Bhagavata and other Vedic scriptures tell that
everything starting from a piece of grass or grain of sand up to Lord Brahma is
created by God. Explaining this statement of Bhagavata further for our clear
understanding, Guru Harideva tells that not only the things mentioned above but the
abodes where they stay and survive, their
thoughts and feelings , their existence ,subsistence and destruction cycles and all
other matters related to the created world are also parts of the creation of
God . That is, there is nothing in the creation which is not created by God. It is also told that from the point of view of the
creation of God, there is nothing in the creation which can become cause of our
concern by itself. The mind of human being converts some of the items created by God in to the
things of its own mental world and after
that these particular things become causes of happiness and sorrow for the human beings . To make the
things clear we can take the example of
Gold again . The human mind considers Gold as a valuable thing and so people
have desire to acquire and possess gold. The people who can acquire gold become happy due to fulfillment of their desire.But from our
experience of day to day life we know that it is not possible for every person
to possess Gold as and when he desires to have it. Those people who have desire
to possess gold but can not acquire the same become unhappy on account of non fulfillment of desire.
Now , there may be another class of people who have no desire to acquire and
possess gold. For this class people, happiness or unhappiness of mind is not
connected with the gold. Thus though happiness, sorrow etc of
human being appear to be connected with
gold, the gold has no real connection with happiness and sorrow of human being . From this analogy we can also see that the
happiness and sorrow of a human being are related to fulfillment and non
fulfillment of desire to possess things created by God. If there is no desire,
then nothing can be the cause of
happiness and sorrow for a human being. This desire is a faculty of mind and
if desire is controlled then mind becomes automatically under control. Bhagavata
explains this point in many different ways to make it easy for understanding of all people with different levels of intelligence and social status of living. For
practical application of these teachings of
Bhagavata for the benefit of common people Guru Harideva established Satra Institutions.
(to be continued)
ভগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰত কোৱা হৈছে যে ব্ৰহ্মাৰ পৰা আৰম্ভ কৰি তৃণ-কূটা,বালি-চাহীলৈকে ব্ৰহ্মাণ্ডৰ সমস্ত বস্তু ঈশ্বৰে সৃষ্টি কৰিছে ।ভাগৱত শাস্ত্ৰৰ এই উক্তিৰ সাৰমৰ্ম আমাক বুজাই দিয়াৰ উদ্দেশ্যে ইয়াক বিস্তাৰিত ভাৱে ব্যাখ্যা কৰি হৰিদেৱ গুৰুজনাই কৈছে যে অকল উল্লেখিত বস্তু সমুহেই নহয় , এই সকলৰ আশ্ৰয় আৰু জীৱন নিৰ্বাহৰ স্থান অৰ্থাৎ স্বৰ্গ ,মৰ্ত্ত্য , পাতালকে ধৰি লোকসমুহ, সকলো প্ৰকাৰৰ ভাৱনা আৰু অনুভূতি, ব্ৰহ্মাণ্ডৰ সমস্তৰে স্থিতি, প্ৰতিপালন তথা প্ৰলয় চক্ৰ আৰু সৃষ্টিৰ সৈতে সংশ্লিষ্ট অন্যান্য সকলো বিষয়-বস্তুৰ স্ৰষ্টা হৈছে ঈশ্বৰ ।অৰ্থাৎ সৃষ্টিত এনে একো নাই যাক ঈশ্বৰৰ সৃষ্টি নহয় বুলি ক’ব পাৰি ।লগতে ইয়াকো কোৱা হৈছে যে সৃষ্টিৰ দিশৰ পৰা বিচাৰ কৰিলে ঈশ্বৰৰ সৃষ্টিত এনে একো বস্তু নাই যিয়ে নিজাববীয়াকৈ আমাৰ বাবে কিবা সমস্যা আদিৰ কাৰণ হ’ব পাৰে। মানুহৰ মনে ঈশ্বৰে সৃষ্টি কৰা কিছুমান বস্তুক নিজৰ মানসিক জগতৰ বস্তুত পৰিণত কৰে আৰু তাৰ পিছত এই বস্তুসমুহ মানুহৰ সুখ-দুখ, আবেগ-উদ্বেগ আদিৰ কাৰণ হৈ উঠে । কথাখিনি বুজাৰ বাবে আমি আগতে কৈ অহাৰ দৰে সোণৰ কথা ধৰিব পাৰো । মানুহৰ মনে সোণৰ ওপৰত অধিক মূল্য আৰোপ কৰে আৰু সেই কাৰণে মানুহে সোণ আহৰণ কৰি ইয়াৰ গৰাকী হ’বলৈ আশা কৰে । আশা কৰা ধৰণে সোণ সংগ্ৰহ কৰাৰ পিছত মানুহে আশা পূৰণ হোৱাৰ বাবে আনন্দ লাভ কৰে ।কিন্তু আমাৰ নিজৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ পৰা আমি সহজে বুজিব পাৰো যে ইচ্ছা কৰিলেই সোণ সংগ্ৰহ কৰাটো সকলোৰে পক্ষে সম্ভৱ নহয়। গতিকে ইচ্ছা কৰিও যিসকলে সোণ সংগ্ৰহ কৰিব নোৱাৰে তেওঁলোকে সেই আশা পূৰণ নোহোৱাৰ বাবে মনত দুখ অনুভৱ কৰে । ইয়াৰ ভিতৰত অন্য এক শ্ৰেণীৰ লোকো থাকে যিসকলে সোণ আহৰণ কৰি সোণৰ গৰাকী হোৱাৰ আশা পোষণ নকৰে। এই শ্ৰেণীৰ লোকৰ বাবে সোণক লৈ উৎপন্ন হোৱা সুখ ,দুখ আদিৰ প্ৰশ্নই নুঠে। অৰ্থাৎ সোণক আশ্ৰয় কৰি মানুহৰ মনত যি সুখ ,দুখ আদি ভাৱৰ উদয় হয় তাৰ কাৰণে প্ৰ্কৃতাতৰ্থত সোণৰ একো ভূমিকা নাথাকে । লগতে এই উপমাৰ পৰা আমি ইয়াকো বুজিব পাৰো যে আশা পূৰণ হ’লে সুখ আৰু পূৰণ নহলে দুখ উৎপন্ন হয়। য’ত আশা আকাংক্ষা নাই তাত সুখ দুখো নাই । আশা-আকাংক্ষা মনত অন্তৰ্নিহিত হৈ থকা বহিৰ্মুখী শক্তি আৰু ইয়াক নিয়ন্ত্ৰণ কৰিলে মন নিজে নিজে নিয়ন্ত্ৰণৰ অধীনলৈ আহে । সমাজত উচ্চ নিম্ন আদি বিভিন্ন স্তৰৰ বুদ্ধিবৃত্তি সম্পন্ন ব্যক্তি থাকে । সকলো স্তৰৰ লোকে সহজে বুজিব পৰাকৈ ভাগৱতত এই তত্ব বিভিন্ন প্ৰকাৰে ব্যাখ্যা কৰা হৈছে । জনসাধাৰণৰ উপকাৰৰ অৰ্থে ভাগৱতৰ এই জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ কৰাৰ সংকল্প লৈ হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠান স্থাপন কৰিছিল ।(আগলৈ)
No comments:
Post a Comment