The Bhagavadgita and Bhagavata declare that perfect
spiritual knowledge or knowledge
pertaining to God acts as the strongest purifying agent for purification of the “antahkarana”
or mind. This is because the correct knowledge pertaining to God is not
separate from God. So, attainment of knowledge pertaining to God means attainment of God. People gain knowledge of
various subjects like science, arts, commerce, engineering, history, geography,
astronomy, medicine and so on. Here the things to be known, the knowledge pertaining to those things and the persons who gain the knowledge are separate from each other. For example, one can know
so many things about a cow. But in this case, the cow is one thing and the
knowledge pertaining to that cow is another thing. Again, the person who gains
that knowledge is separate from both the cow and the knowledge pertaining to
the cow. In other words we can say that the cow and the knowledge pertaining to the
cow are external objects for the knower. Guru Harideva says that attainment of
such knowledge is essential for human beings for living a comfortable material
life. But at the same time, it is also essential to purify one’s “antahkarana”
or mind by attainment of spiritual knowledge. Otherwise after gaining the highest
knowledge of material nature also people can not utilize the power of that
knowledge in proper direction for greater purposes. In Bhagavata and other Vedic
Scriptures this fact is elaborately explained with the help of life stories of various
characters. Now coming to the point, we can say that God is not external object
for us. He is within us as our consciousness or soul and so God can not be
separated from us. We also know that the sun rays can not be separated from the
sun and heat can not be separated from fire. Similarly knowledge of God can not
be separated from God. But the sun is sometimes covered from our eyesight by the
clouds. Also, if some partition is placed between the burning fire and our body
we can not feel the heat of fire. Similarly, the ignorance or impurities of
mind creates a barrier between our mind and God or the soul. Unless that barrier is removed we
can not gain the knowledge pertaining to God in spite of his presence in us. Guru
Harideva tells that if we practice “shravana” or go on hearing the contents
