The
topics of creation, annihilation, Yuga, mental characteristics and activities
of human beings of different Yugas etc are elaborately discussed in the
Bhagavata. To make our subject of discussion clear it is essential to have some
preliminary idea of those. It is already told that a human being appears as a
baby and with the passage of time becomes old through various stages of life.
During this period the body- mind complex of human being changes in every
moment.In a similar way the creation appears in the beginning of one Satyajuga
and with the passage of time it proceeds through the Treta and Dvapara Yuga and
finally reaches Kaliyuga . At the end of Kaliyuga the creation temporarily
disappears.Then it reappears with the beginning of the next Satya yuga in a new
form and proceeds further as earlier with the passage of time .Nobody knows
the beginning and end of those cycles of
creation , annihilation and recreation. Due to influence of time the body-mind
complexes of the human beings of different Yugas become different. The Satya Yuga means a
time of complete peace free from any type of sorrow like war, famine, illness,
conflicts etc. During Satyayuga people possess unbelievable strength of body
and mind. The longevity of human life is extremely long. So, naturally in this
Yuga people live a peaceful and blissful life like a sage under deep
meditation. Under the influences of Treta Yuga human beings become dutiful, moral
and enduring. In this Yuga the life span of human beings is said to be very
long. People of his Yuga become naturally inclined towards sacrifice for the
welfare of the whole mankind and the creation as a whole. In that way they like
to satisfy the omnipresent Lord
Vishnu. The influences of Dvapara Yuga introduce
selfishness into human mind. Due to that people no longer become able to
perform collective sacrifices for the welfare of all and for the satisfactions
of one supreme God Vishnu in the Treta Yuga traditions. It is said that in
Dvapara Yuga people can live upto one thousand years. Excepting some selfless
worshipers of Lord Vishnu most of the
people of Dvapara Yuga like to worship
Lord Vishnu as well as his expansions in the form of demigods for their own
benefit. In the Kali Yuga people are
very short lived, they can live upto hundred years only. Moreover, due to the
influences Kali Yuga people become quarrelsome, lazy,
uninterested in spirituality, unlucky and mentally disturbed. They also suffer
from famine, illness and so many odds of human life. Guru Harideva tells that under
such adverse situation if a person fix his mind on Lord Krishna through sincere
practice of Kirtana then in spite of being in Kaliyuga he can live a very
