Bhagavata
tells that the mind of people always remains occupied with
different types of thoughts. Thoughts of mind are expressed through the
activities performed by a man. If the mind of a man is
occupied with evil thoughts then those evil thoughts are expressed through the
evil activities performed by him. Seeing his activities we identify such person
as an evil person. Similarly noble activities
performed by a man are nothing but the expression of the thoughts of his pure mind. By seeing the reflection of pure thoughts in the noble activities of a
person we identify him as a noble person. Analyzing the things in this way Guru
Harideva tells that the thoughts pertaining to Lord Krishna are the purest thoughts.
So, if one’s mind remains fully
occupied with the thoughts of Lord Krishna then he can be considered as the
noblest person. To cultivate the thoughts of Krishna in mind Guru Harideva suggests
some means to be followed. He suggests that recitation of “Vishnu Sahasra Nama” should be arranged by a householder prior to celebration of each
auspicious function in his house and during serious illness of any member of
his family. This scripture contains more than one thousand names of Lord Krishna
and it is recommended by Guru Harideva as an ideal text for “Kirtana”. According
to him recitation of Bhavadagita should be made a part of one’s daily spiritual
practice. He also tells that "Kirtana" performed through recitation and
explanation of Bhagavata is the best way to develop thoughts
of Krishna in one’s own mind. It is also a better way of spreading Krishna
consciousness in the mind of other people. Guru Harideva tells that in this current
age of “Kali” people are mostly attracted towards material activities. People of
present time believe that the material world can bring all the desired
happiness to them and material activities are the ways of acquiring those happiness
and comforts. This is because, after performance of material activities people
can see the immediate results of those activities. On the other hand outcomes
of spiritual activities are not visible like that. To become interested in
spiritual activities people should have faith on Vedic Scripture and spiritual
teachers or Guru. Guru Harideva tells that “Kirtana” of the names and sublimites
of Lord Krishna are too much attractive and are capable of attracting the mind
of all classes of people . The minds
of the reciters and listeners of all categories of people become automatically filled
