Bhagavata
tells that when a wicked person
remains in the companion of a noble person then his wickedness remains
temporarily suppressed. As soon as the companion of the noble person ends the
old habits of the wicked person come back to him again.By long time continuous association
with a noble person the bad habits of a wicked person may be permanently destroyed.
Guru Harideva recommended daily recitation of Bhagavata in his Satra
Institution. Each and every person was allowed to participate in those
recitation sessions. Guru Harideva noticed that General people remain always
busy in their day to day domestic works. Out of that they somehow manage to
come to the Satra and can spend
a short period of time there. Thus for a very short time they can get scope to attend those recitation sessions of Bhagavata.
During the period of their stay in the sessions their mind remains pure. But
after coming back home they forget everything of Bhagavata and enter into their
daily routine of material life. Guru Harideva realized that with such a little
involvement it is not possible to get an overall knowledge of Bhagavata. In
Bhagavata it is mentioned that when king Parikshita had only seven days of life
in his hand to live he renounced his
material life and started hearing or
shravana of Bhagavata with full devotion. He acquired complete knowledge contained
in the Bhagavata and attained self realization and subsequent liberation by
that way within seven days. Following this example from Bhagavata Guru Harideva
introduced Bhagavat Yajna or Jnana Yajna in his Stara Institution. This Yanja
was held for continuous seven days in every year. The Yajna was conducted by self realized
scholars having profound knowledge of
Bhagavata . Those scholars were invited from Navadveepa, presently in West Bengal
state. Those scholars used to recite, discuss and make explanations of the complete
Bhagavata within seven days. The local scholars and Guru Harideva himself used
to help common people in understanding of those explanations. This weeklong Bhagavat Yajna or
Jnana Yajna was continuously held every year at Maneri Satra, the second Satra
Institution established by Guru Harideva. It is said that this Yajna was started by Guru
Harideva in 1415 saka era and was continued until his death in 1488 saka
era. (to be continued)
ভাগৱতত কোৱা হৈছে যে সাধু ব্যক্তিৰ সংস্পৰ্শত থকা কালছোৱাত দুষ্ট লোকৰ দুষ্ট বুদ্ধি সাময়িক ভাৱে স্তব্ধ হয়। কিন্তু সাধুসঙ্গৰ পৰা বিচ্ছিন্ন হোৱাৰ লগে লগে তেনে লোকৰ দুষ্টবুদ্ধি পুনৰ সক্ৰিয় হৈ উঠে । সুদীৰ্ঘ কাল জুৰি সৎ লোকৰ সঙ্গ লাভ কৰিলে দুষ্ট লোকৰ দুষ্টবুদ্ধি স্থায়ীভাৱে দমন হোৱাৰ সম্ভাৱনা থাকে ।হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠানত নিতৌ ভাগৱত পাঠ আৰু চৰ্চা কৰাৰ ব্যৱস্থা কৰিছিল ।সমাজৰ প্ৰত্যেক ব্যক্তিকে সত্ৰৰ ভাগৱত পাঠ অনুষ্ঠানত যোগদান কৰাৰ অনুমতি প্ৰদান কৰা হৈছিল।কিন্তু গুৰুজনাই লক্ষ কৰিছিল যে সাধাৰণ মানুহ সংসাৰৰ দৈনন্দিন কাজকৰ্মত সদাব্যস্ত হৈ থাকিব লাগে । তাৰ মাজতে অলপ সময় উলিয়াই তেওঁলোক সত্ৰলৈ আহে। সত্ৰত উপস্থিত থকা কালত অলপ সময় মাত্ৰ ভাগৱত শ্ৰৱণ কৰাৰ সুবিধা লাভ কৰিব পাৰে।সেই সময়খিনিৰ বাবে তেওঁলোকৰ দেহ্-মন পবিত্ৰ হৈ থাকে ।কিন্তু তাৰ পৰা ঘৰলৈ ওভতাৰ পিছত ভাগৱতৰ সকলো কথা পাহৰি তেওঁলোকে পুনৰ নিজৰ নিজৰ সাংসাৰিক কামকাজত ব্যস্ত হৈ পৰে ।গুৰুজনাই বুজি পাইছিল যে এনে প্ৰকাৰৰ সাধাৰণ সংযোগৰ দ্বাৰা ভাগৱত শাস্ত্ৰৰ সম্পূৰ্ণ জ্ঞান আয়ত্ব কৰা সম্ভৱ নহয় ।ভাগৱতত উল্লেখ কৰা হৈছে যে ৰজা পৰীক্ষিতে নিজৰ জীৱনকাল এসপ্তাহ মাত্ৰ বাকী থকা বুলি জানিব পাৰিছিল। তেনে অৱ্স্থাত তেওঁ সেই এসপ্তাহ কাল একেৰাহে ভাগৱত শ্ৰৱণ কৰিছিল। এসপ্তাহৰ ভিতৰত সম্পুৰ্ণ ভাগৱত শ্ৰৱণ কৰাৰ অন্তত তেওঁ আত্মজ্ঞানসম্পন্ন ব্যক্তিত পৰিণত হৈ মুক্তিলাভ কৰিছিল। এই উদাহৰণ অনুসৰণ কৰি গুৰুজনাই নিজৰ সত্ৰানুষ্ঠানত ভাগৱত যজ্ঞ বা জ্ঞানযজ্ঞ নামৰ ধৰ্মীয় অনুষ্ঠানৰ প্ৰৱৰ্ত্তন কৰিছিল । প্ৰতি বছৰে একেৰাহে সাতদিন ধৰি এই ভাগৱত যজ্ঞ অনুষ্ঠিত কৰা হৈছিল আৰু এই সাতদিনৰ ভিতৰত সম্পূৰ্ণ ভাগৱত শাস্ত্ৰৰ পাঠ আৰু ব্যাখ্যা আগবঢ়োৱা হৈছিল । ভাগৱত শাস্ত্ৰৰ অগাধ জ্ঞান আৰু অনুভৱ সম্পন্ন আত্মজ্ঞানী পণ্ডিতৰ তত্তাৱধানত ভাগৱত যজ্ঞ সম্পাদন কৰা হৈছিল । এই বিশিষ্ট পণ্ডিতসকলক বৰ্ত্তমানৰ পশ্চিমবঙ্গ ৰাজ্যৰ অন্তৰ্গত নৱদ্বীপ নামৰ ঠাইৰ পৰা নিমন্ত্ৰণ কৰি অনা হৈছিল।অনুষ্ঠানত বিশিষ্ট পণ্ডিতসকলে কৰা ভাগৱত ব্যাখ্যা জনসাধাৰণে যাতে সহজে আৰু শুদ্ধভাৱে বুজিব পাৰে তাৰ বাবে স্থানীয় পণ্ডিত সকলৰ লগতে গুৰুজনাই নিজেও সহায় কৰি দিছিল । এই ভাগৱত যজ্ঞ প্ৰতি বছৰে এসপ্তাহ কাল ব্যাপী গুৰুজনাই স্থাপন কৰা দ্বিতীয়খন সত্ৰ মানেৰীত অনুষ্ঠিত হৈছিল ।কোৱা হৈছে যে হৰিদেৱ গুৰুজনাই আৰম্ভ কৰা এই ভাগৱত যজ্ঞ ১৪১৫ শকাব্দত প্ৰৱৰ্ত্ত্ন কৰা হৈছিল আৰু ১৪৮৮ শকলৈ অৰ্থাৎ গুৰুজনাৰ পৰলোক প্ৰাপ্তি নোহোৱালৈকে চলি আছিল ।(আগলৈ)
No comments:
Post a Comment