Thursday, 12 August 2021

Religious Teachings of the “Satra” Institution of Guru Harideva -24 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-২৪)

 

It is said that Vedanta Philosophy is the base of the Bhagavata. Collecting the essence from Vedanta Philosophy Bhagavata tells that Lord Krishna is the Param Brahma or Super soul or God Almighty. Before coming to the present human life we passed through innumerable life and death cycles. Lord Krishna remains always and under all conditions present with us as our consciousness or soul. These information are available in the Bhagavata.We also know that there are innumerable number of objects in the world.  But we can know a very small part of them. Most of the things available in the world remain unknown to us. This is because we can know only those things with which our mind is connected. Also, the quality and quantity of the knowledge attained by this process are in accordance with the capacity of our mind and intelligence. Now we can see that, there is detailed information about Lord Krishna in the Bhagavata. Many ways of spiritual practices are described there. Many advices for living ideal spiritual and material life etc are there in  the Bhagavata .But unless we connect our mind with that huge storage of knowledge nothing from the Bhagavata can enter into us.  Shravana or hearing is the process through which our mind can be connected to the huge storage of knowledge and information contained in the Bhagavata. By shravana or hearing we become able to know something of the contents of  Bhagavata in accordance with the capacity of our mind and intelligence. But if some competent scholar of Bhagavata recite the scripture and explain the contents in a correct and simplified way then we can gain more perfect and clear knowledge by Shravana. Again if we hear Bhagavata with purified body-mind complex then the contents of Bhagavata become more clear to us. The rules and regulations suggested for attending Bhagavata Yajna are meant for purification of the body mind complex. Analyzing the things in this way Guru Harideva suggests that the week-long Bhagavata Yajna is the best form of Yajna or sacrifice for the  current age of Kali. Continuous Shravana or hearing of the complete Bhagavata by attending week-long Bhagavata Yajna with due observance of the scriptural rules and regulations is the best way of spiritual practice for this age. ( to be continued)

ভাগৱত বেদান্ত দৰ্শনৰ ওপৰত আধাৰিত বুলি কোৱা হৈছে বেদান্তৰ পৰা সাৰ সংগ্ৰহ কৰি ভাগৱতে কৈছে যে ভগৱান কৃষ্ণ  পৰম ব্ৰহ্ম , পৰমাত্মা বা পৰমেশ্বৰ বৰ্ত্তমান মানৱী জন্ম গ্ৰহণ কৰাৰ পূৰ্বে অসংখ্যবাৰ আমাৰ জন্ম-মৃত্যু হৈছে। কৃষ্ণ আত্মা বা চৈতন্য ৰূপে আমাৰ লগত জন্ম-জন্মান্তৰ ধৰি সকলো সময়তে আৰু সকলো অৱস্থাতে বিদ্যমান থাকেএইবিলাক কথা ভাগৱতত লিখা আছে আমি জানো যে জগতত অসংখ্য সংখ্যক বস্তু আছে অসংখ্য সংখ্যক ঘটনা ঘটি আছে ইয়াৰে  অতি সামান্য সংখ্যক বস্তু বা ঘটনাৰ বিষয়েহে আমি জানিব পাৰো ইয়াৰ কাৰণ হৈছে যিবিলাক বস্তু বা ঘটনাৰ সৈতে আমাৰ মনৰ সংযোগ ঘটে সেইবিলাকৰ বিষয়েহে আমি জানিব পাৰো । এনেদৰে লাভ কৰা জ্ঞান গুণগত আৰু পৰিমাণগতভাৱে আমাৰ মন আৰু বুদ্ধিৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া দেখা যায় যে ভাগৱতত ভগৱান কৃষ্ণৰ বিষয়ে বিভিন্ন ধৰণে বৰ্ণনা কৰা হৈছে । ইয়াত বিভিন্ন প্ৰকাৰৰ পাৰমাৰ্থিক সাধনৰ পথৰ কথা কোৱা কৈছে । আদৰ্শ সাংসাৰিক আৰু পাৰমাৰ্থিক জীৱন যাপনৰ বাবে প্ৰয়োজনীয় সকলো বিষয়ৰ জ্ঞান আৰু উপদেশো ইয়াত আছে   কিন্তু কিবা প্ৰকাৰে ভাগৱতৰ বিশাল জ্ঞান ভাণ্ডাৰৰ সৈতে আমাৰ মন-বুদ্ধিৰ সংযোগ সাধন নকৰিলে এই জ্ঞান আমাৰ ভিতৰলৈ আহিব নোৱাৰে শ্ৰৱণ প্ৰক্ৰিয়াৰ দ্বাৰা ভাগৱতত পুঞ্জীভুত হৈ থকা জ্ঞান ভাণ্ডাৰৰ সৈতে আমাৰ মনৰ সংযোগ সাধন হয় তেতিয়া আমি আমাৰ মন-বুদ্ধিৰ ক্ষমতা অনুযায়ী যিমানখিনি সম্ভৱ ভাগৱত জ্ঞান আহৰণ কৰিব পাৰো কিন্তু  ভাগৱত শাস্ত্ৰৰ অগাধ জ্ঞান সম্পন্ন কোনো ব্যক্তিয়ে যদি সহজ সৰল আৰু শুদ্ধ ৰূপত ভাগৱতৰ কথাবিলাক ভাঙি-পাতি বুজাই দিয়ে তেতিয়া আমি তাতকৈ বেছি শুদ্ধ আৰু স্পষ্টতৰ  জ্ঞান আহৰণ কৰিব পাৰো সেইদৰে ভাগৱত শ্ৰৱণ কৰাৰ সময়ত শৰীৰ-মন শুদ্ধ হৈ থাকিলে কথাবিলাক তাতোকৈ স্পষ্টভাৱে বুজা যায় ভাগৱত যজ্ঞত অংশ গ্ৰহণ কৰাৰ বাবে যিবিলাক ব্ৰত নিয়ম ইত্যাদি পালনৰ উপদেশ দিয়া হৈছে সেইবিলাক পালন কৰিলে শৰীৰ-মনৰ শুদ্ধতা সম্পাদন হয়এনেদৰে সকলো দিশৰ পৰা  বিচাৰ বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে সাতদিন ধৰি অনুষ্ঠিত হোৱা ভাগৱ্ত পাঠ অনুষ্ঠান কলিযুগৰ সৰ্বোত্তম যজ্ঞ এই যজ্ঞত শাস্ত্ৰসন্মত নীতি নিয়ম পালন কৰি শ্ৰদ্ধা সহকাৰে একেৰাহে সাতদিন সম্পূৰ্ণ ভাগৱত শ্ৰৱণ কৰাটো বৰ্ত্তমান যুগৰ উপযোগী শ্ৰেষ্ঠতম পাৰমাৰ্থিক সাধনা (আগলৈ)


No comments:

Post a Comment