থকা সময়্খিনিহে আমি নিৰ্লিপ্ত অৱস্থাত থাকিব পাৰো সাৰ পোৱাৰ লগে লগে ইহজগতৰ সকলো ঘটনা পৰিঘটনা আৰু তাৰ পৰা উৎপন্ন সুখ দুখৰ পৰিবেশে আমাক আগৰ দৰে আবৰি ধৰে কিন্তু হৰিদেৱ গুৰুজনাৰ দৰে ভাগৱত শাস্ত্ৰৰ প্ৰত্যক্ষ অনুভৱ থকা আত্মজ্ঞানী পুৰুষৰ বেলিকা কথাবিলাক তেনেকুৱা নহয় তেওঁলোকে সকলো সময়তে আৰু সকলো অৱস্থাতে জাগতিক বিষয়বস্তুৰ প্ৰতি সম্পূৰ্ণ নিৰ্লিপ্ত থাকি অতুলনীয় আত্মানন্দ উপভোগ কৰিব পাৰে (আগলৈ)

Monday, 20 January 2020

Understanding Guru Harideva’s Approach Towards Unity-25 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-২৫)


In scriptures it is told that, the direct knowledge or intuitive experience cannot be different from the knower himself. So, Guru Harideva had intuitive experience of Bhagavata means, the knowledge contained in Bhagavata was practically represented in all respect, through his personality. For the same reason, he attained self realization and was free from bondages of worldly life also. In scriptures, the logic behind these types of achievements by people of spiritual world are explained elaborately .Those logical explanations are suitable for understanding of the people of higher knowledge only. There were many people with direct knowledge, self realization and freeness from bondage at different times ,different places and under different circumstances in the world.In Bhagavata, the logic mentioned above are explained in a simple way through detailed description of the life stories of those great people of the spiritual world . By going through these stories, general people of little knowledge like us, can easily understand the meaning of the higher qualities attributed to people like Guru Harideva. Sukadeva, through whom the knowledge of Bhagavata came to us, was an example of such personality. He received the knowledge of Bhagavata from his father and the same knowledge came out of him in such a way that people hearing him was feeling the presence of the knowledge of Bhagavata in the visible form of Sukadeva. He never placed a volume of book named Bhagavata in front of him and delivered lecture as we may assume. Moreover, the knowledge of Bhagavata was fully reflected in his lifestyle also. We can get details of those descriptions in Bhagavata. In our case, we are placing a big volume of Bhagavata in front of us.We read a small portion of the book , make some discussions and then forget most of the things. Next day, we repeat the same process with another portion of the book and so on . Through this process we can get little knowledge not at all comparable with the direct knowledge of Bhagavata. So, Guru Harideva had direct knowledge or intuitive experience of Bhagavata means, he was a visible form of the knowledge of Bhagavata like Sukadeva and this knowledge  was fully reflected in each and every activities of his life. (to be continued )

