There
is no difference between God and knowledge pertaining to God. Through the
descriptions contained in the Vedas and Vedic scriptures the knowledge
pertaining to God is expressed. It is said that through the description contained
in the Vedanta the characteristics of the omnipotent, omniscient and
omnipresent non-dual Param Brahma are expressed to the highest and best possible
extent.Guru Harideva tells that Bhagavata is the essence of the knowledge
pertaining to Param Brahma or God Almighty expressed through the Vedanta. The
Param Brahma or the supersoul mentioned in the Vedanta is the Lord Krishna of the
Bhagavata. Taking the life stories and activities of Lord Krishna as reference
the Bhagavata fully expresses the characteristics of Param Brahma which is the
main subject of discussion of the Vedanta. Considering from those angles it is
mentioned in Bhagavata itself that the Bhagavat is the scriptural form for Lord
Krishna. That is, Bhagavata and Lord Krishna are not separate from each other.
But here, it can be easily understood that this statement can be true in case
of the original pure version of Bhagavata only. For that reason Guru Harideva emphasized
on the study, recitation and explanation of original Bhagavata in
his Satra Institution. Now, in Bhagavata Lord Krishna is expressed in literary
form. It is essential to bring Bhagavata to the sound form to make the contents
suitable for “Shravana” or hearing.One may recite Bhagavata and hear his own
recitation or he may study it silently or he may hear the recitation and
explanation made by others. Guru Harideva tells that all these come under the
category of ‘shravana’ or hearing. He tells that the reciters, speakers, readers
and listeners of Bhagava should do so without mixing the thoughts of their own
minds with the thoughts conveyed by the Bhagavata. That is, for feeling the
manifestation of Lord Krishna in one’s own heart it is essential to realize the
inherent meaning of the descriptions contained in the Bhagavata as it is. “Shravana”
and “Kirtana” of Bhagavata are the most essential
parts of the religious teachings and spiritual practices of the Satra
Institution of Guru Harideva. To avoid
mixing up of one’s own materialistic thoughts with the pure thoughts of Lord
Krishna conveyed by Bhagavata Guru Harideva suggests some rules and regulations
for the reciters, speakers, readers and listeners of Bhagavata. In his life