with the thoughts of Lord Krishna by the
powerful influence of “Kirtana”.(to be
continued)
ভাগৱতত কোৱা হৈছে যে মানুহৰ মন সদায় বিভিন্ন ধৰণৰ ভাৱনাৰে ভৰি থাকে। প্ৰত্যেক মানুহে কৰা কামৰ মাধ্যমত মানুহজনৰ মনৰ ভাৱনাই প্ৰকাশ লাভ কৰে ।যদি কোনো মানুহৰ মন অশুভ ভাৱনাৰে ভৰি থাকে তেন্তে মানুহজনে কৰা বেয়া কৰ্মৰ যোগেদি তেওঁ মনৰ অপবিত্ৰ ভাৱনা প্ৰকাশিত হয় । সেই প্ৰকাশ চাই মানুজনক অশুভ চৰিত্ৰসম্পন্ন ব্যক্তি বুলি চিনাক্ত কৰা হয় ।একেদৰে মানুহে কৰা মহৎ কৰ্মসমুহ মানৱ মনৰ পবিত্ৰ ভাৱনাৰ প্ৰকাশত বাদে আন একো নহয় । এজন মানুহে কৰা মহান কাৰ্যত মনুহজনৰ মনৰ পবিত্ৰ ভাৱনাৰ প্ৰতিফলন দেখি তেওঁক মহান ব্যক্তি হিচাপে চিহ্নিত কৰা হ্য় । কথাবিলাক এনেদৰে বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে কৃষ্ণভাৱনা মানুহৰ মনত উদ্ভৱ হব পৰা অসংখ্য প্ৰকাৰৰ ভাৱনাৰ ভিতৰত পবিত্ৰতম ভাৱনা ।সেই কাৰণে যি ব্যক্তিৰ মন সদা-সৰ্বদা কৃষ্ণভাৱনাৰে ভৰি থাকে তেওঁক মহানতম ব্যক্তি বুলি ক’ব পাৰি । মানুহৰ মনত কৃষ্ণভাৱনা বিকশিত কৰাৰ বাবে হৰিদেৱ গুৰুজনাই কেইটামান উপায় নিৰ্দেশ কৰিছে।সেই উপদেশত কোৱা হৈছে যে গৃহস্থ ব্যক্তিয়ে গৃহত অনুষ্ঠিত কৰা প্ৰত্যেক শুভকাৰ্যৰ পূৰ্বতে আৰু ঘৰত কোনো লোক গুৰুতৰভাৱে অসুস্থ হৈ থাকিলে বিষ্ণু সহস্ৰনাম স্তোত্ৰ পাঠ আৰু শ্ৰৱণ কৰাৰ ব্যৱস্থা কৰা উচিত । ভগৱান কৃষ্ণৰ সহস্ৰাধিক নামৰ উল্লেখ থকা এই শাস্ত্ৰক গুৰুজনাই কীৰ্ত্তনৰ মাধ্যম হিচাপে অনেক গুৰুত্ব প্ৰদান কৰিছে । ভগৱদ্গীতাৰ পাঠ গৃহস্থ ব্যক্তিৰ নিত্য কৰ্ত্তব্য বুলি কোৱা হৈছে । ভাগৱত শাস্ত্ৰৰ পাঠ আৰু ব্যাখ্যা ইত্যাদি কাৰ্যৰ দ্বাৰা পাঠক আৰু বক্তাৰ মনত কৃষ্ণভাৱনা জাগ্ৰত হয় । লগতে অন্য ব্যক্তিৰ মনলৈও কৃষ্ণভৱনা বিস্তাৰ কৰাৰ ই এক অন্যতম উপায় বুলি গুৰুজনাই উল্লেখ কৰিছে । তেওঁ কৈছে যে বৰ্ত্তমান কাল অৰ্থাৎ কলি কালত মানুহ বৈষয়িক কাজ কৰ্মৰ প্ৰতি অত্যধিক আকৰ্ষিত হয় ।বৰ্ত্তমান কালৰ মানুহে বিশ্বাস কৰে যে বৈষয়িক জগতৰ পৰা মনে বিচৰা ধৰণে সকলো প্ৰকাৰৰ সুখ-সম্পদ আহৰণ কৰা সম্ভৱ আৰু বৈষয়িক কৰ্ম এই সুখ আহৰণ কৰাৰ উপায়। ইয়াৰ কাৰণ হৈছে বৈষয়িক কাজ-কৰ্ম কৰি মানুহে তাৰ ফলাফল অতি সোনকালে আৰু প্ৰত্যক্ষভাৱে দেখা পায়। আনহাতে পাৰমাৰ্থিক কৰ্মৰ ফল তেনেদৰে দেখা বা অনুভৱ কৰা নাযায়। পাৰমাৰ্থিক কৰ্মৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰাৰ বাবে বৈদিক শাস্ত্ৰ আৰু পাৰমাৰ্থিক বিষয়ৰ শিক্ষক বা গুৰুৰ ওপৰত বিশ্বাস স্থাপন কৰাৰ প্ৰয়োজন হয় । হৰিদেৱ গুৰুজনাই কৈছে যে কৃষ্ণৰ নাম-গুণ-মহিমাৰ কীৰ্ত্তনে কলিকালৰ মানুহৰ অত্যন্ত বিষয়াসক্ত মনকো আকৰ্ষণ কৰিব পাৰে। সাধু-অসাধু সকলো মানুহৰ মন আকৰ্ষিত কৰিব পৰা শক্তি কৃষ্ণকথাত নিহিত হৈ থাকে। কৃষ্ণকথা কীৰ্ত্তনৰ জৰিয়তে এই শক্তিৰ প্ৰভাৱ বিস্তাৰিত হোৱা হেতুকে সকলো শ্ৰেণীৰ ব্যক্তিৰ মনত স্বতঃস্ফূৰ্ত্তভাৱে কৃষ্ণভাৱনা জাগৰিত হয় । (আগলৈ)
No comments:
Post a Comment