Guru
Harideva tells that by Shravana or hearing of Bhagavata people can become free
from inferiority complex of mind.This is the most desirable benefit among all benefits
that a common man can have by hearing of Bhagavata. This is because a man having
inferiority complex can not be encouraged to perform any work of higher
responsibility. In the Vedic scriptures there is a long list of duties and
responsibilities allotted to the householders. In the preceding post we
mentioned some of them. But in actuality all people are not equally placed in the
human society. By legacy of birth itself some people become rich and some of
them become poor. Some people get facility of better education, better living
etc and some are deprived of those. Some people draw respect from the society
due to their birth in a respectable family and some have to face disrespect due
his lower birth. Beyond that also all people can not develop themselves equally
due to differences of their mind and intelligence and also due differences in their social,
economical, geographical, cultural and other conditions of living. Thus it is not possible for all people to perform
their duties towards their own family, relatives, society and the world as a
whole. Some of them even need help from others for their own day to day living.
Moreover people suffer from poverty, illness, fear, mental anxieties, natural
calamities and so many other natural and man made factors. Finding no way out
from such distresses people lose hope and suffer from inferiority complex.
Scriptures say that the happiness and sorrow of human beings originate from the
activities of one’s past lives. But for
a common ignorant human being in distress this type scriptural advice
does not carry any meaning. Also, wise
people know that giving such advice to a people in distress is
an act of cruelty and of inhuman nature. Ignorant people does not know anything about past life , past
deeds etc. They expect relief from their
present sufferings and also assurance of non-repetition of those situations in
future. Guru Harideva tells that Bhagavata contains solution of those problems
of human life. Through serious hearing or shravana of Bhagavata people can see
the path of coming out from those problems. (to be continued )
হৰিদেৱ গুৰুজনাই কৈছে যে ভাগৱত শাস্ত্ৰ শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰিলে মানুহৰ মনৰ পৰা হীনমন্যতা দূৰীভূত হয় । ভাগৱত শ্ৰৱণৰ পৰা সাধাৰণ লোকে পাব পৰা উপকাৰ সমুহৰ ভিতৰত ইয়াকে সবাতোকৈ শ্ৰেষ্ঠ উপকাৰ বুলি ধৰিব পাৰি। কাৰণ হীনমন্যতাত ভোগা মানুহক কোনো ধৰণৰ উচ্চ দায়-দায়িত্বশীল কাম কৰাৰ বাবে কোনো প্ৰকাৰে উৎসাহিত কৰা সম্ভৱ নহয়।বৈদিক শাস্ত্ৰসমুহত গৃহস্থ ব্যক্তিৰ কৰ্ত্তব্য আৰু দায়িত্বৰ এক দীঘলীয়া তালিকা দিয়া হৈছে । আগৰ লিখনিত ইয়াৰে কিছু অংশ উল্লেখ কৰা হৈছে ।কিন্তু প্ৰকৃত কথা হৈছে যে জগতত সকলো মানুহ সমান অৱস্থাত নাই। জন্মসূত্ৰেই কিছুমান মানুহ ধনী হয় আৰু কিছুমান মানুহ দৰিদ্ৰ হয় ।কিছুমান লোকে ভাল শিক্ষা-দীক্ষা আৰু উন্নত মানৰ জীৱন যাপন কৰাৰ বাবে প্ৰচুৰ সুযোগ-সুবিধা লাভ কৰে আৰু কিছুমানে এইবিলাকৰ পৰা একেবাৰে বঞ্ছিত হয় । সন্মানীয় পৰিয়ালত জন্ম গ্ৰহণ কৰি কিছুমান লোকে সমাজৰ পৰা সন্মান লাভ কৰে আৰু নিম্ন স্তৰৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা হেতুকে একাংশ লোকে মান-সন্মানৰ পৰা বঞ্ছিত হয় ।জন্ম সূত্ৰে লাভ কৰা সুবিধা-অসুবিধাৰ কথা বাদ দিলও দেখা যায় যে সকলো মানুহৰ অৱস্থা সমান হ’ব নোৱাৰে। ইয়াৰ কাৰণ সকলো মানুহৰ মনৰ অৱস্থা , বুদ্ধি-বৃত্তি, আৰ্থিক ,সামাজিক ,সাংস্কৃতিক , ভৌগোলিক ইত্যাদিকে ধৰি জীৱন ধাৰণৰ পৰিবেশ্-পৰিস্থিতিসমুহ পৃথক পৃথক। সেই কাৰণে সকলো মানুহে
সমানভাৱে নিজৰ পৰিয়াল ,আত্মীয়-স্বজন , সমাজ বা সামগ্ৰিকভাৱে সমস্ত সৃষ্টিৰ প্ৰতি থকা নিজৰ দায়িত্ব আৰু কৰ্ত্তব্যসমুহ পালন কৰিব নোৱাৰে । আনকি তেওঁলোকৰ একাংশই নিজৰ দৈনন্দিন জীৱন সংগ্ৰাম চলাই নিয়াৰ বাবেও অন্যৰ পৰা সহায় লোৱাৰ প্ৰয়োজন হয় ।দৰিদ্ৰতা, ৰোগ , ভয় ,মানসিক উদ্বিগ্নতা, প্ৰাকৃতিক উপদ্ৰৱ, মানৱ সৃষ্ট অসুবিধা ইত্যাদি অনেক প্ৰকাৰৰ জ্বালা যন্ত্ৰণাৰ দ্বাৰা মনুহ পীড়িত হয় । এই বিলাকৰ পৰা বাহিৰলৈ অহাৰ একো উপায় বিচাৰি নোপোৱা হেতুকে মানুহ হতাশাগ্ৰস্ত হয় আৰু হীনমন্যতাত ভোগে ।শাস্ত্ৰত কোৱা হৈছে যে অতীতত কৰি অহা কৰ্মৰ ফলত মানুহে সুখ বা দুখ ভোগ কৰে ।কিন্তু দুখ যন্ত্ৰণাৰ মাজত ককবকাই থকা মানুহৰ বাবে এনে শাস্ত্ৰীয় উপদেশৰ একো মূল্য নাথাকে। জ্ঞানী লোকে জানে
যে দুৰ্দশাগ্ৰস্ত সাধাৰণ
মানুহক এনে ধৰণৰ শাস্ত্ৰ্ৰীয় জ্ঞান-উপদেশ দিয়াটো
এক নিৰ্মম অমানৱীয় কাৰ্য ।অজ্ঞানী
জনসাধাৰণে পূৰ্বজন্ম , পূৰ্বজন্মৰ কৰ্মফল ইত্যাদি কথা বুজি নাপায় ।তেওঁলোকে কেৱল মাত্ৰ বৰ্ত্তমানৰ যন্ত্ৰণাময় অৱস্থাৰ পৰা পৰিত্ৰাণ বিচাৰে আৰু ভৱিষ্যতে যাতে
কোনো প্ৰকাৰৰ যন্ত্ৰণাময় অৱস্থা তেওঁলোকৰ জীৱনলৈ নাহে তাৰ নিশ্চয়তা বিচাৰে । হৰিদেৱ গুৰুজনাই কৈছে যে ভাগৱত শাস্ত্ৰত মানুহৰ জীৱনৰ এনে জটিল সমস্যা সমাধানৰ পথ নিৰ্দেশ কৰা হৈছে । শ্ৰদ্ধা সহকাৰে ভাগৱত শ্ৰৱণ কৰিলে এই পথৰ সন্ধান পোৱা যায় । (আগলৈ)
No comments:
Post a Comment