time Guru Harideva himself followed those rules and regulations during
recitation, explanation and study of Bhagavata. (to be continued)
ঈশ্বৰ আৰু ঈশ্বৰ বিষয়ক জ্ঞানৰ মাজত একো পাৰ্থক্য নাই । বেদ আৰু বৈদিক শাস্ত্ৰসমুহৰ মাধ্যমত ঈশ্বৰ বিষয়ক জ্ঞান প্ৰকাশিত হৈছে। কোৱা হৈছে যে বেদান্ত শাস্ত্ৰত সৰ্বব্যাপ্ত, সৰ্বজ্ঞ, সৰ্বশক্তিমান এক আৰু অদ্বিতীয় পৰমব্ৰহ্ম বা পৰমেশ্বৰ সম্পৰ্কে যি বৰ্ণনা কৰা হৈছে সেয়ে ঈশ্বৰ বিষয়ক সৰ্বোচ্চ আৰু সৰ্বোত্তম জ্ঞানৰ প্ৰকাশ।হৰিদেৱ গুৰুজনাই কৈছে যে বেদান্ত শাস্ত্ৰৰ মাধ্যমত পৰমব্ৰহ্ম বা পৰমেশ্বৰৰ যি জ্ঞান প্ৰকাশিত হৈছে সেই জ্ঞানৰ পৰা সাৰ অংশ সংগ্ৰহ কৰি ভাগৱত শাস্ত্ৰ ৰচনা কৰা হৈছে । বেদান্তত বৰ্ণনা কৰা এক আৰু অদ্বিতীয় পৰম ব্ৰহ্মকে ভাগৱতত শ্ৰীকৃষ্ণ বুলি কোৱা হৈছে । শ্ৰীকৃষ্ণৰ জীৱন বৃত্তান্ত আৰু কৰ্মাৱলীৰ মাধ্যম হিচাপে লৈ এক আৰু অদ্বিতীয় পৰমব্ৰহ্ম বিষয়ক জ্ঞান আৰু গুণমহিমা ভাগৱতত পূৰ্ণৰূপত প্ৰকাশ কৰা হৈছে । সেই হিচাপত ভাগৱত ভগৱান কৃষ্ণৰ শাস্ত্ৰীয় ৰূপ। ভাগৱত আৰু ভগৱান কৃষ্ণৰ মাজত একো প্ৰভেদ নাই। কিন্তু ইয়াতে অলপ চিন্তা কৰি চালেই বুজিব পাৰি যে শুদ্ধ আৰু মূল ৰূপৰ ভাগৱতৰ ক্ষেত্ৰতহে এই কথা সত্য হ’ব পাৰে ।সেই কাৰণে ভাগৱত শাস্ত্ৰৰ বিশুদ্ধতা সম্পৰ্কে হৰিদেৱ গুৰুজনা সতৰ্ক আছিল আৰু নিজৰ সত্ৰানুষ্ঠানত মূল ভাগৱতৰ পাঠ আৰু চৰ্চা কৰাৰ ব্যৱস্থা কৰিছিল। আনহাতে ভাগৱতত শাস্ত্ৰত ভগৱান কৃষ্ণক অক্ষৰৰ ৰূপত বৰ্ণনা কৰা হৈছে। এই অক্ষৰক শব্দৰ ৰূপলৈ অনাৰ পিছতহে ভাগৱত শাস্ত্ৰত বৰ্ণিত কৃষ্ণকথা শ্ৰৱণযোগ্য হয় ।কোনো ব্যক্তিয়ে ভাগৱত নিজে উচ্চস্বৰে পাঠ কৰি নিজে শুনিব পাৰে বা মনে মনে অধ্যয়ন কৰিব পাৰে অথবা অন্য ব্যক্তিয়ে উচ্চস্বৰত কৰা পাঠ আৰু ব্যাখ্যা শুনিব পাৰে । হৰিদেৱ গুৰুজনাই কৈছে যে এই সকলোকে শ্ৰৱণ বুলি ধৰা হয়। গুৰুজনাই আৰু কৈছে যে ভাগৱত শাস্ত্ৰৰ পাঠক , ব্যাখ্যাকাৰ , অধ্যয়নকাৰী আৰু শ্ৰোতাই ভাগৱতে প্ৰকাশ কৰা বিশুদ্ধ কৃষ্ণ ভাৱনাৰ সৈতে নিজৰ মনৰ অশুদ্ধ বৈষয়িক ভাৱনাৰ সংমিশ্ৰণ নকৰাকৈ ভাগৱত শাস্ত্ৰৰ পাঠ, ব্যাখ্যা, অধ্যয়ন আৰু শ্ৰৱণ কৰা প্ৰয়োজন ।অৰ্থাৎ ভাগৱত শ্ৰৱণৰ দ্বাৰা ভগৱান কৃষ্ণৰ শুদ্ধ স্বৰূপ হৃদয়ঙ্গম কৰাৰ বাবে শুদ্ধ মূল ভাগৱত শাস্ত্ৰত যি কথা যেনেদৰে কোৱা হৈছে ঠিক সেইদৰে আহৰণ কৰাটো অতি প্ৰয়োজনীয় কথা।ভাগৱত শ্ৰৱণ আৰু কীৰ্ত্তন হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা আৰু পাৰমাৰ্থিক সাধনাৰ প্ৰধান অঙ্গ । ভাগৱতৰ শুদ্ধ কৃষ্ণ ভাৱনাৰ সৈতে মানুহৰ মনৰ বৈষয়িক ভাৱনা সানমিহলি হোৱাটো প্ৰতিহত কৰাৰ উদ্দেশ্যে হৰিদেৱ গুৰুজনাই ভাগৱতৰ বক্তা, অধ্যয়নকৰ্ত্তা আৰু শ্ৰোতাৰ বাবে কিছুমান নীতি নিয়ম বান্ধি দিছে আৰু অনুগামীসকলক সেইবোৰ মানি ভাগৱত পাঠ আৰু শ্ৰৱণ কৰাৰ উপদেশ দিছে । জীৱিত কালত গুৰুজনাই নিজেও সেই নীতিনিয়ম মানি ভাগৱত শাস্ত্ৰৰ পঠন-পাঠন কৰিছিল। (আগলৈ)
No comments:
Post a Comment