শাস্ত্ৰত কোৱা হৈছে যে অপৰোক্ষ জ্ঞান বা জ্ঞানৰ প্ৰত্যক্ষ অনুভূতিৰ সৈতে জ্ঞাতাৰ কোনো পাৰ্থক্য নাথাকে গতিকে হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰৰ জ্ঞান প্ৰত্যক্ষভাৱে অনুভৱ কৰিছিল বুলি কোৱাৰ অৰ্থ এই যে ভাগৱত শাস্ত্ৰত যি জ্ঞান দিয়া হৈছে তাৰ সকলো দিশ গুৰুজনাৰ মাধ্যমত পূৰ্ণ ৰূপত প্ৰকাশিত হৈছিল সেই একেটা কাৰণতে তেওঁক আত্মতত্বজ্ঞ আৰু জীৱন্মুক্ত পুৰুষ বুলিও কোৱা হৈছে পাৰমাৰ্থিক সাধনাৰ দ্বাৰা সাধকসকলে কিদৰে এনে প্ৰকাৰৰ উচ্চ অৱস্থা লাভ কৰিব পাৰে তাক শাস্ত্ৰত বিভিন্ন প্ৰকাৰৰ যুক্তিৰ দ্বাৰা বিচাৰ কৰি প্ৰমাণিত কৰা হৈছে এনে যুক্তিপূৰ্ণ আৰু প্ৰামাণিক ব্যখ্যাসমুহ উচ্চতৰ জ্ঞানবুদ্ধিসম্পন্ন লোকেহে বুজি পোৱা সম্ভৱ জগতৰ বিভিন্ন স্থানত, বিভিন্ন কালত আৰু বিভিন্ন পৰিবেশৰ মাজত অপৰোক্ষ জ্ঞানসম্পন্ন , আত্মতত্বজ্ঞ , জীৱন্মুক্ত অনেক পুৰুষৰ আবিৰ্ভাৱ হৈছিল ভাগৱতত এইসকল মহাপুৰুষৰ জীৱন আৰু কৰ্মৰাজিৰ বিতং বিৱৰণৰ দ্বাৰা ওপৰোক্ত জটিল তত্বসমুহৰ সৰল ব্যাখ্যা কৰা হৈছে এই কাহিনীসমুহৰ বৰ্ণনাৰ সৈতে তুলনা কৰি আমাৰ দৰে সাধাৰণ জ্ঞানবুদ্ধিসম্পন্ন লোকেও হৰিদেৱ গুৰুজনাৰ দৰে মহাপুৰুষ প্ৰকৃততে কেনে প্ৰকাৰৰ গুণসম্পন্ন লোক আছিল তাক বুজিব পাৰে ভাগৱত শাস্ত্ৰৰ প্ৰথম প্ৰচাৰক শুকদেৱ এনে প্ৰকাৰৰ গুণসম্পন্ন লোকৰ এক উদাহৰণ তেওঁ পিতৃৰ পৰা ভাগৱতৰ  জ্ঞান লাভ কৰিছিল আৰু সেই জ্ঞান তেওঁৰ মুখেদি প্ৰকাশ হোৱাৰ সময়ত উপস্থিত শ্ৰোতাৰ মনত অনুভৱ হৈছিল যেন ভাগৱতৰ জ্ঞান জীৱন্ত মূৰ্ত্তিমান ৰূপত তেওঁলোকৰ সন্মুখত বহি আছে আমি সাধাৰণতে দেখি থকাৰ দৰে  ভাগৱত শাস্ত্ৰ নামৰ এখন পুথি সন্মুখত ৰাখি তেওঁ ভাষণ দিয়া নাছিল লগতে ভাগৱত শাস্ত্ৰৰ জ্ঞান তেওঁৰ জীৱনৰ প্ৰতিটো খোজতে সম্পূৰ্ণভাৱে প্ৰতিফলিত হৈছিল আৰু সেই কাৰণে শুকদেৱ আত্মতত্বজ্ঞ, জীৱন্মুক্ত পুৰুষ আছিল   ভাগৱতত তেওঁৰ জীৱন বৃত্তান্ত বিতংভাৱে বৰ্ণনা কৰা হৈছে আমি যেতিয়া ভাগৱত পঢ়ো , এখন বৃহৎ আকাৰৰ শাস্ত্ৰপুথি আমাৰ সন্মুখত থাকে পুথিখনৰ এটা সামান্য অংশ পঢ়ি তাৰ ওপৰত আলোচনা বিলোচনা কৰা হয় আৰু অলপ পিচতে তাৰ বেছিভাগ কথা আমি পাহৰি যাওঁ পিছদিনা পুনৰ একে ঘটনাৰ পুনৰাবৃত্তি ঘটে আৰু এইদৰে চলি থাকে এনে পদ্ধতিৰে আমি অতি সামান্য পৰিমাণৰ পৰোক্ষ জ্ঞান আহৰণ কৰিব পাৰো যদিও  প্ৰকৃতাৰ্থত এনে জ্ঞান হৰিদেৱ গুৰুজনাৰ অপৰোক্ষ জ্ঞানৰ তুলনাত কি হব পাৰে তাক সহজে অনুমান কৰিব পাৰি গতিকে হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰৰ অপৰোক্ষ জ্ঞান বা প্ৰত্যক্ষ অনুভূতি লাভ কৰিছিল বুলি কোৱাৰ অৰ্থ হৈছে, তেওঁ আছিল শুকদেৱৰ দৰে ভাগৱত শাস্ত্ৰ জ্ঞানৰ এক জীৱন্ত মূৰ্ত্তিমান ৰূপ আৰু এই জ্ঞান তেওঁৰ দৈনন্দিন জীৱনৰ প্ৰতিটো কৰ্মৰ দ্বাৰা পূৰ্ণ ৰূপত প্ৰকাশিত হৈছিল (আগলৈ )