The
religious teachings of the Satra Institution of Guru Harideva are specially meant
for ordinary house holders. We know that knowledge is a great power. Nothing
can be done without acquiring power of knowledge. By acquiring knowledge of the
subjects of material nature people perform material activities and enjoy the
happiness of the material world. By acquiring spiritual knowledge people
perform spiritual practice and attain spiritual achievements. Guru Harideva tells
that both types of knowledge and activities mentioned above are essential for
common people living householder’s life. In the Vedas, Bhagavata and other
Vedic scriprures definite duties and responsibilities are prescribed for the
house holders. They are entrusted with the duties and responsibilities of
supplying food, shelter and other necessary provisions of living to the sages,
wanderer, teachers, students, beggars, poor and downtrodden people in addition
to proper maintenance of their own families and relatives. Maintenance and
protection of animals, plants, nature, environments, social and cultural traditions and so many other duties are allotted to the house holders. In addition, performance
of sacrifices for the satisfaction of deceased forefathers, demigods and
performance of so many other duties are made essential parts of spiritual
practice for a householder. The details of all these things are available in
the Bhagavata and other Vedic scriptures. From this it becomes clear that for becoming an ideal householder possession of a healthy body and
sufficient wealth are essential
requirements . For that purpose knowledge of the subjects of material nature is
essential for a house holder. In Bhagavata also there are discussions on a wide
range of topics including geography, legends, music, dance, yoga, culture,
cosmology, astronomy, genealogy, physics,chemistry and so on. From this a house holder should
learn that these subjects discussed in Bhagavata are of material nature from
the material point of view. But from spiritual point of view nothing other than
God Almighty or Lord Krishna exists in the creation and so nothing except Lord
Krishna can be described in the Bhagavata.
Guru Harideva suggests that the material world, our duties towards the
material world as a house holder, reactions of our mind towards the material
world etc. are not separate from Krishna.
The whole material world is included in Lord Krishna. So abandonment of
the duties and responsibilities of the material world is not essential for
performance of spiritual practice. But it is essential to feel the
manifestation of Lord Krishna or God Almighty in each and everything of the material
world. Through all topics discussed in the Bhagavta this point is clarified in
various different ways. Guru Harideva suggests that each householder should collect this type knowledge by
serious hearing of the contents of Bhagavata for living a parallel and meaningful