of Bhagavata regularly, then this barrier or cover is gradually removed and we
can feel revelation of God or knowledge pertaining to god in our purified “antahkarana”
or mind. (to be continued )
ভগৱদ্গীতা আৰু ভাগৱতত কোৱা হৈছে যে বিশুদ্ধ পাৰমাৰ্থিক জ্ঞান বা ঈশ্বৰ বিষয়ক জ্ঞানতকৈ পৱিত্ৰতৰ বস্তু অন্য একো নাই। পাৰমাৰ্থিক জ্ঞানে অন্তঃকৰণ বা মনৰ সম্পূৰ্ণ মলিনতা দূৰ কৰিব পাৰে।ইয়াৰ কাৰণ হৈছে ঈশ্বৰ বিষয়ক শুদ্ধ জ্ঞান আৰু ঈশ্বৰৰ মাজত কোনো প্ৰভেদ নাই । অৰ্থাৎ ঈশ্বৰ বিষয়ক জ্ঞান আহৰণ আৰু ঈশ্বৰ প্ৰাপ্তি একে কথা ।মানুহে বিজ্ঞান ,কলা ,বাণিজ্য , যন্ত্ৰবিদ্যা , চিকিৎসা বিদ্যা , ভূগোল ,বুৰঞ্জী ইত্যাদি অনেক বিষয়ৰ জ্ঞান অৰ্জন কৰে ।এই ক্ষেত্ৰত জানিবলগীয়া
বস্তু, সেই বস্তুৰ জ্ঞান আৰু যি ব্যক্তিয়ে জ্ঞান আহৰণ কৰে সেই সকলো পৃথক পৃথক। উদাহৰণ স্বৰূপে কোনো ব্যক্তিয়ে এটা গৰুৰ বিষয়ে বহুতো কথা জানিব পাৰে । এই ক্ষেত্ৰত গৰু এটা বস্তু , গৰু বিষয়ক জ্ঞান অন্য এটা বস্তু । তদুপৰি যিজন ব্যক্তিয়ে গৰুটোৰ বিষয়ে জ্ঞান আহৰণ কৰে তেওঁ গৰু আৰু জ্ঞান উভয়ৰে পৰা পৃথক। অন্যভাৱে ক’ব পাৰি যে এই ক্ষেত্ৰত গৰু আৰু গৰু বিষয়ক জ্ঞান, যি ব্যক্তিয়ে জ্ঞান আহৰণ কৰে তেওঁৰ বাহিৰত থাকে । হৰিদেৱ গুৰুজনাই কৈছে যে মানুহৰ বৈষয়িক সুখ-সমৃদ্ধিপূৰ্ণ জীৱন যাপনৰ বাবে এই প্ৰকাৰৰ জ্ঞান অতি আৱশ্যক। কিন্তু ইয়াৰ লগতে মানুহে নিজৰ চিত্তশুদ্ধিৰ বাবে ঈশ্বৰ বিষয়ক জ্ঞান আহৰণ কৰাৰো প্ৰয়োজন আছে। অন্যথা অতি উচ্চ স্তৰৰ বৈষয়িক জ্ঞান লাভ কৰাৰ পিছতো মানুহে সেই জ্ঞানৰ শক্তি উপযুক্ত দিশত পৰিচালনা কৰি উচ্চতৰ আদৰ্শসম্পন্ন কাম কৰিব নোৱাৰে । ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰত বিভিন্ন চৰিত্ৰৰ আলমত ৰচনা কৰা অনেক কাহিনীৰ মাধ্যমত এই কথা স্পষ্টভাৱে বুজাই দিয়া হৈছে ।এতিয়া মূল প্ৰসঙ্গলৈ আহি কোৱা যায় যে ঈশ্বৰ আমাৰ বাহিৰত থকা কোনো বস্তু নহয় । ঈশ্বৰ চৈতন্য বা আত্মাৰূপে আমাৰ ভিতৰতে থাকে । ঈশ্বৰৰ পৰা আমাক পৃথক কৰিব নোৱাৰি । আমি জানো যে সূৰ্যৰ পৰা সূৰ্যৰশ্মি পৃথক কৰা নাযায় বা জুইৰ পৰা জুইৰ উত্তাপ পৃথক কৰিব নোৱাৰি । একেদৰে ঈশ্বৰৰ জ্ঞানকো ঈশ্বৰৰ পৰা পৃথকভাৱে চিন্তা কৰিব নোৱাৰি । কিন্তু কেতিয়াবা মেঘে আমাৰ চকুৰ দৃষ্টিপথত বাধাৰ সৃষ্টি কৰি সূৰ্য নেদেখা কৰে । জ্বলি থকা জুই আৰু শৰীৰৰ মাজত বেৰ দিলে জুইৰ উত্তাপ অনুভৱ নহয় । একেদৰে অজ্ঞানতা বা মনৰ অপবিত্ৰতাই ঈশ্বৰ বা আত্মা আৰু আমাৰ মনৰ মাজত আৱৰণ বা বেৰৰ সৃষ্টি কৰে ।ঈশ্বৰ আমাৰ ভিতৰতে থকা সত্বেও এই আৱৰণ দূৰ নকৰা পৰ্যন্ত আমি ঈশ্বৰ বিষয়ক বিশুদ্ধ জ্ঞান লাভ কৰিব নোৱাৰো ।হৰিদেৱ গুৰুজনাই কৈছে নিয়মিতভাৱে ভাগৱত শ্ৰৱণ কৰি থাকিলে এই আৱৰণ ক্ৰমান্বয়ে দূৰ হৈ থাকে আৰু লাহে লাহে আমাৰ বিশুদ্ধ অন্তঃকৰণত ঈশ্বৰ বিষয়ক জ্ঞান বা ঈশ্বৰৰ প্ৰকাশ স্পষ্টভাৱে অনুভূত হয় । (আগলৈ)
No comments:
Post a Comment