From
1493 CE to 1566 CE Guru Harideva arranged week-long Bhagavata Yajna every year
at Maneri Satra. The original place of Maneri Satra was in the Barpeta District
of the present day Assam. This Bhagavata Yajna or Jnana Yajna was arranged in the
model of the Vedic sacrifices performed by the ancient sages. Through
this ritualistic approach Guru Harideva tried to ensure active involvement of
general public in large numbers with the Bhagavata and the religious practices
suggested in the Bhagavata. Bhagavata is a vast volume where the complete life
story and the activities of Lord Krishna are fully depicted. With various stories,
examples, analogies, explanations, advises and theories Bhagavata proves that Lord Krishna is the Supersoul and he is also
the soul of all entities in the creation. This picture can clearly come to one’s
mind only after study or hearing of the whole Bhagavata from its beginning to
the end. By casual approach of short duration people can study or hear a very
small part of Bhagavata. Common ignorant people remain busy with household activities
and problems related to house holder’s life. It is not possible for them to
remember all of the small parts of Bhagavata that they casually hear. They can
not maintain the continuity of the contents of Bhagavata as a whole . By such casual approach
towards Shravana it is not possible to form any idea of the
total contents of Bhagavata. On the other hand it is possible for any people to
keep themselves away for household duties for one week in a year. They can
spend that time for continuous hearing of Bhagavata from competent scholars. It
is not difficult for a common householder to obey the disciplinary rules and
regulations recommended for attending Bhagavata Yajna for one week. But in this
way common people can hear the complete Bhagavata and get an overall idea of
the total contents of Bhagavata within one week. Afterwards they can study or
hear Bhagavata as and when they find time for making their ideas clear. This
was the thought behind the introduction of the week-long Bhagavata Yajna by
Guru Harideva. With such idea in mind Guru Harideva used to make elaborate
arrangements to attract people in large numbers to the Bhagavata Yajna. Decorated
huge pandals, proper sitting arrangements for the reciters, speakers, scholars,
serious listeners and general public were there. Necessary arrangements for
reception, fooding, lodging , cultural
performances etc were made available. All precautions were taken for
peaceful management of the huge gathering and so on. In this way Bhagavat Yajna
of Guru Harideva continued for a long period of more than seventy years. (to be
