Guru
Harideva tells that common people do not know the actual characteristics of the
happiness and sorrow of the material life. So they suffer from inferiority
complex. By serious hearing of the contents of Bhagavata this problem can be overcome.
Bhagavata tells that the situations of the material world change in every
moment. When the situations are changed in accordance with the expectation of a
man he becomes happy. When the changes in situation does not fulfill the
expectations of a man he becomes unhappy. So, the feelings of happiness and
sorrow of a human being can never be permanent. Due to the changes in situation
some particular things or happenings may bring joy and happiness to a
particular person at one time. But as soon as there is change in situation, the
same things or happenings become causes of sorrow and distress for the same
person.These things we can feel from the experiences of our day to day life.
Bhagavata explains the nature of happiness and sorrow that we enjoy in this
world with an analogy as follows. If we carry a heavy load on our head for
sometimes , we feel pain in our head and neck. Then we shift the load to our
shoulder. In this way we give some temporary relief to our head. But
the load still remains on our body. After sometimes we feel pain on our
shoulder due to the load. Then to give relief to the shoulder we shift the load
to our head again. Bhagavata tells that the nature of happiness and sorrow of our
life are of this type. With various
types of examples and stories like this Bhagavata explains this subject. From those explanations a common people in
distress can easily understand that the situation faced by him is a temporary
stage of his life. He can also feel that the happiness expected by him to get
relief from his sufferings is also of the same nature. Moreover, both the temporary
situations of happiness and sorrow can be created by people with their own
efforts like shifting of load from head to shoulder and vice versa as mentioned
in the above analogy. In this way from Shravana of Bhagavata common people can
get encouragement to fight boldly against the prevailing situations and come out from the distressful
situations of material life. At the same time people can also understand that for
coming out from those transient states of happiness and sorrow and enjoy
everlasting happiness one should go beyond the material life through the path of
spiritual practices as suggested by the Bhagavata. (to be continued)
হৰিদেৱ
গুৰুজনাই কৈছে যে বৈষয়িক জীৱনৰ সুখ দুখৰ চৰিত্ৰ সম্পৰ্কে শুদ্ধ জ্ঞানৰ অভাৱৰ বাবে
মানুহে হীনমন্যতাত ভোগে । শ্ৰদ্ধা সহকাৰে ভাগৱত শ্ৰৱণ
কৰিলে জগতৰ সুখ দুখ সম্পৰ্কে শুদ্ধ জ্ঞান লাভ কৰিব পাৰি আৰু তাৰ ফলত মনৰ হীনমন্যতা
দূৰীভূত হয়। ভাগৱতে কৈছে যে জগতৰ পৰিবেশ
পৰিস্থিতি সদায় পৰিবৰ্ত্তিত হৈ থাকে ।
পৰিস্থিতি নিজৰ আশাৰ আনুকূল হ’লে মানুহে নিজকে সুখী বুলি ভাৱে আৰু আশা কৰামতে নহ্’লে বা প্ৰতিকূল হ’লে মানুহে দুখ অনুভৱ কৰে।
কিন্তু সুখদায়ক আৰু দুখজনক এই উভয় প্ৰকাৰৰ পৰিবেশ পৰিস্থিতিৰ এটাও স্থায়ী নহয় ।
যি বস্তু বা ঘটনা আজিৰ পৰিস্থিতিত কোনো ব্যক্তিৰ বাবে সুখদায়ক, পৰিস্থিতি সলনি হোৱাৰ লগে লগে
সেই একে বস্তু বা ঘটনা একেজন ব্যক্তিৰ বাবে দুখৰ কাৰণ হৈ উঠে ।
দৈনন্দিন জীৱনত এইবিলাক কথাৰ সত্যতা আমি প্ৰত্যক্ষভাৱে উপলব্ধি কৰি থাকো ।ভাগৱতত এটা সুন্দৰ উপমাৰ সহায়ত বৈষয়িক
জগতৰ সুখ দুখৰ প্ৰকৃত চৰিত্ৰ সহজভাৱে বুজাই দিয়া হৈছে ।
আমি যদি এটা গধুৰ বোজা মূৰত লৈ গৈ থাকো তেন্তে কিছু সময়ৰ পিছত আমাৰ মূৰ আৰু ডিঙি
বিষায় । তেতিয়া বোজাটো মূৰৰ পৰা নমাই কান্ধত লোৱা
হয় । তেনে কৰিলে মূৰ আৰু ডিঙিয়ে কিছু সকাহ পায়
যদিও বোজাৰ ভৰ আমাৰ নিজৰ শৰীৰৰ ওপৰতে থাকে । কান্ধত
লোৱাৰ কিছু সমযৰ পিছত কান্ধখন বিষায় আৰু তেতিয়া বোজাটো কান্ধৰ পৰা পুনৰ মূৰৰ ওপৰলৈ নি কান্ধখনক সকাহ দিয়া হয় ।
জগতত আমি ভোগ কৰা সুখ আৰু দুখৰ চৰিত্ৰ এনে ধৰণৰ । ভাগৱতত এনে বহু উপমা আৰু কাহিনীৰ
সহায়ত জগতৰ পৰা আমি পাব পৰা সুখ-দুখৰ চৰিত্ৰৰ বিষয়ে স্পষ্টভাৱে বুজাই দিয়া হৈছে।
এইবিলাক শ্ৰৱণ কৰি সাধাৰণ জ্ঞান-বুদ্ধিসম্পন্ন দুৰ্দশাগ্ৰস্ত লোকেও সহজে বুজিব
পাৰে যে কাৰো দুখ-দুৰ্দশা চিৰস্থায়ী নহয় ।
দুখ-দুৰ্দশা দূৰ কৰাৰ বাবে যি বৈষয়িক সুখ-সুবিধা প্ৰাপ্তিৰ আশা কৰা হয সেই সুখো
একে চৰিত্ৰসম্পন্ন । তদুপৰি মূৰৰ বোজা কান্ধলৈ আৰু কান্ধৰ
বোজা মূৰলৈ নি মানুহে নিজৰ বাবে অস্থায়ী সুখ-দুখৰ অৱস্থা সৃষ্টি কৰে।
সেই একেদৰে মানুহে কৰ্মশক্তি ব্যৱহাৰ কৰি নিজৰ দুখজনক অৱস্থাক নিজে সুখদায়ক অৱস্থালৈ লৈ আহিব পাৰে। এই
জ্ঞান লাভ কৰি মানুহে নিজৰ বৈষয়িক দুখ-দুৰ্দশা দূৰ কৰাৰ বাবে জাগতিক পৰিস্থিতিৰ সৈতে যুদ্ধ কৰাৰ সাহস পায়।
ভাগৱত শ্ৰৱণৰ পৰা সাধাৰণ মানুহে ইয়াকো জানিব পাৰে যে নিত্য পৰিবৰ্ত্তনশীল জাগতিক
সুখ-দুখকৰ অৱস্থাৰ উৰ্দ্ধলৈ গ’লেহে চিৰস্থায়ী পৰম
আনন্দদায়ক অৱস্থা পাব পাৰি আৰু ভাগৱতত এই লক্ষ্যত উপনীত হোৱাৰ পথ দেখুওৱা হৈছে ।
(আগলৈ)
No comments:
Post a Comment