In Bhagavata, Bhagavdgita
and other Veic scriptures it is told that we ourselves are organically involved
with the entire creation. We should keep it in mind prior to performance of any
activity for acquiring anything of our desire. Normally when we do something we
keep an ulterior motive in our mind and an object in front of us. Our mind
becomes convinced that the object in front of us can bring happiness to our
life and we do whatever is possible to fulfill our desire to possess it. Now scriptures
tell that there are some methods to restrict our senses and mind from doing
this. For example we may have earnest desire to eat some tasty food. We may
stop eating such food and deprive the mind from the taste of it. But in that
case the past memory of the taste of that particular food will disturb our mind
and our mind will keep us pushing towards that particular food. So this type of
forceful action can not be a useful method for the control of our mind.
Instead of that, if we draw the attention of our mind towards
food of better taste and better quality than the food that our mind desires to
have , then we will be interested to
change our food habit and thus our old food habit will end. In a similar way, our mind can be
trained up to desire something better than the things of our present
interest . For this purpose we are to see the things of our desire from the
angle of the creation of God . Normally we see gold , land etc as some small pieces of valuable items
which can make us personally happy and hence we desire to possess them .
If we see the same items as a whole then we can realize that the gold , land etc
are created by God for the benefit of the entire creation and we ourselves
are also organically involved with that creation of God . Then we can also feel that
the things that we desire to possess are already in our possession like the
limbs of our body. When we see the vast sky with sun, moon, stars,clouds etc
over our head we immediately realize that it is creation of God for the benefit
of the entire creation. When we see the nature with vast land , ocean, snow
covered high mountains, rivers , trees etc then we can realize that it is too
vast for our acquirement and personal possession. The desire for possession of these things for our personal
interest never arise in our mind. This
is because the
limit of our mind is expanded to wider
level after seeing these things in the creation and we become convinced
that these are already in our possession in a broader sense . Under such situation the mind of
human being forgets the taste of smaller
things at lower level and his
personal desires for small things move for higher and higher things and ultimately
converted to desire of God realization
or self realization . Guru Harideva established Satra Institutions for
practical application of this principle from Bhgavata and Bhagavadgita.(to be