continued)
হৰিদেৱ গুৰুজনাই ১৪৯৩ খৃষ্টাব্দৰ পৰা ১৫৬৬ খৃষ্টাব্দলৈ প্ৰতি বছৰে মানেৰী সত্ৰত সাতদিনীয়া ভাগৱত যজ্ঞ অনুষ্ঠিত কৰিছিল । মূল মানেৰী সত্ৰৰ স্থান বৰ্ত্তমান অসমৰ বৰপেটা জিলাৰ অন্তৰ্গত। এই যজ্ঞৰ আৰ্হি প্ৰাচীন ঋষিমুনি সকলে কৰা বৈদিক যজ্ঞৰ নিচিনাকৈ প্ৰস্তুত কৰা হৈছিল ।এই প্ৰকাৰৰ আনুষ্ঠানিকতাৰ মাজেৰে গুৰুজনাই ভাগৱত শাস্ত্ৰ আৰু ভগৱতত বৰ্ণনা কৰা পাৰমাৰ্থিক সাধন পদ্ধতিৰ সৈতে অধিকতৰ সংখ্যক লোকৰ সংযোগ সাধন কৰাৰ চেষ্টা কৰিছিল । ভাগৱত এখন বিশাল আকাৰৰ গ্ৰন্থ আৰু ইয়াতে ভগৱান কৃষ্ণৰ সমগ্ৰ জীৱন কাহিনী আৰু তেওঁ কৰা সমগ্ৰ লৌকিক আৰু অলৌকিক কাৰ্যৰ সম্পূৰ্ণ বৰ্ণনা আছে।ভাগৱতত বিভিন্ন কাহিনী ,উপকাহিনী , উদাহৰণ , উপমা, ব্যাখ্যা, উপদেশ আৰু তত্বকথাৰ মাধ্যমত ভগৱান কৃষ্ণক একক আৰু অদ্বিতীয় পৰমাত্মা বা পৰমেশ্বৰ বুলি প্ৰমাণ কৰি দেখুওৱা হৈছে । লগতে কোৱা হৈছে যে তেৱেঁ জগতৰ স্থাৱৰ জঙ্গম সমস্তৰে আত্মাও । আদিৰ পৰা অন্তলৈকে সমগ্ৰ ভাগৱত পঢ়া বা শুনাৰ পিছতহে এই সম্পূৰ্ণ ছৱিখন আমাৰ মনলৈ আহিব পাৰে । অলপ সময়ৰ বাবে ভাগৱতৰ কিবা অলপ কথা পঢ়ি বা শুনি সামান্য কথাহে জানিব পাৰি।সাধাৰণ মানুহে ঘৰুৱা সাংসাৰিক কাম সদাব্যস্ত হৈ থাকিব লাগে । গৃহস্থ জীৱনৰ বিভিন্ন সমস্যা সমাধানৰ বাবে যত্ন কৰি থাকিব লাগে । তাৰ মাজত অলপ অলপকৈ পঢ়া বা শুনা ভাগৱতৰ খণ্ড খণ্ড কথাবিলাক সংগতিপূৰ্ণভাৱে মনত ৰাখি বিশাল শাস্ত্ৰখনৰ সম্পূৰ্ণ জ্ঞান আহৰণ কৰা এইসকল অশিক্ষিত আৰু অজ্ঞানী লোকৰ বাবে সম্ভৱপৰ কথা নহয় । আনহাতে এই সকল ব্যক্তিয়ে বছৰৰ মাত্ৰ সাতটা দিন গৃহকৰ্মৰ পৰা অব্যাহতি ল’ব পাৰে। সেই এসপ্তাহ কাল একেৰাহে বিশিষ্ট জ্ঞানী লোকে কৰা ভাগৱত পাঠ আৰু ব্যাখ্যা শুনিব পাৰে । বছৰৰ মাত্ৰ সাতটা দিন ভাগৱত শ্ৰোতাৰ বাবে বান্ধি দিয়া নীতি, নিয়ম ,ব্ৰত আদি পালন কৰি ভাগৱত শ্ৰৱণ কৰাত তেওঁলোকৰ অসুবিধা নহয় । কিন্তু এই প্ৰক্ৰিয়াৰ মাজেৰে সাধাৰণ অজ্ঞানী লোকেও এসপ্তাহ কালৰ ভিতৰত সম্পূৰ্ণ ভাগৱত শ্ৰৱণ কৰি ইয়াৰ বিষয়বস্তু সম্পৰ্কে এটা সামগ্ৰিক ধাৰণা লাভ কৰাৰ লগতে ভাগৱত শ্ৰৱণৰ লক্ষ্য আৰু উদ্দেশ্য কি তাক স্পষ্টভাৱে বুজিব পাৰে ।ইয়াৰ পিছৰ পৰ্যায়ত সেইসকল লোকে নিজৰ নিজৰ সময় সুবিধা অনুসৰি ভাগৱতৰ আংশিক অধ্যয়ন বা শ্ৰৱণ কৰিলেও ভাগৱত তত্ব বুজাত সুবিধা হয় । এইবিলাক কথা বিবেচনা কৰি হৰিদেৱ গুৰুজনাই সাত দিনীয়া ভাগৱত যজ্ঞৰ প্ৰৱৰ্ত্তন কৰিছিল । ভাগৱত যজ্ঞলৈ যিমান পাৰি অধিক সংখ্যক লোকক আকৰ্ষণ কৰি অনাৰ বাবে অনেক ব্যৱস্থা গ্ৰহণ কৰিছিল । যজ্ঞ অনুষ্ঠিত কৰাৰ বাবে বৃহৎ আকাৰৰ সুদৃশ্য মণ্ডপ নিৰ্মাণ কৰা হৈছিল । ভাগৱতৰ পাঠক , ব্যাখ্যাকৰ্ত্তা , উপস্থিত পণ্ডিত সমাজ , ব্ৰতধাৰী শ্ৰোতা , সাধাৰণ শ্ৰোতা ইত্যাদি সকলোৰে বাবে যথোপযুক্ত আদৰ-আপ্যায়ন আৰু আসনৰ ব্যৱস্থা কৰা হৈছিল । ভোজন , জিৰণীগৃহ আৰু সাংস্কৃতিক কাৰ্যক্ৰম আদিকে ধৰি অন্য সকলো প্ৰকাৰৰ প্ৰয়োজনীয় ব্যৱস্থা কৰা হৈছিল।বৃহৎ জনসমাগম হোৱা এই অনুষ্ঠানৰ কাৰ্যসূচী শান্তিপূৰ্ণ আৰু শৃংখলাৱদ্ধ ভাৱে চলাই নিয়াৰ বাবে সকলো প্ৰকাৰৰ সাৱধানতা অৱলম্বন কৰা হৈছিল ।এনেদৰে হৰিদেৱ গুৰুজনাৰ ভাগৱত যজ্ঞ সত্তৰ বছৰৰো অধিক কাল চলি আছিল (আগলৈ)
No comments:
Post a Comment