We, the common people, live in a family with our father, mother,
wife, children and other near and dear relatives. We live in a human society
and maintain some kinds of social and cultural relationship with the members of
that particular society. We take birth and reside at a place within some
geographical area which we name as certain village, district, state, country
etc. Due to such associations we feel different types of attachment with those
relatives and members of human society along with the language, culture etc of that
particular human community. We also feel some kinds of attachment with one
particular geographical area within the creation of God and we identify it as
our own village, own district, own state, own country etc. Moreover we desire
to see ourselves, our own family members and other near and dear relatives
happy, prosperous and protected from all sides. Some of us desire to make their
own community happy and prosperous. Some of us desire to see their own village,
district, state or country happy and prosperous. Some of us desire to contribute for the improvement of
social, cultural , economic and other conditions of a particular community or
nation.Like this there are so may types of
attachments and desires pertaining
to different human beings according to their own social , educational ,
cultural , economic and other conditions of
living. Most of these desires of our mind are also termed as duties of a
human being by us. But based on his profound knowledge of Bhagavata, Guru
Harideva tells us that self realization is the only aim of human life. It is
also told that after attainment of self realization one becomes totally free
from attachment and desire. Under such condition we can not understand what may
happen to us after attainment of self realization. What will happen to our relationships
or attachments with our own family, society, country, language, culture and so
on if we attain self realization? What will happen to our desires cum duties
towards them? These questions naturally arise in our mind. Clearing these
doubts the scriptures tell that Self realization is the change of state of our
mind from lower degree to higher degree of perfection. That is, after self
realization an ordinary human being becomes a perfect
human being but everything of the world outside him remains the same as before.
Due to the change of state of his own
mind to higher degree of perfection a
self realized person becomes able to
see everything of this world from the angle of creation of God
