There
is no other way for the common people like us to gain knowledge pertaining to God
except Sravana or hearing. It can be said that shravana is the first step and based
on the knowledge and instructions gained by shravana we can put our further steps in the path of spiritual practice. Keeping
this in mind Guru Harideva explains the importance of the Shravana or hearing
of Bhagavata from various different angles.We know that when no light enters
into a room it remains covered with darkness. There is only one way to remove the
darkness from the room. That is to bring a lighted candle or other source of
light inside the room. The room may remain dark since thousands of years.But the
darkness is removed immediately after bringing a source of light inside.
Similarly our inner senses consisting of mind and intelligence etc remains
covered with darkness of ignorance since time immemorial .It
is said that this cover of darkness is created by our own activities that we performed
in our past lives. Guru Harideva tells that light of knowledge is the only
solution for removal of this darkness of ignorance. In scriptural language this
type of darkness created by ignorance is called “Avidya” and the light of
knowledge is called “Vidya”. In this world we practically witness the death or
destruction of the bodies. In spite of that we always think that our own body
survives forever. We can not discriminate the body from the soul, purity from the
impurity, sources of happiness from the sources of sorrow and so on. These are said
to be the effects of the influence and control imposed by the power of Avidya
upon us. Guru Harideva tells that light of “Vidya” is the only solution to
destroy the influence and control of “Avidya” upon us. The “Krishna katha” or
the descriptions pertaining to Lord Krishna contained in the Bhagavata are
“Vidyavanata”, that is, charged with the enlightening power of Vidya. Through Sravana
or hearing of Bhagavata this enlightening power of “Vidya” enters into the listener
and destroys the darkness of ignorance or “Avidya” of his mind and intelligence.
As a result of that common people like us also can reach the stage of deepest
concentration called “Dhyana” and “Samadhi” in the spiritual field of practice. (to be continued)
আমাৰ
দৰে সাধৰণ লোকে ঈশ্বৰ বিষয়ক জ্ঞান লাভ কৰাৰ বাবে শ্ৰৱণতকৈ অধিক উত্তম উপায় অন্য
একো নাই । শ্ৰৱণ
হৈছে প্ৰথম খোজ আৰু ইয়াৰ জৰিয়তে আহৰণ কৰা
জ্ঞান আৰু পৰামৰ্শৰ ওপৰত ভিত্তি কৰি পাৰমাৰ্থিক সাধনা পথৰ
পৰবৰ্ত্তী পৰ্যায় সমুহ অতিক্ৰম কৰাৰ চেষ্টা কৰা হয় । এই
কথা বিচাৰ বিবেচনা কৰি হৰিদেৱ গুৰুজনাই ভাগৱত শ্ৰৱণৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিভিন্ন
দিশৰ পৰা ব্যাখ্যা কৰিছে । আমি জানো যে এটা কোঠালীৰ ভিতৰত পোহৰ সোমাব নোৱাৰিলে
কোঠালীটো অন্ধকাৰৰ দ্বাৰা আবৃত হৈ থাকে । কোঠালীৰ ভিতৰলৈ জ্বলি থকা চাকি বা পোহৰৰ অন্য
কিবা উৎস লৈ আহিলে কোঠাটো পোহৰ হয় । অন্ধকাৰৰ আৱৰণ দূৰ কৰাৰ বাবে এয়ে একমাত্ৰ উপায়।কোঠালীটো
হেজাৰ হেজাৰ বছৰ ধৰি অন্ধকাৰ হৈ থাকিব পাৰে ।কিন্তু পোহৰৰ উৎস প্ৰৱেশ কৰা লগে লগে
সমস্ত অন্ধকাৰ আঁতৰি যায়।একেদৰে আমাৰ চিত্ত-মন-বুদ্ধি অজ্ঞাত কালৰ পৰা অজ্ঞান ৰূপী
অন্ধকাৰৰ দ্বাৰা আবৃত হৈ আছে ।কোৱা হৈছে যে
আমি অতীত জন্মসমুহত কৰা কামৰ ফলত এই অজ্ঞান আৱৰণ বা অন্ধকাৰ সৃষ্টি হয় । হৰিদেৱ গুৰুজনাই কৈছে যে
জ্ঞানৰ পোহৰ এই অজ্ঞান অন্ধকাৰ দূৰ কৰাৰ একমাত্ৰ উপায় । শাস্ত্ৰীয় ভাষাত এই
প্ৰকাৰৰ অন্ধকাৰ বা অজ্ঞানতাক অবিদ্যা বুলি কোৱা হয় আৰু জ্ঞানৰ পোহৰক বিদ্যা বুলি
কোৱা হয়। জগতত আমি নিজ চকুৰে শৰীৰৰ মৃত্যু বা ধ্বংস হোৱা দেখি থাকো । তথাপিও আমি
ভাৱি থাকো যে আমাৰ নিজৰ শৰীৰটো চিৰস্থায়ী । আত্মা আৰু শৰীৰ পৃথক বুলি আমি নাভাৱো ।
পবিত্ৰ আৰু অপবিত্ৰ বস্তুৰ পাৰ্থক্য, সুখদায়ক আৰু দুখদায়ক বস্তুৰ পাৰ্থক্য ইত্যাদি
আমি বুজি নাপাওঁ ।কোৱা হৈছে যে অবিদ্যাৰ শক্তিয়ে
মন-বুদ্ধিক প্ৰভাৱিত আৰু নিয়ন্ত্ৰিত কৰি ৰখাৰ ফলত আমাৰ এনেকুৱা অৱস্থা
হয়।হৰিদেৱ গুৰুজনাই কৈছে যে কেৱল মাত্ৰ বিদ্যাৰ জ্যোতিয়েহে আমাক অবিদ্যাৰ প্ৰভাৱৰ
পৰা মুক্ত কৰিব পাৰে।লগতে কৈছে যে ভাগৱত শাস্ত্ৰত বৰ্ণনা কৰা “কৃষ্ণকথা”
বিদ্যাৱন্ত অৰ্থাৎ বিদ্যাৰ জ্যোতিৰ দ্বাৰা জ্যোতিষ্মান ।
সেই কাৰণে শ্ৰদ্ধা সহকাৰে ভাগৱত শ্ৰৱণ কৰিলে বিদ্যাৰ জ্যোতি শ্ৰোতাৰ ভিতৰলৈ
সঞ্চাৰিত হয় ।তেনে
অৱস্থাত বিদ্যাৰ জ্যোতিৰ প্ৰভাৱত মানুহৰ অন্তঃকৰণ বা মনৰ পৰা অবিদ্যাৰ অন্ধকাৰ
আঁতৰি যাবলৈ বাধ্য হয়। তাৰ ফল স্বৰূপে আমাৰ
দৰে সাধাৰণ মানুহেও ধ্যান,সমাধি আদিকে ধৰি পাৰমাৰ্থিক সাধনাৰ উচ্চতৰ পথৰ
সন্ধান লাভ কৰে ।(আগলৈ)
No comments:
Post a Comment