material and spiritual life as above.(to be continued)
হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ শিক্ষা ব্যৱস্থা সাধাৰণ গৃহস্থ শ্ৰেণীৰ লোকৰ বাবে উপযোগী ।আমি জানো যে জ্ঞান এক বৃহৎ শক্তি । জ্ঞানশক্তি ব্যৱহাৰ নকৰাকৈ একো কাম কৰিব নোৱাৰি ।মানুহে বৈষয়িক বিষয়-বস্তুৰ জ্ঞান আহৰণ কৰি বৈষয়িক কাম কৰে আৰু বস্তুজগতৰ পৰা পাব পৰা সুখ-সুবিধা আহৰণ কৰে । পাৰমাৰ্থিক জ্ঞান আহৰণ কৰি মানুহে পাৰমাৰ্থিক সাধনা কৰে আৰু পাৰমাৰ্থিক জগতৰ পৰা আত্মজ্ঞান লাভ কৰে । হৰিদেৱ গুৰুজনাই কৈছে যে গৃহস্থ জীৱন যাপন কৰা সাধাৰণ মানুহৰ বাবে এই উভয় প্ৰকাৰৰ জ্ঞান অৰ্জন আৰু উভয় প্ৰকাৰৰ কৰ্ম সম্পাদন অপৰিহাৰ্যভাৱে প্ৰয়োজনীয় । ইয়াৰ কাৰণ হৈছে বেদ ,ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰত গৃহস্থ ব্যক্তিৰ বাবে কিছুমান দায়িত্ব আৰু কৰ্ত্তব্য পালন কৰাটো বাধ্যতামূলক বুলি কোৱা হৈছে ।সেই অনুসৰি গৃহস্থ ব্যক্তিয়ে নিজৰ পৰিয়াল আৰু আত্মীয়-স্বজনৰ ভৰণ-পোষণ আৰু অন্যান্য দায়-দায়িত্ব সুচাৰু ৰূপে পালন কৰাৰ উপৰিও ঋষি-মুনি , শিক্ষক , ছাত্ৰ , পৰিব্ৰাজক, ভিক্ষুক , অতিথি, সমাজৰ নিঃস্ব,দৰিদ্ৰ,আৰ্ত্ত,ৰুগীয়া আদি ব্যক্তিক প্ৰয়োজন অনুসৰি খাদ্য , আশ্ৰয় আদিকে ধৰি জীৱনধাৰণৰ অন্যান্য সা-সুবিধা প্ৰদান কৰিব লাগে । পৰলোকগত পিতৃ-মাতৃৰ তৃপ্তিৰ অৰ্থে শ্ৰাদ্ধ-তৰ্পণ, দেৱতাৰ সন্তুষ্টিৰ অৰ্থে যাগ-যজ্ঞ, জীৱ-জন্তু, প্ৰকৃতি ,সামজিক-সাংস্কৃতিক ধাৰা, পৰিবেশ ইত্যাদিৰ সু-সংৰক্ষণকে ধৰি আৰু অনেক ধৰণৰ দায় দায়িত্ব পালন কৰাটো গৃহস্থ ব্যক্তিৰ একান্ত কৰ্ত্তব্য। এই বিলাক কৰ্ম গৃহস্থ ব্যক্তিৰ পাৰমাৰ্থিক সাধনাৰো অপৰিহাৰ্য অঙ্গ।বেদ আৰু ভাগৱতকে ধৰি অন্যান্য বৈদিক শাস্ত্ৰত এইবিলাক কথা বিতংভাৱে কোৱা হৈছে ।ইয়াৰ পৰা এই কথা স্পষ্ট হয় যে ওপৰোক্ত সকলো দায়িত্ব আৰু কৰ্ত্তব্য সুচাৰু ৰূপে পালন কৰাৰ বাবে গৃহস্থ ব্যক্তি সুস্থ শৰীৰ আৰু প্ৰচুৰ বৈষয়িক সা-সম্পদৰ অধিকাৰী হোৱাৰ প্ৰয়োজন আছে । এই প্ৰয়োজন পূৰণ কৰাৰ বাবে গৃহস্থ ব্যক্তিয়ে বৈষয়িক বিষয়-বস্তুৰ জ্ঞান আহৰণ কৰিব লাগে । ভাগৱততো ভুগোল ,ইতিহাস ,সংগীত ,নৃত্য ,যোগ ,কৃষ্টি-সংস্কৃতি , সৃষ্টিতত্ব , জ্যোতিৰ্বিজ্ঞান ,বংশগতিতত্ব, পদাৰ্থতত্ব্,ৰসায়ণতত্ব ইত্যাদিকে ধৰি প্ৰায় সমস্ত জাগতিক বিষয়-বস্তুৰ জ্ঞান সন্নিবিষ্ট কৰা হৈছে । ইয়াৰ পৰা গৃহস্থ ব্যক্তিয়ে এই কথা বুজা উচিত যে জাগতিক দৃষ্টিকোণৰ পৰা চালে ভাগৱতত বৰ্ণনা কৰা এই বিষয়সমুহ জাগতিক বিষয়। কিন্তু পাৰমাৰ্থিক দৃষ্টিকোণৰ পৰা চালে সৃষ্টিত পৰমেশ্বৰ বা কৃষ্ণৰ বাহিৰে একো বস্তু নাই। সেই কাৰণে ভাগৱতত কৃষ্ণকথাত বাদে আন একোৰে বৰ্ণনাও থাকিব নোৱাৰে । হৰিদেৱ গুৰুজনাই কৈছে যে স্থূল জগত ,গৃহস্থ ব্যক্তি হিচাপে স্থূল জগতৰ প্ৰতি থকা আমাৰ দায়িত্ব আৰু কৰ্ত্তব্য , স্থূল জগত সম্পৰ্কে আমাৰ মনত উৎপন্ন হোৱা ক্ৰিয়া-প্ৰতিক্ৰিয়া ইত্যাদি একোৱে কৃষ্ণৰ পৰা পৃথক নহয়। সমস্ত জাগতিক বিষয়-বস্তু ভগৱান কৃষ্ণত অন্তৰ্ভুক্ত হৈ আছে ।সেই কাৰণে জাগতিক বিষয় বস্তুৰ সৈতে সম্পৰ্ক পৰিত্যাগ কৰি পাৰমাৰ্থিক সাধনা কৰাৰ প্ৰয়োজন নাই । স্থূল জগতৰ বৈষয়িক বিষয়-বস্তুৰ মাজতো ভগৱান কৃষ্ণৰ প্ৰকাশ উপলব্ধি কৰাটোহে সাধাৰণ গৃহস্থৰ বাবে প্ৰয়োজনীয় কথা আৰু ভাগৱতত আলোচনা কৰা প্ৰতিটো কথাপ্ৰসঙ্গতে এই কথা স্পষ্ট কৰা হৈছে । আদৰ্শ গৃহস্থ জীৱন যাপন কৰাৰ সমান্তৰালভাৱে নিষ্ঠাপূৰ্ণ পাৰমাৰ্থিক সাধনা কৰাৰ বাবে শ্ৰদ্ধা সহকাৰে ভাগৱত শ্ৰৱণ কৰি এইবিলাক জ্ঞান আহৰণ কৰা প্ৰত্যেক গৃহস্থ ব্যক্তিৰ একান্ত কৰ্ত্তব্য বুলি হৰিদেৱ গুৰুজনাই কৈছে । (আগলৈ)
No comments:
Post a Comment