It
is already told that nothing in the creation is separate from
God. Bhagavata tells that the true knowledge pertaining to
God is also not separate from God. In our practical life we gain knowledge of
so many things and we see that knowledge
is separate from those things. Moreover, we ourselves also remain separated
from both the things and the knowledge pertaining to those things.For example,
we may have knowledge of a cow. But this knowledge is separate from us and the
cow. A doctor has knowledge of diseases, patients, medicines, application
of medicines and so on. But everything
of these is separate from each other and the doctor is totally separate from
all of these. Similar is the case with the knowledge of anything of this world.
This is because though nothing of the world is separate from God, we see the
things of the world separated from each other. Scriptures tell that the objects of the world appear to be separated from each
other in three ways as follows. Our body is one but the limbs of the body are many
and these are separate from one another. A tree has trunk, roots , leaves,
flower, fruits etc and these are separate from each other . This is one kind of
difference. Now, all human beings are different from each other , all trees are
different from each other and so on. This is another type of separation of the
things of the world. Again, a goat differs from a cow, a stone is different
from a tree or a cow and so on . This is third type of separation among the
things of the world. When we try to gain knowledge of a thing of this world we
compare its characteristics with the characteristics of other different things first and then we note
the differences of it with those of other things. The information obtained through
such investigation is considered as
knowledge of that particular thing. Without this type of comparative
investigation we can not gain any knowledge. Thus any knowledge we gain about the
things of the world is partial knowledge only. We can see the things in a
partial manner only and so we feel everything separated from each other. Now, in
the preceding post it is already mentioned that God along with his creation is
one without a second . Hence it it is
not possible to compare God with any other thing and know him by way of
comparison as described above. Because of this, Vedic scriptures tell
that unless God reveals himself nobody can know God and the knowledge of God is
not separate from God. Again, it is essential to purify oneself through proper
spiritual practice for realization of the revelation of God or see God within himself and in other things of the world.Guru Harideva
