To gain
knowledge of the things related to the material world people use the capacity
of their mind, intelligence and senses. It is said that God can not be known in that
way. It is also said that whatever is told in the Vedas and Vedic scriptures is
the knowledge of God and these are also the proofs of the existence of
God. But for attainment of this knowledge
we are to study or hear of the contents of the Vedic Scriptures and understand
the contents by applying the capacity of our mind, intelligence and senses. So,
attainment of this type of knowledge is considered as the preliminary step
towards God realization. By attainment of this preliminary knowledge from the scriptures people can understand the
difference between the body and the soul inside the body. From the scriptures people
can know that one supersoul creates the demigods as well as the human beings.
This means that the supersoul after entering into the body of the demigod becomes
a demigod. But the same supersoul after entering into a human body becomes a
human being. The soul of the demigod and the soul of human being is the same.
In spite of that human beings worship demigods. This is because of the
difference in the body-mind complex of a demigod and that of a human being. The
expression of the supersoul through the body of a demigod is much higher than
that of a human being. Similarly among the human beings there are ordinary man,
good man , mahapurushas , sages , thieves , dacoits and so may other categories
like these. The super soul creates everybody, enters into everybody and
controls and manages the activities of everybody. Only because of the differences in the body-mind complexes the same
supersoul is expressed as sages, thieves and so on. When the supersoul is
expressed through the activities of the purified body-mind complex of a sage we
appreciate them as divine activities. Again when the same supersoul is
expressed through the activities of the impure body-mind complex of a thief we condemn them as unscrupulous activities. All these things
are very elaborately explained in the Bhagavata in simplified ways with the
help of various types of stories, examples, analogies etc. By serious hearing or
“Shravana” of those descriptions from the Bhagavata people can easily feel the
importance of the purification of his body-mind complex. Guru Harideva suggests
that after attainment of this type of knowledge by “Shravana” of Bhagavata
one’s body mind complex becomes automatically purified and this is the main
purpose of “Shravana”. (to be continued)
জাগতিক বিষয় বস্তুৰ জ্ঞান আহৰণ কৰাৰ বাবে মনুহে মন ,বুদ্ধি আৰু ইন্দ্ৰিয়ৰ কাৰ্যক্ষমতা প্ৰয়োগ কৰে ।কোৱা হৈছে যে এই উপায়েৰে ঈশ্বৰক জানিব নোৱাৰি । ইয়াকো কোৱা হৈছে যে বেদ আৰু বৈদিক শাস্ত্ৰত যি বৰ্ণনা কৰা হৈছে সেয়ে ঈশ্বৰ বিষয়ক জ্ঞান আৰু সিয়ে ঈশ্বৰৰ অস্তিত্বৰো প্ৰমাণ। কিন্তু শাস্ত্ৰ অধ্যয়ন বা শ্ৰৱণ কৰি ঈশ্বৰৰ বিষয়ে জ্ঞান আহৰণ কৰাৰ বাবে মন ,বুদ্ধি আৰু ইন্দ্ৰিয়ৰ ক্ষমতাকে ব্যৱহাৰ কৰা হয় ।সেই কাৰণে শাস্ত্ৰৰ পৰা আহৰণ কৰা জ্ঞান ঈশ্বৰ উপলব্ধিৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক জ্ঞান বুলি ধৰা হয় । এই জ্ঞানৰ বিচাৰ বিশ্লেষণ কৰি মানুহে আত্মা আৰু শৰীৰৰ মাজত থকা পাৰ্থক্য বুজিব পাৰে। শাস্ত্ৰজ্ঞানৰ সহায়ত মানুহে বুজিব পাৰে যে এক পৰমাত্মাই দেৱতাকো সৃষ্টি কৰে আৰু মানুহকো সৃষ্টি কৰে ।ইয়াৰ অৰ্থ হৈছে এক পৰমাত্মাই দেৱতাৰ শৰীৰত প্ৰৱেশ কৰি দেৱতাৰূপে পৰিচিত হয় আৰু মানৱশৰীৰত প্ৰৱেশ কৰি মানৱ ৰূপে পৰিচিত হয়। দেৱতা আৰু মানুহৰ আত্মা এক হোৱা সত্বেও মানুহে দেৱতাৰ পূজা-উপাসনা কৰে । ইয়াৰ কাৰণ হৈছে মানৱ শৰীৰৰ মাধ্যমত পৰমাত্মাৰ যিমান প্ৰকাশ হয় দেৱশৰীৰৰ মাধ্যমত পৰমেশ্বৰৰ প্ৰকাশ তাতকৈ অনেক বেছি। একেদৰে মানুহৰ ভিতৰতো সাধাৰণ মানুহ , ভাল মানুহ , মহাপুৰুষ ,ঋষি-মুনি, চোৰ ,ডকাইত ইত্যাদি অনেক প্ৰকাৰ ভেদ আছে । এক পৰমাত্মাই এই সকলোকে স্ৰজন কৰিছে ,সকলোৰে ভিতৰত প্ৰৱেশ কৰিছে আৰু সকলোৰে কাৰ্যকলাপ পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰি আছে । কেৱল মাত্ৰ শৰীৰ-মনৰ স্বচ্ছতাৰ তাৰতম্য থকাৰ বাবে এক পৰমাত্মাই ঋষি-মুনি মহাপুৰুষৰ ৰূপতো প্ৰকাশিত হৈছে আৰু চোৰ দস্যুৰ ৰূপতো প্ৰকাশিত হৈছে । পৰমেশ্বৰৰ শক্তি যেতিয়া ঋষি-মুনিৰ বিশুদ্ধ শৰীৰ-মনৰ কাৰ্যকলাপৰ মাধ্যমত প্ৰকাশিত হয় তেতিয়া তাক ঈশ্বৰৰ মঙ্গলময় দৈৱিক শক্তি বুলি কোৱা হয় । আনহাতে সেই একে পৰমেশ্বৰৰ শক্তি যেতিয়া চোৰ দস্যুৰ অশুদ্ধ শৰীৰ-মনৰ কৰ্মৰ মাধ্যমত প্ৰকাশিত হয় তেতিয়া তাক অশুভ বা দুষ্ট শক্তি বুলি ধৰা হয় । ভাগৱতত বিভিন্ন কাহিনীৰ আলমত এই বিলাক কথা অতি বহলভাৱে ব্যাখ্যা কৰা হৈছে ।ভাগৱতৰ এই কাহিনী বিলাক শ্ৰৱণ কৰিলে মানুহে শৰীৰ-মনৰ বিশুদ্ধিকৰণ অতি প্ৰয়োজনীয় কথা বুলি সহজে বুজিব পাৰে । হৰিদেৱ গুৰুজনাই কৈছে যে শ্ৰদ্ধা সহকাৰে ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ আৰু বিচাৰ বিশ্লেষণ কৰি এনে প্ৰকাৰৰ জ্ঞান আহৰণ কৰাৰ পিছত মানুহৰ শৰীৰ্-মনৰ বিশুদ্ধতা নিজে নিজে সম্পাদন হয় আৰু এয়ে ভাগৱত শ্ৰৱণৰ মুখ্য উদ্দেশ্য। (আগলৈ)
No comments:
Post a Comment