Wednesday, 14 April 2021

The “Satra” Institution of Guru Harideva-84(হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-৮৪)

 

In some of the preceding posts we discussed about the nature of mind and also the nature of desires that controls our mind.It is also told  that if we see the things of our desire from the angle of creation of God then there can not be anything in the creation which can be acquired and possessed by us to fulfill our selfish desire. This is because if we see the things of the world from the angle of creation of God then we can realize that nothing in the creation is separate from God Almighty or the Ultimate Truth. Bhagavata explains this with an analogy.We know that fire and wood are totally separate entities. We can see wood with our eyes and feel it with other senses. But we can not see and feel fire directly in that way. When fire is produced and connected to wood then it enters into the wood and the wood burns. In the process of burning light, heat, smoke etc are emitted from the wood. By seeing these actions we can understand that fire is present in the wood . We can also see the fire in the size and shape of the burning wood and feel the light and heat emitted by it. In a similar way god creates all living and nonliving bodies and enters into each body created by him like the entry of fire into wood. The entry of God  makes the bodies active. We can see and feel the bodies directly with our senses but the presence of God inside the bodies is to be felt from the activities performed by the bodies. Thus it becomes clear that fire enters into woods of different size and shape, then the woods burn and we see fire of various size and shape according to size and shape  of wood and also  feel the heat, light etc emitted by fire. In a similar way  God enters into innumerable numbers of bodies , then the bodies become active  and we  see God in innumerable sizes and  shapes. Also we witness innumerable types of activities of God performed through those bodies . Bhagavata also make it clear that fire is one,  it enters into innumerable  varieties of wood and burn them and we witness the fire in different varieties of size, shape and color etc .Likewise, God almighty is one and we witness innumerable varieties of size , shape and activities of one indivisible God Almighty expressed through innumerable bodies.If we analyse the things in this way then we  can see that except God there is nothing in this world which we can possess to fulfill our desire. Guru Harideva established his Satra Intsitution to teach common people to realize the presence of this ‘Akhanda Sat’  or indivisible Ultimate Truth or God Almighty in each and everything in the creation.  (to  be continued)