established Satra Institution to train
common people to make such practice. (to
be continued)
ইয়াৰ আগতে কৈ অহা হৈছে যে ঈশ্বৰৰ সৃষ্টিৰ একো বস্তু ঈশ্বৰৰ পৰা পৃথক নহয় । ভাগৱতত কোৱা হৈছে ঈশ্বৰ বিষয়ক যথাৰ্থ জ্ঞানো ঈশ্বৰৰ পৰা পৃথক নহয়। ব্যৱহাৰিক জীৱনত আমি বহু বিষয় বস্তুৰ-জ্ঞান আহৰণ কৰো কিন্তু এই জ্ঞান সংশ্লিষ্ট বিষয়-বস্তুৰ পৰা পৃথক। লগতে আমি নিজেও জ্ঞান আৰু জ্ঞানৰ বিষয়-বস্তু উভয়ৰে পৰা পৃথক হৈ থাকো ।উদাহৰণ স্বৰূপে এটা গৰুৰ বিষয়ে আমাৰ জ্ঞান থাকিব পাৰে । ইয়াতে গৰু , গৰু বিষয়ক জ্ঞান আৰু আমি নিজে- এই তিনিওটা বস্তু পৃথক পৃথক ।এজন চিকিৎসকে ঔষধ ,বেমাৰ, বেমাৰী , ঔষধৰ প্ৰয়োগ ইত্যাদি বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰে । কিন্তু এই সকলো বিষয়-বস্তু পৃথক পৃথক, বিষয়-বস্তুৰ জ্ঞান পৃথক পৃথক আৰু চিকিৎসকো এই সমস্তৰে পৰা পৃথক ।জগতৰ যিকোনো বস্তুৰ জ্ঞানৰ ক্ষেত্ৰতে এই কথা সত্য ।ইয়াৰ কাৰণ হৈছে যে সমস্ত জগত ঈশ্বৰৰ পৰা পৃথক নহয় যদিও আমি জগতৰ বস্তুসমুহক পৰস্পৰে পৃথক পৃথক হিচপে দেখা পাওঁ ।ভাগৱতত কোৱা হৈছে যে জগতৰ বস্তুসমুহৰ মাজত তিনি প্ৰকাৰৰ প্ৰভেদ আমি দেখা পাওঁ আৰু ঈশ্বৰ এই তিনিওপ্ৰকাৰ প্ৰভেদৰ পৰা সম্পূৰ্ণ মুক্ত। আমাৰ শৰীৰ এটা কিন্তু শৰীৰৰ অঙ্গসমুহ পৃথক পৃথক। গছ এজোপা, কিন্তু ইয়াৰ গা-গছ, ডাল-পাত, ফল-ফুল আদি পৃথক পৃথক । ই এক প্ৰকাৰৰ প্ৰভেদ । আকৌ প্ৰত্যেকজন মানুহ , প্ৰত্যেকজোপা গছ ইত্যাদি পৃথক পৃথক । ই জগতৰ বস্তুৰ দ্বিতীয় প্ৰকাৰৰ প্ৰভেদ । আনহাতে ছাগলী গৰুতকৈ পৃথক , গছ , গৰু ,মানুহ , শিল আদি ইটোৰ পৰা সিটো পৃথক ইত্যাদি প্ৰকাৰৰ পাৰ্থক্য হৈছে জগতৰ বস্তুৰ তৃতীয় প্ৰকাৰৰ প্ৰভেদ । যেতিয়া আমি জগতৰ কোনো এটা বস্তুৰ জ্ঞান আহৰণ কৰাৰ চেষ্টা কৰো তেতিয়া প্ৰথমে সেই বস্তুৰ সৈতে অন্য বস্তুৰ তুলনা কৰা হয় ।তাৰ পিছত সেই বস্তুটোৰ সৈতে অন্য বস্তুৰ পাৰ্থক্য কি তাৰ অনুসন্ধান কৰা হয় । সেই অনুসন্ধানত যি তথ্য লাভ কৰা যায় তাকে সেই নিৰ্দিষ্ট বস্তুৰ জ্ঞান বুলি ধৰা হয় । অন্য বস্তুৰ সৈতে তুলনা নকৰাকৈ জগতৰ একো বস্তুৰ জ্ঞান লাভ কৰা আমাৰ বাবে সম্ভৱ নহয়।এনেদৰে বিচাৰ কৰিলে দেখা যায় যে জগতৰ প্ৰত্যেক বিষয়-বস্তু সম্পৰ্কে আমি আংশিক জ্ঞানহে লাভ কৰিব পাৰো আৰু সেই কাৰণে প্ৰত্যেক বস্তু পৃথক পৃথক বুলি অনুভৱ কৰা হয় । আগৰ লিখনিত উল্লেখ কৰা হৈছে যে সমগ্ৰ সৃষ্টিৰে সৈতে ঈশ্বৰ এক আৰু অদ্বিতীয় তত্ববস্তু অৰ্থাৎ ঈশ্বৰত বাদে অন্য কোনো বস্তু ক'তো নাই। গতিকে ওপৰত কৈ অহাৰ দৰে অন্য কাৰো সৈতে তুলনা কৰি ঈশ্বৰক জনাটো সম্ভৱ নহয় । সেই ফালৰ পৰা বিচাৰ কৰি বৈদিক শাস্ত্ৰত কোৱা হৈছে যে ঈশ্বৰে নিজে নিজকে প্ৰকাশ নকৰিলে ঈশ্বৰক জনা সম্ভৱ নহয় আৰু সেয়েহে ঈশ্বৰ বিষয়ক শুদ্ধ্ব জ্ঞান আৰু ঈশ্বৰ পৃথক পৃথক নহয় ।ভাগৱতত কোৱা হৈছে যে নিজৰ লগতে জগতৰ সমস্তৰে ভিতৰত ঈশ্বৰৰ প্ৰকাশ অনুভৱ কৰি ঈশ্বৰক জানিবৰ বাবে অৰ্থাৎ ঈশ্বৰ দৰ্শন কৰিবৰ বাবে পাৰমাৰ্থিক সাধনাৰ দ্বাৰা শৰীৰ-মন বিশুদ্ধ কৰা অতিশয় প্ৰয়োজন । জনসাধাৰণক এই সাধনাৰ শিক্ষা দিয়াৰ উদ্দেশ্যে হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠান স্থাপন কৰিছিল ।(আগলৈ)
No comments:
Post a Comment