From the experience of our day to day life we see that when we do
something then some results come. Again, based on those results we do something more and
that also generates some results. In this way, a series of action and
reaction is generated one after another from one of our action . Our desires
are also results of some kinds of action performed by our mind. Again, based on
those desires we do some more physical and mental works and from these actions
also some other kinds of result come out
. Thus there appears a series of action
and reaction one after another based on our desires. In Bhagavadgita the cause
from which desire appears in our mind and the subsequent series of effects caused
by such desire are described very
clearly. It is told here that a human being wants to remain happy always . So,
he likes the things that bring happiness and dislike the things which bring sorrow to his life. Naturally
one becomes habituated to think about the things which he likes.In this way the
thoughts of a human being remains always attached with the objects which he believes to be the
source of happiness for him. Bhagavdgita tells that because of such attachment
desire arises in a human mind to acquire and possess those objects of
happiness. Now desiring something is easy but actual acquiring of the
desired object is not that easy . From
our experience of life we know that resistances come in many ways and from many
quarters when we try to acquire something to make us happy. Also people can not
tolerate any kind of resistance created against his effort to acquire the desired
things and becomes angry with anything that creates resistance. Once a man
becomes angry he can not utilize the functions of his intelligence with correct
reasoning. When intelligence part of mind
ceases to function ,a human being can not understand what is good or what is bad
for him . In this way because of desires to acquire and possess things created
by God a human being forgets the main aim of human life. Guru Harideva
intended to teach common people these lessons from Bhagavata and Bhagavdgita
through his Satra Institution . (to be continued)
দৈনন্দিন জীৱনৰ
অভিজ্ঞতাৰ পৰা আমি জানিব পাৰো যে কিবা কাম কৰিলে তাৰ পৰা এটা ফল উৎপন্ন হ্য় ।সেই ফলৰ ওপৰত ভিত্তি কৰি আমি অন্য কিবা এটা কাম কৰো
আৰু তাৰ পৰাও এটা অন্য ফল উৎপন্ন হয় । এনেদৰে আমি কৰা এটা কামৰ পৰা ইটোৰ পিছত সিটো
হিচাপত কাম আৰু ফল উৎপত্তিৰ এক শৃংখল সৃষ্টি হয় ।আমাৰ
মনত যি কামনাৰ উদয় হয় সিও আমাৰ মনে কৰা কাৰ্যৰ পৰা উৎপন্ন হোৱা ফল । এই ফল বা
কামনাৰ ওপৰত ভিত্তি কৰি আমি পুনৰ শাৰীৰিক বা মানসিক কাম কৰো আৰু সেই কামৰ পৰাও ফলৰ
উৎপত্তি হয় ।
এনেদৰে মনৰ কামনাক আশ্ৰয় কৰি এটাৰ পিছত আনটো হিচাপে কৰ্ম আৰু কৰ্মৰ পৰা উৎপন্ন
হোৱা ফলৰ এক শৃংখল সৃষ্টি হয় । আমাৰ মনত কিদৰে আশা-আকাংক্ষা বা কামনাৰ উৎপত্তি
হয় আৰু কামনা উৎপত্তিৰ পৰবৰ্ত্তী পৰ্যায়ত ওপৰোক্ত প্ৰকাৰৰ কৰ্ম আৰু ফলৰ শৃংখল
অনুসৰি আমাৰ কি কি হ’ব পাৰে তাক ভগৱদ্গীতাত সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে । ইয়াত কোৱা
হৈছে যে মানুহ সদায় সুখী হৈ থাকিব বিচাৰে ।সেই
কাৰণে যি বস্তুৱে সুখ দিব পাৰে বুলি ভাবে তাক মানুহে ভাল পায় আৰু যি বস্তুৰ পৰা
দুখ আহে তাক বেয়া পায় । স্বাভাৱিকতে ভাল পোৱা বস্তুৰ বিষয়ে চিন্তা
কৰাটো মানুহৰ অভ্যাসত পৰিণত হয় । এনেদৰে যি বস্তুৰ
পৰা সুখ আহিব পাৰে বুলি ভাৱে সেই বস্তুৰ প্ৰতি মানুহ আসক্ত হয় । গীতাত কোৱা
হৈছে যে এনেদৰে আসক্ত হোৱাৰ পিছত মানুহৰ মনত সেই বস্তুক নিজৰ কৰি লবৰ ইচ্ছা জাগ্ৰত
হয় ।
এতিয়া সমস্যা এয়ে যে কিবা বস্তু পাবলৈ আশা কৰা সহজ কিন্তু সেই বস্তু আহৰণ কৰি নিজৰ
কৰি লোৱাটো সহজ নহয় । আমাৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ পৰা আমি বুজিব পাৰো যে
যেতিয়াই সুখ পাবৰ বাবে কিবা বস্তুক নিজৰ কৰি ল’ব বিচৰা হয় তেতিয়াই বিভিন্ন
দিশৰ পৰা বিভিন্ন প্ৰকাৰৰ বাধা সৃষ্টিকাৰী শক্তি সক্ৰিয় হয় আৰু তেনে প্ৰচেষ্টাত বাধাৰ
সৃষ্টি কৰে । আসক্তিৰ বশবৰ্ত্তী হোৱা হেতুকে মানুহে এনে বাধা সহ্য কৰিব
নোৱাৰে আৰু বাধা সৃষ্টিকাৰী শক্তিৰ ওপৰত খং কৰে ।খং
উঠাৰ পিছত মানুহে নিজৰ বুদ্ধি বৃত্তিৰ দ্বাৰা সঠিক যুক্তি বিচাৰ কৰিব নোৱাৰা হয় ।মনৰ
অন্তৰ্গত বুদ্ধি অকামিলা হ’লে মানুহে নিজৰ বাবে কি ভাল বা কি বেয়া তাক
বুজিব নোৱাৰে ।এনেদৰে ঈশ্বৰে সৃষ্টি কৰা
কোনো বস্তুক নিজৰ ব্যক্তিগত সম্পদত পৰিণত কৰাৰ আশা পোষণ কৰাৰ ফলত মানুহে মানৱ
জীৱনৰ প্ৰধান উদ্দেশ্যৰ কথা পাহৰি যায় আৰু মানৱ জীৱনৰ উদ্দেশ্য আৰু কৰ্ত্তব্যৰ পৰা বিচলিত হয় । হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠানৰ জৰিয়তে গীতা
আৰু ভাগৱতৰ এইসমুহ শিক্ষা জনসাধাৰণক প্ৰদান কৰাৰ ব্যৱস্থা কৰিছিল । (আগলৈ)
No comments:
Post a Comment