continued)
ভাগৱত ,ভগৱদ্গীতা আৰু অন্যান্য বৈদিক শাস্ত্ৰত কোৱা হৈছে যে জগতৰ সকলো বস্তুৰ সৈতে আমি নিজে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছো ।মনৰ কামনা পূৰণ কৰাৰ অৰ্থে জগতৰ কিবা বস্তুক নিজৰ অধিকাৰলৈ আনিবলৈ প্ৰচেষ্টা কৰাৰ আগতে আমি এই কথা ভাৱি চোৱা দৰ্কাৰ। সাধাৰণতে আমি যেতিয়া কিবা কাম কৰো তেতিয়া আমাৰ মনত এক স্বাৰ্থপৰ ভাৱনা সুপ্ত হৈ থাকে আৰু সন্মুখত এটা বস্তু থাকে ।আমাৰ মনে বিশ্বাস কৰে যে সন্মুখত থকা বস্তুবিধে আমাক সুখী কৰিব পাৰে আৰু সেই কাৰণে সেই বস্তুক নিজৰ কৰি লোৱাৰ বাবে যি কৰা প্ৰয়োজন বুলি ভৱা হয় তাকে আমি কৰি যাওঁ ।শাস্ত্ৰত কোৱা হৈছে যে ইন্দ্ৰিয় মন আৰু শৰীৰৰ এনে কাৰ্যক বাধা দিয়াৰ অনেক উপায় আছে । উদাহৰণ স্বৰূপে কোনো বিশেষ সোৱাদযুক্ত কিবা খাদ্যৰ প্ৰতি আমাৰ অত্যধিক আসক্ত থাকিব পাৰে । আমি সেই খাদ্য খোৱা বন্ধ কৰি মনৰ তেনে আসক্তিক বাধা দিব পাৰো । কিন্তু তাৰ পিছতো সেই খাদ্যৰ সোৱাদৰ স্মৃতি আমাৰ মনলৈ আহি থাকে আৰু মনে আমাক সেই বিশেষ খাদ্যৰ কথা সোঁৱৰাই থাকে । গতিকে জোৰপূৰ্বক ভাৱে কৰা এনে ধৰণৰ কাৰ্য মনক নিয়ন্ত্ৰণ কৰাৰ বাবে উপযোগী হ’ব নোৱাৰে । ইয়াৰ সলনি যদি সেই বিশেষ খাদ্যতকৈও অধিক সোৱাদ আৰু ভাল গুণযুক্ত খাদ্যবস্তুৰ প্ৰতি মনক আকৰ্ষিত কৰা হয় তেন্তে আমাৰ মনে পূৰ্বৰ খাদ্যাভ্যাস সলনি কৰাত আপত্তি নকৰে আৰু লাহে লাহে আগতে খোৱা খাদ্যৰ সোৱাদ পাহৰি যায় । এনেদৰে মানুহৰ মনক এটা কামনাৰ পৰা তাতকৈ উচ্চ স্তৰৰ অন্য এটা কামনাৰ পিনে নিয়াৰ বাবে প্ৰশিক্ষণ দিব পাৰি । ইয়াৰ বাবে মনে কামনা কৰা বস্তুক ঈশ্বৰৰ সৃষ্টিৰ দৃষ্টিকোণৰ পৰা চোৱাৰ প্ৰয়োজন হয়। সাধাৰণতে মাটি, সোণ ইত্যাদি বস্তুক আমি মূল্যৱান বস্তুৰ সৰু সৰু টুকুৰা বুলি ভাৱো। এইবিলাকে আমাৰ বাবে সুখ আনিব পাৰে বুলি ভাৱো । তাৰ ফলত এই বিলাক বস্তুক নিজৰ কৰি লোৱাৰ বাবে মনত কামনাৰ উদয় হয় ।একেখিনি বস্তুকে সামগ্ৰিক দৃষ্টিকোণৰ পৰা চালে আমি দেখা পাওঁ যে সোণ , মাটি আদি বস্তু ঈশ্বৰে সমগ্ৰ জগতৰ উপকাৰৰ অৰ্থে সৃষ্টি কৰিছে আৰু আমি নিজেও ঈশ্বৰে সৃষ্টি কৰা সেই জগতখনৰ এটা অংশ । তেতিয়া আমি অনুভৱ কৰিব পাৰো যে যিবিলাক বস্তুক নিজৰ কৰি লোৱাৰ বাবে কামনা কৰা হয় বহল অৰ্থত সেই সমস্ত বস্তু আগৰে পৰা আমাৰ নিজৰ অধিকাৰত থকা বস্তু বা এইবিলক আমাৰ শৰীৰৰ অঙ্গ প্ৰত্যঙ্গৰ দৰে ।যেতিয়া আমি চন্দ্ৰ ,সূৰ্য ,গ্ৰহ ,নক্ষত্ৰ , মেঘ আদিৰে পৰিপূৰ্ণ আকাশখন আমাৰ মূৰৰ ওপৰত থকা দেখা পাওঁ তেতিয়া আমি সহজে বুজি পাওঁ যে ই সমগ্ৰ সৃষ্টিৰ সকলোৰে মঙ্গলৰ বাবে ঈশ্বৰে সৃষ্টি কৰা বস্তু ।যেতিয়া আমি মাটি ,সমুদ্ৰ , বৰফাবৃত সু-উচ্চ পৰ্বত , নদী ,গছ আদিৰে পৰিপূৰ্ণ সমগ্ৰ প্ৰকৃতি দেখা পাওঁ তেতিয়া আমি বুজিব পাৰো যে ইয়াক আহৰণ কৰি নিজৰ ব্যক্তিগত সম্পত্তিত পৰিণত কৰা সম্ভৱ নহয় । ঈশ্বৰৰ সৃষ্টিৰ ৰূপত বস্তু সমুহ দেখাৰ লগে লগে আমাৰ মনৰ পৰিধি বাঢ়ি যায়, এই বিলাক নিজৰে বস্তু বুলি মনত বিশ্বাস জন্মে আৰু তাৰ ফলত ইয়াক নিজৰ কৰি লোৱাৰ বাসনা মনত উদয় হ’ব নোৱাৰে।এনে পৰিস্থিতিত মানুহে নিজৰ ক্ষুদ্ৰ স্বাৰ্থপৰ বাসনাৰ প্ৰতি ৰুচি অনুভৱ নকৰে । এনেদৰে ক্ষুদ্ৰ বস্তুৰ প্ৰতি থকা মানুহৰ স্বাৰ্থপৰ বাসনাই উচ্চৰ পৰা উচ্চতৰ স্তৰৰ বস্তুৰ প্ৰতি নিস্বাৰ্থ বাসনাৰ ৰূপ গ্ৰহণ কৰে আৰু অৱশেষত ই আত্মজ্ঞান লাভ বা ঈশ্বৰ প্ৰাপ্তিৰ বাসনাত পৰিণত হয়। এই তত্ব ব্যৱহাৰিক ভাৱে প্ৰয়োগ কৰি জনসাধৰণক পাৰমাৰ্থিক শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠান স্থাপন কৰিছিল ।(আগলৈ)
No comments:
Post a Comment