After attainment
of self realization a human being remains totally free from attachments and desires. We discussed this
point in the preceding post. In this regard some questions as below may arise
in the mind of common people like us. Does a person become totally uninterested in living a worldly life after attainment of self
realization? Does a self realized person show indifference towards his familial
and social life ? Does he neglect his duties towards his family, society ,
community , country etc . Does he become interested in abandoning everything of
worldly life and prefer to live a lonely life away from the human society ? Clearing all
such doubts of our mind Guru Harideva tells that attainment of self realization
means becoming capable of seeing
everything of the material world correctly ,that is, from the angle of creation
of God. Self realization does not mean an indifferent and feelingless state of
mind like that of a non living matter. A piece of stone remains always
indifferent under all conditions of its existence and it has no feeling for
anything. But that does not mean that it can attain self realization. Guru
Harideva tells that there is a class of people who wrongly thinks that a self
realized person should remain indifferent towards everything of this world and
they should have no feelings for anything. Some of them also consider such a
state of existence as the sign of liberation
from worldly life. Guru Harideva tells
that they are like blind people. Things remain available in front of blind a people
as well as a normal people . Normal people can see the things available in
front of him but a blind man can not see anything and so he thinks that nothing
is available in his front. Likewise, people not having proper spiritual
knowledge try to keep their mind away from seeing anything, feeling anything or
enjoying anything . They wrongly assume it to be the path of attainment of self
realization and subsequent liberation. Guru Harideva cleared all doubts of
common people like us in this regard by creating practical example through the
activities of his own life also. He himself was a self realized personality and
in spite of that he lived an ideal family life with wife, children and other
relatives. He used to perform all duties connected with his familial and social
responsibilities in a better way than an ordinary householder and these things
we already discussed in some of our preceding posts. (to be continued)
আত্মজ্ঞান লাভ কৰাৰ পিছত মানুহ আসক্তি আৰু কামনা-বাসনাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত থাকে। ইয়াৰ আগৰ লিখনিটোত এইবিলাক কথা বহলভাৱে আলোচনা কৰা হৈছে। এই প্ৰসঙ্গত আমাৰ দৰে সাধাৰণ সংসাৰী মানুহৰ মনত তলত দিয়া ধৰণৰ কিছু প্ৰশ্ন উদয় হব পাৰে।আত্মজ্ঞান লাভ কৰাৰ পিছত মনত একো পোৱাৰ বা ভোগ কৰাৰ আশা আকাংক্ষা নথকাৰ কাৰণে মানুহৰ বৈষয়িক জীৱনৰ প্ৰতি একো আগ্ৰহ নোহোৱা হয় নেকি?আত্মজ্ঞানী মানুহ পাৰিবাৰিক আৰু সামাজিক জীৱনৰ প্ৰতি উদাসীন হয় নেকি? আত্মজ্ঞানী ব্যক্তিয়ে পাৰিবাৰ,সমাজ,জাতি, দেশ আদিৰ প্ৰতি থকা কৰ্ত্তব্য সমুহৰ পালন কৰাত অৱহেলা কৰে নেকি? আত্মজ্ঞান লাভ কৰা ব্যক্তিয়ে জাগতিক জীৱনৰ প্ৰতি বীতস্পৃহ হৈ মানৱ সমাজৰ পৰা দূৰত অকলশৰে থকাৰ বাবে আগ্ৰহী হয় নেকি ? আমাৰ মনৰ এনে সকলো সন্দেহ দূৰ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে অত্মজ্ঞান লাভ কৰাৰ অৰ্থ হৈছে জগতৰ সমস্তকে শুদ্ধ দৃষ্টিকোণৰ পৰা বা ঈশ্বৰৰ সৃষ্টিৰ দৃষ্টিকোণৰ পৰা চাবলৈ শিকা।আত্মজ্ঞানী ব্যক্তি জড় পদাৰ্থৰ দৰে সকলো পৰিবেশ পৰিস্থিতিৰ প্ৰতি উদাসীন আৰু অনুভূতিহীন ব্যক্তি নহয় । এটুকুৰা শিল সকলো অৱস্থাতে উদাসীন হৈ থাকে, ইয়াৰ একো অনুভূতি নাই । কিন্তু শিলৰ টুকুৰা এটাই কেতিয়াও আত্মজ্ঞান লাভ কৰিব নোৱাৰে। হৰিদেৱ গুৰুজনাই কৈছে যে জগতত এনে এচাম লোক আছে যিসকলে এনে উদাসীন আৰু অনুভূতিহীন জড় পদাৰ্থৰ দৰে অৱস্থাকে আত্মজ্ঞানী ব্যক্তিৰ চিন বুলি ভুলকৈ ভাৱে । তেওঁলোকৰ কিছুমানে আকৌ তেনে অৱস্থা লাভ কৰাকে মুক্তি লাভ বুলিও ভাৱে । হৰিদেৱ গুৰুজনাই কৈছে যে তেনে ব্যক্তি অন্ধ লোকৰ দৰে । অন্ধ ব্যক্তি আৰু চকুৰে দেখা ব্যক্তি উভয়ৰে সন্মুখত একে বস্তু থাকে । চকুৰে দেখা পোৱা লোকে সেই বস্তু দেখা পায় আৰু বস্তু আছে বুলি বুজি পায় । কিন্তু অন্ধ ব্যক্তিয়ে একো দেখা নোপোৱা হেতুকে থকা বস্তুকো নাই বুলি ভাৱে । একেদৰে শুদ্ধ পাৰমাৰ্থিক জ্ঞান নথকা অৰ্থাৎ পাৰমাৰ্থিক ভাৱে অন্ধ ব্যক্তিয়ে জগতৰ বস্তু চোৱা, অনুভৱ কৰা আৰু ভোগ কৰাৰ পৰা মনক বিৰত ৰখাৰ চেষ্টা কৰে আৰু সেয়ে মুক্তি লাভ কৰাৰ পথ বুলি বিশ্বাস কৰে । হৰিদেৱ গুৰুজনাই নিজৰ জীৱনৰ কাৰ্যাৱলীৰ মাধ্যমত ব্যৱহাৰিক ভাৱে আদৰ্শ প্ৰস্তুত কৰিও এই বিষয়ত আমাৰ দৰে সাধাৰণ মানুহৰ মনত উদয় হ’ব পৰা সকলো সন্দেহ দূৰ কৰিছে । গুৰুজনা নিজে আত্মজ্ঞানী মহাপুৰুষ হোৱা সত্বেও স্ত্ৰী-সন্তান আৰু আত্মীয় স্বজনৰ সৈতে আদৰ্শ গৃহস্থী জীৱন যাপন কৰিছিল। তেওঁ সাধৰণ গৃহস্থ ব্যক্তিৰ তুলনাত অধিক সুচাৰু ৰূপত পাৰিবাৰিক আৰু সামাজিক জীৱনৰ সৈতে জড়িত কৰ্ত্তব্য সমুহ পালন কৰিছিল। এই বিলাক কথা আগৰ কিছুমান লিখনিত বহলভাৱে কোৱা হৈছে । (আগলৈ)
No comments:
Post a Comment