In general our life is directed by the desires of our mind. We live our day to day life in accordance with the thoughts of fulfillment of demands of the desires generated in our mind. An animal can not control mind and so it goes on doing whatever it feels necessary to fulfill its desires. A human being is supposed to control the desires generated in his mind.In Bhagavata it is told that God creates innumerable numbers of bodies in his creation for the embedded soul or jiva. Out of all, a jiva in human body can only try to realize his own self and attain liberation by performance of various types of activities. Control of mind is the most essential part of all such activities recommended in the Vedic scriptures and also by the competent spiritual masters or Gurus. Scriptures tell that if a human being fails to control his mind and goes on doing whatever his mind desires then bodily he may be a human being but mentally he has no difference with an animal. Now an animal can not attain self realization. We can not expect a tiger to make spiritual practice and attain self realization. Similarly a human being of animal nature can not attain self realization. He is required to become a human being with basic human nature first. Then from basic human being he should become a good human being. After that gradually he should become an unselfish human being and then a saintly human being and like that. Scriptures tell that after passing through all those stages of evolution a human being can become a self realized personality. In Bhagavata and other Vedic scriptures it is told that every human being has the right to attain self realization and subsequent liberation. To help people in this regard suitable instructions for each class of people mentioned above are narrated in Bhagavata . From Bhagavata a human being of animal nature can also try to understand the things suitable for him in accordance with his understanding capacity. Then he can gradually improve himself step by step by refining the activities of his day to day life. He can also make spiritual practice in accordance with the suitable instructions contained in Bhagavata for him and finally attain liberation. Based on such knowledge contained in Bhagavata Guru Harideva made proper arrangements in his Satra institutions to impart proper education to all classes of people mentioned above. (to be continued)
সাধাৰণতে মনৰ কামনা বাসনা সমুহে আমাৰ জীৱন পৰিচালনা কৰি থাকে ।মনৰ ইচ্ছা পূৰণ কৰাৰ অৰ্থে মনে যিদৰে বিচাৰে সেইদৰে আমি আমাৰ দৈনন্দিন জীৱন নিৰ্বাহ কৰো।
জন্তুৱে মন নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু সেই কাৰণে মনত যি ইচ্ছা উদয় হয় তাকে পূৰণ কৰাৰ বাবে যিকোনো কাম কৰি ফুৰে।মানুহে মনৰ ইচ্ছা নিয়ন্ত্ৰণ কৰি অনুচিত কাম কৰাৰ পৰা বিৰত থাকিব পাৰে বুলি ধৰা হয়।ভাগৱতত কোৱা হৈছে যে ঈশ্বৰে জীৱৰ বাবে অসংখ্য প্ৰকাৰৰ শৰীৰ সৃষ্টি কৰিছে ।ইয়াৰ ভিতৰত কেৱল মানৱ শৰীৰত থকা জীৱইহে বিভিন্ন প্ৰকাৰৰ কৰ্ম সম্পাদনৰ জৰিয়তে আত্মজ্ঞান বা মুক্তি লাভ কৰাৰ চেষ্টা কৰিব পাৰে ।
মনক নিয়ন্ত্ৰণত ৰখাৰ বাবে কৰা চেষ্টা এনে সকলো প্ৰকাৰৰ পাৰমাৰ্থিক প্ৰচেষ্টাৰ মুখ্য অংশ বুলি সকলো বৈদিক শাস্ত্ৰত কোৱা হৈছে আৰু পাৰমাৰ্থিক শিক্ষাদাতা গুৰু সকলে সেইমতে লোকক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছে ।
শাস্ত্ৰত কোৱা হৈছে যে যি মানুহে মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু মনে যি ইচ্ছা কৰে তাকে কৰি ফুৰে তেওঁ শাৰীৰিকভাৱে ভাৱে মানুহ হ’লেও মানসিক ভাৱে জন্তুৰ সৈতে তেওঁৰ একো পাৰ্থক্য নাথাকে ।
আগতে কোৱা হৈছে যে জন্তুৱে আত্মজ্ঞান লাভ কৰিব নোৱাৰে ।
এটা বাঘে পাৰমাৰ্থিক সাধনা কৰি আত্মজ্ঞান লাভ কৰাৰ কথা আমি কল্পনা কৰিব নোৱাৰো ।
একেদৰে মানসিক ভাৱে জন্তু হৈ থকা মানুহেও আত্মজ্ঞান লাভ কৰিব নোৱাৰে ।
পাৰমাৰ্থিক
দিশত আগবঢ়াৰ আৰম্ভণীতে তেনে ব্যক্তিক মানসিক ভাৱে মানুহত পৰিণত কৰাৰ প্ৰয়োজন
থাকে
।তাৰ পিছত তেওঁ ভাল গুণৰ অধিকাৰী মানুহ হ’ব লাগে ।
তাৰ পিছত নিস্বাৰ্থ মানুহ হ’ব লাগে , সাধু-সন্ত ব্যক্তিত পৰিণত হ’ব লাগে ইত্যাদি ।ইমানবিলাক স্তৰ অতিক্ৰম কৰাৰ পিছতহে এজন মানুহে আত্মজ্ঞানী ব্যক্তিত পৰিণত হ’ব পাৰে ।ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰত কোৱা হৈছে প্ৰত্যেকজন মানুহৰে আত্মজ্ঞান লাভ আৰু মুক্তি লাভ কৰাৰ অধিকাৰ আছে।প্ৰত্যেক ব্যক্তিয়ে যাতে সেই অধিকাৰ সাব্যস্ত কৰাৰ সুবিধা পাব পাৰে তাৰ বাবে ভাগৱতত সকলো স্তৰৰ লোকৰ বাবে উপযোগী শিক্ষা দিয়া হৈছে ।
মানসিকভাৱে জন্তুৰ স্তৰত থকা মানুহেও ইয়াৰ পৰা নিজৰ বাবে উপযোগী কথাখিনি বুজাৰ চেষ্টা কৰিব পাৰে আৰু সেইমতে জীৱন নিৰ্বাহ আৰু পাৰমাৰ্থিক সাধনাৰ অনুকূল প্ৰকাৰৰ
কৰ্ম
কৰি ক্ৰ্মান্বয়ে আত্মজ্ঞান লাভৰ স্তৰত
উপনীত হ’ব পাৰে আৰু এই পথেৰে অৱশেষত মুক্তি লাভ কৰিব পাৰে ।
ভাগৱত
শাস্ত্ৰৰ জ্ঞানক মূল আধাৰ হিচাপে লৈ
প্ৰতিষ্ঠা কৰা হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানত ওপৰোক্ত সকলো স্তৰৰ লোকক নিজৰ নিজৰ
প্ৰকৃতি অনুসৰি উপযুক্ত ধৰণে শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল ।(আগলৈ)
No comments:
Post a Comment