আগৰ কেইটামান লিখনিত মন আৰু মনক নিয়ন্ত্ৰণাধীন কৰি ৰখা কামনা-বাসনাৰ বিষয়ে কোৱা হৈছে লগতে ইয়াকো কোৱা হৈছে যে ঈশ্বৰৰ সৃষ্টিৰ দৃষ্টিকোণৰ পৰা চিন্তা কৰি চালে আমাৰ মনে কামনা কৰা কোনো বস্তুকে নিজৰ কৰি লোৱা সম্ভৱ নহয় বুলি বুজিব পাৰিইয়াৰ কাৰণ হৈছে ঈশ্বৰৰ সৃষ্টিৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে আমি সৃষ্টিৰ প্ৰত্যেক বস্তুতে পৰমেশ্বৰ বা পৰম সত্যৰ স্থিতি অনুভৱ কৰিব পাৰো ভাগৱতত এক উপমাৰ দ্বাৰা কথাখিনি সহজভাৱে বুজাই দিয়া হৈছে আমি জানো যে জুই আৰু কাঠ সম্পূৰ্ণ পৃথক বস্তু কাঠ আমি চকুৰে দেখা পাওঁ বা অন্য ইন্দ্ৰিয়ৰ সহায়ত কাঠৰ স্থিতি অনুভৱ কৰিব পাৰো কিন্তু জুইক এনেদৰে দেখা নাযায় বা চিধাচিধি হিচাপত জুইৰ উপস্থিতি অনুভৱ কৰা নাযায় যেতিয়া জুই উৎপন্ন কৰি কাঠৰ সৈতে সংযোগ কৰা হয় তেতিয়া কাঠৰ ভিতৰত প্ৰৱেশ কৰে আৰু কাঠ পুৰি পেলায় পুৰি থকা অৱস্থাত কাঠৰ পৰা পোহৰ , উত্তাপ ,ধোঁৱা ইত্যাদি ওলায় এই কাৰ্যসমুহ দেখাৰ পিছতহে আমি বুজিব পাৰো যে কাঠৰ ভিতৰত জুই আছে লগতে জ্বলি থকা কাঠৰ আকৃতি ধাৰণ কৰা জুইক আমি দেখা পাওঁ আৰু জুইৰ পোহৰ উত্তাপ আদি অনুভৱ কৰিব পাৰো ভাগৱতত কোৱা হৈছে যে ঈশ্বৰে জগতৰ প্ৰত্যেক স্থাৱৰ জঙ্গম শৰীৰ সৃষ্টি কৰি অগ্নি কাঠত প্ৰবেশ কৰাৰ দৰে প্ৰত্যেক শৰীৰত প্ৰৱেশ কৰে অগ্নি কাঠত প্ৰৱেশ কৰাৰ পিছত কাঠ যিদৰে অগ্নিময় হয় সেইদৰে শৰীৰত ঈশ্বৰ প্ৰৱেশ কৰিলে  শৰীৰ সক্ৰিয় হয় ইন্দ্ৰিয়ৰ সহায়ত আমি শৰীৰ চাব পাৰো বা ইয়াৰ স্থিতি অনুভৱ কৰিব পাৰো কিন্তু শৰীৰৰ অভ্যন্তৰত ঈশ্বৰৰ স্থিতি শৰীৰৰ কাৰ্য-কলাপৰ মাধ্যমতহে অনুভৱ কৰিব পাৰি ইয়াৰ পৰা স্পষ্ট হয় যে জুই অসংখ্য প্ৰকাৰৰ বিভিন্ন আকাৰ আৰু আকৃতিৰ কাঠত প্ৰৱেশ কৰিলে কাঠ পোৰাৰ ফলত আমি অসংখ্য প্ৰকাৰৰ আকাৰ ,আকৃতি আৰু ৰং-বিৰঙৰ  জুই দেখা পাওঁ আৰু লগতে পোহৰ তাপ আদি অনুভৱ কৰো সেইদৰে ঈশ্বৰে অসংখ্য প্ৰকাৰৰ শৰীৰত প্ৰৱেশ কৰিলে অসংখ্য প্ৰকাৰৰ শৰীৰ সক্ৰিয় হোৱাৰ ফলত আমি ঈশ্বৰৰ অসংখ্য আকাৰ, আকৃতি আৰু কৰ্মৰ প্ৰকাশ দেখা পাওঁ ভাগৱতত এই কথাও স্পষ্ট কৰা হৈছে যে অগ্নি এক কিন্তু অসংখ্য আকাৰ আকৃতিৰ কাঠত প্ৰৱেশ কৰাৰ কাৰণে এক অগ্নিৰ অসংখ্য প্ৰকাৰ আকাৰ, আকৃতি,ৰং আদি দেখা যায় একেদৰে ঈশ্বৰ এক কিন্তু অসংখ্য প্ৰকাৰৰ শৰীৰত প্ৰৱেশ কৰাৰ কাৰণে শৰীৰৰ ধৰ্ম অনুযায়ী এক ঈশ্বৰৰ অসংখ্য প্ৰকাৰৰ আকৃতি , ৰূপ আৰু কাৰ্য দেখা যায় এনেদৰে বিচাৰ কৰিলে দেখা যায় যে ঈশ্বৰত বাদে জগতত একো বস্তুৱে নাই যাক আমি নিজৰ কৰি লব পাৰো জগতৰ প্ৰত্যেক বস্তুৰ মাধ্যমত প্ৰকাশিত হোৱা এই এক পৰমেশ্বৰ বা পৰম সত্য বা অখণ্ড সদ্বস্তুক উপলব্ধি কৰাৰ বাবে জ্ঞান আৰু শিক্ষা সাধাৰণ মানুহক দিয়াৰ  উদ্দেশ্যে হৰিদেৱ  গুৰুজনাই  সত্ৰানুষ্ঠান স্থাপন কৰিছিল (আগলৈ)

No comments:

Post a Comment