peaceful and blissful life like the people of Satya yuga. (to be continued)
ভাগৱতৰ বিভিন্ন প্ৰসঙ্গত জগত সৃষ্টি , প্ৰলয় , যুগ , বিভিন্ন যুগৰ মানুহৰ শাৰীৰিক-মানসিক অৱস্থা স্বভাৱ চৰিত্ৰ ইত্যাদি কথা বহলভাৱে লিখা আছে। আমাৰ আলোচ্য বিষয় স্পষ্ট কৰাৰ বাবে তাৰ কিছু আভাস লোৱাৰ প্ৰয়োজন। আগতে কোৱা হৈছে যে মানৱ শিশু জন্মাৰ পিছত সময় আগবঢ়াৰ লগে লগে ক্ৰমান্বয়ে কিশোৰ , যৌবন , প্ৰৌঢ় আৰু বৃদ্ধ অৱস্থা প্ৰাপ্ত হয়। এই আটাই কেইটা স্তৰতে মানুহৰ শৰীৰ আৰু মনৰ অৱস্থা পৃথক পৃথক। কাল বা সময়ৰ প্ৰভাৱ ইয়াৰ কাৰণ । একেদৰে কোনো এটা সত্যযুগত সৃষ্টি প্ৰকট হয় আৰু তাৰ পিছত কালৰ গতিৰ লগে লগে ক্ৰমান্বয়ে ত্ৰেতা আৰু দ্বাপৰ যুগৰ মাজেৰে গৈ সৃষ্টিপ্ৰক্ৰিয়া কলিযুগত উপনীত হয়। কলিযুগ সমাপ্ত হোৱাৰ পিছত সৃষ্টিত এক প্ৰকাৰৰ প্ৰলয় হয় বা সৃষ্টি অস্থায়ীভাৱে বিলুপ্ত হয়। ইয়াৰ পিছত পুনৰ সত্যযুগ আৰম্ভ হয় । ইয়াৰ লগে লগে অস্থায়ীভাৱে বিলুপ্ত হোৱা সৃষ্টি পুনৰ নতুন ৰূপত প্ৰকট হয় আৰু আগৰ দৰে পুনৰ্যাত্ৰা আৰম্ভ হয় । কাল বা সময়ৰ গতিৰ লগে লগে এই সৃষ্টি আৰু প্ৰলয় চক্ৰ অনাদি কালৰ পৰা চলি আহিছে আৰু অনন্ত কাল চলি থাকিব। কালৰ প্ৰভাৱতে প্ৰত্যেক যুগৰ মানুহৰ জীৱনকাল আৰু শৰীৰ-মনৰ অৱস্থাও পৃথক পৃথক হয় । কোৱা হৈছে যে সত্য যুগত মানুহৰ মাজত যুদ্ধ-বিগ্ৰহ ,মতানৈক্য , ৰোগ ,শোক , আকাল ইত্যাদি কোনো প্ৰকাৰৰ দুখজনক অৱস্থাৰ সৃষ্টি নহয় । মানুহৰ শৰীৰ শক্তিশালী,নিৰোগী আৰু আজিৰ মানুহে বিশ্বাস কৰিব নোৱাৰা ধৰণে দীৰ্ঘায়ু হয় ।সেই কাৰণে সত্যৰ যুগৰ মানুহে স্বাভাৱিকতে ধ্যানস্থ ঋষিমুনিৰ দৰে সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু আনন্দময় জীৱন যাপন কৰে । ত্ৰেতা যুগৰ প্ৰভাৱত মানুহ অত্যন্ত কৰ্ত্তব্যপৰায়ণ, নীতিনিষ্ঠ আৰু ধৈৰ্যশীল স্বভাৱৰ হয় । মানুহৰ জীৱনকাল অতিদীৰ্ঘ হয় । মানুহে সমগ্ৰ জগতৰ সকলো প্ৰ্ৰাণীৰ মঙ্গল সাধনৰ কাৰণে সমস্তৰে আধাৰ স্বৰূপ ভগৱান বিষ্ণুক যজ্ঞৰ দ্বাৰা আৰাধনা কৰা পৰম কৰ্ত্তব্য বুলি বুজি পায় আৰু সমুহীয়াভাৱে যজ্ঞানুষ্ঠান কৰি আনন্দ লাভ কৰে । দ্বাপৰ যুগৰ প্ৰভাৱত মানুহৰ মনত স্বাৰ্থপৰতাৰ ভাৱ প্ৰৱেশ কৰে আৰু ত্ৰেতা যুগৰ দৰে সকলোৰে মনত সাৰ্বজনীন মঙ্গলৰ মনোভাৱ নাথাকে ।একাংশ মানুহে যুদ্ধবিগ্ৰহ কৰি হ’লেও নিজৰ স্বাৰ্থ ৰক্ষাৰ প্ৰচেষ্টা চলায় ।স্বাৰ্থ সিদ্ধিৰ বাবে ভগৱান বিষ্ণুৰ লগতে বিষ্ণু অংশস্বৰূপ অন্যান্য দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰা আৰম্ভ হয় । কিন্তু তাৰ মাজতো নিস্বাৰ্থভাৱে একমাত্ৰ ভগৱান বিষ্ণুক উপাসনা কৰা একাংশ লোক দ্বাপৰ যুগত বৰ্ত্তমান থাকে । দ্বাপৰ যুগত মানুহ এহেজাৰ বছৰ জীয়াই থাকে বুলি কোৱা হৈছে। ইয়াৰ বিপৰীতে কলি যুগত মানুহৰ আয়ুস মাত্ৰ এশ বছৰ । এই যুগৰ প্ৰভাৱত মানুহ কলহপ্ৰিয় ,অলস , ঈশ্বৰবিমুখ , দুষ্টবুদ্ধিসম্পন্ন , অল্পশক্তি সম্পন্ন হোৱাৰ উপৰি দুৰ্ভিক্ষ , ৰোগ আদি নানা সমস্যাৰ দ্বাৰা পীড়িত হয়। হৰিদেৱ গুৰুজনাই কৈছে কলিযুগৰ এনে দুখ-দুৰ্দশাৰ মাজত থাকিও যি ব্যক্তিয়ে ভগৱান কৃষ্ণৰ নাম ,গুণ ,মহিমা ইত্যাদি কীৰ্ত্তনৰ দ্বাৰা ভগৱান কৃষ্ণৰ লগত হৃদয়ৰ সংযোগ ৰক্ষা কৰে তেওঁ কলিযুগৰ প্ৰভাৱৰ মাজত থাকিও সত্য যুগৰ মানুহৰ দৰে শান্তিপূৰ্ণ আৰু আনন্দময় জীৱন যাপন কৰিব পাৰে । (আগলৈ)