We are to gain knowledge about something and that something is called
subject of knowledge or thing to be known. Then there should be somebody to
gain knowledge of that subject and that somebody is called the knower.
Thus, the thing or subject to be known, the knowledge of the subject and the knower
are the three essential parts of the process connected with gaining of
knowledge and these are separate from each other. Bhagavata tells that so long the knower, thing
to be known and knowledge are felt separated from each other,
we can not know God.This is because God , knowledge
pertaining to God and the knower of God can not be separated from each other. Now, in the preceding posts we already
mentioned that God is not separate from anything of the world, that is, no
subject of knowledge is separate from God. It was also mentioned earlier that God
is not separate from the knowledge pertaining to God. Also, since we can know those
things only where knowledge and subject of knowledge differ from each
other, we can not know God like other
things of the world. Now regarding knower it can be said that we ourselves are
supposed to be the knower. We are supposed to know the things of the creation
and that we can know since their knowledge differs from them. We are supposed to
know God and his creation. We are also
supposed to know that God along with his creation is one. We we can not know these things
since such knowledge pertains to God and hence it is not separate
from God . To solve this problem
Bhagavata suggests us to try to realize the fact that we ourselves are also part of the creation
like all other things in the creation of God. Hence as a knower we are
not separate from God and because of that we can know God by knowing ourselves . If we can realize this fact
then only we can understand that the knower, the knowable and the known are only one and he is the God . Bhagavata tells that
realization of this truth is the self realization or God realization or knowing of God . Again, it is not possible for a common
people like us to follow instructions of
such a higher knowledge immediately after
hearing it. We are to move step by step from lower to higher stages of realization. Bhagavata explains these
things in simpler ways for that purpose . Guru Harideva further simplified
those teachings of Bhagavata and brought
to the common people through his Satra Institution . (to be continued)
আমি কোনো এটা বিষয়-বস্তুৰ জ্ঞান আহৰণ কৰোঁ আৰু সেই বিষয়-বস্তুক শাস্ত্ৰীয় ভষাত ‘জ্ঞেয়’ বুলি কোৱা হয় । কোনোবা এজন ব্যক্তিয়ে জ্ঞান আহৰণ কৰে আৰু তেওঁক ‘জ্ঞাতা’ বুলি কোৱা হয় । এনেদৰে জ্ঞানৰ বিষয় বা জ্ঞেয় বস্তু, জ্ঞান লাভ কৰা ব্যক্তি বা জ্ঞাতা আৰু বস্তু বিষয়ক জ্ঞান – এই তিনিটা হৈছে জ্ঞান আহৰণ প্ৰণালীৰ অন্তৰ্গত তিনিটা অতি প্ৰয়োজনীয় বিভাগ আৰু ইয়াৰ প্ৰত্যেকে পৃথক পৃথক । ভাগৱতত কোৱা হৈছে যে যেতিয়ালৈকে জ্ঞান , জ্ঞেয় আৰু জ্ঞাতা পৃথক পৃথক বুলি অনুভৱ কৰা হয় তেতিয়ালৈকে ঈশ্বৰক জনা বা ঈশ্বৰ লাভ কৰা সম্ভৱ নহয় । ইয়াৰ কাৰণ হৈছে
ঈশ্বৰ বিষয়ক জ্ঞানৰ ক্ষেত্ৰত জ্ঞান , জ্ঞেয় আৰু জ্ঞাতা পৃথক পৃথক হ’ব নোৱাৰে ।ইয়াৰ আগৰ লিখনিত উল্লেখ কৰা হৈছে যে ঈশ্বৰ জগতৰ একো বস্তুৰ পৰা পৃথক নহয় অৰ্থাৎ কোনো জ্ঞানৰ বিষয় বা জ্ঞেয় বস্তুৰ পৰা ঈশ্বৰ পৃথক নহয় ।লগতে ইয়াকো কৈ অহা হৈছে যে ঈশ্বৰ বিষয়ক জ্ঞান ঈশ্বৰৰ পৰা পৃথক নহয় । আকৌ, আমাৰ জ্ঞান আহৰণৰ যি স্বাভাৱিক প্ৰক্ৰিয়া তাৰ দ্বাৰা আমি কেৱল যিবিলাক বিষয় বস্তুৰ জ্ঞান সেই বিষয়-বস্তুৰ পৰা পৃথক তাকেহে জানিব পাৰো আৰু সেই কাৰণে আমি অন্য বস্তুক জনাৰ দৰে ঈশ্বৰক জানিব নোৱাৰো। । এতিয়া জ্ঞাতাৰ কথালৈ আহিলে দেখা যায় যে জ্ঞাতা আমি নিজে । আমি বিষয়-বস্তুৰ জ্ঞানো আহৰণ কৰিব লাগে, ঈশ্বৰকো জানিব লাগে আৰু লগতে ইয়াকো জানিব লাগে যে সমগ্ৰ সৃষ্টিকে সামৰি ঈশ্বৰ এক । আমি জগতৰ বিষয় বস্তুৰ জ্ঞান আহৰণ কৰিব পাৰো কাৰণ এই জ্ঞান বিষয়-বস্তুৰ পৰা পৃথক । কিন্তু ঈশ্বৰ বিষয়ক জ্ঞান ঈশ্বৰৰ পৰা পৃথক নহয় কাৰণে ঈশ্বৰক জানিব নোৱাৰো । এই সমস্যাৰ সমাধান দি ভগৱতে কৈছে যে সৃষ্টিৰ অন্যান্য বস্তুৰ দৰে আমি নিজেও ঈশ্বৰৰ সৃষ্টিৰ অংশ। সেইফালৰ পৰা চালে জ্ঞাতা হিচাপে আমি ঈশ্বৰৰ পৰা পৃথক নহয় আৰু সেই কাৰণে নিজক জানিলেই ঈশ্বৰক জানিব পাৰি । এই সত্য উপলব্ধি কৰাৰ পিছত বুজিব পাৰি যে জ্ঞান ,জ্ঞাতা আৰু জ্ঞেয় এক আৰু একক তত্ব আৰু সেই একক তত্ববস্তুৱে ঈশ্বৰ । ভাগৱতে কৈছে যে এই
তত্বজ্ঞানৰ উপলব্ধিয়ে আত্মজ্ঞান বা ঈশ্বৰ উপলব্ধি বা ঈশ্বৰ দৰ্শন। কিন্তু আমাৰ দৰে সাধাৰণ বুদ্ধিবৃত্তি সম্পন্ন মানুহে এবাৰ মাত্ৰ শুনিয়ে এনে জটিল তত্ব বুজা বা ঈশ্বৰক জনা সম্ভৱ নহয়। ইয়াৰ বাবে জ্ঞানৰ নিম্ন স্তৰৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে ওপৰৰ স্তৰলৈ যোৱাৰ প্ৰয়োজন হয় । সেই উদ্দেশ্যে ভাগৱতত এনে জটিল তত্ববিলাক সৰল কৰি বুজাই দিয়া হৈছে আৰু হৰিদেৱ গুৰুজনাই ভাগৱতৰ জ্ঞান পুনৰ সৰলীকৰণ কৰি সত্ৰানুষ্ঠানৰ মাধ্যমত জনসাধাৰণৰ মাজলৈ লৈ আহিছে । (আগলৈ)
No comments:
Post a Comment