and then the selfish attachment and desire to possess the things for his own personal
happiness comes to an end. (to be
continued)
আমাৰ দৰে সাধাৰণ মানুহে পিতা, মাতা , স্ত্ৰী ,সন্তান আৰু অন্যান্য ওচৰ সম্বন্ধীয় আৰু প্ৰিয় ব্যক্তিৰ সৈতে একোটা পৰিয়ালত থাকো । এখন সমাজত থাকি সমাজৰ অন্যান্য ব্যক্তিৰ সৈতে সামাজিক, সাংস্কৃতিক ইত্যাদি সম্পৰ্ক ৰক্ষা কৰি চলি থাকো । জিলা ,ৰাজ্য ,দেশ আদি নামেৰে চিহ্নিত কৰা এক ভৌগোলিক পৰিসীমাৰ ভিতৰত থকা কোনো এখন ঠাইত আমি জন্ম গ্ৰহণ কৰো আৰু বসবাস কৰো । এনে সংসৰ্গৰ ফলত পৰিয়ালৰ ব্যক্তি , সমাজৰ ব্যক্তি আৰু সেই সমাজত প্ৰচলিত ভাষা সংস্কৃতি ইত্যাদিৰ প্ৰতি আমি বিভিন্ন প্ৰকাৰৰ আসক্তি অনুভৱ কৰো। ঈশ্বৰৰ সৃষ্টিৰ অন্তৰ্গত কোনো এখন ঠাইত আমাৰ জন্ম হয় আৰু সেই ঠাইৰ প্ৰতিও এক প্ৰকাৰৰ আসক্তি অনুভৱ কৰি তাক আমি নিজৰ গাওঁ , নিজৰ চহৰ , নিজৰ জিলা , নিজৰ ৰাজ্য, নিজৰ দেশ ইত্যাদি ৰূপে চিহ্নিত কৰো । ইয়াৰোপৰি আমি নিজৰ পৰিয়ালৰ লোক , অঙহী-বঙহী তথা অন্যান্য প্ৰিয় ব্যক্তি সকল সুখী , সমৃদ্ধিশালী আৰু সদা সংৰক্ষিত হৈ থকাৰ কামনা কৰো । আমাৰ ভিতৰৰে কিছুমানে নিজৰ জাতি-বংশৰ লোক সুখ, সমৃদ্ধিপূৰ্ণ হোৱাৰ কামনা কৰে । কিছুমানে নিজৰ গাওঁখন , ৰাজ্যখন বা দেশখন সুখী আৰু সমৃদ্ধিশালী কৰাৰ বাসনা কৰে ।কিছুমানে আকৌ কোনো এটা বিশেষ জাতি বা কোনো এখন বিশেষ দেশৰ সামাজিক ,সাংস্কৃতিক ,অৰ্থনৈতিক ইত্যাদি অৱস্থাৰ উন্নতি সাধন হোৱাৰ কামনা কৰে ।এনেদৰে সামাজিক ,সাংস্কৃতিক , শৈক্ষিক , আৰ্থিক , ভৌগোলিক ইত্যাদিকে ধৰি জীৱন ধাৰণৰ বিভিন্ন প্ৰকাৰৰ পৰিবেশ পৰিস্থিতি অনুযায়ী বিভিন্ন মানুহৰ মনত বিভিন্ন প্ৰকাৰৰ আসক্তি আৰু কামনা বাসনা থাকে ।এনে প্ৰকাৰৰ বেছিভাগ কামনা বাসনকে আকৌ মানৱ জীৱনৰ কৰ্ত্তব্য বুলিও কোৱা হয় । কিন্তু ভাগৱত শাস্ত্ৰজ্ঞানৰ আধাৰত হৰিদেৱ গুৰুজনাই কৈছে যে আত্মজ্ঞান লাভ মানৱ জীৱনৰ চৰম লক্ষ্য।লগতে ইয়াকো কোৱা হৈছে যে আত্মজ্ঞানী ব্যক্তি কামনা বাসনা আৰু আসক্তিৰ পৰা সম্পূৰ্ণ ৰূপে মুক্ত হয় ।এনে পৰিস্থিতিত আত্মজ্ঞান লাভ কৰাৰ পিছত আমাৰ অৱস্থা কি হ’ব পাৰে তাক আমি ভাৱি নাপাওঁ । আত্মজ্ঞান লাভ কৰাৰ পিছত নিজৰ পৰিয়াল , সমাজ , দেশ , ভাষা সংস্কৃতি ইত্যাদিৰ সৈতে থকা আমাৰ সম্বন্ধ বিলাকৰ কি হ’ব ? এইবিলাকৰ প্ৰতি আমাৰ বাসনা অথবা কৰ্ত্তব্যৰ কি হ’ব ? স্বাভাৱিকতে এইবিলাক প্ৰশ্ন মনলৈ আহে। এনে সংশয় দূৰ কৰি শাস্ত্ৰত কোৱা হৈছে যে আত্মজ্ঞান লাভ কৰিলে মনৰ অৱস্থাৰহে পৰিবৰ্ত্তন হয়। মনৰ চিন্তাধাৰা শুদ্ধভাৱে বিকশিত হোৱাৰ ফলত সাধাৰণ মানুহ পূৰ্ণ মানৱত পৰিণত হয়। অৰ্থাৎ মানুহে আত্মজ্ঞান লাভ কৰাৰ পিছতো বাহিৰৰ জগতখন পূৰ্বৰ দৰে একে থাকে, কেৱল মানুহৰ মনৰ স্বাৰ্থপৰ ভাৱ নোহোৱা হয় । আত্মজ্ঞান লাভ কৰাৰ পিছত মনৰ ভাৱনাৰ স্তৰ উচ্চতৰ হোৱা হেতুকে মানুহে জগতৰ বস্তুক ঈশ্বৰৰ সৃষ্টিৰ দৃষ্টিকোণৰ পৰা চাব পৰা হয় । তেতিয়া জগতৰ বস্তুৰ প্ৰতি আসক্তি আৰু কেৱল নিজৰ সুখৰ বাবে জগতৰ কোনো বস্তু অধিকাৰ কৰি লোৱাৰ দৰে স্বাৰ্থপৰ বাসনা মনত উদয় নহয় ।( আগলৈ)
No comments:
Post a Comment